স্বাস্থ্য আৰু আধ্যাত্মিকতা

লেখক- ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰায় সকলো লোকে নিজৰ জীৱন শৈলীৰ লগত মিলাকৈ কিছুমান ন-ন সংকল্প লোৱা দেখা যায়৷ গুৰুত্ব অনুসৰি সকলোৰে বাবে সংকল্পৰ দিশো ভিন্ন হয়৷ কিন্তু অত ভিন্নতাৰ মাজতো বৰ্তমান যুগত যিটো বিষয়ত অধিকাংশ লোকে সহমত প্ৰকাশ কৰে, সেইটো হৈছে সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা৷ দৈনিক স্বাস্থ্য ৰক্ষাৰ্থে বিভিন্নজনে বিভিন্ন মতামত, নীতি আঁচনি আদি প্ৰকাশ কৰি আহিছে যদিও সুস্বাস্থ্যৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু কাকো নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই৷ আমি বিভিন্ন সময়ত শুনিবলৈ আৰু পঢ়িবলৈ পোৱা সংজ্ঞা সমূহৰ পৰাই সুস্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে অনুধাৱন কৰিব পাৰো৷“দেহা থাকিলেহে বেহা“, “স্বাস্থ্যই পৰম সম্পদ“ “ধন হেৰালে একো নেহেৰায়, স্বাস্থ্য হেৰালে সকলো হেৰায়“ আদি ফকৰা যোজনা সমূহ তাৰেই উদাহৰণ৷আগতে যদিও সুস্থ মনতহে সুস্থ শৰীৰৰ বসবাস বুলি কোৱা হৈছিল বৰ্তমান সুস্থ শৰীৰতহে সুস্থ মনৰ বসবাস বুলি কোৱা হয়৷শৰীৰ সুস্থ নহলে মানুহৰ মন বিষাদগ্ৰস্ত হৈ থকাটো স্বাভাৱিক৷“Mens sana in corpore sano“বুলি লেটিন ভাষাত এটা জনপ্ৰিয় ফকৰা যোজনা আছে ( phese)৷ যাৰ অৰ্থ হৈছে সুস্থ শৰীৰতহে সুস্থ মনৰ বসবাস সম্ভৱ হয়৷ ভাৰতীয় সংস্কৃতিত অতীজৰে পৰা সুস্বাস্থ্যক এক বিশেষ আসন দিয়া হৈছে৷ আয়ুৰ্বেদ শাস্ত্ৰ, বেদ আদিৰ উপৰিও বিভিন্ন উপনিষদ, পৌৰাণিক গ্ৰন্থ আদিত স্বাস্থ্য ৰক্ষাৰ অলেখ নীতি-নিয়ম, তথ্য সম্বলিত প্ৰবন্ধ, যোগ, ব্যায়াম, প্ৰমাণিক ঔষধ, বিজ্ঞানসন্মত বিধি আদিৰ উল্লেখ আছে৷“ঘৰেন্দ্ৰ সংহিতা“ত এটি অতি অৰ্থপূৰ্ণ শ্লোকৰ দ্বাৰা আমি কিদৰে এক সুৰুচিসম্পন্ন, পৰিশীলিত জীৱন যাপন কৰি জীৱনটোক উপভোগ্য কৰি তুলিব পাৰো তাৰ আভাস দিয়া হৈছে৷ শ্লোকটো হৈছে এনেধৰণৰ-

নাস্তি মায়া সমপাশো

নাস্তি যোগাত পৰম বলম,

