স্বাস্থ্য বিজ্ঞানত গণিত
লেখক- দেৱজিৎ শৰ্মা
বিজ্ঞান আৰু গণিত বা অংক শাস্ত্ৰ ওতপ্ৰোত ভাৱে জড়িত। গণিতৰ জ্ঞান নোহোৱাকৈ কোনো বিজ্ঞান বিভাগতে পাকৈত হব নোৱাৰি।
ল’ৰাজন বিজ্ঞানত ভাল, কিন্তু গণিতত বেয়া গতিকে মেডিকেল পঢ়িব পাৰিব। হয় মেডিকেল বিজ্ঞান পঢ়িবলৈ দ্বাদশ মানত গণিতৰ প্ৰয়োজন নহয়। যিকোনো জীৱ বিজ্ঞান পঢ়িবলৈ গণিতৰ প্ৰয়োজন নহয়। কিন্তু সঁচাকৈ মেডিকেল বিজ্ঞান বা জীৱ বিজ্ঞানত গণিতৰ প্ৰয়োজন নাই নেকি?
দ্বাদশ শ্ৰেণীত গণিত নোহোৱাকৈ মেডিকেলত নাম ভৰ্তি কৰিব পাৰি, কিন্তু পদাৰ্থ বিদ্যা লাগে; পদাৰ্থ বিদ্যা গণিত নোহোৱাকৈ আধৰুৱা। জীৱ বিদ্যা বা মেডিকেল বিজ্ঞানো গণিত নোহোৱাকৈ আধৰুৱা। মেডিকেল গণিত নোহোৱাকৈ পঢ়িবলৈ দিয়া হয়, কাৰণ মেডিকেল ব্যৱহাৰিক বিজ্ঞান। ইয়াত প্ৰাথমিক বিজ্ঞানৰ গৱেষণাত কৈ ইতিমধ্যে গৱেষণা হৈ থকা জ্ঞান বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰিব শিকোৱা হয়। দশম শ্ৰেণীলৈকে বিজ্ঞান পঢ়া ছাত্ৰৰ গণিতৰ ওপৰত মৌলিক জ্ঞান থাকে, পদাৰ্থ বিদ্যা পঢ়ে, গতিকে মৌলিক জ্ঞানেৰে মেডিকেলৰ জ্ঞান বুজিবলৈ কষ্ট নহয়। কিন্তু গভীৰতাত সোমালে আৰু মেডিকেল গৱেষণাত গণিতৰ প্ৰয়োগ যথেষ্ট ( আজিকালি অৱশ্যে গৱেষণাত প্ৰয়োজন সকলো কম্পিউটাৰ বা এপৰ জৰিয়তে প্ৰয়োজনীয় সকলো গণনা কৰি লব পাৰি। )
স্বাস্থ্য বিজ্ঞান বা জীৱ বিজ্ঞানত গণিতৰ প্ৰথম প্ৰয়োগ কৰিছিল ১৭৭৮ চনত থমাছ মাল্থুছে মানুহৰ বিকাশৰ সূত্ৰ ( Human Growth Law)ৰ দ্বাৰা। মাল্থুছৰ সূত্ৰ মতে পৃথিৱীত মানুহৰ সংখ্যা বৰ্তমানৰ জনসংখ্যাৰ অনুপাতে হয়। এয়া কাৰ্য্যকৰী ভাৱে সূচকীয় বৃদ্ধি, যত মুঠ জনসংখ্যা এক পূৰ্ব নিদ্ধাৰিত সময়ত দুগুন হব। এইদৰে এসময়ত জনসংখ্যা এনেদৰে বাঢ়িব যে পৃথিৱীত খাদ্যৰ নাটনি হৈ দুৰ্ভিক্ষ আদিত জনসংখ্যা লোপ পাই পুনৰ বাঢ়িব।
