সৌজন্য আৰু তিনিজন ঘাতক । মূল (বাংলা): উত্তম দত্ত

অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা

নিৰ্মাল্য ছাৰৰ জীয়েকক ৰে’প কৰিম বুলি আমি তিনিজন নন-মেট্ৰিক চয়তানে নিজান কাণিমুনি বেলিকা মূল ৰাস্তাৰ কাষতে থকা পনিয়ল গছৰ জাৰণিৰ আঁৰত লুকাই বিড়ি আৰু দেশী মদ খাই আছিলোঁ৷ বাহিৰত চ’ত মাহ৷ শিমলু আৰু কৃষ্ণচূড়াৰ ৰঙচুৱা ইংগিত৷ আমে মলিয়াইছে৷ মতা কুলি চৰাইৰ মিঠা অসভ্যালি৷ 

 

ৰাস্তাৰ একাষে আমাৰ বাইক৷ ৰঙ উৰি গৈছে৷ ইণ্ডিকেটৰ ভঙা৷ হেডলাইট বেকেটা হৈ আছে৷ কিন্তু ইঞ্জিনটো একেবাৰে বাঘৰ পোৱালি৷ ইয়াৰ আগতেও নানা কুকৰ্ম কৰি আমি এই বাইকতে উঠি পলাইছোঁ৷ এবাৰ দুবাৰ ধৰা পৰিলেও বেছিভাগ সময়তে পুলিচৰ বাপেকেও গমকে নাপালে৷ 

 

আমাৰ ভিতৰত ডাব্বু আটাইতকৈ ওখপাখ৷ তাৰ কাম মুৰ্গী কটা৷ গোটেই দিনটোত সি তিনিখন দোকানত কমেও ৭০০টা মুৰ্গীৰ ডিঙি কাটি ডোখৰ ডোখৰ কৰি কাষ্টমাৰৰ হাতত তুলি দিয়ে৷ হোটেলত চাপ্লাই দিয়ে৷ এখন ৰক্তপিপাসু ঘাতক চ্ছপাৰে তাৰ হাতত মেজিকৰ দৰে কাম কৰে৷

 

টোটাৰ চেহেৰা আটিল৷ চাহেববোৰৰ নিচিনা বগা৷ ৰেলৰ ওৱাগন ব্ৰেক কৰে৷ দুবাৰ জেল খাটিছে৷ পিঠিত আৰু ভৰিত বুলেটৰ ক্ষতচিহ্ন৷ গোটেই গাতে ৰেল বিভাগৰ পুলিচৰ চাবুকৰ দাগ৷ তাৰ খালী গাটো দেখিবলৈ একেবাৰে বাঘৰ গাটোৰ দৰে, দীঘল দীঘল সেৰা পতা৷ অবাইচ মাত অবিহনে কথাই নকয়৷

 

মোৰ দেউতাৰ দেশী মদৰ দোকান আছিল৷ ৰাতি মদাহীমখাৰ চিঞৰ শুনি শুনি টোপনি গৈছিলোঁ৷ ৰাতিপুৱা মদাহীৰ মাততে সাৰ পাইছিলোঁ৷ কিন্তু দেউতাক কাহানিও মদ খোৱা নেদেখিলোঁ৷ একাচেকা মাতালবোৰেও তেওঁক সমীহ কৰিছিল৷ ভয় কৰিছিল৷

 

দেউতাক ময়ো খুব ভয় কৰিছিলোঁ৷ দেউতাৰ ভয়তে সদায় পঢ়া সাজু কৰি স্কুললৈ গৈছিলোঁ৷ এবাৰ অংকত সাতত্ৰিশ পোৱাৰ কাৰণে খয়েৰ গছৰ ডালেৰে আধাঘণ্টা ধৰি পিটিছিল৷ 

 