নাহি জ্ঞানাত পাৰ বন্ধুৰ,

নাহামকাৰাত পাৰ ৰিপু৷৷

ইয়াত উল্লিখিত প্ৰথম শাৰী শ্লোক “নাস্তি মায়া সমপাশো“ৰ অৰ্থ হৈছে মায়াৰ সমান পৃথিৱীত আৰু কোনো পাপ নাই৷ মনুষ্যই জন্ম গ্ৰহণ কৰাৰ লগে লগে মায়াত বন্দী হবলৈ আৰম্ভ কৰে৷ প্ৰথম অৱস্থাত শিশোৱে মাতৃৰ সৈতে এক শক্তিশালী আত্মীয়তা গঢ়ি তোলে৷ মাকৰ গাৰ গোন্ধ, স্পৰ্শ, কণ্ঠ আদিৰ মোহেৰে বান্ধ খাই আজীৱন আশ্বস্ত হৈ থাকে৷সময়ৰ গতিত পিতা, সহোদৰ, আত্মীয় স্বজন, বন্ধু-বান্ধৱ আদি বিভিন্ন সম্পৰ্কৰ মোহত পৰাৰ উপৰিও মনুষ্য মায়াৰ মেৰপেছত এনেদৰে আবদ্ধ হৈ পৰে যে পাৰ্থিৱ বস্তু যেনে- ঘৰ, গাড়ী, সম্পত্তি, পদপী, ধন- টকা-পইচাৰ মোহত পৰিও দুৰ্ভোগ ভুগিব লগা হয়৷ এইখিনিতে আমি এটা খুব অৰ্থবহ কাহিনীৰ জৰিয়তে সাংসাৰিক জীৱই কিদৰে মায়াক নিজৰ অধীনত ৰাখি জীৱন সুস্থিৰতাৰে যাপন কৰিব পাৰে তাকে বুজিবলৈ চেষ্টা কৰিম৷ মোহনীয় ৰূপেৰে উদ্ভাসিত শ্ৰীকৃষ্ণৰ মস্তকত ময়ূৰ পাখি, কণ্ঠত মণি মুকুতা খচিত কণ্ঠহাৰ, কঁকালত সোণৰ কৰধনী, সোণ, ৰূপ খচিত ধূতি আৰু মথুৰা আৰু দ্বাৰকা ৰাজ্যৰ ৰাজমহলৰ স্বাচ্ছন্দ্যময়ী জীৱন দেখি এজন ভক্তই আচৰিত হৈ তেওঁক প্ৰশ্ন কৰিছিল-প্ৰভু আপুনি সকলোকে নিৰ্মোহ হবলৈ কয়, অথচ নিজে ৰাজসুখ ভোগ কৰি পৰম বিলাসী জীৱন যাপন কৰে৷ ইয়াৰ কাৰণ কি? ভক্তৰ প্ৰশ্নত মিষ্ট হাঁহিৰে নিৰ্মোহ জীৱনৰ ব্যাখ্যা কৰি শ্ৰীকৃষ্ণই কৈছিল আমি নিজৰ সাধ্য অনুসৰি অনীতিৰ আশ্ৰয় নোলোৱাকৈ উপাৰ্জন কৰাত আৰু জীৱনক নিজস্ব ধৰণেৰে উপভোগ্য কৰি তোলাত আপত্তি নাই৷ কিন্তু জীৱন উপভোগ কৰাৰ তাড়নাত যদি কোনোৱে অহংভাৱেৰে প্ৰদৰ্শনকামী মনোভাৱ লয়, বস্তুবাদৰ প্ৰতি অসক্তিৰ বাবে ধৰ্মৰ মান পাহৰি যায়, অধৰ্মী উপায়েৰে অৰ্থ উপাৰ্জন কৰিবলৈ লয় আৰু সেই অৰ্থৰ দ্বাৰা অৰ্জন কৰা সম্পদ প্ৰদৰ্শনেৰে আনক তুচ্ছ জ্ঞান কৰি মনত নিচ্ছাত্মিকাবোধ জগাই তোলে তেন্তে ই মহাপাপ৷প্ৰভু বিষ্ণুৱে দ্বাপৰ যুগত কৃষ্ণ ৰূপে অৱতাৰ লৈ বন্দী পিতৃ-মাতৃৰ ঔৰসত কাৰাগাৰত জন্মলাভ কৰিছিল সন্দ্বীপনি