সৰ্পবান্ধৱ তথা প্ৰকৃতিপ্ৰেমী শ্ৰীযুত সৌৰভ বৰকটকীৰ সাক্ষাৎকাৰ
লেখক- নিংকু নিশা নেওগ,শ্ৰী মৃদুল কুমাৰ শৰ্মা, শ্ৰী বিকাশ দত্ত আৰু শ্ৰী ৰূপম বৈশ্য
’সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ এইবাৰ সাক্ষাৎ কৰা হৈছিল সৰ্পবান্ধৱ তথা প্ৰকৃতিপ্ৰেমী শ্ৰীযুত সৌৰভ বৰকটকীক। শোণিতপুৰ জিলাৰ তেজপুৰ নিৱাসী এগৰাকী প্ৰকৃতিপ্ৰেমী তথা সাপ উদ্ধাৰকাৰী শ্ৰীযুত সৌৰভ বৰকটকীক সাপ উদ্ধাৰ আৰু সচেতনতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ তৎপৰতা আৰু সজাগতাৰ বাবে শোণিতপুৰ জিলা প্ৰেছ ক্লাৱে তেখেতক সৰ্পবান্ধৱ উপাধি প্ৰদান কৰিছে। ইয়াৰ উপৰি তেখেতক অসম চৰকাৰে ২০১০ চনত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বঁটা প্ৰদান কৰাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনেও স্বাধীনতা দিৱসৰদিনা সন্মানিত কৰিছে। শ্ৰীযুত সৌৰভ বৰকটকীয়ে বন বিভাগৰ সহায়ত বিভিন্ন ঠাইৰপৰা সাপ উদ্ধাৰ কৰাৰ উপৰি অন্যান্য বন্যপ্ৰাণী উদ্ধাৰ কৰি বন বিভাগৰ উদ্যোগত বনাঞ্চলত এৰি দি পৰিৱেশ সংৰক্ষণতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তেখেতে বিভিন্ন অঞ্চলত নিজা তত্ত্বাৱধানত গছপুলি ৰোপণ কৰি জীৱকুলৰ উন্নতিতো অৰিহণা যোগাইছে।
’সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী নিংকু নিশা নেওগ তথা ‘অসমীয়াত কথা-বতৰা’ গোটৰ সদস্য ক্ৰমে শ্ৰী মৃদুল কুমাৰ শৰ্মা, শ্ৰী বিকাশ দত্ত আৰু শ্ৰী ৰূপম বৈশ্যই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী নিংকু নিশা নেওগ আৰু শ্ৰী জুপিতৰা ফুকনে। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী মৃদুল কুমাৰ শৰ্মাই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী বিকাশ দত্তই আৰু ইয়াক পাঠকসকললৈ বুলি আগবঢ়াইছে ডা° হিতেশ্বৰ শৰ্মা আৰু ড° দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ: আমি আপোনাৰ বিষয়ে বহুত কথা শুনি আছোঁ, জানি আছোঁ। প্ৰথমে আমি জানিব বিচাৰোঁ আপোনাৰ জন্ম আৰু শিক্ষাগত অৰ্হতাৰ বিষয়ে। বৰ্তমান আপুনি কি পেছাৰ লগত জড়িত হৈ আছে সেয়াও আমি জানিবলৈ পালে ভাল পাম।
সৌৰভ বৰকটকী: মই সৰুকালৰপৰাই প্ৰকৃতিৰ লগতে জড়িত হৈ আছোঁ। প্ৰকৃতি ভাল পাওঁ, জীৱন-জন্তু ভালপাওঁ, গছ ৰুই ভাল পাওঁ। মই নৱম শ্ৰেণীত থাকোঁতেই প্ৰকৃতিক ভাল পোৱা বাবেই আৰক্ষীৰ ওচৰলৈ যাবলগীয়া হৈছিল। আৰক্ষীয়ে মোক মাতিবলগীয়া হৈছিল। সৰুকালৰপৰাই মই সাপ বহুত ভাল পাওঁ, চৰাই-চিৰিকটিবিলাক ভাল পাওঁ। মই ক্লাছ নাইন মানত পঢ়ি থাকোঁতে আমাৰ ঘৰত থকা ভাৰাতীয়া মানুহৰ ঘৰত এডাল সাপ সোমাইছিল। তেওঁ জোং এডালেৰে সাপডালক খুঁচি দিছিল। মই মাক সোধোঁতে মায়ে কৈছিল যে তেওঁ সাপটো মাৰি পেলালে। সাপটো আছিল মচোৱা গোম। ৰুদ্ৰপদৰ পগলা শিৱ মন্দিৰৰ ওচৰতে আমাৰ ঘৰ। মই সাপটোৰ গাৰপৰা বল্লমডাল টানি এৰুৱাই দিলোঁ। এনে কৰিলে হয়তো সি বাচিবও পাৰে বুলি মই ভাবিলোঁ। সাপডাল জংঘললৈ সোমাই গ’ল। পিছত আমি মানুহঘৰক ঘৰ খালী কৰি ওলাই যাবলৈ ক’লোঁ। এইটো প্ৰায় ৩০ বছৰৰ আগৰ কথা। তেতিয়া মানুহৰ মাজত সাপ বা চৰাই-চিৰিকটিৰ প্ৰতি সজাগতা ইমান নাছিল। ঘৰ খালী কৰিবলৈ দিয়া কাৰণে মানুহঘৰে তেজপুৰ লালমাটি থানাত মোৰ ওপৰত অভিযোগ দিছিল। পুলিচে মোক আৰু দেউতাক মাতি লৈ গৈছিল। থানাত হক উপাধিৰ এজন বিষয়া আছিল। ঘটনাটো মোক বৰ্ণনা কৰিবলৈ দিয়াৰ পাছত তেওঁ ধমকি মাৰিছিল— “ঘৰত সাপ সোমালে সাপ মাৰিবই। ল’ৰা ঠিক কৰক। নহ’লে পিছলৈ আপোনাৰ দিগদাৰ হ’ব।” মই তেতিয়া সাপৰ বিষয়ে বা সাপৰ উপকাৰৰ বিষয়ে ইমান জনা নাছিলোঁ। থানাৰপৰা অহাৰ পাছতে ভাবিছিলো যে আজিৰপৰা মই সাপ ধৰিমো আৰু সাপ বচামো।
সাহিত্য ডট অৰ্গ: মানে আপুনি সৰুৰপৰাই সাপৰ লগত জড়িত?
সৌৰভ বৰকটকী: হয় মানে যিমানে সাপৰ বিষয়ে জানিছোঁ তাৰপৰাহে গম পাইছোঁ যে সাপ উপকাৰী সৰীসৃপ। সাপে মানৱ জাতিক আৰু প্ৰকৃতিক যিদৰে সহায় কৰি আছে সেয়া খুব কম জীৱ-জন্তুৰ ক্ষেত্ৰত দেখা যায়। সাপৰ প্ৰতি মোৰ লাহে লাহে আকৰ্ষণ বাঢ়ি আহিল। মোৰ মায়ে মোক সদায় আগলৈ যাবলৈ অনুপ্ৰেৰণা দিছিল। তেতিয়াৰপৰাই মই অবিষাক্ত সাপবোৰ ধৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই তেতিয়া চাইকেলেৰে সাপ ধৰিবলৈ গৈছিলোঁ। অজগৰ সাপ ধৰি আনি ধেনুখনা, ঔগুৰি, ৰুদ্ৰপদ পাহাৰত এৰি দিছিলোঁগৈ। ডাঙৰ অজগৰ হ’লে ডিঙিত লৈ ফটোও উঠিছিলোঁ। আচলতে এইবোৰো অপৰাধেই। মই বাঘ, গড়, অন্যান্য জীৱ-জন্তুও উদ্ধাৰ কৰিছোঁ। যেতিয়াই বন বিভাগে মোক বিভাগৰ সহায়ৰ বাবে বিচাৰে, মই তেওঁলোকৰ লগত যাওঁ।
সাহিত্য ডট অৰ্গ: সাপ ধৰিবলৈ বা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আপুনি কাম কৰি আছে। এইদৰে কাম কৰিবলৈ আপুনি ক’ৰপৰা অনুপ্ৰেৰণা পাইছিল?
সৌৰভ বৰকটকী: মই সৰুৰেপৰাই নিজেই কৰি আছোঁ। ২০১০ চনত অসম চৰকাৰৰপৰা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বঁটা লাভ কৰিছোঁ। সেইবছৰেই জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰদিনা বঁটা দিছিল। সৰ্পবান্ধৱ উপাধি শোণিতপুৰ জিলা প্ৰেছ ক্লাৱে প্ৰদান কৰিছে। এইবোৰেও মোক অনুপ্ৰেৰণা যোগাইছে। মোৰ ঘৰত তেজপুৰ টাউনৰ মাজত এতিয়াও মেহগনি, ৰুদ্ৰাক্ষ, নাগচম্পাৰ পুলি আছে। মানুহে সন্তানৰ জন্মদিনত ৰুবলৈ লৈ যায়। মোৰ ভাল লাগে কাৰণে নিজৰ সন্তানৰ জন্মদিনত ৰোৱা গছপুলিটো তেওঁলোকে নিশ্চয় সুৰক্ষা প্ৰদান কৰিব। ৰাইজৰ মৰম আৰু সন্মানেও মোক কাম কৰাত অনুপ্ৰেৰণা যোগাইছে। অসম চৰকাৰে মোক Honourary Wildlife Warden স্বীকৃতি দিছে।
সাহিত্য ডট অৰ্গ: আপুনি সাপ কেনেকৈ ধৰে? ইয়াৰ কিবা বিশেষ প্ৰশিক্ষণ লৈছিল নেকি?
সৌৰভ বৰকটকী: ভাল প্ৰশ্ন সুধিছে। মই কোনো প্ৰশিক্ষণ লোৱা নাছিলোঁ। এই বিদ্যা মই নিজেই আয়ত্ত কৰি লৈছিলোঁ।
সাহিত্য ডট অৰ্গ: সাপ ধৰিবলৈ যাওঁতে আপোনাৰ কেতিয়াবা ভয় লাগেনে?
সৌৰভ বৰকটকী: অবিষাক্ত সাপ ধৰোঁতে ভয় খোৱা নাছিলোঁ। কিন্তু বিষাক্ত সাপ ধৰোঁতে অলপ ভয় লাগিছিল। মোক অবিষাক্ত সাপে কেইবাবাৰো কামুৰিছে। বিষাক্ত সাপেও কামুৰিছে। এবাৰ মই ‘আই চি ইউ’তো আছিলোঁ। মই ২০১৮ চনলৈকে তিনি হাজাৰৰো অধিক সাপ ধৰিছোঁ। তাৰপিছত আৰু মই হিচাপ ৰখা নাই। এতিয়া মই শোণিতপুৰ জিলাৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইলৈ যাওঁ। মোৰ ‘হোৱাটচআপ’ত অসমৰ বিভিন্ন ঠাইৰপৰা সাপৰ ফটো আহে, সাপে খুঁটিলেও মানুহে সাপটোৰ ফটো দিয়ে। মই সাপে খোঁটা চিনটো দেখিলেই বিষাক্ত নে অবিষাক্ত কৈ দিব পাৰোঁ।
সাহিত্য ডট অৰ্গ: আমি সততে দেখি থকা সাপবোৰৰ ক্ষেত্ৰতো বিভিন্ন অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে। উদাহৰণস্বৰূপে নাইপিয়া বা তেজপিয়া সাপডালৰ ক্ষেত্ৰত কিছুমান অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে। কোৱা হয় এই সাপৰ বিষৰ কোনো ঔষধ নাই। ই মানুহৰ নাভিত কামোৰে। কথাটো কিমানদূৰ সত্য?
সৌৰভ বৰকটকী: এই সকলোবোৰ সম্পূৰ্ণ অন্ধবিশ্বাস। এই সাপডালৰ কোনো বিষ নাই। ইয়াৰ মুখখন ৰঙা বাবে বহুতে ভাবে ই মানুহৰ তেজ পি খায় আৰু ফলত ইয়াৰ মুখখন ৰঙা হৈ যায়। এতিয়াও অসমত এচাম মানুহ এতিয়াও অন্ধবিশ্বাসী হৈ আছে। এইচাম মানুহৰ মনৰপৰা অন্ধবিশ্বাস নোহোৱা কৰি দিব পাৰিলেই সমাজখন নিকা হৈ পৰিব। ইতিমধ্যে বহু ক্ষেত্ৰত হৈছেও। এসময়ত সৰ্প দংশন জ্বৰ পানীলগাৰ দৰে হৈ পৰিব। অসমত মানুহক আটাইতকৈ বেছি চিকা মাৰলী সাপডালে খোঁটে। ইয়াৰ পাছতে মচোৱা গোম আৰু ধুন্দুলী গোম বেছিকৈ পোৱা যায়। ফেঁটী সাপো কেতিয়াবা দেখা পোৱা যায়। ধুন্দুলী গোমৰ খং বেছি আৰু ইয়াক ভঁৰাল ৰখীয়া বুলিও কোৱা হয়। ই ভয় খুৱাবলৈকে মানুহক খেদি আহে। ইয়াৰ কোনো বিষ নাই। কিন্তু ফেঁটী সাপৰ শব্দত মানুহ ৰৈ যায়। ৰজা ফেঁটীৰ শব্দত হাতীও ৰৈ যায়। কিন্তু বৰ্তমান আটাইতকৈ বেছি চিন্তনীয় বিষয়টো হৈছে বিহগুৰি, কাৱৈমাৰি আৰু বেছেৰীয়াত ৰাছেল ভাইপাৰ পোৱা গৈছে।
সাহিত্য ডট অৰ্গ: ৰাছেল ভাইপাৰ অসমৰ থলুৱা প্ৰজাতিৰ সাপ নহয়। অসমলৈ ই কেনেকৈ আহিল ক’ব নেকি?
সৌৰভ বৰকটকী: অসমত সাপৰ এখন চোৰাং বজাৰ আছে। সম্ভৱতঃ কোনো দুৰ্বৃত্তই চোৰাঙকৈ অনা সাপৰ মাজত ৰাছেল ভাইপাৰো আছিল। কিন্তু পুলিচৰ তালাচী চকীত ধৰা পৰাৰ ভয়ত বাটতে সাপকেইডাল এৰি দিয়ে। মই ডাঙৰ মাইকী সাপ এজনী উদ্ধাৰ কৰিছোঁ। সাপডাল কাজিৰঙালৈ পঠিয়াই দিয়া হ’ল। তাৰপিছত বিহগুৰিত মই ২২/২৪ ইঞ্চি দীঘল এটা ৰাছেল ভাইপাৰৰ পোৱালি পালোঁ। তাৰপাছৰপৰাই মই চিন্তিত হৈ আছোঁ। কিয়নো ৰাছেল ভাইপাৰে এবাৰতে ত্ৰিছটামান পোৱালি জন্ম দিয়ে। এই সাপডালে কণী পাৰি পোৱালি নজগায়। সাধাৰণতে ক’ৰবাত ফেঁটী সাপৰ কণী দেখিলে আমি পোৱালি নজগালৈকে নিৰীক্ষণ কৰোঁ নতুবা কণীৰে সৈতে সাপডালক বনাঞ্চলৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰোঁ। কিন্তু ৰাছেল ভাইপাৰে য’তে-ত’তে পোৱালি দিয়ে আৰু পোৱালিবোৰ যেনি-তেনি গুচি যায়। পোৱালি জন্ম দিছে যেতিয়া মতা ৰাছেল ভাইপাৰ এটাও থাকিব লাগিব। এইটোৱেই মোৰ বাবে এতিয়া ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। তাতে ই অসমৰ থলুৱা সাপ নহয়। ইয়াক পঞ্জাৱ, পশ্চিমবংগত পোৱা যায়।
সাহিত্য ডট অৰ্গ: অসমত ৰাছেল ভাইপাৰৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে?