আমি তিনিওজনেই নিৰ্মাল্য ছাৰৰ ছাত্ৰ আছিলোঁ৷ ছাৰৰ জীয়েকৰ নাম সৌজন্য৷ তাইও আমাৰ লগতে পঢ়িছিল৷ ক্লাছ নাইনত থাকোতে এদিন ৰাতিপুৱা জগিং কৰিবলৈ ওলাই গৈ ডাব্বুৱে সৌজন্যক প্ৰপোজ কৰে৷ সৌজন্য তেতিয়া টিউছনলৈ গৈছিল৷ প্ৰস্তাৱ শুনি তাইৰ ধুনীয়া মুখখন নিমিষতে জুই হৈ উঠে৷ ‘ইউ ব্লাডি ষ্টুপিড’ বুলি কৈ তাই হনহনাই খোজ কাঢ়িবলৈ আৰম্ভ কৰে৷ পিছপিনৰ পৰা ডাব্বুৱে কোব খোৱা সাপৰ দৰে হিচহিচাই উঠে : ‘মই ইয়াৰ প্ৰতিশোধ ল’ম৷’

 

পাছদিনা ডাব্বুক স্কুলৰ পৰা বাহিৰ কৰি দিয়া হয়৷ নিৰ্মাল্য ছাৰে তাৰ দেউতাকক মাতি নি খুব কটু ভাষাৰে তিৰস্কাৰ কৰে৷ সেই তেতিয়াৰে পৰা সি সুযোগৰ অপেক্ষাত আছে৷ এইবোৰ বহুতদিনৰ আগৰ কথা৷ সৌজন্যই এতিয়া এম এ পঢ়ি আছে৷ তাইৰ বয়ফ্ৰেণ্ড আছে৷ সৌম্যকান্তি৷ স্কুলৰ পৰা উলিয়াই দিয়াৰ পাছত ডাব্বুয়ে পঢ়া-শুনা সমূলি বাদ দিলে৷ নিজৰ চেষ্টাত মুৰ্গী মাংসৰ ব্যৱসায় কৰে৷ লগ পালেই কয় : ‘মোৰ নাম ডাব্বু৷ মই পুৰণি অপমান নাপাহৰোঁ৷ চাবি, এদিন চাঞ্চ পালেই মই তাইক বখলিয়াই পেলাম৷’

 

টোটাৰ মাক-দেউতাক উভয়েই ঘোৰ কৃষ্ণবৰ্ণৰ৷ অথচ সি হৈছে ইউৰোপিয়ানবোৰৰ দৰে ধকধকীয়া বগা৷ জাতত সিহঁত বাগদি৷ শুনামতে ইউৰোপিয়ান চাহাব এজনে নিম্নবৰ্গীয়সকলৰ বিষয়ে গৱেষণা কৰোতে কিছুদিন সিহঁতৰ চুবুৰীতে জুপুৰী এটা সাজি বাস কৰিছিল৷ সেই সময়ত টোটাৰ মাকৰ সৈতে তেওঁৰ গাঢ় বন্ধুত্ব হয়৷ মানুহে  টোটাৰ আচল বাপেক চাহাবহে বুলি কয়৷ ক্লাছ টেনত পঢ়াৰ সময়ত সি সৌজন্যক দেখিয়ে প্ৰথম কবিতা লিখিবলৈ লয়৷ এদিন সৌজন্যৰ স্কুলবেগত টোটাই মনে মনে নিজে লিখা কবিতা এটা সুমুৱাই দিয়ে৷ পাছদিনা নিৰ্মাল্য ছাৰে তাক নিজৰ চেম্বাৰলৈ মাতি পঠিয়াই উনৈশবাৰ বেতায়৷ তাৰ পাছত তীব্ৰ শ্লেষত কয় : ‘ডোমৰ পো ৰত্নাকৰ, মিছামাছৰ পোনা ৰৌ৷’

 

স্কুলত মুখ দেখুওৱাৰ কোনো উপায় নাথাকিল তাৰ৷ ঘৰতো উৰাই-ঘূৰাই মাৰ খালে৷ তাৰ পাছত স্কুল বাদ দি কেইদিনমান অনাই-বনাই ঘূৰি ফুৰে৷ এতিয়া আৰু সি কবিতা নিলিখে৷ ৰেল ছিগনেলৰ সেউজীয়া লাইট মাটিৰে ঢাকি মালগাড়ী ৰখায়৷ তাৰ পাছত নিপুণ হাতেৰে ওৱাগনৰ তলা ভাঙি নমাই আনে চাউল চেনি গম টায়াৰ মটৰপাৰ্টচ্৷ সেইবোৰ বস্তু দুৰ্গা কুণ্ডু নামৰ মাফিয়া এটাৰ ওচৰত বিক্ৰী কৰি সি এতিয়া অনেক টকাৰ মালিক৷ লগ পালেই কয় : ‘মোক বেতেৰে কোবাই স্কুলৰ পৰা খেদি নিজৰ জীয়েকক ইউনিভাৰ্চিটিত পঢ়ুওৱাৰ দাম দিবই লাগিব ছাৰে৷ সেইজনীকো মই নেৰোঁ৷ চাঞ্চ পালেই খতম কৰি দিম৷ লাইফ বৰবাদ কৰি দিম৷’