মুনিৰ আশ্ৰমত শিক্ষা গ্ৰহণৰ সময়ত কঠোৰ নীতি-নিয়মৰ মাজেৰে ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰিছিল, গোৱাল সকলৰ ৰজা নন্দবাবাৰ ঘৰত তেনেই সাধাৰণ জীৱনশৈলীৰে লালিত পালিত হৈছিল আৰু তাৰ বিপৰীতে মথুৰাৰ ৰাজপ্ৰসাদলৈ আহিয়েই যুৱৰাজ হিচাপে দাস-দাসীৰ পৰিচৰ্যাত তেওঁ লাস বিলাসেৰে পৰিপূৰ্ণ নিচিন্ত জীৱন অতিবাহিত কৰিছিল, কিন্তু তেওঁৰ জীৱনৰ কোনোটো স্তৰেই তেওঁক কেতিয়াও বিচলিত অথবা মোহগ্ৰস্ত কৰিব পৰা নাছিল৷ তেওঁৰ গৰিমা, মহানতা আৰু সন্তুষ্টিৰ মাত্ৰা কোনোদিন ম্লান পৰা নাছিল৷ ভগৱান হৈয়ো তেওঁৰ পৰম মিত্ৰ আছিল দৰিদ্ৰ ব্ৰাহ্মণ সুদামা৷ উক্ত শ্লোকটিৰ জৰিয়তে আমি মোহ আৰু নিৰ্মোহৰ বিশ্লেষণেৰে জীৱনৰ পৰম সত্য উপলব্ধি কৰিবলৈ সক্ষম হওঁ৷ দ্বিতীয় ফাঁকি শ্লোক “নাস্তি যোগাত পৰম বলম“ৰ অৰ্থ হৈছে যোগৰ সমান পৃথিৱীত আৰু কোনো শক্তি নাই৷ সুস্বাস্থ্যৰ অধিকাৰী হব পৰাতো পৰম ভাগ্যৰ কথা৷ শাৰীৰিক আৰু মানসিক ভাৱে আমি সুস্থ-সবল হৈ থাকিবলৈ নিতৌ যোগাভ্যাস কৰাটো অতি প্ৰয়োজনীয়৷ যোগ আৰু ধ্যানে আমাক উশাহ-নিশাহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি কিদৰে আমি সকলো দিশতে নিজৰ সক্ষমতা বৃদ্ধি কৰি সুস্থ জীৱন যাপন কৰিব পাৰো তাৰে দিহা দিয়ে৷বৰ্তমান পৃথিৱীত স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ ব্যায়াম, খাদ্য প্ৰণালী, ধ্যান আদিৰ প্ৰসাৰ আৰু প্ৰচাৰ হৈছে যদিও যোগৰ বিধিসন্মত pose, হাজাৰ বৰ্ষৰ গৱেষণাৰ অন্তত প্ৰতিষ্ঠিত হোৱা ধাৰণাসমূহৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পৃথিৱীতে যোগে বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ যোগাসন, প্ৰাণায়ম আৰু ধ্যানৰ অভ্যাসে কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যৰ উত্তৰণতো যোগাত্মক প্ৰভাৱ পেলায়৷ ক্ৰমাৎ বাঢ়ি অহা ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা নিজক নিলগাই ৰাখি সুস্বাস্থ্যৰ গৰাকী হবলৈ আমাৰ বাবে দৈনিক মাথোঁঁ এঘণ্টা সময়েই