স্নায়ু বৈচিত্ৰতা আৰু মানসিক চাপ
লেখক- -- দেৱাঞ্জন বৰঠাকুৰ
“তাৰে জমিন পৰ” চিনেমাখন নিশ্চয় চাইছে। সমাজে “এলেহুৱা” আৰু “মূৰ্খ” বুলি গণ্য কৰা ৮ বছৰীয়া ঈশানৰ জীৱনক লৈয়ে চিনেমাখন। তেওঁৰ ডিছলেক্সিয়াক বুজিবলৈ তেওঁৰ স্কুলখন আৰু অভিভাৱক সক্ষম নাছিল। চিনেমাখনে দেখুৱাইছিল কেনেকৈ আমাৰ শিক্ষা ব্যৱস্থাই ঈশানক ধাৰাবাহিকভাৱে বিফল কৰি আহিছিল দোষৰ ভাগ ঠেলি দিছিল তালৈকেহে। ঈশানৰ ভাগ্য ভাল আছিল যে “আমিৰ খান” ক তেওঁ শিক্ষক হিচাপে চিনেমাখনত পালে যি বুজি পালে তাৰ ভিতৰত লুকাই থকা প্ৰতিভাবোৰ আৰু সহায় কৰিলে সেই প্ৰতিভাবোৰ উলিয়াই অনাত।
আমাৰ মাজৰ বহুতেই এনেদৰে নিউৰোডাইভাৰ্ছ (Neurodiverse)। মোৰ নিজৰ ক্ষেত্ৰত মই পাইছিলোঁ যে সময়ত কথা ক’বলৈ মই অপাৰগ হৈ যাওঁ। শব্দবোৰ, নামবোৰ মনলৈ নাহে যাৰ সাদৃশ্য আছে ডিছনোমিয়া বা এনোমিক এফেছিয়াৰ লগত। স্নায়ু বৈচিত্ৰ্যই বা নিউৰোডাইভাৰ্ছিটিয়ে এই ধাৰণাটোক বুজায় যে মগজুৰ কাৰ্য্য আৰু আচৰণৰ বৈশিষ্ট্যৰ পাৰ্থক্য মানুহৰ এক স্বাভাৱিক তাৰতম্য। এই শব্দটোৱে অটিজিম স্পেকট্ৰম ডিছঅৰ্ডাৰ (এ এছ ডি), এটেনচন ডেফিচিট হাইপাৰএক্টিভিটি ডিছঅৰ্ডাৰ (এডিএইচডি), ডিছলেক্সিয়া, ট্যুৰেটছ চিণ্ড্ৰম ( ৰাণী মুখাৰ্জী অভিনীত হিছকি চিনেমাখনৰ বিষয়বস্তু এই ট্যুৰেটছ চিণ্ড্ৰম) আদি বিভিন্ন অৱস্থাক সামৰি লয়। এই স্নায়ু বৈচিত্ৰ্যতাক বেমাৰ বুলি কলংকিত কৰাতকৈ সন্মান আৰু স্বীকাৰ কৰা উচিত।
স্নায়ু বৈচিত্ৰ্যই এই কথাও সোৱৰাই দিয়ে যে প্ৰতিজন ব্যক্তিয়েই তেওঁলোকে কেনেকৈ কাম কৰে তাৰ বিশেষজ্ঞ অৰ্থাত আমি কামটো কোনে কেনেকৈ কৰিছে তাতকৈ শেষ ফলাফলটোক গুৰুত্ব দিব লাগিব। কোনোবা ব্যক্তিয়ে অনলাইন মিটিং এখনত নিজৰ ভিডিও অন কৰিব নিবিচাৰিব পাৰে, কোনোবাই অফিচত গৈ কাম কৰাতকৈ কেতিয়াবা ঘৰৰ পৰাও কাম কৰিব বিচাৰিব পাৰে। এনেকুৱা পৰিস্থিতিত ব্যক্তিজনক কাম কৰাৰ ধৰণৰ সলনি কামটোৰ কাৰ্যকাৰিতাৰ ওপৰতহে বিচাৰ কৰিব লাগিব। নিউৰোডাইভাৰ্ছ মানুহবোৰো মানসিক চাপ বা ষ্ট্ৰেছৰ দ্বাৰা প্ৰভাবিত হয়। মানসিক চাপে মানসিক চাপৰ কাৰকৰ উপস্থিতিত শাৰীৰিক প্ৰতিক্ৰিয়াক প্ৰতিনিধিত্ব কৰে যিয়ে হোমিঅ’ষ্টেছিছক বিচলিত কৰে। এইটো মানসিক চাপৰ স্ংজ্ঞা। সাধাৰণ মানুহতকৈ নিউৰোডাইভাৰ্ছ মানুহবোৰৰ মানসিক চাপৰ কাৰক বোৰ কিছু ভিন্ন হোৱা দেখা যায়। ক) স্নায়ুবৈচিত্ৰ্যপূৰ্ণ ব্যক্তিৰ সংবেদনশীল ইনপুট (যেনে শব্দ, পোহৰ বা স্পৰ্শ)ৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি বা হ্ৰাস পায়, যিয়ে দৈনন্দিন পৰিৱেশক বিশেষভাৱে মানসিক চাপৰ অধিন কৰিব পাৰে।
খ) সামাজিক ইংগিত আৰু নীতি-নিয়ম বুজিবলৈ অসুবিধা হ’লে সামাজিক বিচ্ছিন্নতা বা উদ্বেগ হ’ব পাৰে, যাৰ ফলত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায় যি নিউৰোডাইভাৰ্ছ মানুহৰ ক্ষেত্ৰত সততে দেখিবলৈ পোৱা যায়।
গ) কোনটো কামক অগ্ৰাধিকাৰ দিব লাগে আৰু সময় ব্যৱস্থাপনাৰ সৈতে জড়িত অসুবিধাৰ ফলত বিশেষকৈ পৰম্পৰাগত কৰ্ম বা শৈক্ষিক পৰিৱেশত সঘনাই মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
ঘ) কিছুমান স্নায়ুবৈচিত্ৰ্যপূৰ্ণ ব্যক্তিয়ে ৰুটিন পছন্দ কৰিব পাৰে আৰু অপ্ৰত্যাশিত পৰিৱৰ্তনে তেওঁলোকৰ ক্ষেত্ৰত মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে।
ঙ) আন মানুহৰ সজাগতা আৰু বুজাবুজিৰ অভাৱৰ ফলত নিউৰোডাইভাৰ্ছ মানুহৰ ক্ষেত্ৰত আচৰণৰ ভুল ব্যাখ্যা আৰু সংঘাতৰ সৃষ্টি হ’ব পাৰে।
এইটো কোৱা হয় যে “Different Brains. Different Needs।” এটা neuroinclusive কৰ্মক্ষেত্ৰ তৈয়াৰ কৰাটো নিয়োগকৰ্তাৰ কৰ্তব্য। নিউৰোডাইভাৰ্ছ মানুহবোৰ কিয় মানসিক চাপৰ বেছিকৈ মুখামুখি হয় তাৰ কিছু কাৰণ উল্লেখ কৰা হৈছে। তেওঁলোকক সাধাৰণতে আন মানুহে ভুল বুজে ঠিক ‘ঈশান’ৰ দৰেই। এটা উদাহৰণৰ দ্বাৰা কথাখিনি আকৌ বুজিবলৈ চেষ্টা কৰিব পাৰি। জুম/অনলাইন কলৰ সময়ত মনিকাই মূৰটো তললৈ নমাই থৈছিল আৰু তাইৰ উৰ্ধতন বিষয়া/মেনেজাৰ আৰু আন সহকৰ্মী সকলৰ দৃষ্টিত তাইক “ডিচেংগেজ” অৰ্থাত অমনোযোগী হোৱা যেন লাগিছিল।