 

অংকত কিছু দুৰ্বল হলেও মই বাংলা আৰু ইংৰাজীত বেছ দক্ষ আছিলোঁ৷ সৌজন্য ক্লাছত সদায়ে ফাৰ্ষ্ট হৈছিল৷ আৰু মই চেকেণ্ড৷ যিমান ভালকৈয়ে পৰীক্ষা নিদিওঁ কিয়, নিৰ্মাল্য ছাৰ বাচি থকালৈকে এইখন স্কুলত যে মই কেতিয়াও ফাৰ্ষ্ট হ’ব নোৱাৰোঁ সেই কথা মই জানিছিলোঁ৷ কি এক ৰহস্যজনক কাৰণত সৌজন্যই সদায় মোতকৈ দুই তিনি নম্বৰ সৰহকৈ পাবই৷ স্কুল ফাইনেলৰ প্ৰি-টেষ্টত মোৰ বাংলাৰ বহীত চাৰিটা শুদ্ধ বানান ভুল বুলি কাটি দিছিল নিৰ্মাল্য ছাৰে৷ ক্লাছৰ সৰহখিনি ল’ৰা-ছোৱালীৰ দৰেই সৌজন্যয়ো সেই চাৰিটা বানান লিখোঁতে ভুল কৰিছিল৷ তথাপিও তাই ফাৰ্ষ্ট হৈছিল৷ আৰু মই চেকেণ্ড৷ 

 

বহীখন হাতত লৈ সেইদিনা নিৰ্মাল্য ছাৰৰ চেম্বাৰৰ ভিতৰলৈ কোঁকোৱাই সোমাই গৈছিলোঁ৷ খুব উত্তেজিত আৰু অপমানিত হৈ কৈছিলোঁ : বাল্মীকি, সন্ন্যাসী, সান্ত্বনা আৰু মৰূদ্যান বানানকেইটা মই দেখোন শুদ্ধকৈয়ে লিখিছিলোঁ৷ আপুনি কিয় এইকেইটা কাটি দিলে? সৌজন্যই এই বানানকেইটা ভুলকৈ লিখিছে৷ ক্লাছৰ বহুতেই ভুলকৈ লিখিছে৷ তথাপি আপুনি পক্ষপাতিত্ব কৰি নিজৰ ছোৱালীজনীক ফাৰ্ষ্ট কৰাই দিলে আৰু মোক চেকেণ্ড৷ এয়া লওক আপোনাৰ নম্বৰ আৰু মোৰ বহী৷ কৈয়েই বহীখন ফালি টুকুৰা টুকুৰ কৰি ছাৰৰ টেবুললৈ দলি মাৰি থৈ মই ওলাই আহিছিলোঁ৷ পাছদিনা দেউতাক মাতি পঠিওৱা হয়৷ দেউতাই স্কুলৰ পৰা উভতি আহি মোক নিৰ্মাল্য ছাৰৰ ওচৰত ক্ষমা খুজিবলৈ ক’লে৷

কিন্তু মই স্পষ্টভাৱে জনাই দিওঁ : ‘ক্ষমা খোজাৰ প্ৰশ্নই নুঠে৷ মই কোনো অন্যায় কৰা নাই৷ তদুপৰি মই আৰু স্কুললৈ নাযাওঁ৷ ফাইনেল পৰীক্ষাও নিদিওঁ৷’

 

সেই তেতিয়াৰে পৰা মই মদৰ দোকানৰ কাউণ্টাৰত বহোঁ৷ গোটেই দিনটো মদাহীবোৰৰ ফুচফুচনি আৰু হৈ-হাল্লা শুনোঁ৷ দিনে দুবাৰকৈ দেউতাৰ হাতত টকাৰে ভৰ্তি বেগ তুলি দিওঁ৷ প্ৰথম প্ৰথম দুঃখ কৰিলেও নন-মেট্ৰিক পুতেকৰ নিয়তি এতিয়া তেওঁ মানি লৈছে৷ ল’ৰাই ব্যৱসায়ৰ গুৰি ধৰা দেখি মনে মনে চাগে তেওঁ সুখী হৈছে৷