সৌৰভ বৰকটকী: চাওক ঘটনা এটা ঘটাৰ পাছতহে পূৰ্বতে ঘটা তেনে ধৰণৰ ঘটনা সম্পৰ্কে গম পোৱা যায়। ষোল্ল বছৰৰ আগতেও সেই একেটা স্থানতে ৰঙালাও বাৰী এখনত মানুহ এজনে অজগৰ সাপৰ পোৱালি বুলি ভাবি ধৰিবলৈ যাওঁতে মানুহজনক ৰাছেল ভাইপাৰ এটাই খুঁটিছিল। পাছত মানুহজনৰ হস্পিটেলত মৃত্যু হৈছিল। ৰাছেল ভাইপাৰ আৰু অজগৰ সাপৰ পোৱালি দেখিবলৈ হুবহু একে। মানুহজনক খোঁটা সাপটো ৰাছেল ভাইপাৰ আছিল বুলি এতিয়াহে গম পোৱা গৈছে। প্ৰথমে মই নাই বুলি ভাবিছিলোঁ, কিন্তু এবাৰ সৰ্পদংশনৰ বাবে ল’ৰা এটাৰ মৃত্যু হোৱাত যেতিয়া মিছনৰ ডাক্টৰে সাপৰ বিষে কিডনি চুইছে বুলি জনালে, তেতিয়া মই এশ শতাংশ নিশ্চিত হ’লো যে, এয়া ৰাছেল ভাইপাৰৰ বিষ। কাৰণ, বেলেগ সাপে খুঁটিলে সাধাৰণতে তৎক্ষণাৎ বিষ কিডনি নাপায়গৈ। মই সেয়েহে কৈ থাকোঁ, এতিয়া সাপ ওলোৱাৰ বতৰ। বিদ্যালয়, মহাবিদ্যালয়, গাঁও অঞ্চল সকলোতে মানুহক সজাগ কৰাৰ প্ৰয়োজন। মানুহ সচেতন নহ’লে এনে ঘটনা আৰু ঘটিব।
সাহিত্য ডট্ অৰ্গ: আপুনি ৰাচেল ভাইপাৰটোক উদ্ধাৰ কৰি চিৰিয়াখানাত দিলে নে এৰি দিলে?
সৌৰভ বৰকটকী: আচলতে কি হ’ল জানেনে? মাহনিত মাহ কাটি থাকোঁতে এগৰাকী মহিলাৰ হাতৰ কাঁচিখনে সাপটোক কাটিলে। সাপটোৱে জোৰত শব্দ কৰি গুচি গ’ল যদিও তাত মাহ কাটি থকা মানুহবোৰে মোক মাতি পঠিয়ালে। কাৰণ মই তেওঁলোকক আগতেই কৈছিলোঁ যে ৰাছেল ভাইপাৰ দেখাত অজগৰৰ পোৱালিৰ দৰেই। মই গৈ পোৱাত তেওঁলোকে কাঁচি লগা সাপটো দেখিবলৈ অজগৰৰ পোৱালিৰ দৰেই বুলি জনালে। শেষত মই সাপটো মাহনিৰপৰা উদ্ধাৰ কৰি বন বিভাগৰ জৰিয়তে কাজিৰঙালৈ পঠিয়ালোঁ। তাত সাপটোৰ চিকিৎসা চলিল যদিও সি নাবাচিল। আকৌ এমাহ পাছত যিখন ঠাইত ল’ৰাটোক খুঁটিছিল, সেই ঠাইতে ট্ৰেক্টৰৰ চেপাত এটা ৰাছেল ভাইপাৰৰ পোৱালিৰ মৃত্যু হৈছিল। মই নিশ্চিত হ’লো যে ইতিমধ্যে সাপৰ পোৱালি হ’ল। আচলতে তেজপুৰখনত এই সাপৰ উপদ্ৰব কাজিৰঙাখন ওচৰত হোৱা বাবেই বেছি হৈছে। সেয়ে, মানুহখিনি সজাগ নহ’লে যি কোনো ঘটনাই ঘটিব পাৰে। তদুপৰি আন কিছুমান ক্ষেত্ৰতো মানুহ সজাগ হ’ব লাগে। যেনে সাপে কামুৰিলে দৌৰিব বা বান্ধিব নালাগে, হাতত পিন্ধি থকা খাৰু, আঙুঠি সকলো খুলি পেলাব লাগে, কামোৰা ঠাইখিনি কাটিব নালাগে, আৰু বিশেষকৈ কামোৰা ঠাইকণ বেছি লৰচৰ হ’বলৈ দিব নালাগে। ১০৮ লৈ ৰৈ নাথাকি যিমান সোনকালে পাৰি বাইক বা গাড়ীত নি হস্পিটেল পোৱাব লাগে। এতিয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয়, কনকলতা, মিছন সকলোতে ইয়াৰ চিকিৎসা আছে। মাত্ৰ কামোৰা মানুহজন অধৈৰ্য হ’ব নালাগে। তেতিয়া ভাল হোৱাৰ সলনি বেয়াহে হয়। মানুহজনক চিকিৎসা কৰাত অসুবিধা হয়।
সাহিত্য ডট্ অৰ্গ: প্ৰাকৃতিক ভাৰসাম্য অনুসৰি সকলো প্ৰাণী আনৰ ওপৰত নিৰ্ভৰশীল। কোনোবাই কাৰোবাক খায় বা নিয়ন্ত্ৰণ কৰে। এই ৰাছেল ভাইপাৰ অন্য সাপৰ শত্ৰু হ’ব পাৰে নেকি?
সৌৰভ বৰকটকী: আচলতে ৰাছেল ভাইপাৰ গৰমত থকা সাপ। আমাৰ বতৰৰ লগত ই মিলিব নোৱাৰে যদিও মই লক্ষ্য কৰিছোঁ যে সি যেন লাহে লাহে আমাৰ বতৰৰ লগত মিলিব ধৰিছে। অসমৰ সাপবোৰ গাঁতত থাকে, কিন্তু ৰাছেল ভাইপাৰ বাহিৰত থাকে। ল’ৰাটোক কামোৰোতে সি পুহ মাহত ধাননিৰ মাজত ৰ’দ লৈ আছিল। মই বাৰেপতি কৈ আছোঁ যে আমি সজাগ কৰাৰ লগতে মানুহ সজাগ আৰু সাৱধান হ’ব লাগিব। তাৰ বাবে হৰ্ডিং, পোষ্টাৰ বা কেলেণ্ডাৰ উলিয়াই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব। বিদ্যালয়, মহাবিদ্যালয়ত এই বিষয়ে পাঠ থকাৰ প্ৰয়োজন। বিশেষকৈ সৰু ল’ৰা-ছোৱালীবোৰক সাপৰ বিষয়ে জনোৱা অতি প্ৰয়োজন। মোৰ নতুন প্ৰজন্মৰ ওপৰত ভৰসা আছে। তেওঁলোক জীৱ-জন্তুৰ প্ৰতি সহৃদয়শীল। মানুহৰ মাজতো মানৱতা নোহোৱা হৈ যোৱা নাই, মাত্ৰ সজাগতাৰ প্ৰয়োজন।
সাহিত্য ডট্ অৰ্গ: আপুনি মানুহৰ মাজত সজাগতাৰ বাবে কিবা পদক্ষেপ লৈছে নেকি?
