স্মৃতিৰ পখিলা
লেখক- -- ড° আৰাধনা বৰুৱা
জীৱন এক নীৰৱচ্ছিন্ন যাত্ৰা। সময়ৰ হাতত ধৰি জীৱনৰ আদি বিন্দুৰপৰা অন্তিম বিন্দুলৈ গতি কৰোঁতে সীমাহীন ঘটনাৰ মুখামুখি হৈ অসংখ্য ব্যক্তিক আমি লগ পাওঁ। সময়ে গতি কৰাৰ লগে লগে বৰ্তমান অতীত হয় আৰু মেটমৰা স্মৃতিৰে উপচি পৰে হৃদয়ৰ কৰণি। স্মৃতিৰ পখিলাজনীৰ পাখিলাহি বা লাগি উৰণীয়া মনে অতীতৰ সুমধুৰ ক্ষণবোৰৰ সোঁৱৰণ কৰি সুখময় কৰি তুলিছে মোৰ বৰ্তমান।
১ নং ফুলেশ্বৰী প্ৰাথমিক বালিকা বিদ্যালয়ৰপৰা চতুৰ্থ শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিবৰ বাবে ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হলোঁ। বাছনি পৰীক্ষাৰ ফলাফলৰ তালিকাত মোৰ নামটো প্ৰথম তিনিজনৰ ভিতৰত দেখি মই বৰ আনন্দিত হৈছিলোঁ। প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাতো মই তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰতে প্ৰথম স্থান পাই বৃত্তি পাইছিলোঁ। প্ৰাথমিক বিদ্যালয়ৰ বৰ বাইদেউৰ কোঠালিত ওলোমাই থোৱা তালিকাখনত আগৰ কেইবছৰৰ স্থানপ্ৰাপ্ত ছাত্ৰীসকলৰ সৈতে মোৰ নামটোও থাকিব বুলি ভাবি বৰ ভাল লাগিছিল। এই বৃত্তি প্ৰতি মাহে ৫.০০ টকাকৈ আছিল আৰু বছৰেকত ৬০.০০ টকাকৈ এই মাননি গোট খুৱাই আমাক দিছিল। বৃত্তিৰ ধন পোৱাৰ দিনা এক অপৰিসীম আনন্দ পাইছিলোঁ আৰু সমুদায় ধনৰাশি মাৰ হাতত আহি গটাই দিছিলোঁহি।
প্ৰাথমিক বিদ্যালয়ৰপৰা উচ্চ মাধ্যমিক বিদ্যালয়ত পদাৰ্পণ কৰি মোৰ পুখুৰীৰ আৱদ্ধ পানীৰ মাছে নৈৰ বহল ক্ষেত্ৰ এখন পোৱাৰ দৰে হ’ল। সেই সময়ত ফুলেশ্বৰী স্কুল শিৱসাগৰ জিলাৰ ভিতৰতে এখন লেখত ল’বলগীয়া স্কুল আছিল আৰু ছাত্ৰীৰ সংখ্যাও আছিল বহুত। বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীতে তিনিটাকৈ শাখা আছিল আৰু মই “ক” শাখাৰ ছাত্ৰী আছিলোঁ। মই পঞ্চম শ্ৰেণীত থাকোঁতে শ্ৰদ্ধেয়া পৰাজিতা বাইদেউ অধ্যক্ষা, লাৱণ্য বাইদেউ উপাধ্যক্ষা আৰু যামিনী বাইদেউ আমাৰ শ্ৰেণী শিক্ষয়িত্ৰী আছিল। খোপাত ওৰণি লৈ মেখেলা-চাদৰ আৰু ৰিহা পৰিহিতা শান্ত সৌম্য অভিজাত চেহেৰাৰ হাঁহিমুখীয়া যামিনী বাইদেউ বৰ মৰমিয়াল আছিল আৰু আমাক বৰ ধুনীয়াকৈ গণিত বুজাইছিল। প্ৰতিদিনে প্ৰথম শ্ৰেণীটো গণিতৰ আছিল আৰু এটা অধ্যায় বুজোৱাৰ পিছত অনুশীলনৰ অংকবোৰৰ পাঁচোটাকৈ অংক আমাক বাইদেৱে কৰিবলৈ দিছিল। পৰিষ্কাৰকৈ বহীৰ পৃষ্ঠাৰ চাৰিওফালে আঁচ টানি, তাৰিখ লিখি, কটাকটি নকৰাকৈ শুদ্ধকৈ অংক কৰা প্ৰথম তিনিজনী ছাত্ৰীৰ বহীত বাইদেৱে ৰঙা চিঞাহীৰে ৰাইট চিন দি “Good” দিছিল। এই “Good” পোৱাৰ হাবিয়াসতে আমি যে কিমান লৰালৰিকৈ সঠিককৈ অংক কৰিবলৈ বিচাৰিছিলোঁ! বাইদেউৰ এই কৌশলৰ বাবেই চাগে মোৰ দৰে সৰহভাগ ছাত্ৰীয়েই অংক বিষয়টো ভাল পাবলৈ শিকিছিল। আমি পঞ্চম শ্ৰেণীৰ পৰাহে ইংৰাজী আৰু হিন্দী শিকিছিলোঁ। বৰ্তমান ইংৰাজী মাধ্যমৰ বাদেই অসমীয়া মাধ্যমত পঢ়া শিক্ষাৰ্থীসকলেও চাগে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰিব। কাৰণ ওঁঠ টিপিলে গাখীৰ ওলোৱা বয়সৰপৰাই ল’ৰা-ছোৱালীক এতিয়া ইংৰাজী শিকোৱা হয়। মোৰ বোধেৰে পঞ্চম শ্ৰেণীৰ পৈণত বয়সৰপৰা শিকাৰ বাবে ইংৰাজী ভাষাত শুদ্ধ বাক্য ৰচনা, শব্দ-অৰ্থ ইত্যাদিৰ ওপৰত আমি বৰ গুৰুত্ব দিছিলোঁ আৰু ইংৰাজী ব্যাকৰণখন আমাৰ বাবে অভিধানস্বৰূপ আছিল। সপ্তম শ্ৰেণীৰ মাধ্যমিক বৃত্তি পৰীক্ষাত মই শিৱসাগৰ জিলাৰ ভিতৰত দশম স্থান পাই বৃত্তি পাইছিলোঁ। এই বৃত্তিৰ নিৰিখ আছিল মাহিলী ১৫.০০ টকাকৈ। অষ্টম শ্ৰেণীৰপৰা মই উচ্চ গণিত ঐচ্ছিক বিষয় হিচাপে লৈছিলোঁ। এই বিষয়টো নিৰ্বাচন কৰা ছাত্ৰীৰ সংখ্যা বুৰঞ্জী লোৱা ছাত্ৰীতকৈ কম হোৱাৰ বাবে আমি উচ্চ গণিতৰ শ্ৰেণী কৰিবৰ বাবে মূল শ্ৰেণীকোঠাৰ পৰা আন এটা কোঠালৈ যাব লাগিছিল। আনন্দ শৰ্মা ছাৰে আমাক উচ্চ গণিত পঢ়ুৱাইছিল। মুন থিনচিন বাইদেউ, বিজয়া বাইদেউ, দিপ্তী বাইদেৱে ইংৰাজী, মাণিকী বাইদেউ, ৰুণু বাইদেউ, অণু বাইদেৱে বিজ্ঞান, আনন্দ শৰ্মা চাৰ, শশীলাল বৰুৱা ছাৰ, লাহন ছাৰে গণিত, জোন সিংহা বাইদেৱে ভূগোল, দেৱবালা বাইদেউ, মিতালী বাইদেৱে অসমীয়া, নিৰ’ বাইদেৱে হিন্দী, চন্দ্ৰা বাইদেৱে সমাজ অধ্যয়ন, মমতাজ বাইদেৱে পৌৰ বিজ্ঞান পঢ়ুৱাৰ কথা মনত পৰে।