 

কিন্তু মোৰ মনত সুখ নাই৷ আমাৰ দোকানৰ আগেৰে সৌজন্য আজিকালি বিশ্ববিদ্যালয়লৈ যায়৷ মাজে মাজে বয়ফ্ৰেণ্ডৰ হাতত ধৰি ঘৰলৈ উভতি আহে৷ সৌজন্যৰ প্ৰতি মোৰ কোনোকালেই কোনোধৰণৰ প্ৰেম নাছিল৷ কিন্তু তাইৰ বাপেকৰ কাৰণে মোৰ পঢ়া-শুনা বন্ধ হৈ গ’ল৷ এইটো ভাবিলেই আজিও মোৰ কলিজাটো দেই যায়৷ দুমাহ আগতে নিৰ্মাল্য ছাৰ মৰিল৷ শ্ৰাদ্ধলৈ দেউতা গৈছিল৷ মই নগ’লোঁ৷ কিন্তু সেইদিনা মাজনিশা লুকাই লুকাই শ্মশানলৈ গৈ নিৰ্মাল্য ছাৰৰ চিতাৰ ছাই ঘোদালি তচনচ কৰি থুৱাই থৈ আহিছিলোঁ৷  

 

মই নিশ্চিতভাৱে জানো সৌজন্য মোতকৈ মেধাৱী নহয়৷ সেইধৰণে স্কুল এৰি নিদিয়া হ’লে আজি ময়ো বিশ্ববিদ্যালয়ত পঢ়িব পাৰিলোঁহেঁতেন৷ প্ৰতিশোধ লোৱাৰ কাৰণে মই গোপনে এটা ৰিভলভাৰ কিনিছোঁ৷ সদায় মনতে ভাবোঁ, এদিন অকলে পালে মই তাইৰ যৌনাঙ্গত গুলীয়াম৷ ছয়বাৰ৷

 

আজি সেই দিন৷ অলপ পাছতেই ট্ৰেইনৰ পৰা নামি এই পথেৰে খোজ কাঢ়ি আহিব সৌজন্য৷ ল’ৰা বন্ধুটোও লগত থাকিব পাৰে৷ থাকিলে আজি তাৰো মৃত্যু অনিবাৰ্য্য৷ 

 

এটাৰ পাছত এটাকৈ বটলবোৰ খালী হৈ গৈছে৷ শালপাতত মেৰিওৱা জ্বলা গাহৰিৰ মাংস আৰু চানাচুৰ খাই আমাৰ পেট ফুলি উঠিছে৷ ডাব্বুৰ নিচা লাগিছে৷ ভৰি কঁপিছে৷ সি এবাৰ উঠি গৈ ৰাস্তাৰ মাজত ৰৈ বাটৰ কুকুৰৰ দৰে সীমা নিৰ্ধাৰণ কৰিবলৈ পেচাব কৰি আহে৷ পাছ মুহূৰ্ততে উভতি যায়৷ ৰাস্তাত শুই কাণ উনাই উলাহত চিঞৰি উঠে : ‘আহিছে, আহিছে মই নাটেশ্বৰীজনীৰ ভৰিৰ শব্দ শুনিছোঁ৷’

 

ইটা বোজাই কৰা লৰী এখন তাৰ গাৰ নিচেই কাষেৰে তীব্ৰ গতিত পাৰ হৈ গ’ল৷ ডাব্বুৰ কোনো সাৰসিকতি নাই৷ কাটি থোৱা গছ এডালৰ নিচিনাকৈ নিজৰ পেচাবৰ কাষতে কাণ উনাই পৰি আছে৷ লৰী ড্ৰাইভাৰৰ অশ্লীল গালি তাৰ কাণত নোসোমালেই৷

 