যথেষ্ট হয়৷ স্বাস্থ্য ৰক্ষাৰ নামত খৰচ কৰা এই একঘণ্টা সময় আচলতে খৰচ নহয়, লাভজনক নিবেশহে৷ সঠিক সময়ত এনে নিবেশে মূলৰ সৈতে আকাংক্ষিত সুদো ওভতাই দিয়ে৷ তৃতীয় ফাঁকি শ্লোক “নাহি জ্ঞানাত পাৰো বন্ধুৰ৷“ ইয়াৰ অৰ্থ হৈছে জ্ঞানতকৈ পৰম কোনো বন্ধু নাই৷ জ্ঞানীলোক কোনো কালে কাৰো ওচৰত হেয় হব লগা নহয়৷ একমাত্ৰ জ্ঞানেই এনে এক সাধনা যাক অৰ্জন কৰি মনুষ্যই পৰম সত্যক আৱিষ্কাৰ কৰিব পাৰে আৰু আত্মনিৰ্ভৰশীলতাৰ চৰম শিখৰত উপনীত হব পাৰে৷ জ্ঞানী লোকৰ আদৰ পৃথিৱীত সৰ্বক্ষণ অটুট থাকে৷জ্ঞানৰ বলত মনুষ্যই ন-ন আবিষ্কাৰ, ন-ন বিষয়ত অধ্যয়নৰ জৰিয়তে জগতৰ উন্নতি সাধনত হাত উজান দিব পাৰে৷ জ্ঞান অন্বেষণ বা আহৰণৰ পথ কিন্তু মসৃণ নহয়৷ ইয়াৰ বাবে একাগ্ৰতা, ত্যাগ আৰু সাধনাৰ প্ৰয়োজন হয়৷ এইখিনিতে এটা গল্পৰ দ্বাৰা আমি জ্ঞানৰ পৰম শক্তিক উপলব্ধি কৰিব পাৰো৷ এবাৰ এজন মূৰ্তিকাৰ এখন হাবিৰ মাজেৰে গৈ আছিল৷গছ-গছনি, শিল, লতাৰে ভৰি থকা হাবিখনত হঠাৎ তেওঁ এটা ধুনীয়া শিল দেখিবলৈ পালে৷ যিহেতু তেওঁ এজন মূৰ্তিকাৰ আছিল গতিকে শিলটো দেখা মাত্ৰকে তেওঁৰ এটা মূৰ্তি সাজিবলৈ মন গল৷ শিলটোৰ কাষত বহি তেওঁ হাতুৰী বঁটালী মাৰিবলৈ আৰম্ভ কৰোঁতেই শিলটোৱে কান্দি উঠিল৷আৰু হাতুৰীৰ কোবত সি দুখ পোৱা বুলি আপত্তি কৰিলে৷ কথা শুনি মূৰ্তিকাৰজন সেই ঠাইৰ পৰা গুচি আহিল আৰু কিছু দূৰ আগবাঢ়ি গৈ তেওঁ আকৌ এটা সুন্দৰ শিল দেখিবলৈ পালে৷আগৰবাৰৰ দৰে এইবাৰো তেওঁ হাতুৰী, বঁটালী উলিয়াই শিলটোক মূৰ্তিৰ আকাৰ দিয়াত মনোনিবেশ কৰিলে৷ এই শিলটোৱেও হাতুৰীৰ কোবত যথেষ্ট কষ্ট পাইছিল,কিন্তু মূৰ্তিৰ ৰূপ পোৱাৰ আশাত কষ্টকো আওকাণ কৰি সহ্য কৰি গল৷মুৰ্তিকাৰজনে শিলটোক গণেশৰ আকাৰ দি মূৰ্তিজনা নি এটি নৱনিৰ্মিত মন্দিৰত প্ৰতিষ্ঠা কৰিলেগৈ৷ আৰু আনটো শিলোকো নি মূৰ্তিজনাৰ কাষতে স্থাপন কৰিলে যাতে অগণন ভক্তই পূজা দিবলৈ আহি তাত নাৰিকল ভাঙি অৰ্পণ কৰিব পাৰে৷ এদিন সন্ধিয়া মন্দিৰ বন্ধ হোৱাৰ পাছত সৰু শিলটো জাগ্ৰত হৈ মূৰ্তিজনাক