স্বাস্থ্য বিজ্ঞানত মৌলিক গণিতৰ প্ৰয়োগ অপৰিসীম। মানুহৰ জোখ, ওজন, উচ্চতাৰ পৰা দেহৰ ক্ষেত্ৰফল নিৰ্ণয় কৰি সেই অনুযায়ী বিশেষ ৰোগৰ ঔষধৰ পৰিমাণ নিৰ্ণয়, প্ৰস্ৰাৱত নিৰ্গত হোৱা বিশেষ দ্ৰব্য আৰু শৰীৰৰ তেজত সেই বিশেষ দ্ৰব্যৰ অনুপাতত বৃক্কৰ কাম কিদৰে চলি আছে তাৰ নিৰ্ণয়, অতিশব্দ (Ultrasound)ৰ দ্বাৰা শৰীৰৰ বিভিন্ন অংগৰ জোখমাপ আৰু শৰীৰৰ অংগবোৰে কিমান কাম কৰিছে তাক নিৰ্ণয় কৰা, হৃদপিণ্ডই শৰীৰৰ অংগলৈ তেজ কিমান গতিত, কিমান পৰিমাণত গৈছে আদি অসংখ্য।
কোভিডৰ সময়ত আমি সকলোৱে শুনিছিলো Ro ৰ মাত্ৰা। Ro কি? RO বা আৰ ন’ট হল প্ৰজনন সংখ্যা (Reproduction Number)। ইয়াৰ দ্বাৰা এটা নতুন বীজাণুৰ সংক্ৰমন ক্ষমতা নিৰ্ণয় কৰা হয়। যদি সেই বিশেষ বীজাণুটোৰ দ্বাৰা আক্ৰান্ত এজন ৰোগীয়ে এজন মানুহলৈ ৰোগটো বিয়পাব পাৰে তেন্তে R0 ১, যদি ১০ জনলে বিয়পাব পাৰে তেন্তে R0 ১০। যদি R0 ১ তকৈ কম হয়, তেন্তে ৰোগতো বেছি বৃষ্টিত ন’হব বা ই সীমিত হ’ব, R0 ১ হলে বেমাৰটো কিছু দিন থাকিব, বিয়পিব কিন্তু মহামাৰীৰ ৰুপ ন’লব। R0 ১ তকৈ বেছি হ’লে ৰোগটো মহামাৰী হব আৰু বহু দিনলৈ থাকিব। এই কথাবোৰ সত্য হব যদিহে বেমাৰটোৰ দ্বাৰা কোনো মানুহৰ দেহত আগৰ পৰা প্ৰতিৰোধ ক্ষমতা নাই বা সেইৰোগৰ বিৰুদ্ধে চিটা বা টিকা লোৱা নাই। কোভিদৰ সময়ত বহু ডাঙৰ গণিতজ্ঞই কোভিড কিমান দিন থাকিব, কেতিয়া শীৰ্ক্ষত উঠিব আদি ভবিষ্যবাণী কৰিছিল। সেইবোৰ বেছিভাগেই শুদ্ধ প্ৰমাণিত হোৱা নাছিল কাৰণ বিশুদ্ধ গণিতৰ দৰে স্বাস্থ্য বিজ্ঞানত সকলো কথা একে একে দুই নহয়। ইয়াত কথাবোৰ ধোঁৱাবৰণীয়া। এটা ৰোগ কিমান দিন থাকিব, কেতিয়া শীৰ্ক্ষত উঠিব সেয়া R0ৰ লগতে মানুহ বোৰে কিমান সাৱধানতা অৱলম্বন কৰিছে, প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, মানুহৰ প্ৰতিৰোধ ক্ষমতা, কেনেদৰে কিমান সংক্ৰমিত হৈছে, ছিটা কেতিয়া আহিব, কিমান কাৰ্য্যক্ষম হব, চিকিৎসা আৰু তাতোকৈ ডাঙৰ কথা, যিটো মানুহৰ সাধ্যৰ বাহিৰত সেই বিশেষ ভাইৰাছৰ জিন উৎপৰিৱৰ্তনৰ গতি আৰু সময় আদিৰ ওপৰত নিৰ্ভৰ কৰিব।