একোবত টোটাও অধৈৰ্য্য হৈ উঠি যায়৷ একে আজোৰে গাৰ চোলাটো খুলি মাটিত পেলাই দিয়ে৷ বসন্তৰ সন্ধিয়া তাক এটা তেজাল তৰুণ বাঘ যেন দেখা গৈছে৷ সমুখতে থকা কৃষ্ণচূড়াজোপাত ডালভৰি থোপাথোপে ফুলি আছে ৰঙা ৰঙা ফুল৷ টোটাই সুহুৰিয়াই সুহুৰিয়াই গছজোপাৰ পিনে আগুৱাই গ’ল৷ হাফ পেণ্টৰ পকেটৰ পৰা কাগজৰ টুকুৰা এটা উলিয়াই হাবিলৈ দলিয়াই দিয়ে৷ তাৰ পাছত হঠাৎ কৃষ্ণচূড়া গছজোপা দুহাতে সাৱটি ধৰি সৰু ল’ৰাৰ দৰে হুকহুকাই কান্দিবলৈ ধৰিলে৷ তাৰো নিচা লাগিছে৷ নিচাৰ ঘোৰত সি হাফ পেণ্টটোও খুলি পেলালে৷ গাত আঁক-বাঁক থকা বিষণ্ণ জন্তু এটাৰ দৰে সি জোপোহাৰ মাজতে পায়চাৰি কৰি থাকে৷ তাৰ পাছত এপাকত অলপ আগতে পেলাই দিয়া কাগজৰ টুকুৰাটো বুটলি আনি ভাঁজ খুলি পঢ়িবলৈ ধৰে৷ তাৰ মাতটো আৰ্তনাদৰ দৰে শুনাইছে :

 

‘অনন্ত নীহাৰিকা তুমি, তুমিয়েই প্ৰবাল দ্বীপৰ জেউতি৷ এই বৰষাবিহীন বসন্তৰ নিশা ভাল পাওঁ জানা তোমাকেই৷’

 

তাৰ পাছত কাগজখন সৰু সৰু টুকুৰা কৰি পনিয়লৰ জোপোহাটোৰ মাজলৈ দলিয়াই দিয়ে৷ বতাহত উৰি থাকে কাগজৰ ফটা টুকুৰাবোৰ৷ এইবাৰ সি মৃত নিৰ্মাল্য ছাৰ আৰু তেওঁৰ জীয়েক সৌজন্যক প্ৰচণ্ড গালিগালাজ কৰা আৰম্ভ কৰে৷ গালি পাৰে নিজৰ বাপেকক৷ মাককো৷ বহুপৰলৈকে গালি-গালাজ কৰি ভাগৰি পৰি এসময়ত থৰক-বৰক খোজেৰে গৈ সিও ঘাই পথত ডাব্বুৰ ঠিকা  কাষতে শুই পৰে৷ 

 

মই কিছু অবাক হৈ ভাবিছিলোঁ, এইটো কাৰ কবিতা? টোটাই লেখা? টোটাই কি এতিয়াও কবিতা লিখে? এতিয়াও কি সি অনন্ত নীহাৰিকাৰ সপোন দেখে? প্ৰবালদ্বীপৰ জেউতিৰ?

 

সন্ধিয়া গভীৰ হৈ আহিছে৷ বতাহত গুবৰুৱা উৰিছে৷ মূৰৰ ওপৰেৰে দল বান্ধি উৰি গৈছে ঘৰমুৱা বগলীৰ জাক৷ আমাৰ বাইকখন আন্ধাৰত অস্পষ্ট দেখাইছে৷ মোৰ জানো কিয় এনে লাগিল, সৌজন্য আৰু আজি নাহে৷ কেনেবাকৈ তাইৰ কাষ পাইছেগৈ এক অতিলৌকিক সতৰ্কবাৰ্তা : তাইক নেফানেফ কৰিবলৈ বুলি জোপোহাৰ মাজত খাপ পিটি ৰৈ আছে তিনিজন ঘাতক৷ 

 

বটলৰ শেষকণ পানীয় ডিঙিত বাকি দিওতেই মোৰ ব্ৰহ্মতালু জ্বলি গ’ল৷ এনে লাগিল, সৌজন্য আহি মোৰ সমুখত ৰৈ আছে৷ শেৱালি ফুলৰ বৃন্তৰ দৰে তাইৰ গাৰ বৰণ৷ মূৰত দেৱী প্ৰতিমাৰ দৰে বৈ পৰা একোচা ঢৌ খেলোৱা চুলি৷ কান্ধত শান্তিনিকেতনী চিলাই কৰা বেগ৷ পিন্ধনত মুকুতা বৰণীয়া শাড়ী৷ চকুত উজ্জ্বল চচমা৷ তাই খুব শান্তস্বৰে ক’লে : 