কলে, মূৰ্তি তোমাৰেই ভাল৷ সকলোৱে তোমাক পূজা দিয়ে আৰু মোৰ মূৰত নাৰিকল ভাঙি অৰ্পণ কৰে৷ মই বৰ দুখ পাওঁ৷তেতিয়া মূৰ্তিজনাই কলে সেইদিনা মূৰ্তিকাৰৰ হাতুৰীৰ কোব সহ্য কৰিব পৰা হলে আজি তুমি মোৰ ঠাইত থাকিলাহেঁতেন৷জ্ঞানৰ অম্বেষনো একেদৰেই কষ্টকৰ আৰু ত্যাগৰ প্ৰতীক৷ কিন্তু জ্ঞান অৰ্জন সম্পূৰ্ণ হোৱাৰ পাছত ইয়াৰ ফল অত্যন্ত মিঠা হয়৷ সেয়েহে জ্ঞানী লোকে ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ সময় চোৱাক জীৱনৰ কঁঠিনতম ব্ৰত হিচাপে পালন কৰিবলৈ উপদেশ দিয়ে৷ ঘৰেন্দ্ৰ সংহিতাত উলেখিত চতুৰ্থফাকি শ্লোক “নাহামকৰাত পাৰ ৰিপু“ৰ অৰ্থ হৈছে অহংকাৰতকৈ ডাঙৰ কোনো শত্ৰু নাই৷ অহংকাৰী মনুষ্যৰ মন কলুষিত পানীৰ দৰে৷ অহংকাৰে মানুহক জ্ঞানশূন্য কৰে৷ অহংকাৰৰ প্ৰবলতাত জ্ঞানী লোকেও শুদ্ধ-অশুদ্ধৰ বিচাৰ পাহৰি প্ৰায়ে ভুল কৰা দেখা যায়৷সেয়ে কোৱা হয় অহংকাৰেই পতনৰ মূল কাৰক৷ এবাৰ নাৰদ মুনিয়ে ক্ষীৰসাগৰত বিৰাজমান প্ৰভু নাৰায়ণৰ সন্মুখত উপস্থিত হৈ প্ৰশ্ন কৰিলে-আপোনাৰ সকলোতকৈ প্ৰিয় ভক্ত কোন? প্ৰশ্নটোৰ আঁৰত থকা নাৰদৰ অহংকাৰ নাৰায়ণে খন্তেকতে জুখি পেলালে৷ নাৰদ মুনিৰ অহংকাৰ চূৰ্ণ কৰিবলৈ প্ৰভুজনাই কলে ভাৰতবৰ্ষৰ হস্তিনাপুৰ ৰাজ্যৰ দক্ষিণে থকা এখন সৰু গাঁৱৰ এজন খেতিয়ক মোৰ সকলোতকৈ প্ৰিয় ভক্ত৷ নাৰদে এজন তুচ্ছ খেতিয়ক প্ৰভুৰ প্ৰিয় ভক্ত বুলি শুনি কিছু নিৰাশ হল আৰু তেওঁ কি কাৰণে প্ৰভুৰ প্ৰিয় ভক্ত হল বুলি পুনৰ প্ৰশ্ন কৰিলে৷ তেতিয়া নাৰায়ণে নাৰদক খেতিয়ক জনৰ এদিনৰ দিনচৰ্যা চাই আহিবলৈ কলে৷ নাৰদ নিজৰ বাহনত উঠি যেতিয়া খেতয়কজনৰ ঘৰ পালেগৈ তেতিয়া সূৰ্য্য উদয় হবলৈ কিছুপৰ বাকী আছিল৷তেওঁ লক্ষ্য কৰিলে খেতিয়কজনে প্ৰাতকৃত সম্পন্ন কৰি প্ৰভুৰ থাপনাৰ সন্মুখত কিছু সময় প্ৰাৰ্থনা কৰিলে৷ তাৰ পিছত অন্ন ভোজন কৰি পথাৰলৈ কাম কৰিবলৈ ওলাই গল৷ দিনটোৰ শেষত কামৰ ভাগৰে জুমুৰি দি ধৰা অভাৱী খেতিয়কজন যেতিয়া ঘৰমুৱা হল তেতিয়া গাওঁখনলৈ সন্ধিয়া নামি আহিছিল৷ ঘৰ পাই তেওঁ নিজৰ ঘৰুৱা