মেনেজাৰৰ আশা যে সকলো কৰ্মচাৰীয়েই পোণ হৈ বহি গোটেই সময়খিনি কেমেৰাৰ সৈতে জড়িত হব লাগিব। মেনেজাৰে কি নাজানিছিল? মনিকা অ’চিডি ৰোগী “OCD “এগৰাকী শ্ৰৱণযোগ্য শিক্ষাৰ্থী। তাই শুনা কথাখিনিৰ ওপৰত ভিত্তি কৰি টোকা লিখিবলৈ পছন্দ কৰে। সেয়ে তাই তল মূৰ কৰি থাকিছিল অনলাইন মিটিংৰ সময়ত। ভুল বুজাবুজিৰ এইটো এটা উদাহৰণ। নিশ্চয়কৈ মেনেজাৰ জনৰ অজ্ঞতাৰ বাবে মনিকা দায়ী হ’ব নোৱাৰে। বহু সময়ত এনে ভুল বুজাবুজিৰ বাবেই নিউৰোডাইভাৰ্ছ মানুহবোৰ মানসিক উতপীড়ণৰ বলি হোৱাও দেখা যায়।
কৰ্মস্থলীত কাম কৰাৰ পৰিৱেশৰ কিছু সালসলনি কৰি নিউৰোডাইভাৰ্ছ মানুহবোৰৰ মানসিক চাপ কিছু কম কৰিব পৰা যায়। শব্দ-বাতিল কৰা হেডফোন (noise cancelling headphone), ডিমড লাইটিং, বা নিস্তব্ধ স্থানৰ ব্যৱহাৰে তেওঁলোকৰ স্ংবেদন্শীল ইন্দ্ৰিয়বোৰক অতি উত্তেজিত নোহোৱাকৈ ৰাখিব পাৰে। তেওঁলোকক কামৰ স্পষ্ট নিৰ্দেশনা দিলে তেওঁলোকৰ যথেষ্ট সুবিধা হয়। সামাজিক পৰিস্থিতি বুজিবলৈ আৰু নেভিগেট কৰাত সহায় কৰা কাৰ্যসূচীয়ে আন্তঃব্যক্তিগত পাৰস্পৰিক ক্ৰিয়া-কলাপত উদ্বেগ আৰু মানসিক চাপ হ্ৰাস কৰিব পাৰে। এনে ৱৰ্কশ্বপ নিউৰোডাইভাৰ্ছ মানুহৰ বাবে অনুষ্ঠিত কৰিব লাগে। প্ৰত্যক্ষ আৰু দ্বিধা নথকা ভাষা ব্যৱহাৰ কৰিলে ভুল বুজাবুজি আৰু মানসিক চাপ কমোৱাত সহায়ক হ’ব পাৰে।
হয়তো আমি সকলোৱে কম বেছি পৰিমাণে নিউৰোডাইভাৰ্ছ। কিছু মানুহ আমাতকৈ বেছি। আমি সিহঁতক বুজিবলৈ চেষ্টা কৰা উচিত কাৰণ তেওঁলোকে সমাজলৈ অনবদ্য অৱদান আগবঢ়াব পাৰে। আইনষ্টাইন, ইলন মাস্ক, ষ্টিভ জবছ, এমিলি ডিকিঞ্ছন, এলেন টুৰিং, লিষ্টখন দীঘলীয়া। যেনেকৈ ভিন ভিন বৰ্ণ, জাতি, ধৰ্মৰ বৈচিত্ৰতা আমি আঁকোৱালি লৈছোঁ তেনেকৈ মস্তিষ্কৰ কাৰ্যপ্ৰণালীৰ বৈচিত্ৰতাকো আমি আঁকোৱালি ল’ব লাগিবই।