সৌৰভ বৰকটকী: মই ৰাইজৰ মাজত অনুষ্ঠিত সজাগতা সভাবিলাকলৈ প্ৰায়েই যাওঁ। মাজতে মঙলদৈ আৰু বিশ্বনাথত চিকিৎসকসকলক সাপে খোঁটাৰ চিকিৎসাৰ বাবে প্ৰশিক্ষণ দিবলৈ গৈছিলোঁ। এতিয়া গৰমৰ দিনত যিহেতু সাপ বেছিকৈ ওলায় গতিকে তেওঁলোকক সাজু হ’বলৈ কৈছোঁ। বিশ্বনাথৰপৰা জানিবলৈ পোৱামতে যোৱা বছৰত তাত ৬৫টা সাপে দংশন কৰা কেচৰ ভিতৰত মাত্ৰ দুটাহে বিষাক্ত সাপ পোৱা গৈছে। তেওঁলোকৰ চিকিৎসাত ৰোগী দুজন সুস্থও হৈছে। আগতে তাৰপৰা তেজপুৰ মেডিকেললৈ পঠিয়াই দিছিল যাৰ কাৰণে ভয়তে ৰোগীৰ মৃত্যু হৈছিল। মই সেয়ে মানুহক কওঁ সাপে কামুৰিলে হস্পিটেল যাওক, হস্পিটেল গ’লে ১৫ মিনিটত ৰিজাল্ট পাই যাব। আপুনি গম পাই যাব বিষাক্ত নে অবিষাক্ত সাপে কামুৰিছে। তেজ পৰীক্ষা কৰিব, লক্ষণবোৰ ওলালে গম পাই যাব। ২৪ ঘণ্টা নিৰীক্ষণত ৰাখি তাৰপিছত ঘৰলৈ যাবলৈ দিব। কিছুমান মানুহে কি কৰে জানেনে? অবিষাক্ত সাপে কামুৰিলেও বিৰাট জোৰে ৰছী দি বান্ধে। এই বন্ধাটো বিৰাট ভুল। সাপে দংশন কৰিলে বান্ধিব নালাগে। মই মোৰ ৰেকৰ্ডবিলাক চাই পাইছোঁ যে এশটামানৰ ভিতৰত দুটামানহে বিষাক্ত সাপৰ ‘কেচ’ পাওঁ। মানুহে সাপে কামুৰিলে গাঁৱৰ আটাইতকৈ শক্তিশালী মানুহটোৰ হতুৱাই বান্ধে আৰু বান্ধিবলৈ প্লাষ্টিকৰ ৰচী ব্যৱহাৰ কৰে। আচলতে বিষাক্ত সাপে কামুৰিলেও বান্ধিব নালাগে। টানকৈ বান্ধিলে মানুহজনৰ স্নায়ু আৰু মাংসপেশী নষ্ট হৈ যায়। যাৰবাবে তেওঁ জীৱনলৈ পংগু হৈ যায়। এই অন্ধবিশ্বাস ভুল ধাৰণা আঁতৰাবৰ বাবে কাম কৰি আছোঁ। তেজপুৰ বিহগুৰিত ৰাচেল ভাইপাৰ ওলোৱাৰ কেচটো নিশ্চয় গম পায়। তন্ময় কেওট নামৰ ল’ৰাটোক যেতিয়া ৰাছেল ভাইপাৰে কামুৰিলে তেতিয়া খুৰাকে পথাৰৰপৰা ঘৰলৈ পঠিয়াই দিলে। সি আধা কিঃমিঃ দৌৰি ঘৰৰ চোতালত সাপে কামুৰিলে বুলি কৈ পৰি গ’ল। তাৰ শৰীৰত বিষটো তেজৰ লগত বিয়পি গ’ল। মিচন হস্পিটেলত ৩০টা এণ্টি ভেনম দিয়াৰ পাছতো সাপৰ বিষ ল’ৰাটোৰ কিডনিলৈকে সংক্ৰমণ হ’লগৈ। গুৱাহাটীত জিএমচিত ১০টা এণ্টি ভেনম দিয়াৰ পাছতো তাক বচাব পৰা নগ’ল। ফেঁটী সাপে কামুৰিলে কিডনিলৈকে সংক্ৰমণ হ’বলৈ সময় লাগে। কিন্তু ৰাছেল ভাইপাৰৰ কথা বেলেগ। ই পৃথিৱীৰ ভিতৰত ১০টা বিষাক্ত সাপৰ এটা। সাপে কামুৰিলে দৌৰিব নালাগে। দাংকোলাকৈ লৈ আহিব লাগে নহ’লে বহুৱাই থ’ব লাগে। এতিয়া অসমৰ সকলো জিলাতে সৰ্প উদ্ধাৰকাৰী আছে।
সাহিত্য ডট অৰ্গ: সাপ এডাল বিষাক্ত হয় নে নহয় কেনেকৈ ক’ব পৰা যাব?
সৌৰভ বৰকটকী: জনা মানুহ এজনে সাপৰ খোঁটটো চায়েই বা ৰোগীজনৰ লক্ষণবোৰ নিৰীক্ষণ কৰি সাপডাল বিষাক্ত নে বিষহীন কৈ দিব পাৰিব। কিন্তু সাধাৰণ মানুহ এজনৰ ক্ষেত্ৰত অসুবিধা হ’ব। যদি সাপডালৰ তথ্য দি আমাক যোগাযোগ কৰে আমি তেওঁক সহায় কৰিব পাৰিম। মই দেখিছোঁ যে এই ক্ষেত্ৰত নতুন প্ৰজন্ম যথেষ্ট সজাগ। তেওঁলোকৰ সাপৰ বিষয়ে জানিবলৈ বা কেনেকৈ সাপক উদ্ধাৰ কৰিব লাগে সেয়া শিকিবলৈ আগ্ৰহ আছে। ইয়াৰ বিপৰীতে আগৰচাম মানুহৰ বাবে সাপ এতিয়াও এক আতংক হৈয়েই আছে।
সাহিত্য ডট অৰ্গ: যদি খোঁটা সাপডাল মানুহজনে দেখা নাপায় বা দেখিলেও কি সাপে খুঁটিছে বুজাই ক’ব নোৱাৰে, তেনেস্থলত সাপডাল কেনেকৈ চিনাক্ত কৰিব পৰা যাব?
সৌৰভ বৰকটকী: তেনে ক্ষেত্ৰত ৰোগীজনৰ শৰীৰত ফুটি উঠা লক্ষণসমূহ চাই কি সাপে খুঁটিছে ক’ব পৰা যায়। যদি সাপডাল নিউৰ’টক্সিক হয়, তেন্তে ক্ষত স্থানডোখৰ ৰঙা পৰি ফুলি আহিব আৰু ৰক্তক্ষৰণ হ’ব। বমি হ’ব, দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব। ৰোগীজনৰ উশাহ-নিশাহ লোৱাত কষ্ট হ’ব। শৰীৰৰ মাংসপেশীবোৰ হঠাৎ কঁপি উঠিব। হৃদস্পন্দন বাঢ়ি যাব, পালছ আৰু ৰক্তচাপ কমি আহিব আৰু মানুহজন খুব ঘামিব। আনহাতে হিম’টক্সিকৰ ক্ষেত্ৰত সাপে খোঁটা লোকজনৰ মূৰৰ বিষ হ’ব, টোপনি টোপনি ভাব আহিব আৰু দৃষ্টিশক্তি কমি আহিব। মাংসপেশীবোৰ জঠৰ হৈ পৰাৰ লগতে ৰোগীজনৰ কথাবোৰ অস্পষ্ট হৈ আহিব।
সাহিত্য ডট অৰ্গ: প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত ‘আই. চি. ইউ’ নাই। তেনেস্থলত সৰ্প দংশনৰ চিকিৎসা কেনেকৈ সম্ভৱ হ’ব?
সৌৰভ বৰকটকী: অসমৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত আই চি ইউৰ সুবিধা নাই যদিও প্ৰতিখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৰ্তমান এণ্টিভেনম উপলদ্ধ। সেয়ে প্ৰাথমিক অৱস্থাত ৰোগীজনৰ শৰীৰত দেখা দিয়া বিষক্ৰিয়াৰ লক্ষণ অনুসৰি এণ্টিভেনম প্ৰয়োগ কৰি ৰোগীজনক তৎক্ষণাত আই চি ইউৰ সুবিধা থকা হস্পিটেলত ভৰ্তি কৰাব লাগে। এনে কৰিলে ৰোগীৰ কেতিয়াও মৃত্যু নহয়। সেয়ে সৰ্পই দংশন কৰা মানুহ এজনৰ বাবে তাৎক্ষণিকভাৱে এণ্টিভেনমৰ প্ৰয়োজন। তাৰ পিছতহে ‘আই.চি. ইউ.’। কিন্তু কিছুমানে বেজ-বেজালি কৰি সময় নষ্ট কৰে। তাৰপিছতহে হস্পিটেললৈ আনে। এনে পৰিস্থিতিত সজাগতাৰ অতীৱ প্ৰয়োজন। ভাল খবৰ যে অসম চৰকাৰৰ কেবিনেটে এই বেজ-বেজালি ৰোধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক’বলৈ গ’লে অসমত বিষাক্ত সাপ পাঁচটাহে আছে। এই সাপকেইটা চিনাক্ত কৰিব পাৰিলে চিন্তাৰ কোনো কাৰণ নাথাকে। আচলতে চিনি নোপোৱাকৈ নিজে কেতিয়াও সাপ ধৰিবলৈ যাব নালাগে। বন বিভাগক খবৰ দিব লাগে নতুবা কোনো জনা মানুহৰ সহায় ল’ব লাগে। মচোৱা গোম আৰু শংখচূড় প্ৰায় একে। শংখচূড় অতি বিষাক্ত কিন্তু মচোৱা গোম বিষহীন। এতিয়া অসমত সৰ্প দংশনত মৃত্যুৰ সংখ্যা প্ৰায় নাই বুলিবই পাৰি। মই এবছৰত অসমত কেইটা বিষাক্ত আৰু বিষহীন সৰ্প দংশনৰ ঘটনা ঘটে তাৰ তথ্য ৰাখোঁ। যোৱাবছৰ মই বৰগাং, তেজপুৰ মিশ্যন হস্পিটেল আৰু টুমুকি হস্পিটেলত সৰ্প দংশনৰ তথ্য বিচাৰি RTI কৰিছিলোঁ। তথ্য অনুসৰি যোৱাবছৰ সৰ্প দংশনত কোনো লোকৰে মৃত্যু হোৱা নাছিল।
সাহিত্য ডট অৰ্গ: শংখচুড় সাপডাল বিষাক্ত নহয় জানো? আগতে এইটো গাখীৰ খাবলৈ আহে বুলি কয়। কথাটো কিমানদূৰ সত্য?