কাম সমাপ্ত কৰি কিছুপৰ ভগৱানৰ ভক্তিত বিলীন হৈ পৰিল৷ তাৰপাছত নিশাৰ আহাৰ গ্ৰহণ কৰি শেতেলি ললে৷ খেতিয়কৰ এদিনৰ দিনচৰ্যা লক্ষ্য কৰি নাৰদ মুনি গৈ নাৰায়ণৰ সন্মুখলৈ ঘূৰি আহিল৷তেওঁ কলে প্ৰভু সেই খেতিয়কজন কেনেকৈ আপোনাৰ প্ৰিয় ভক্ত হল? তেওঁৰ দেখোন আপোনাৰ আৰাধনা কৰিবলৈকো সময় নাই৷ যত নিকি মই সকলো সময়তে আপোনাৰ আৰাধনাত লীন হৈ থাকো৷ নাৰদ মুনিৰ কথাত নাৰায়ণে তেওঁৰ হাতত এটা অমৃতেৰে পূৰ্ণ কলহ দি কলে এই কলহতো লৈ তুমি তিনিওলোক প্ৰদক্ষিণ কৰি আহা, আৰু চাবা যাতে অমৃতৰ এক টোপালোঁ তলত নপৰে, অন্যথা তুমি এতিয়ালৈকে অৰ্জন কৰা সকলো পুণ্য অথলে যাব৷ নাৰায়ণৰ কথাত হয়ভৰ দি নাৰদ মুনি তিনিওলোক প্ৰদক্ষিণ কৰিবলৈ ওলাল৷ সফলতাপূৰ্বক প্ৰদক্ষিণ সম্পূৰ্ণ কৰি তেওঁ যেতিয়া প্ৰভুৰ ওচৰ পালেহি তেতিয়া প্ৰভুৱে তেওঁক সুধিলে নাৰদ তুমি প্ৰদক্ষিণৰ সময়ত কিমানবাৰ মোৰ নাম লৈছিলা? কথা শুনি নাৰদে কিছু লজ্জিত হৈ কলে প্ৰভু কলহৰ পৰা কেনেবাকৈ অমৃতৰ টোপাল পৰে বুলি প্ৰদক্ষিণৰ গোটেই সময়ছোৱা মোৰ সম্পূৰ্ণ ধ্যান কেৱল কলহটোতে আছিল৷ গতিকে এই সময়ছোৱাত মই এবাৰো আপোনাৰ নাম লবলৈ সক্ষম নহলোঁ৷ কথা শুনি প্ৰভু নাৰায়ণে এইবাৰ নাৰদক উদ্দেশ্যি কলে অভাৱেৰে জৰ্জড়িত দৰিদ্ৰ খেতিয়কজনে তেওঁৰ কৰ্মব্যস্ততাৰ মাজতো অন্ততঃ প্ৰতিদিনে দুবাৰকৈ প্ৰভুৰ আৰাধনাৰ বাবে সময় উলিয়ায়৷ গতিকে খেতিয়কজনে নাৰায়ণৰ প্ৰিয় ভক্ত হোৱাৰ সুবাদ পোৱাৰ যোগ্য নহয়নে? নাৰায়নৰ কথাত নিহিত হৈ থকা নীতি জ্ঞান নাৰদে তৎক্ষণাত বুজি পালে আৰু প্ৰভুৰ শ্ৰেষ্ঠ ভক্ত বুলি তেওঁৰ যি অহংকাৰ আছিল সেয়া এক মুহূৰ্ততে চূৰ্ণকৃত হৈ পৰিল৷ নিৰহঙ্কাৰী হৈ নিজ কৰ্মৰে উদ্ভাসিত হব পৰাটোও এক কলা৷ ঘৰেন্দ্ৰ সংহিতাত উল্লিখিত উক্ত শ্লোকটিত নিহিত হৈ থকা এই চাৰিওটি কলাক জীৱনৰ সৈতে সংপৃক্ত কৰি লব পাৰিলে মনুষ্যই এক নিৰ্মোহ, সুখী আৰু সৰলতাৰে জীৱনক আধ্যাত্মিকতাৰ এক উচ্চস্তৰলৈ লৈ যাবলৈ সক্ষম হয়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!