সেইদৰে যিকোনো পৰীক্ষাগাৰৰ পৰীক্ষা এটা ৰোগ নিৰ্ণয় কৰাত কিমান কাৰ্য্যকৰী তাক পৰীক্ষাটোৰ সংবেদনশীলতা ( Sensitivity) আৰু আপেক্ষিকতা ( Specificity)গণিতৰ সূত্ৰৰ দ্বাৰাই নিৰ্ণয় কৰা হয়। এটা পৰীক্ষাৰ সংবেদনশীলতা নিৰ্ণয় কৰা হয় পৰীক্ষাটোৰ প্ৰকৃত পজিটিভৰ ( পজিটিভ আৰু বেমাৰটো সঁচাকৈ আছে ) মানক সঠিক পজিটিভ আৰু
অপ্ৰকৃত নিগেটিভৰ ( বেমাৰটো আছে কিন্তু পৰীক্ষাত নিগেটিভ দেখুৱাইছে) যোগফলৰে হৰণ কৰি পোৱা সংখ্যা। উচ্চ সংবেদনশীল পৰীক্ষাৰ ফল নিগেটিভ মানে বেমাৰটো নথকাটো নিশ্ছিত কিন্তু পজিটিভ মানে বেমাৰটো আছে বুলি নিশ্ছিত নহব। এটা পৰীক্ষাৰ আপেক্ষিকতা প্ৰকৃত নিগেটিভক ( নিগেটিভ ৰিজাল্ট আৰু বেমাৰটো সঁচাকৈ নাই) অপ্ৰকৃত পজিটিভ ( পজিটিভ কিন্তু বেমাৰটো নাই) আৰু প্ৰকৃত নিগেটিভৰ যোগ সংখ্যাই কৰা হৰণৰ ফল। গতিকে আপেক্ষিকতা যিমানে বেছি হয় এটা পৰীক্ষা পজিটিভ মানে বেমাৰটো আছে বুলি আমি নিশ্ছিত। এটা আদৰ্শগত পৰীক্ষা উচ্চ আপেক্ষিক আৰু সংবেদনশীল মানৰ হব লাগে। কিন্তু বাস্তবত খুব কম সংখ্যক পৰীক্ষা হে এনে হয়। বেছিভাগৰে হয় সংবেদনশীলতা বেছি হয় নহয় আপেক্ষিকতা।
স্বাস্থ্য বিজ্ঞানো আচলতে সংখ্যাৰ বিজ্ঞান। আমি যদি চাওঁ আপোনাৰ চিকিৎসকে সকলো মান যেনে উচ্চতা, ওজন, ৰক্ত ছাপ, শৰীৰৰ ভাৰ সূচক ( Body mass index), শৰ্কৰাৰ মাত্ৰা আদি এক সংখ্যাত দিয়ে। এই সংখ্যা বোৰ সাধাৰণ হয় নাই জানিবলৈ আমি গড় বা মধ্যকৰ পৰা কিমান মানৰ বিচ্যুতি ( Standard Deviation)হৈছে তাক জানিব লাগিব। আমাৰ মগজু এটা অতি কম্পিউটাৰ আৰু হৃদপিণ্ড এটা অতি যান্ত্ৰিক ইঞ্জিন। দুয়োটাক ভালদৰে বুজিবলৈ গণিতৰ সম্যক জ্ঞান লাগিব।
চিকিৎসক হবলৈ হলে গণিতৰ কিমান প্ৰয়োজন?
এজন ভাল চিকিৎসক হবলৈ গণিতত পণ্ডিত বা অতি তীক্ষ্ণ হবৰ প্ৰয়োজন নাই, কাৰণ বেছিভাগ গণনা এক ছাৰ্ট বা এপ বা কম্পিউটাৰত তৈয়াৰী হিচাপে থাকে। আমাৰ পণ্ডিত গণিতজ্ঞসকলে সেইবোৰ গৱেষণা কৰি আমালৈ ইতিমধ্যে তৈয়াৰ কৰি থৈছে। কিন্তু এই কথাবোৰ ভালদৰে বুজিবলৈ বা উচ্চ মাত্ৰাৰ গৱেষণা কৰিবলৈ গণিতৰ বুনিয়াদী জ্ঞান থকাটো ভাল। এই কথাটো কলা বা বাণিজ্য সকলো বিভাগতে খাটে, মানে আমাৰ দৈনন্দিন জীৱনত গণিতৰ বুনিয়াদী জ্ঞান অত্যন্ত জৰুৰী।