সৌৰভ বৰকটকী: এইটো সম্পূৰ্ণ মিছা কথা। সাপে গাখীৰ খাব নোৱাৰে কেতিয়াও। গোৱালা সাপে গাৰ উম ল’বলৈ যায়। আমিতো অকল ফেঁটীসাপেই বিষাক্ত বুলি জানিছিলোঁ। ক’লীফেঁটী বুলি কোনো সাপ নাই। অসমত এটাই আছে সেইটো হৈছে চকৰি ফেঁটী। তাতকৈ বিষাক্ত সাপ হ’ল গোৱালা সাপটো।
সাহিত্য ডট অৰ্গ: ভিডিঅ’বোৰত দেখিছোঁ সাপ ধৰা মানুহে হাণ্টিং বুট পিন্ধি লয় যাতে খুঁটিব নোৱাৰে। বিষাক্ত সাপ ধৰাৰ নিশ্চয় কিবা কৌশল আছে। আপুনি এই কৌশলখিনি নিজে নিজেই আয়ত্ত কৰিছে নেকি?
সৌৰভ বৰকটকী: আমাৰ দিনত মোবাইল, ‘ইউটিউব’ নাছিল। সাপৰ ওপৰত লিখা কিতাপো প্ৰায় নাছিলেই। মই প্ৰথমে সাপৰ মূৰত ধৰিব লাগে বুলি ভাবিছিলোঁ। মূৰত ধৰিলে খোঁট নামাৰে বুলি ভবাটো কিন্তু মোৰ ভুল ধাৰণা আছিল। বিষাক্ত সাপৰ সদায় নেগুৰৰফালেহে ধৰিব লাগে। সাপ ধৰোঁতে যিডাল লাঠী লোৱা হয় সেইডাল ৭০% নেগুৰৰফালে আৰু ৩০% মূৰৰফালে থাকিব লাগিব। গোৱালা সাপতকৈও বিষাক্ত সাপটো হৈছে ক’লা শংখ যাক নীৰৱ ঘাতক বুলি কোৱা হয়। ইয়াক মানুহে মৰাতকৈ মানুহকহে ই বেছিকৈ মাৰে। মই প্ৰথমে গোৱালা সাপটো অবিষাক্ত বুলি ভাবিহে ধৰি আছিলোঁ। পিছত জানিলোঁ। ক’লা শংখটোৱে মানুহৰ গাৰ উম ল’বলৈ যায়। ই মানুহ শুলে ৰাতি কাষত শুই থাকেগৈ। যেতিয়া মানুহজনে বাগৰ সলাই তেতিয়া গাত লাগিলে ই কামুৰি দিয়ে। কামুৰি দিলে নিবিষায়, নুফুলে, একোৱেই নহয়। মহে কামোৰাৰ নিচিনাহে হয়। ৬ ঘণ্টামানৰ পিছত মানুহজন বিছনাতে মৰি থাকে। মানুহে তেতিয়া হাৰ্ট এটেক বা প্ৰেচাৰ ষ্ট্ৰক হৈ মৰিল বুলি কোৱা শুনা যায়। এনেকৈ বহুত মানুহ মৰিছে। সেয়ে ৰাতি আঠুৱা তৰি শুব লাগে আৰু শোৱাৰ আগত বিছনা চাদৰ সদায় জোকাৰিব লাগে।
আচলতে কথাটো কি জানেনে? সাপে নাকামোৰে, সাপে খোঁট মাৰে। খোঁট মাৰি ই উলটি দিয়ে। সাপে দংশন কৰিলে পৰাপক্ষত বিষ নাঢালে। তেনে দংশনক ‘ড্ৰাই বাইট’ বুলি কোৱা হয়। ‘ড্ৰাই বাইট’ত মানুহ বা কোনো জীৱৰ মৃত্যু নহয়। আনকি এণ্টি ভেনমৰো প্ৰয়োজন নহয়। সাপক আমনি কৰিলেহে সি বিষ ঢালে। সাপে বিষৰ জৰিয়তে দেহত শক্তি সঞ্চয় কৰি থয়। সেয়ে আবাবতে বিষ প্ৰয়োগ নকৰে।
সাহিত্য ডট অৰ্গ: বৰ্তমান অসমত বিষাক্ত প্ৰজাতিৰ সাপৰ সংখ্যা কিমান?
সৌৰভ বৰকটকী: অসমত পোৱা বিষাক্ত প্ৰজাতিৰ সাপৰ সংখ্যা ছটা বুলি কোৱা হয় যদিও মই অসমত এটাও বিষাক্ত সাপ নাই বুলিয়েই কওঁ। কাৰণ মই মানুহক সাপ ‘বিষাক্ত’ বুলি কৈ ভয় খুৱাব নিবিচাৰোঁ। কিয়নো অসমত সৰ্প দংশনৰ উন্নত চিকিৎসা আছে। পূৰ্বতে অন্ধবিশ্বাসৰ কবলত পৰি অসমত সৰ্পই দংশন কৰা বহু মানুহৰ মৃত্যু হৈছিল। ইয়াৰোপৰি চিকিৎসালয়সমূহতো এণ্টি ভেনম পোৱা নগৈছিল। এতিয়া পৰিস্থিতি যথেষ্ট সলনি হৈছে। অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত বৰ্তমান এণ্টি ভেনম উপলব্ধ। সৰ্পই দংশন কৰা লোকক তৎক্ষণাত প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিলে ৰোগীজন এশ শতাংশ সুস্থ হৈ উঠিব। অসমত পোৱা বিষাক্ত সাপৰ প্ৰজাতিকেইটা হৈছে— ৰজা ফেঁটী, ক’লা শংখ, শংখচূড় (গোৱালা), ৰেড টেইল পিট ভাইপাৰ, চাকৰী ফেঁটী (ম’ন’ক্লেড কোব্ৰা) আৰু ৰঙামূৰীয়া। এই বাতচুপা ৰঙামূৰীয়া সাপটোৰ এটা বিশেষত্ব আছে। সকলো সাপৰ বিষদাঁত দুটা আগফালে থকাৰ বিপৰীতে ইয়াৰ পিছফালে থাকে। ই চিকাৰটোক এক মিনিট সময় কামুৰি ধৰি থাকিলেহে চিকাৰটোৰ দেহলৈ বিষ যায়। ইহঁতক যদি অন্য সাপ বা কুকুৰ মেকুৰীয়ে ভক্ষণ কৰে সিহঁতৰ মৃত্যু হ’ব। আপোনালোকক এই ছেগতে আৰু দুটামান কথা ক’বলৈ ভাল পাম। সাপক নিউৰ’টক্সিক আৰু হেম’টক্সিক এই দুটা ভাগত ভগাব পাৰি। ৰেড টেইল পিট ভাইপাৰ(সেউজীয়া সাপ) হিম’টক্সিক আৰু ক’লা শংখ, ৰজা ফেঁটী আৰু গোৱালা নিউৰ’টক্সিক। কি ধৰণৰ সাপে খুঁটিছে চিনাক্ত কৰি সাপে খোঁটা লোকজনক বিষৰ ধৰণ অনুসৰি এণ্টি ভেনম প্ৰয়োগ কৰিলে তেওঁ নিশ্চিতভাৱে সুস্থ হৈ উঠিব। অসমৰ নামেৰী, সোণাই-ৰূপাই, কাজিৰঙা আৰু কাৰ্বি আংলঙত ৰজা ফেঁটী পোৱা যায়। চাহবাগিছাবোৰত সাধাৰণতে সেউজীয়া সাপবিধ যথেষ্টসংখ্যক দেখা যায়। অসমত ম’ন’ক্লেড কোব্ৰা সাপবিধৰ সংখ্যাই আটাইতকৈ বেছি।
সাহিত্য ডট অৰ্গ: আজিকালি প্ৰায়েই মানুহৰ ঘৰত সাপ ওলায়। কেইমাহমানৰ আগতে যোৰহাটৰ চাহবাগিছা এখনৰ মানুহ এঘৰত শতাধিক ফেঁটী সাপৰ কণী আৰু পোৱালি বন বিভাগে উদ্ধাৰ কৰিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান সাপে এনেদৰে মানুহৰ ঘৰত আশ্ৰয় লোৱাৰ কাৰণ আপুনি কি বুলি ভাবে?