 

‘মোক মাৰি পেলাব খুজিছ? ৰিভলভাৰেৰে গুলিয়াই মাৰিবি মোক? মই চোন তোৰ মুখৰ আগতে থিয় হৈ আছোঁ৷ মাৰ, মাৰি পেলা মোক৷ মই জানোঁ, ছাত্ৰ হিচাপে তই মোতকৈ বহুত ভাল আছিলি৷ কিয় যে দেউতাৰ ওপৰত অভিমান কৰি পঢ়া-শুনা কৰিবলৈ এৰি দিলি? মৰাৰ আগেয়েও দেউতাই তোৰ কথা ভাবি কষ্ট পাইছিল৷ তই সেইদিনা আটাইকেইটা বানানেই শুদ্ধকৈ লিখিছিলি৷ সেই কথা দেউতাই মোৰ আগত বহুবাৰ স্বীকাৰ কৰিছিল৷ দেউতাৰ শ্মশানৰ ছাই ঘোদালি তইতো থু পেলাই থৈছ৷ ভাল কৰিছ৷ এইবাৰ মোকো মাৰি পেলা৷’

 

মদৰ নিচাত মই কি হেলুচিনেছন দেখিছোঁ? জোৰ কৰি চকুৰ পতা দুটা মেলি চাই দেখিলোঁ, সমুখত আততায়ী আন্ধাৰ বাদে আন একোৱেই নাই৷ কিছু আঁতৰত ডাব্বু আৰু টোটা দুটা লাচৰ দৰে পৰি আছে৷ মোৰ হাত-ভৰি গধুৰ হৈ আহিছে৷ এবাৰ উঠিবলৈ লওতে ভৰি পাক খাই গ’ল৷ চকুৰ আগত হাজাৰ বিজাৰ জোনাকীয়ে তিৰবিৰাই আছে৷ হু হু কৈ বতাহ বলিছে৷ ৰাতি বৰষুণ দিব পাৰে৷ মোৰ ভৰিৰ সমুখত পৰি আছে মাংসৰ হাড়, চুৱা শালপাত, মদৰ বটল, আধা খোৱা বিড়ি৷ দূৰৈৰ পৰা খুব দ্ৰুত গতিত দুটা পোহৰ গৰজি গৰজি আগুৱাই আহিছে৷ বিশাল গৰিলা এটাহে যেন বুকু চপৰিয়াই দৌৰি আহিছে মূল ৰাস্তাৰে৷ 

 

সেই উন্মত্ত গৰিলাৰ হাতৰ পৰা ডাব্বু আৰু টোটাক বচাবৰ কাৰণে মই ৰাস্তালৈ দৌৰি গ’লোঁ৷ সিহঁতক চিঞৰি চিঞৰি নাম ধৰি মাতিলোঁ৷ সিহঁতৰ গাত ধৰি জোকাৰি থাকিলোঁ৷ কিন্তু তিলমানো লৰাব নোৱাৰিলোঁ৷ দুহাতে দুইটাকে খামুচি ধৰি ময়ো ৰাস্তাৰ ধূলিতে শুই দিলোঁ৷ শুই শুই শুনি আছিলোঁ তীব্ৰবেগী দৈত্যৰ ভৰিৰ শব্দ৷ এনে লাগিল যেন দুটা জুইৰ পিণ্ড মোৰ চকুৰ ভিতৰত সোমাই পৰিছে৷ হঠাৎ আমাৰ তিনিওটাৰ আৰ্তনাদত ছিন্নভিন্ন হৈ গ’ল বসন্তৰ উন্মনা বতাহ৷ 

 

তাৰ পাছত আৰু একোৱে মনত নাই৷ ভৰিত অসহ্য যন্ত্ৰণা লৈ টোপনি ভাগিল৷ চাৰিওপিনে ছেনিটাইজাৰৰ কাঢ়া গোন্ধ৷ যেন ঘোপমৰা অন্ধকাৰ নাদৰ পৰা কোনোবাই মোক খুব লাহে লাহে ওপৰলৈ তুলি আনিছে৷ বহু কষ্টত চকু মেলি চাই দেখোঁ হস্পিটেলৰ বগা বিছনাত শুই আছোঁ৷ চেলাইন চলি আছে৷ 

