স্মৃতিৰ ৰেঙনিত ’চোৰ’ আৰু প্ৰাসংগিক জতুৱা ৰূপ
লেখক- গোলাপ সুত
‘চোৰ কৰাটো উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা’— এই আপ্তবাক্য সৰুতে মা-দেউতাই প্ৰায়ে কোৱা শুনো। চুৰ কৰা বিদ্যাৰপৰা বিৰত কৰাবলৈকে এনেবোৰ বাক্য আমাক প্ৰয়ে শুনায়। সেই বুলি ঘৰতে কল, মিঠাই, গাখীৰৰ সৰ, ইত্যাদি চুৰি কৰি যে খোৱা নাছিলোঁ তেনে নহয়। মামাহঁতে নতুবা কোনো আলহীয়ে অনা মিঠাই,বিস্কুট আদি কিমান দিন যে চুৰি কৰি খালোঁ। স্কুলতো সমনীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত দুই-এটা বস্তু চুৰি হোৱা গম পাইছিলোঁ। বিশেষকৈ কিতাপ। সেয়ে নতুন কিতাপৰ বেটুপাতৰ ভিতৰফালে লিখি থৈছিলোঁ— ‘এই কিতাপখন নকৰিবা চুৰি, তলত যাৰ নাম সিয়ে অধিকাৰী। জানি-শুনি যিজনে কৰিব হৰণ, হেড মাষ্টৰৰ হাতত তাৰ মিলিব মৰণ’, এইবুলি নিজা নাম, ঠিকনা, ৰোল নম্বৰ লিখি থৈছিলোঁ। সৰুতে মা-দেউতাই দিয়া চৰিত্ৰ গঠন শিক্ষা আৰু গাঁৱতে দেখা কেতবোৰ চুৰিসংক্ৰান্তীয় ঘটনাৰ প্ৰভাৱে আমাক সেই মহা বিদ্যাৰপৰা নিলগাই ৰাখিলে। চুৰি কৰি সহজে কোনো বস্তুৰ গৰাকী হ’ব পাৰি কিন্তু ধৰা পৰিলে গধুৰ শাস্তি অনিবাৰ্য।
‘চোৰ গ’লে বুদ্ধি’— তামোল বাৰীখন গ্ৰাম্য-জীৱনৰ, বিশেষকৈ অসমীয়া জীৱনৰ এখন সম্পদ। তামোল গছবোৰ পাণ, জালুকেৰে ভৰ্তি হৈ থাকে। প্ৰতিঘৰ গৃহস্থীতে তামোল-পাণ উভৈনদী। তথাপি আমাৰ মনত থকা কালৰেপৰা দেখিছোঁ যে তামোল পূৰঠ হ’বৰেপৰা তামোল চোৰৰ উপদ্ৰৱ। চোৰে নিয়াতকৈ বহু গৃহস্থই তামোল পকাৰ আগতেই তামোল পাৰি বিক্ৰী কৰে। আমাৰ ঘৰতো প্ৰতি বছৰে চোৰে তামোল চুৰি কৰে। ‘দূৰৰ চোৰ নহয় ঘৰৰে’— দেউতাই কয়। ঘৰৰে মানে গাঁৱৰে, অথবা ওচৰৰ গাঁৱৰ। হাতে-লোতে নধৰিলে কাৰ সাধ্য আছে কাৰোবাক চোৰ সজাবৰ। অৱশ্যে ঘৰৰ তামোলকেইজোপাৰ তামোলৰ আকৃতি, ৰং সোৱাদৰ ভিত্তিতেই হবলা দেউতাই সন্দেহজনক ব্যক্তি বা বেপাৰীৰ ঘৰত তামোল চোৰ চিনাক্ত কৰে। ঘৰৰে চোৰ অথচ ধৰাৰো উপায় নাই। ৰাতি দেউতাই কেতিয়াবা বাৰীখন পহৰা দিয়ে। কিন্তু সদায় উজাগৰে পহৰা দিয়ে কেনেকৈ? এবাৰ তামোল চুৰি কৰি নিয়াৰ পাছতহে দেউতাৰ বুদ্ধি ওলাল। দেউতাই প্ৰতিজোপা তামোল গছত গজাল, ব্লেড মাৰি থৈছিল। তাৰ পাছত কেবাবছৰো তামোল চুৰি হোৱা নাছিল। তামোল বিক্ৰী কৰি প্ৰতি গৃহস্থই বুজনসংখ্যক টকা লাভ কৰে। সেয়ে চোৰেও তামোল চুৰিত গুৰুত্ব দিয়ে।
‘চোৰতে মোৰে পালে’— আনক ঠগোঁতে নিজেও ঠগত পৰা প্ৰসংগত এই জতুৱা বাক্য কোৱা হয়। সিন্ধি খন্দা চোৰ গাঁৱত সততে দেখা গৈছিল। ৰাতি গৃহস্থ শুই থকা সময়ত ঘৰৰ পিৰালি খান্দি এটা সুৰংগ কৰি ঘৰৰ ভিতৰত চোৰ প্ৰৱেশ কৰে আৰু ঘৰৰ ভিতৰৰ অস্থাৱৰ সম্পত্তি চুৰ কৰি নিয়ে। শুনা যায় যে চোৰে খন্দা গাঁতটোত প্ৰথমে নিজে নোসোমাই এটা খেৰৰ জুমুঠি সুমুৱাই দিয়ে। কিজানিবা গৃহস্থ সাৰে আছে। সাৰে থকা গৃহস্থই চোৰ সোমাই যাওঁতেই মাধমাৰ দিব পাৰে। তেতিয়া সেই মাধমাৰ জুমুঠিত পৰিব। যদি জুমুঠিৰ একো ক্ষতি নহয় তেতিয়াহে চোৰ গাঁতেৰে গৃহস্থৰ ঘৰত প্ৰৱেশ কৰিব। আমাৰ গাঁৱৰ কেবাঘৰতো এনেদৰে সিন্ধিখন্দা চোৰে গৃহস্থক সৰ্বস্বান্ত কৰা দেখা পাইছিলোঁ। তদুপৰি ঘৰৰ পোলা কাটি, বেৰ কাটি নতুবা দিনৰ ভাগতে গোপনে সোমাই থাকি ৰাতি গৃহস্থ শোৱাৰ পাছত ঘৰ তহিলং কৰা ঘটনা গাঁৱত দেখিবলৈ পোৱা গৈছিল। কেতিয়াবা এটা চোৰে আন এটা চোৰৰ ঘৰতো সিন্ধি দিয়া দেখা যায়। তেতিয়াও ’চোৰক মোৰে পোৱা’ বুলি কোৱা হয়।
‘হাঁহ চোৰৰ মূৰত পাখি’— গৰু, ছাগলী, হাঁহ, পাৰ, মূৰ্গী আদি চুৰি হোৱাটো গাঁৱত সচৰাচৰ ঘটনা। বিশেষকৈ মাঘ বিহুৰ উৰুকাৰ নিশা হাঁহ, পাৰ, মুৰ্গী, শুকান খৰি, নঙলামাৰি আদি চুৰি হয়েই। তাৰ লগতে বাৰীৰ আলু, কচু আদিও চুৰি হয়। মাঘ বিহুত চুৰি কৰাৰ পৰম্পৰা বুলি তাক কোনেও গুৰুত্ব নিদিয়ে বা প্ৰতিবাদো নকৰে। কিন্তু এই বিহুৰ গইনা লৈ আচল চোৰে চুৰি কাৰ্য কৰি গৃহস্থৰ বৃহৎ ক্ষতি কৰে। এনেবোৰ চোৰ সহজে ধৰাও পৰে। হাঁহ চুৰি কৰোঁতে চোৰৰ মূৰত ৰৈ যোৱা পাখিয়ে সহজে ধৰা পেলায়। বেয়া কৰ্মৰ নিদৰ্শন ৰৈ যোৱা বুজাবলৈ এই ‘হাঁহচোৰৰ মূৰত পাখি’ জতুৱা বাক্যষাৰ কোৱা হয়।
‘চোৰে চোৰে পিতল গঢ়া’— কোনো বিষয়ে প্ৰকৃত গৰাকীৰ মতামত নোলোৱাকৈ অসম্পৰ্কিত মানুহে মিলি কোনো কাৰ্য কৰা। গৰু-ছাগলী চুৰি কৰাটো এলাপেচা চোৰৰ কাম নহয়। গৰু, ছাগলী চুৰি কৰি তাক বিক্ৰী কৰি নিষ্কণ্টক হোৱাটো জটিল কাম। পুলিচৰ চকুত পৰাৰো ভয়। সফল হ’লে চোৰৰ বুজনসংখ্যক টকা লাভ হয়। আনহাতে গৃহস্থৰ ঘৰৰ বৃহৎ লোকচান। আমাৰ গাঁৱত এনে গৰু-ছাগলী চুৰি হোৱা কেবাটাও ঘটনা ঘটিছে। আনকি আমাৰ গোহালিৰপৰাই বলধহাল চোৰে চুৰি কৰি লৈ গৈছিল। লগতে গাঁৱৰে আন কেবাঘৰৰপৰাও কেবাহাল বলধ চুৰি হৈছিল। হালৰ গৰুহাল বিচাৰি দেউতাই চলাথ কৰিলে। কিন্তু চোৰৰ হাত লগা গৰু ক’ত পায়? দেউতাই বহু দিনলৈ উদং গোহালিটো ৰাতি উঠি গৈ চোৱা, বলধৰ মাত শুনিলেই কাণ উনাই ঘৰৰ গৰুহাল নেকি বুলি মন কৰা কথা আমি লক্ষ্য কৰিছিলোঁ। দেউতাই কয়— ‘চোৰে চোৰে পিতল গঢ়িলে’। দেউতাৰ মতে গৰুহাল চুৰি কৰি নিয়া কাৰ্যত গাঁৱৰ কাৰোবাত হাত আছে। পূৰ্বৰেপৰা গাঁৱৰ তামোল চুৰ কৰি অহা সন্দেহ ঘনীভূত চোৰকেইটাৰেই হাত থকা বুলি মৰণকাললৈকে দেউতাই কৈ গ’ল।