সৌৰভ বৰকটকী: সঁচা কথা ক’বলৈ গ’লে আমি জীৱশ্ৰেষ্ঠ মানুহেই সকলো নষ্ট কৰি গৈ আছোঁ। আমি প্ৰতিদিনে সাপৰ প্ৰাকৃতিক বসতিস্থলসমূহ ধ্বংস কৰি গৈ আছোঁ। আমি সিহঁতৰ বাসস্থানত আমাৰ বাসস্থান নিৰ্মাণ কৰিছোঁ। উন্নয়নৰ নামত বনাঞ্চল ধ্বংস কৰিছোঁ; হোলা, পিটনি আদি পুতি পেলাইছোঁ। ফলত সাপবোৰ থাকিবলৈ ঠাই নোহোৱা হৈ অহাৰ লগতে সিহঁতৰ খাদ্যৰ অভাৱ ঘটিছে আৰু মানুহৰ বসতিস্থলসমূহত সাপবোৰে খাদ্যৰ সন্ধানত আশ্ৰয় ল’বলৈ বাধ্য হৈ পৰিছে। ফলত সাপ আৰু মানুহৰ সংঘাত দিনক দিনে বাঢ়ি আহিছে। কেতিয়াবা কিছুমান সাপ মই উদ্ধাৰ নকৰোৱেই, সিহঁতক সিহঁতৰ মতে বিচৰণ কৰিবলৈ এৰি দিওঁ। বৰ্তমান তেজপুৰত য’তে-ত’তে প্ৰায়ে অজগৰ সাপ ওলায়। ইহঁতৰ বাসস্থানসমূহ মানুহে ধ্বংস কৰি পেলোৱাটোৱেই ইয়াৰ মূল কাৰণ।
সাহিত্য ডট অৰ্গ: সাপবোৰক মানুহৰ ঘৰত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰি নেকি?
সৌৰভ বৰকটকী: চাওক, সাপক মানুহৰ ঘৰৰ চৌহদৰপৰা আঁতৰাই ৰখাৰ একমাত্ৰ উপায়টো হৈছে, আমি আমাৰ ঘৰৰ চৌপাশ হাবি-বন কাটি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। বাৰীত কেতিয়াও আৱৰ্জনা দ’মাই থব নালাগে। লগতে ঘৰৰ ভিতৰখন আৱৰ্জনামুক্ত কৰি ৰাখিব লাগে। চুক ভেকুলী ফেঁটী সাপৰ প্ৰধান খাদ্য। সেয়ে চুক ভেকুলী যাতে ঘৰৰ ভিতৰত সোমাব নোৱাৰে আৰু নিগনি, এন্দুৰে যাতে ঘৰৰ ভিতৰত বাহ ল’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
সাহিত্য ডট অৰ্গ: সাপ আৰু মানুহৰ সংঘাত দিনে দিনে বাঢ়ি আহিছে। ইয়াৰ বাবে মানুহেই প্ৰধানতঃ দায়ী। এই ক্ষেত্ৰত মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ আপুনি কোনো পদক্ষেপ গ্ৰহণ কৰিছে নেকি জনাবচোন।
সৌৰভ বৰকটকী: চাওক, মই কৈছোঁৱেই আমাৰ ঘৰৰ চৌহদটো আৱৰ্জনামুক্ত কৰি ৰখাটোৱেই হৈছে সাপক বাধা দিয়াৰ একমাত্ৰ উপায়। ইয়াৰদ্বাৰা সাপ-মানুহৰ সংঘাত ৰোধ কৰিব পৰা যাব। লগতে ঘৰৰ ভিতৰত যাতে সাপ সোমাব নোৱাৰে তাৰ বাবে মজিয়া নহৰু পানীৰে মচিব লাগে। ঘৰৰ ভিতৰত সাপ সোমালে ফেনাইল ছটিয়াব নালাগে। ফেনাইলৰ গোন্ধ পালে সাপ য’তে থাকে তাতে ৰৈ যায়। ওলাই নাহে। কিন্তু নহৰুৰ গোন্ধ সাপে মুঠেও সহ্য কৰিব নোৱাৰে। সেয়ে ওলাই যাবলৈ বাধ্য হয়। সবাতোকৈ প্ৰয়োজনীয় কথাটো হ’ল সাপে খুঁটিলে মানুহে ভয় কৰিব নালাগে। যদি সম্ভৱ হয় সাপটো চিনাক্ত কৰিব লাগে। কোনো বেজ-বেজালি কৰিব নালাগে। বহুতে সাপে দংশন কৰা ঠাইডোখৰ কাটি তেজ উলিয়াবলৈ চেষ্টা কৰে নতুবা মুখেৰে চুহি বিষ বাহিৰ কৰিবলৈ বিচাৰে। এইবোৰে কেতিয়াও সাপে খোঁটা মানুহজনক সুস্থ কৰি তুলিব নোৱাৰে। বৰঞ্চ সময়হে নষ্ট হয়। সেয়ে তাৎক্ষণিকভাৱে মানুহজনক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। একমাত্ৰ উপযুক্ত ডাক্টৰী চিকিৎসাৰেহে সাপে খোঁটা মানুহক সুস্থ কৰি তুলিব পৰা যায়। অভিজ্ঞতাৰফালৰপৰা কওঁ, সৰু ল’ৰা-ছোৱালীক সৰ্প দংশনৰ চিকিৎসা কৰিবলৈ সহজ। কাৰণ সৰু ল’ৰা-ছোৱালীক সাপে খুঁটিলে সহজে আতংকিত নহয়। কিন্তু ডাঙৰ মানুহ এজনক সাপে খুঁটিলেই আতংকিত হৈ পৰে আৰু কেতিয়াবা অতিমাত্ৰা ভয় খোৱাৰ ফলত মানুহজনৰ হাৰ্ট এটেক হৈ মৃত্যু হ’ব পাৰে।
সাহিত্য ডট অৰ্গ: এতিয়াও অসমৰ বিভিন্ন ঠাইত সাপৰ ক্ষেত্ৰত অন্ধবিশ্বাস জড়িত হৈ আছে। আপুনি কেতিয়াবা সাপ উদ্ধাৰ কৰিবলৈ গৈ এনে অন্ধবিশ্বাসৰ কবলত পৰিছিল নেকি?