 

মোৰ ঠিক উল্টাপিনৰ দুখন বিছনাত ডাব্বু আৰু টোটা শুই আছে৷ সিহঁতে লৰচৰ কৰা নাই৷ অলপ আঁতৰত লোকেল থানাৰ অ’চিৰ লগত খুব অস্থিৰভাৱে সৌজন্যই কথা পাতি আছে৷ পুলিচ ইনস্পেক্টৰজনে কৈছে : ‘দুদিন ধৰি আহি আহি ঘূৰি গৈছোঁ৷ চেঞ্চ আহিলে থানালৈ ফোন এটা কৰি দিব৷ মই হস্পিটেল চুপাৰভাইজাৰকো কৈ থৈছোঁ৷ এটা প্ৰপাৰ ইনভেষ্টিগেছনৰ খুব প্ৰয়োজন৷ কাৰণ ইহঁত তিনিওটাই দাগী ক্ৰিমিনেল৷ ইয়াৰ আগতেও কিবাকিবি ক্ৰাইম কৰি এৰেষ্ট হৈছিল৷ পৰহি সন্ধিয়া কি মতলবত সিহঁতে সেই নিজান জোপোহাৰ মাজত মিট কৰিছিল সেইটো জনাতো দৰকাৰ৷’ 

 

সৌজন্যই প্ৰাণপণে বুজাবলৈ চেষ্টা কৰিছে : ‘কিন্তু লাষ্ট ছমাহত সিহঁতৰ নামত কোনো কেছ নাই৷ কোনো এফ আৰ আই নাই৷ সেইদিনা সন্ধিয়া হয়তো বেছিকৈ ড্ৰিংক কৰি ৰাস্তাত গৈ শুইছিল৷ সেই সময়তে চাগে কোনো লৰীয়ে সিহঁতক মহতিয়াই থৈ যায়৷ দুদিন হৈ গ’ল সিহঁতৰ চেঞ্চ অহা নাই৷ বাচেনে নাই তাৰ নাই ঠিক৷ প্লিজ আপোনালোকে সেই লৰীখনৰ বিচাৰ-খোঁচাৰ কৰক৷ তদুপৰি ইহঁতে যদি কিবা ডাঙৰ ক্ৰাইম কৰাৰ উদ্দেশ্যে তাত গোট খাইছিল তেতিয়া হ’লে সিহঁতৰ ওচৰত আৰ্মছ্ জাতীয় কিবাকিবিও থাকিলেহেঁতেন৷ আপোনালোকেতো স্পটত তেনেকুৱা একো নাপালে৷’

 

পুলিচ অফিছাৰজনে চেলাউৰি কোঁচাই সৌজন্যৰ পিনে চাই সুধিলে : ‘সেইদিনা ৰাতি আপুনিয়েতো ইহঁতক স্পটৰ পৰা উঠাই আনি হস্পিটেলাইজড কৰি থানাত খবৰ দিছিল৷ ইহঁত আপোনাৰ কি হয় কওকচোন? ইহঁতৰ সম্পৰ্কে ইমান নিশ্চিত হৈছে কেনেকৈ?’

 

সৌজন্যই খুব শান্ত সুৰত ক’লে : ‘সিহঁত তিনিজনেই মোৰ বন্ধু৷ মোৰ ক্লাছমেট৷ তিনিওজনেই মোৰ দেউতাৰ ছাত্ৰ আছিল৷ খুব সৰুকালৰে পৰা মই সিহঁতক চিনি পাওঁ৷ টুকটাক ক্ৰাইম কৰিলেও বেচিকেলি সিহঁত কিন্তু ভাল ছাত্ৰ আছিল৷’

 

পুলিচ অফিছাৰজনে কনিষ্টবল দুজনক লগত লৈ জীপত উঠি গুচি গ’ল৷ এজন বয়সিয়াল ডাক্তৰ সোমাই আহে৷ সৌজন্যই বেছ উদ্বিগ্ন হৈ ডাক্তৰৰ পৰা কিবা জানিব খোজে৷ ডাক্তৰে মূৰ জোকাৰি ক’লে :