ৰাতিপুৱা বিদ্যালয়লৈ গৈ পোৱাৰ পিছত শ্ৰেণীকোঠাত আমাৰ কিতাপ কঢ়িওৱা মোনাবোৰ ডেস্কত থৈ শাৰী পাতি বিদ্যালয়ৰ সন্মুখৰ মুকলি পথাৰখনত থিয় হৈ আমি প্ৰাৰ্থনা গাইছিলোঁ। এজাক ছাত্ৰীৰ প্ৰাৰ্থনা সংগীতৰ পৱিত্ৰতাৰে মুখৰিত হৈ পৰিছিল কাষৰ শিৱসাগৰ ছোৱালী কলেজৰ হোষ্টেল আৰু চৌপাশৰ পৰিৱেশ। তাৰ পিছত শ্ৰেণী কোঠাই কোঠাই সোমাই পৰা ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ আৰম্ভ হৈছিল। আমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম আছিল সপ্তম শ্ৰেণীলৈকে নেভি ব্লু স্কাৰ্ট, বগা কামিজ আৰু অষ্টম শ্ৰেণীৰ পৰা নেভি ব্লু ৰঙৰ শেল দিয়া বগা চাদৰ আৰু পাটৰ বা মুগাৰ মেখেলা। শ্ৰেণী বিৰতিৰ অকণ অকণ সময় আৰু পানী খোৱা ছুটিৰ আধা ঘণ্টা সময় গুঞ্জৰিত হৈ থাকিছিল ছাত্ৰীসকলৰ প্ৰাণ প্ৰাচুৰ্য্যতাৰে। পানী খোৱা ছুটীৰ সময়খিনিত আমি সমূহীয়াভাৱে ঘৰৰ পৰা নিয়া টিফিন ভাগ কৰি খাইছিলোঁ। কেতিয়াবা আকৌ হাতত এটকা দুটকা থাকিলে লোকেশ্বৰ কায়ে দিয়া কেণ্টিনৰ পপ, বন ইত্যাদি কিনি খাইছিলোঁ। খাকী ৰঙৰ হলৌ-মলৌ হাফপেণ্ট, বগা কামিজ পৰিহিত লোকেশ্বৰ কায়ে আমাৰ বিদ্যালয়ৰ চকীদাৰৰ আৰু শান্ত মৰমিয়াল নবৌৱে (লোকেশ্বৰ কাইৰ পত্নী) চকীদাৰনীৰ দায়িত্ব বৰ নিয়াৰিকৈ পালন কৰিছিল। বগাধৰ কাই নামৰ আন এজন চফল ডেকাও আমাৰ বিদ্যালয়ৰ চকীদাৰ আছিল যদিও আদ বয়সতে পথাৰত হাল বাই থাকোঁতে বজ্ৰপাত পৰি তেওঁৰ মৃত্যু ঘটিছিল। বগাধৰ কাই ঢুকুৱাৰ পিছত বিদ্যালয়ত শোকসভা পতা হৈছিল। ৰাতিপুৱা বিদ্যালয়লৈ সোনকালে আহি নতুবা দুপৰীয়া পানীখোৱা ছুটীৰ সময়ত বিদ্যালয়ৰ সন্মুখৰ আমলখি কেইজোপালৈ লদিয়াই ছাত্ৰীবিলাকে হুলস্থূল কৰি থাকিলে নতুবা খিলখিল হাঁহিৰ ফুলজাৰি আৰু কথোপকথনৰ মাত্ৰা বাঢ়িলে আনন্দ শৰ্মা ছাৰ, শশী ছাৰহঁতে দীঘল বেত এডাল লৈ আগফালৰ চোতালখনলৈ আগবাঢ়ি আহিলেই গোটেই জাক ছাত্ৰী দৌৰি দৌৰি শ্ৰেণী কোঠাই কোঠাই সোমাইছিলহি। ৰাতিপুৱা প্ৰথম শ্ৰেণী আৰম্ভ হোৱাৰ আগে আগে, শ্ৰেণীৰ নিৰ্দ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে আৰু ছুটীৰ সময়ত বিদ্যালয়ৰ বাৰাণ্ডাত আঁৰি থোৱা প্ৰকাণ্ড ঘণ্টাটোত লোকেশ্বৰ কায়ে টং টং কৈ ঘণ্টা কোবাইছিল। শ্ৰেণীৰ শেষৰ ঘণ্টাৰ ধ্বনিটোৱে যেন আমাৰ কাণত শ্ৰুতিমধুৰ সংগীতৰহে ৰূপ লৈছিল। জাক বান্ধি বিদ্যালয়ৰপৰা ঘৰলৈ আহোঁতে আমি কিমান যে কথা নাপাতিছিলোঁ! সেই সময়ৰ অধিক সংখ্যক ছাত্ৰীয়েই খোজেৰে, কিছু সংখ্যকে চাইকেলেৰে আৰু দুই একেহে ৰিক্সা বা গাড়ীৰে বিদ্যালয়লৈ অহা-যোৱা কৰিছিল। ভণ্টি আৰু মই দুইজনীয়ে নিতৌ খোজ কাঢ়িয়েই বিদ্যালয়লৈ গৈছিলোঁ যদিও অসুখ-বিসুখ হ’লে, বৰষুণৰ বতৰত বা পৰীক্ষা থাকিলে ৰিক্সাৰেও অহা-যোৱা কৰিছিলোঁ। পৰীক্ষা থাকিলে কেতিয়াবা আমি লগৰ ছোৱালীৰ লগত বিদ্যালয়লৈ যোৱাৰ আগতেই বিদ্যালয়ৰ সমীপৰে শিৱদৌলত সেৱা কৰি নিৰ্মালি আৰু কপালত ৰঙা তিলক লৈ পৰীক্ষা ভাল হ‘ব বুলি আস্থাৰে গৈছিলোঁ।
আমাৰ বিদ্যালয়ত পঢ়া-শুনাৰ লগতে খেল-ধেমালি, তৰ্ক, আবৃত্তি ইত্যাদিৰো চৰ্চা কৰাই ছাত্ৰীসকলৰ মানসিক উত্তৰণ ঘটাত সহায় কৰিছিল। বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত বিভিন্ন ধৰণৰ খেল-ধেমালি আৰু সাহিত্য বিষয়ক প্ৰতিযোগিতা পতা হৈছিল। বিদ্যালয়ৰ চৌহদৰ বাহিৰৰ প্ৰকাণ্ড পথাৰখনত দৌৰ, লং জাম্প, হাই জাম্প ইত্যাদি প্ৰতিযোগিতাবোৰ আৰু চামিয়ানাৰ তলত সজা অস্থায়ী মঞ্চত তৰ্ক, আকস্মিক বক্তৃতা, আবৃত্তি ইত্যাদি প্ৰতিযোগিতাবোৰ পতা হৈছিল। আমাৰ পাপুৱে (ভণ্টিয়ে) বিদ্যালয় সপ্তাহৰ দৌৰ আদিত এটা দুটা পুৰস্কাৰ পাইছিল যদিও মই আছিলোঁ খেলা-ধূলাত একেবাৰে আপঁইতা। এবাৰ সম্ভৱ সপ্তম শ্ৰেণী মানত থাকোঁতে চামুচত মাৰ্বল লৈ দৌৰা প্ৰতিযোগিতাত মই লগৰবোৰক চেৰ পেলাই আগবাঢ়িবলৈ ধৰিলোঁ। নিৰ্দ্ধাৰিত দূৰত্ব দৌৰি শেষ প্ৰান্ত মই প্ৰথমতেই পালোঁহি যদিও মোৰ চামুচৰ মাৰ্বলটো বহু আগতেই পৰি আহিল, গতিকে মনৰ আশা মনতে সামৰিবলগীয়া হ’ল আৰু মই প্ৰতিযোগিতাত স্থান পোৱাত বিফল হলোঁ। তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, আবৃত্তিত কিন্তু আমি দুয়োজনী বাই-ভনীয়ে সদায় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। শিৱসাগৰ জিলা ভিত্তিক আৰু আন্তঃজিলা ভিত্তিক বহুতো প্ৰতিযোগিতাত বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি বিজয়ী হৈ বঁটাও পাইছিলোঁ। আমাৰ বিদ্যালয়ৰপৰা মই, পাপু, জাফৰিন, জুৰি, পিকলু, মমীয়ে সাধাৰণতে এই প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিছিলোঁ। আমি পোৱা বঁটাবোৰৰ ভিতৰত “পদ্মধৰ চলিহা সোঁৱৰণি বঁটা”, “জ্যোতিষ গগৈ সোঁৱৰণি বঁটা”, “ময়িদুল ইছলাম সোঁৱৰণি বঁটা” ইত্যাদি আছিল। সেই সময়ত শিৱসাগৰৰ বিভিন্ন বিদ্যালয়ৰ সু তাৰ্কিক আৰু বক্তা ননীগোপাল মহন্ত, শ্যামকানু, দেৱাশিস গগৈ, দেৱাশিস কাকতি, পাৰ্থপ্ৰতিম বৈৰাগী, পংকজপ্ৰতিম, মধুস্মিতা শইকীয়াহঁতৰ লগত প্ৰতিযোগিতা কৰি বিজয়ী হোৱাটো মুখৰ কথা নাছিল! ইয়াৰ বাবে লাগিছিল আখৰা আৰু বিষয়বস্তুৰ ওপৰত সম্যক জ্ঞান। আমি ঘৰত অনুশীলন কৰিছিলোঁ যদিও আমাৰ বিদ্যালয়ৰ শিক্ষকৰ জিৰণি কোঠাতো আন্তঃজিলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া আমাক নিৰন্তৰ আখৰা কৰাইছিল দেৱবালা বাইদেউ, চন্দ্ৰা বাইদেউ আৰু আন শিক্ষক-শিক্ষয়িত্ৰীসকলে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ‘পানী’, ‘ভীমকল’, ‘খাৰলি’, ‘উচুপনি’, ‘আলু পিটিকা’ ইত্যাদি বিভিন্ন বিষয়ত বক্তৃতা দি মই পুৰস্কাৰ পাইছিলোঁ। শিৱসাগৰ যুৱ দলে সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি বিদ্যালয়ত আয়োজন কৰা বাৰ্ষিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছিল “কিশোৰ কুমাৰ।” প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কেইদিনমানৰ আগতে কিশোৰ কুমাৰ স্বৰ্গগামী হৈছিল বাবে বাতৰি কাকতত, ৰেডিঅ’ত তেওঁৰ বিষয়ে ব্যাপক চৰ্চা হৈছিল আৰু মই তেওঁৰ বিষয়ে খৰচি মাৰি পঢ়িছিলোঁও। গতিকে কিশোৰ কুমাৰৰ বিষয়ে মই ভালদৰেই ক’ব পাৰিলোঁ যদিও প্ৰতিযোগিতাৰ প্ৰথম স্থানৰপৰা সপ্তম স্থানৰ ভিতৰত এটা স্থানো পাবলৈ সমৰ্থ নহলোঁ। মোৰ লগতে শ্ৰোতাসকল আৰু আমাৰ বিদ্যালয়ৰ আন ছাত্ৰীসকল আৰু অংশগ্ৰহণকাৰী ছাত্ৰীক নেতৃত্ব দি লৈ যোৱা বাইদেউ দুগৰাকী এই কথাত আচৰিত হ’ল। বাইদেউহঁতে মই পুৰস্কাৰ নোপোৱাৰ কাৰণ সোধাত অনুষ্ঠান পৰিচালনা কৰা জ্যেষ্ঠ ব্যক্তিসকলে জনালে