সৌৰভ বৰকটকী: হয়। এবাৰ চাহ বাগানৰ লোক এজনক সাপে খুঁটিলে। মই লোকজনক চিকিৎসালয়লৈ নিবলৈ বিচৰাত মানুহে বাধা দিলে আৰু মোক ধৰি ৰাখিলে। অৱশেষত ‘আটছা’ৰ সদস্যকেইজনমানৰ সহায়ত মই লোকজনক চিকিৎসালয়ত ভৰ্তি কৰালোঁ। সময়মতে উপযুক্ত চিকিৎসা লাভ কৰাৰ বাবে মানুহজন সুস্থ হৈ উঠিল। এতিয়াও অসমৰ কিছুমান চাহবাগিছা অঞ্চলত অন্ধবিশ্বাস বৰ্তি আছে। অৱশ্যে কিছুমান অঞ্চলত সজাগতা বৃদ্ধি পাইছে। আমনিৰ চাহ বাগান এখনৰ আঠমহীয়া কেঁচুৱা এটাক মাকৰ কোলাতে ফেঁটী সাপে খুঁটিছিল। কেঁচুৱাটোৰ দেউতাকে মোৰ লগত যোগাযোগ কৰাত মই তেজপুৰৰ মিশ্যন হস্পিতেললৈ আহিবলৈ পৰামৰ্শ দিলোঁ। সময় অপব্যয় নকৰি কেঁচুৱাটোক হস্পিটেলত ভৰ্তি কৰোৱা হ’ল। ইতিমধ্যে কেঁচুৱাটো অচেতন হৈ পৰিছিল। কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাত কেঁচুৱাটো সুস্থ হৈ উঠিল। উল্লেখযোগ্য, সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰখনত ই এক বিৰল ঘটনা। কিয়নো আঠ মহীয়া কেঁচুৱা এটাক ফেঁটী সাপৰ বিষমুক্ত কৰি সুস্থ কৰি তোলা এই ঘটনাটো কেৱল অসমতেই নহয় সম্ভৱতঃ দেশৰ ভিতৰতে প্ৰথম। তেজপুৰৰ মিশ্যন হস্পিতেলৰ চিকিৎসকসকলৰ বাবে ই এক বিৰাট সাফল্য। ৰাজ্যৰ বিভিন্ন বাতৰি কাকতৰ লগতে টাইমছ অব ইণ্ডিয়াৰ দৰে আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো ঘটনাটো গুৰুত্বসহকাৰে প্ৰকাশ পাইছে। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত তেজপুৰৰ মিশ্যন হস্পিতেলৰ বিশেষ নাম আছে। চিকিৎসালয়খনত সৰ্প দংশনৰ যথেষ্ট উন্নত চিকিৎসা হয়। আজিলৈকে মই যিকেইজন সাপে খোঁটা মানুহক হস্পিতেলখনত চিকিৎসা কৰোৱালোঁ আটাইকেইজনেই সুস্থ হৈ উঠিছে। সন্তোষৰ কথা যে বৰ্তমান সকলো চৰকাৰী চিকিৎসালয়তে এণ্টিভেনম উপলব্ধ। বৰ্তমান চৰকাৰে এই ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি চিকিৎসালয়সমূহত এণ্টিভেনম ৰাখিবই লাগিব আৰু সাপে খোঁটা মানুহক চিকিৎসা কৰিবই লাগিব।
সাহিত্য ডট অৰ্গ: কেৱল গাঁও বা বাগান অঞ্চলসমূহতেই নহয় আজিৰপৰা কিছু বছৰৰ আগলৈকে চহৰ অঞ্চলতো সৰ্প দংশনৰ লগত জড়িত অন্ধবিশ্বাস বৰ্তি আছিল। সাপে খোঁটা মানুহক নিমখ আৰু গৰুৰ গাখীৰ খাবলৈ দিছিল। আনকি সাপে খোঁটা মানুহক দাহ কৰা নাছিল। কল গছৰ ভুৰত উঠাই মৃতদেহটো নদীত উটুৱাই দিয়া হৈছিল যাতে কোনো বেজে যদি শৱটো উদ্ধাৰ কৰিব পাৰে লোকজনক মন্ত্ৰৰদ্বাৰা জীয়াই তুলিব পাৰিব। সঁচা কথা ক’বলৈ গ’লে সেই সময়ত সাপৰ কাহিনীৰ ওপৰত আধাৰিত কেইখনমান হিন্দী আৰু বাংলা চিনেমাই এই অন্ধবিশ্বাসবোৰ প্ৰচলনৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল।
সৌৰভ বৰকটকী: হয়। সেই সময়ত চহৰীয়া সমাজতো অন্ধবিশ্বাস বৰ্তি আছিল। সঁচা কথা ক’বলৈ গ’লে সতী বেউলাৰ দৰে আখ্যানবোৰে এই ক্ষেত্ৰত সমাজত যথেষ্ট প্ৰভাৱ পেলাইছিল। সতী বেউলাত উল্লেখ থকা সাপডালৰ নাম কালসুন্দৰী। সাপডাল যথেষ্ট ধুনীয়া আৰু সামান্য বিষাক্ত। এই সাপডালে খুঁটিলে মানুহৰ মৃত্যু নহয়। মোকো এবাৰ এই সাপডালে খুঁটিছিল। এই কাল্পনিক কাহিনীবোৰে বৰ্তমানেও বহু ক্ষেত্ৰত সমাজক প্ৰভাৱিত কৰি আহিছে। যোৱাবছৰ হাজোৰ ঘটনাটোলৈ চাওক। সৰ্প দংশনত মানুহ এজনৰ মৃত্যু হোৱাত মানুহজনক কলৰ ভুৰত উঠাই নদীত উটুৱাই দিছিল। এই ঘটনাবোৰ অন্ধবিশ্বাসৰেই ফল। সেয়ে সমাজৰপৰা এই অন্ধবিশ্বাসবোৰ আঁতৰ কৰিবলৈ প্ৰতিজনমানুহ সজাগ হ’ব লাগিব। মই কলকাতাৰ Tata Institute of Science and Technologyৰ এটা অনুষ্ঠানত ভাগ ল’বলৈ গৈছিলোঁ। অনুষ্ঠানটোত মোক তাৰ ছাত্ৰসকলে সুধিছিল যে অসমত হেনো জৰা-ফুকা কামবোৰ বৰ বেছিকৈ চলে। তেওঁলোকে হেনো ছচিয়েল মিডিয়াৰ জৰিয়তে এই কথাটো জানিব পাৰিছে। মই লগে লগে কথাটো অস্বীকাৰ কৰি ক’লোঁ যে কেৱল অসমতেই নহয় ভাৰতৰ সকলো ঠাইত এই তন্ত্ৰ-মন্ত্ৰ, জৰা-ফুকা আদি প্ৰচলন হৈ আছে। বৰঞ্চ অসমতকৈ বেছিহে। অসমত সৰ্প দংশনৰ উন্নত চিকিৎসা ব্যৱস্থা আছে। মই মোৰ লগত থকা তথ্য, ফটো আদি তেওঁলোকক দেখুৱালোঁ। তেওঁলোকে মোৰ কথাত পতিয়ন গ’ল যদিও মই যথেষ্ট লজ্জিত হ’লোঁ।
এতিয়া অসমত সৰ্প দংশনৰ খবৰ প্ৰথমে মোলৈকে আহে। মোৰপৰা পৰামৰ্শ বিচাৰে। মোৰ এষাৰ কথা তেওঁলোকৰ বাবে অভয়-বাণী হৈ পৰে। মই কোৱাৰ দৰেই তেওঁলোক চিকিৎসকৰ ওচৰলৈ যায় আৰু সুস্থ হৈ আহি মোক ফোন কৰে, “দাদা, আপুনি যি কৈছিল সেয়াই হ’ল।” এতিয়া মই সাপৰ খোঁটটো চায়েই কৈ দিব পাৰোঁ কি সাপে খুঁটিছে, সাপডাল বিষাক্ত নে বিষহীন। কেতিয়াবা কাৰোবাক ঘৰত সাপ উদ্ধাৰ কৰিবলৈ মাতিলে সাপডালৰ ফটো চাই যদি বিষহীন হয় মই নাযাওঁ, তেওঁলোককে ধৰি উলিয়াই দিবলৈ কওঁ। কিয়নো মই জানো যে সেই সাপডালে খুঁটিলেও মানুহজনৰ মৃত্যু নহয়।