 

‘বাসত্তৰ ঘণ্টা পাৰ হৈ নোযোৱালৈকে একো ক’ব নোৱাৰি৷ দুজনৰ ভৰিৰ যি কণ্ডিচন সেয়া দেখি ধাৰণা হৈছে যে চাৰ্ভাইভ কৰিলেও নৰমেল লাইফ লীড কৰিব নোৱাৰিব৷ ক্ৰাচ্ছ বা হুইলচেয়াৰত বহিয়ে বাকী জীৱন কটাব লাগিব৷’

 

বৃদ্ধ ডাক্তৰজনে আন আন বেডৰ পেছেণ্টবোৰৰ ৰুটিন চেকআপ কৰি থাকে৷ আৰু সৌজন্যই বেজাৰমুৱা হৈ প্ৰথমে ডাব্বুৰ ওচৰলৈ যায়৷ তাৰ মূৰৰ আউল-বাউল হৈ থকা চুলিত খুব যতনেৰে হাত বুলাই দিয়ে৷ তাইৰ ওঁঠ লৰি উঠে৷ অস্ফুট স্বৰে কিবা যেন কৈছে৷ 

তাৰ পাছত টোটাৰ বিছনাৰ ওচৰলৈ গৈ আলফুলে তাৰ ডিঙিয়ে মূৰে হাত বুলাই আকৌ বিৰবিৰাই কিবা মন্ত্ৰ আওৰায়৷ তাই কিজানি ঈশ্বৰৰ ওচৰত আৰোগ্য প্ৰাৰ্থনা কৰিছে৷ 

 

একেবাৰে শেষত মোৰ কাষলৈ আহি কপালত হাত থয়৷ মই চকু মুদি টোপনিৰ ভাও ধৰি থাকিলোঁ৷ হঠাৎ কিবা মনত পৰাৰ দৰে সৌজন্যই মোৰ মুখৰ ওপৰত হাউলি ক’লে : থেংক গড! দুদিন পাছত তোৰ সংজ্ঞা আহিছে৷ ডাব্বু আৰু টোটাৰ চাগে দুয়োখন ভৰিয়েই বাদ দিব লাগিব৷ তোৰো ভৰিৰ হাড় ভাগিছে৷ হয়তো ঠিক হৈ যাব৷ স্বাভাৱিক হ’বলৈ ছয় সাত মাহমান লাগি যাব৷ প্ৰত্যেকৰ ঘৰতে খবৰ দিয়া হৈছে৷ তোৰ দেউতাই দুয়োবেলা আহি চাই যায়৷’

 

মই এক বিস্মিত অপৰাধীৰ দৰে সৌজন্যৰ পিনে চাই তাইক সোধোঁ : ‘আমাক হস্পিটেললৈ কোনে আনিলে? ইয়ালৈ কেনেকৈ আহিলোঁ?’

 

সৌজন্যই ভাগৰুৱা আৰু কৰুণ মাতেৰে ফুচফুচাই ক’লে ; সেইবোৰ জানি আৰু কি হ’ব? সোনকালে ভাল হৈ উঠ৷…আৰু শুন, তহঁতৰ ৰিভলভাৰটো আৰু খুকুৰীখন মোৰ ওচৰত আছে৷ মই সেইবিলাক নৈত পেলাই দিম৷ …আৰু কিবা প্ৰয়োজন আছে জানো সেইবোৰৰ? তেনেকুৱা যেন লগা নাই৷’

 

সৌজন্যই মোৰ ধূলি-বালিৰে ভৰা চুলিত হাত থয়৷ মোৰ চকুৰ আগত এজোপা কৃষ্ণচূড়া গছ দেখা পাইছোঁ৷ তাত এখিলাও পাত নাই৷ কেৱল অজস্ৰ ফুলেৰে ডালবোৰ ভৰি আছে৷ দূৰৈৰ পৰা ভাঁহি আহিছে নদীৰ জলস্ৰোতৰ শব্দ৷ আৰু সেই পানীত উটি গৈছে মোৰ চল্লিশ হাজাৰ টকাত চোৰাঙকৈ কিনা ৰিভলভাৰটো৷

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!