যে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত বোলে “কিশোৰ কুমাৰ” বিষয়টো দিয়াই হোৱা নাছিল। তেতিয়াহ’লে মই মিছাকৈয়ে মোৰ ভাগত “কিশোৰ কুমাৰ” পৰা বুলি কলোঁ নেকি? কিন্তু প্ৰতিযোগিতাৰ বিচাৰকসকলে মই টনা কাগজৰ টুকুৰাত লিখি থোৱা বিষয়টো চাইহে মোক ক’বলৈ অনুমতি দিছিল। তাতে এইটো মই টনা কাগজৰ দ্বিতীয় টুকুৰা আছিল, প্ৰথমবাৰ মোৰ ভাগত ‘তৰোৱাল’ পৰিছিল আৰু সেই বিষয়ত নকওঁ বুলি ভাবিহে মই দ্বিতীয় টুকুৰাটো টানিছিলোঁ। প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ আগে আগে বিশিষ্ট অতিথি, সেই সময়ৰ বিদ্যালয়ৰ পৰিদৰ্শকজনেও তেখেতৰ ভাষণত মিথ্যাচাৰৰ আশ্ৰয় লোৱা ছাত্ৰ-ছাত্ৰীয়ে জীৱনত উন্নতি কৰিব নোৱাৰে বুলি কৈছিল। পুৰস্কাৰ নোপোৱাতকৈয়ো, “কিশোৰ কুমাৰ” বিষয়টো দিয়াই নাই বুলি কোৱা কথা আৰু পৰিদৰ্শক মহোদয়ৰ কথাখিনিয়ে মোক বৰ মানসিক আঘাত দিছিল আৰু মোৰ মনত এক প্ৰকাৰৰ ক্ষোভ আৰু হতাশাৰ সৃষ্টি হৈছিল। অৱশ্যে মা-দেউতা আৰু বিদ্যালয়ৰ চাৰ বাইদেউসকলে এনে কথাত হতাশ নহ’বলৈ উপদেশ দিছিল। এতিয়ালৈকে এই ঘটনাটো প্ৰশ্নবোধক হৈ পাহৰিব নোৱৰা এক দুঃস্মৃতি হৈ মোৰ মনত ৰৈ গ’ল! জীৱনৰ এই প্ৰৌঢ় বয়সত এতিয়া দুখ, ক্ষোভ নাই যদিও মোৰ জীৱনৰ এক সত্য ঘটনা হিচাপে আত্মকথনত ইয়াক লিপিবদ্ধ কৰি ৰাখিলোঁ।
মই সপ্তম শ্ৰেণীত থাকোঁতে পাপু পঞ্চম শ্ৰেণীত আছিল। পাপুহঁতৰ লগৰ বিদ্যোৎসাহী সহপাঠী জাফৰিন, লক্ষ্মীপ্ৰিয়া, পাঞ্চালীহঁতে সিহঁতৰ শ্ৰেণীত পানীখোৱা ছুটীত আকস্মিক বক্তৃতা প্ৰতিযোগিতা পাতি মোক আৰু আমাৰ লগৰ জুৰিহঁতক বিচাৰক হিচাপে মাতিছিল। কিমান যে ভাল লগা এইবোৰ সৰু সৰু ঘটনা! জাফৰিন বৰ্তমান জম্মু-কাশ্মীৰত পশুপালন বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত আৰু লক্ষ্মীপ্ৰিয়াহঁতো সু প্ৰতিষ্ঠিত। পিকলু (ময়ূৰাক্ষী), মঞ্জুৰী, মমী, ববী, জুৰি, অৰ্কিড, নাজমিন, জুনমণি, শিখা, ডেইজী, গিতালী, স্বপ্না, বিজুমণি, ৰুবী আৰু কিমান যে সহপাঠীৰ সৈতে হাঁহি-ধেমালি কৰি স্কুলীয়া জীৱন পাৰ কৰিলোঁ! সেই সময়ত মোবাইল ফোনৰ প্ৰচলন নাছিল বাবে