বৰ্তমান বাতৰি কাকত, আলোচনী বা অন্যান্য সামাজিক মাধ্যমে সৰ্প দংশনৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কাকত-আলোচনীসমূহত ইয়াৰ বিষয়ে বিভিন্ন লেখা প্ৰকাশ পাইছে। বিশেষকৈ সামাজিক মাধ্যমৰ এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। আপোনালোকেও সামাজিক মাধ্যমৰ জৰিয়তেহে মোক চিনি পাইছে, মই কৰি থকা কামবোৰৰ বিষয়ে অৱগত হৈছে। মোৰ এই সাক্ষাৎকাৰটোৱেও সমাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলিও মই অনুভৱ কৰোঁ।
মই ভাবোঁ যে বন বিভাগৰো জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কিছু কৰণীয় আছে। বিশেষকৈ সাধাৰণ মানুহে যাতে বিষাক্ত আৰু বিষহীন সাপৰ প্ৰজাতিবোৰ চিনি পাব পাৰে তাৰ বাবে ৰাজহুৱা স্থান বা তিনিআলি চাৰিআলিবোৰত সহজতে পঢ়িব পৰাকৈ পোষ্টাৰিঙৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰোপৰি বিভিন্ন কোম্পানীবোৰেও চহৰৰ লগতে গাঁও অঞ্চলসমূহতো তেওঁলোকৰ সামাজিক উন্নয়নৰ বেনাৰত এই ক্ষেত্ৰত আগ-ভাগ ল’ব পাৰে। মই এই ক্ষেত্ৰতো অলপ-অচৰপ কাম কৰি আছোঁ। মই চিকিৎসক তথা ছাত্ৰ-ছাত্ৰীসকলক সাপৰ ডাঙৰ ডাঙৰ ফটো প্ৰিণ্ট কৰি পোষ্টাৰ কৰি চিনাকি কৰাই দিওঁ। যোৱা কেইবছৰত অসমৰ বন বিভাগত প্ৰশিক্ষণপ্ৰাপ্ত উদ্ধাৰকাৰীৰ সংখ্যা যথেষ্ট কম আছিল। সেয়ে ক’ৰবাত সাপ ওলাইছে বুলি খবৰ পালেও যথা সময়ত সাপটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাছিল। ফলত আতংকিত হৈ মানুহে সাপডাল মাৰি পেলাইছিল। বৰ্তমান বন বিভাগত বহু ল’ৰা-ছোৱালীয়ে নিযুক্তি পাইছে। এইসকলক বন বিভাগে সাপ ধৰাৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি সাপ উদ্ধাৰ কাৰ্যত নিয়োগ কৰিব পাৰে। ইয়াৰদ্বাৰা সাপবোৰ সুৰক্ষিত হৈ থকাৰ লগতে সৰ্প সন্ত্ৰাসৰপৰাও জনসাধাৰণ মুক্ত হৈ পৰিব। অৱশ্যে আজিকালি মানুহে ঘৰত সাপ সোমালেও সজাগতাৰ বাবেই হওক বা আধ্যাত্মিক দৃষ্টিভংগীৰফালৰপৰাই হওক সাপ মাৰিবলৈ এৰিছে। এয়া যথেষ্ট ভাল খবৰ।
সাহিত্য ডট অৰ্গ: আপুনি কৈছিল অসমৰ বিভিন্ন জিলাত সাপৰ উদ্ধাৰ কাৰ্যত বিভিন্নজনে কাম কৰি আছে। এইসকলক বন বিভাগে নিয়োগ কৰিছে নে এওঁলোক কোনো স্বেচ্ছাসেৱী সংগঠনৰ সদস্য?
সৌৰভ বৰকটকী: নহয়। এইসকল কোনো বনকৰ্মী বা কোনো সংগঠনৰ সদস্য নহয়। এওঁলোকে সম্পূৰ্ণৰূপে মোৰ তত্ত্বাৱধানত কাম কৰি আছে। মই এওঁলোকক প্ৰশিক্ষণ দিছোঁ। মই যোৱা ত্ৰিছ বছৰে সম্পূৰ্ণ নিজা উদ্যোগত প্ৰকৃতি সুৰক্ষাৰ কাম কৰি আছোঁ। আজিলৈকে মই চৰকাৰৰ কোনো অনুদান লাভ কৰা নাই। চৰকাৰ বা কোনো দল-সংগঠনৰ সহায়-সহযোগ পোৱা নাই। এই কামবোৰত বহুখিনি খৰচ হয় আৰু উপাৰ্জনৰ এটা অংশ মই সাপৰ উদ্ধাৰ কাৰ্য আৰু সজাগতা সৃষ্টিৰ কামতে ব্যয় কৰোঁ। মই আজিলৈকে কাৰোৰেপৰা সহায় লোৱা নাই আৰু ভৱিষ্যতেও নলওঁ। কিন্তু ৰাইজলৈ মোৰ এটাই আহ্বান, যদি সাপ ধৰিবলৈ কোনো উদ্ধাৰকাৰীক ঘৰলৈ মাতে তেন্তে তেওঁক আন নহ’লেও যাতায়াতৰ খৰচটো যাতে দিয়ে। কিয়নো এওঁলোকে নিজৰ জীৱন বিপন্ন কৰি জনসাধাৰণক সুৰক্ষা দিযাৰ লগতে সাপডালকো জীৱন্তে উদ্ধাৰ কৰে।
সাহিত্য ডট্ অৰ্গ: সাপৰ অধ্যয়ন বা সাপৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে আপুনি কিবা আনুষ্ঠানিক সংগঠন খোলাৰ পৰিকল্পনা কৰিছে নেকি?
সৌৰভ বৰকটকী: নাই, মই কোনো সংগঠন নোখোলোঁ। আচলতে, মোৰ লক্ষ্য হ’ল এয়েই যে সাপক লৈ বা সাপে কামোৰাক লৈ মানুহৰ মাজত চলি থকা অন্ধবিশ্বাসবোৰ আঁতৰ কৰিব লাগে। কলৰ ভুৰত উটুৱাই দিয়া, নিমখ খুৱাই দিয়া, কামোৰা ঠাইডোখৰ বান্ধি থোৱা এনে ধৰণৰ কামবোৰ কৰাৰপৰা মানুহক বিৰত ৰাখিব লাগিব। নহ’লে, আমাৰ উত্তৰ প্ৰজন্মই আমাৰপৰা কি শিকিব? এই অন্ধবিশ্বাস আঁতৰোৱাত মই ইতিমধ্যে ৬০% মান সফল হৈছোঁ বুলি ক’ব পাৰোঁ। বহু চিকিৎসক তথা বন বিভাগৰ মানুহে মোৰ লগত যোগাযোগ কৰে। আচলতে, মই নহয়, আমি সকলোৱে একেলগে কাম কৰিব লাগিব, মানুহক সজাগ কৰিব লাগিব। এতিয়াও প্ৰতি জিলাত আমাৰ ল’ৰা আছে, কাম কৰি আছে। এতিয়া অসমৰ প্ৰায় প্ৰত্যেক হস্পিটেলত এণ্টি-ভেনম আছে, মানুহক এই কথাবোৰ বুজাই সচেতন কৰাটোৱেই আমাৰ লক্ষ্য।
সাহিত্য ডট অৰ্গ: আপুনি এতিয়া সৰ্পবান্ধৱ হিচাপে সৰ্বজন পৰিচিত। আপোনাক সৰ্পবান্ধৱ উপাধিটো কোনে কেতিয়া প্ৰদান কৰিছিল?
সৌৰভ বৰকটকী: শোণিতপুৰ প্ৰেছ ক্লাৱে সৰ্পদিৱসৰদিনা এটা অনুষ্ঠান পাতিছিল। তাতেই তেওঁলোকে মই প্ৰকৃতিৰ কাৰণে আৰু সাপৰ কাৰণে কৰা কামৰ বাবে সৰ্পবান্ধৱ উপাধি প্ৰদান কৰিছিল। ২০১৭ চনৰ সৰ্পদিৱসৰদিনা শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ হেমন্ত কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সৰ্পবান্ধৱ উপাধিটো মোক দিয়া হৈছিল।
সাহিত্য ডট অৰ্গ:আজি আপোনাৰপৰা আমি সাপৰ বিষয়ে বহু নজনা কথা জানিলোঁ। আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিলে। তাৰবাবে আপোনাক ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ।
সৌৰভ বৰকটকী: মোক এই কথাখিনি ক’বলৈ সুযোগ দিয়াৰ বাবে আপোনালোককো ধন্যবাদ জনালোঁ। আপোনালোকৰ ই-আলোচনীত এই কথাখিনি বহুজনে পঢ়িব, তাৰপৰা তেওঁলোক সচেতন হ’ব, সাৱধান হ’ব। সাপৰ বিষয়ে থকা অন্ধবিশ্বাস আঁতৰিব। ধন্যবাদ।