‘চোৰ শপথ’ (মিছা শপত)— ধান চুৰি হোৱাটো গাঁৱত নতুন কথা নহয়। ধান হৈছে সোণগুটি। ই মূল্য নেহেৰুৱায়। গতিকে চোৰে সততে ধান চুৰি কৰা বিদ্যা এৰে কেনেকৈ?গৃহস্থৰ চোতালৰ মৰণাতলীৰপৰা ধান চুৰি কৰা, ভিতৰত থোৱা ধান-চাউলৰ বস্তা চুৰি কৰি নিয়া ইমান জটিল নহয়। কিন্তু অঘাইটং চোৰে ভঁৰালৰ ভিতৰৰপৰাও গৃহস্থৰ ধান চুৰি কৰাটোহে গুৰুত্বপূৰ্ণ কথা। অভিনৱ কৌশলেৰে এই কাৰ্য চোৰে সামধা কৰে। চোৰে ৰাতি ভঁৰালৰ তলত সোমাই থাকি ভঁৰালৰ তলিত এটা ফুটা কৰে। তলত বস্তা এটা থৈ এডাল ৰডেৰে সেই ফুটাটোত খুঁচি থাকে। তেতিয়া ফুটাটোৱেদি ধান ঝৰ ঝৰ কৈ ওলাই থাকে। বেছি শব্দও নহয়। কিন্তু বস্তাটো ভৰ্তি হওঁতে কিছুসময়ৰ প্ৰয়োজন হ’ব। এনে চুৰি কাৰ্য গাঁৱত বহু দেখা যায়। এনে ধান চোৰ ধৰাও পৰে। চোৰে শপতো খায় চুৰি নকৰো বুলি। কিন্তু পুনৰ চুৰি কৰে। সেয়ে এয়া চোৰ শপত।
‘চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ’— আমাৰ গাঁও বালিজান। নিকটৱৰ্তী পাটৰ গাঁও, টঙনাঝাৰ, মেতেৰা, ঘাহি গাঁও, ভেলৌগুৰি প্ৰভৃতি গাঁৱত এটা সময়ত চোৰৰ নানা উপদ্ৰৱ হৈছিল। চোৰৰপৰা ৰক্ষা পাবলৈ প্ৰতি গাঁৱৰ ৰাইজে ৰাতি ৰাতি পহৰা দিব লগা হৈছিল। পুহ-মাঘমহীয়া ঠাণ্ডাৰ দিনত নিজৰ অস্থায়ী সম্পত্তি ৰক্ষাৰ্থে নিশা পাল পাতি উজাগৰী নিশা অতিবাহিত কৰাটো যে কিমান বিড়ম্বনা। গাঁৱত সেই সময়ত বিজূলীবাতি নাছিল। ‘চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ’। মই নিজেও তেনে পহৰা পাললৈ গৈ টোপনি খতি কৰা কথা জলজল-পটপটকৈ মনত আছে।
সময়ৰ লগে লগে সমাজত নানা পৰিৱৰ্তনে দেখা দিলে। শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য, চাকৰি-বাকৰি কৰি মানুহ স্বনিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰিছে। গাঁওবোৰত দ্ৰুত বিকাশে দেখা দিছে। বৰ্তমানে এনে চুৰিবৃত্তিৰ দৃষ্টান্ত পাবলৈ নাই। তথাপি ‘চোৰে নেৰে চুৰ প্ৰকৃতি’ বুলি এষাৰ কথা আছে। স্বভাৱ সলনি নোহোৱা দুই-এটা চোৰে এতিয়াও এই হাত-লৰ গুণটোৰ বাবেই চিকা-ফুৰা বৃত্তিটো বৰ্তাই ৰখা দেখা যায়।
বিঃদ্ৰঃ চোৰক কেন্দ্ৰ কৰি আৰু কেবাটাও জতুৱা বাক্য আমাৰ ভাষাত প্ৰচলিত। যেনে— ‘চোৰ বুলিলে ওৰ পৰা’ (দোষী মানুহে সশংকিত অৱস্থাত থকাৰ নিমিত্তে সহজে ধৰা পৰে। ); ‘চোৰে নিয়া গৰুৱে বাটে বাটে ঘাঁহ পায়’ (দুষ্ট মানুহে খোৱা-লোৱাৰ ব্যৱস্থা সুবিধা বুজি য’তে ত’তে কৰি ফুৰে); ‘চোৰ চাং’— (চোৰে সহজে বস্তু নিব নোৱৰাকৈ পতা চাং) ইত্যাদি।