আমি এদিন বিদ্যালয়লৈ যাব নোৱাৰিলেও ইজনীয়ে সিজনীলৈ চিঠি লিখিছিলোঁ। বিদ্যালয়ৰ বাৰ্ষিক ছাত্ৰী একতা সভাৰ নিৰ্বাচনতো আমি সক্ৰিয় অংশগ্ৰহণ কৰিছিলোঁ আৰু মই তৰ্ক বিভাগৰ সম্পাদিকা পদত নিৰ্বাচিত হৈছিলোঁ। পিকলু ক্ৰীড়া আৰু মমী সাধাৰণ সম্পাদিকা নিৰ্বাচিত হোৱাৰ কথা মনত পৰে।
আমাতকৈ এবছৰ জ্যেষ্ঠ স্বপ্না দত্ত আৰু এবছৰ কনিষ্ঠ প্ৰৱালী ফুুকনলৈ মনত পৰিলে বৰ দুখ লাগে। দুয়োজনী বৰ মেধাৱী ছাত্ৰী আছিল। মোৰ লগতে স্বপ্না আৰু প্ৰৱালীৰ শ্ৰেণী অনুযায়ী ৰোল নং ১ হোৱাৰ বাবে একেখন বেঞ্চতে চিট নাম্বাৰ মাৰিছিল আৰু আমি বিদ্যালয়ৰ ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাত একেলগে বহি পৰীক্ষা দিছিলোঁ। সম্ভৱ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই জটিল ৰোগত আক্ৰান্ত হৈ প্ৰৱালীৰ দেহাৱসান ঘটিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে অসমৰ ভিতৰত দশম স্থান পাই উত্তীৰ্ণ হোৱা স্বপ্নাই অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰপৰা সুখ্যাতিৰে এম.বিবি.এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দুৰাৰোগ্য ৰোগত ভুগি এই পৃথিৱীৰ মায়া এৰি গুচি যায়। নিষ্ঠুৰ নিয়তিৰ গ্ৰাসে এইদৰেই শেষ কৰি পেলালে দুই উজ্জ্বল জ্যোতিষ্কক। স্বপ্নাই পৰীক্ষাৰ প্ৰশ্নকাকত দি আৰু নুবুজা গণিত ইত্যাদি বুজাই দি মোক পঢ়াত বৰ সহায় কৰিছিল। চাৰিটাকৈ মেধাৱী পুত্ৰ আৰু স্বপ্নাৰ দৰে সন্তানৰ মাতৃ বৰমা এগৰাকী বৰ মৰমিয়াল মহিলা আছিল। আমাৰ ঘৰৰ লগত তেওঁলোকৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল আৰু সঘনাই আহ-যাহ আছিল।
আমাতকৈ জ্যেষ্ঠ মেধাৱী ছাত্ৰী অনুৰাধা বা (চিকিৎসক), মিনাক্ষী বা (কৃষি বিজ্ঞানী), দেৱপ্ৰিয়া (অভিযন্তা), দেৱযানী (চিকিৎসক), জয়ামনি, বৰ্ণালী (দুয়ো অভিযন্তা)হঁতক আমি বৰ সমীহ কৰিছিলোঁ।
স্মৃতিৰ পখিলাজনীৰ সৈতে একাকাৰ হৈ হাইস্কুলীয়া সেই মায়াময় দিনৰ অঞ্জন দুচকুত আঁকি লৈ এই মুহূৰ্তত বৰ আবেগিক হৈ পৰিছোঁ আৰু জীৱনৰ ওভতনি নৌকাত অৱতৰণ কৰি স্মৃতি ৰোমন্থন কৰিবলৈ উদ্বাউল হৈ পৰিছোঁ।