সৰ্বনাম
লেখক- —জ্যোৎস্না হাজৰিকা
“ছোৱালী মানুহৰ বাবে শিক্ষকৰ চাকৰিটোৱেই ভাল।” …প্ৰগতিশীল মানুহবোৰৰ মাজত কোনোবা এজনে হঠাৎ কৈ উঠে।
“মানুহবোৰৰ কল্পনাত ছোৱালী এজনীৰ লগতে কুকাৰ কেৰাহীকেইটাও ভাহি উঠে চাগে!”
নৈৰ পাৰত ৰং তুলিকা লৈ সূৰ্যাস্তৰ ছবিখন ধৰি ৰাখিবলৈ চেষ্টা কৰি থকা আদিত্যমলৈ চাই খিলখিলাই উঠে তাই।
ল’ৰা-ছোৱালী ডাঙৰ কৰাৰ পৰা ৰন্ধা-বঢ়ালৈ সামৰি শহুৰ-শাহুৰ গালি খাই থাকিবলৈ স্কুলৰ চাকৰিটোৱেই বেষ্ট!
চাকৰি এৰি মহান হোৱাবোৰৰ কথা নক’লোৱেই যেনিবা।
চিষ্টেম বুজিছ!
এবাৰ বাহিৰ ওলাবলৈ চালেহে বুজিবি।
মাহৰ তিনিটা দিন পাকঘৰ চম্ভালা বেচেৰা মানুহটো!
পাকঘৰটোক কেন্দ্ৰ কৰি কত যে কাহিনী!
বছৰ বছৰ কৰা কষ্টই এই পাকঘৰটোতেই শেষত আত্মজাহ দিয়ে।
পানী এগিলাচ লৈ খালে পুৰুষত্ব কমি যাব বুলি ভবাটোও কম কথা নহয়!
“মোৰ বেলেগ চাকৰি কৰিবলৈ মন জাননে? একেখন স্কুল একেখিনি মানুহৰ লগত মই ব’ৰ হৈ যাম জাননে? “
চুলিখিনি ওভতাই ক্লিপটো মাৰি তাই কৈ উঠে। ভাঁটৌসেউজীয়া কুৰ্তিটোৰে উজলি উঠা তাইক যেন আবেলিটোৱে লাহেকৈ মেৰিয়াই লৈছিল।
ব্ৰাছ সামৰি ডাঠ ফ্ৰেমৰ চশমাযোৰ ঠিক কৰি উজ্জ্বল চকুহাল সি এইবাৰ তাইলৈ পোনায়।
চকুহালে হাঁহে।
সি কিন্তু মুখ খুলি নাহাঁহে।
তাইৰ নিচিনাকৈ খিলখিলাই হাঁহিবলৈ তাৰ দমেই নাই। তাই ভাবে!
পোহৰ পোহৰ মুখখনলৈ চাই তাৰ মনৰ মাজত এবাৰ জোবোৰা এটা মাৰি চাবলৈ তাইৰ মন যায়! ৰান্ধনি বেলিৰ পোহৰে তাৰ কেনভাচখন আৱৰি ধৰিছে। তাই অতপৰে গাই থকা কথাবোৰৰ উত্তৰ দিব লাগে বুলি সি নাভাবে। দুবাৰমান উত্তৰ দি তহঁত চব মতা মানুহবোৰ একেই বুলি সিহে গালি খাইছিল। তাই চাকৰি পোৱা নাই।
সি আৰ্ট স্কুল এখন খুলি যেনেতেনে চলি আছে।
বেগাৰচ কাণ্ট বি চুজাৰচ সি ভাবে! তাইৰহে ভাৱনাৰ কোনো পৰিধি নাই। পৰিধি থকাটোৱেই আচলতে চৰম বিৰক্তিকৰ কথা। একেটা চাকৰি একেখিনি ঠাই! না তাইক ধৰি ৰাখিব নোৱাৰে।
একেটা মানুহেও তোক ধৰি ৰাখিব নোৱাৰিব। আদিত্যমে কয়।
কওঁতে চকুহালে হাঁহি থাকে।
সিহে নাহাঁহে। ফাল্টু কথা নকবি দেই। খেদি আহে তাই তাক। কত মানুহে জীৱনটো লৰচৰ নকৰাকৈ বান্ধি থ’বলৈ হাহাকাৰ কৰে। তাই আকৌ উদঙীয়া গৰু হোৱাৰ সপোন দেখি থাকে! ছবি আঁকি ঘৰ চলেনে নচলে সি নাজানে। কিন্ত উশাহটো শান্তিত ল’বলৈ সি ছবি আঁকে। অঁকাটো জৰুৰী।
ফুটুকীয়া হেঁপাহে কুটি খাই হিয়া …. তুমিটো নাজানা মোৰ যাযাবৰী আশা … তাই লিখি থয়। কলমটো সামৰি থোৱাৰ কথা তাই নভবা নহয়। লিখাটো জৰুৰী!
দেখি থকা কথাবোৰ ক’ৰবাত গল্প হয়গৈ ক’ৰবাত ক্ষোভ হৈ নোটপেডত পৰি থাকে।
কেতিয়াবা খুলি চালে পুৰণি সময়ৰ সুবাসখিনি আকৌ এবাৰ বিচাৰি পোৱা যায়। সিও কি কম কথা? কিবা এটা ভাল লিখিম বুলি একো নিলিখাকৈ থকা নাযায়।
সময় বৰবাদ নকৰিবি।
চাকৰি এটা ল। ককায়েক ৰিবে কয়।
কাম দুটামান শিক। মাকে কয়!
টেট পৰীক্ষা নিদিলা নেকি? ওচৰ চুবুৰীয়াই কয়!
তাই মুকলি উশাহ অকণ বিচাৰি ফুৰে। মাহীয়েকে মনে মনে দৰা বিচাৰে!
তোৰ বিয়াত মেক আপ আৰ্টিষ্ট ভাল মাতিবি কিন্তু! মোক যে ইমান বেয়া মেকআপ কৰিলে। চাকৰিয়াল ল’ৰা পাই পঢ়া-শুনা আধৰুৱা কৰি বিয়াত বহা লগৰী পাহিয়ে প্ৰায়ে কয় তাইক। এতিয়া ইউটিউব চেনেল আৰু ৰিচেলিং কৰি আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা কৰি আছে হেনো! পঢ়া আধৰুৱা কৰি বিয়া কিয় হ’ল সেইটোহে নুবুজিলে তাই।
আচলতে ষ্ট্ৰং বেকগ্ৰাউণ্ড থকা জীৱনসংগী থাকিলে সুবিধাও হয় চাগে আত্মনিৰ্ভৰশীল হ’বলৈ! তাই সিমানেই বুজিলে। কিল খোৱা কথাবোৰ আজিকালি তাইৰ কাকো ক’বলৈ নাযায়! এটাই মাত্ৰ জানে নিজৰ জীৱনটো নিজে ভৰণ-পোষণ দিব পৰা নোহোৱালৈকে তাই বিয়া নহয়।
ক’ৰবাত উজুটি নোখোৱাকৈ কাৰোবাৰ লগত দাঁতে-ওঁঠে নলগাকৈ তাইৰ এটা দিনো পাৰ নহয় আজিকালি।
তাইৰ বাঢ়ি অহা বয়সটোৱে বাহিৰা মানুহবোৰৰ কি সমীকৰনত আউল লগাই তাই বুজি নাপায়! আদিত্যমে সৰুকৈ ঘৰ এটা সাজিছে।
মাজে-মাজে তাৰ মাকৰ লগতো তাই লেকচাৰ মাৰেগৈ। ঘৰ ধৰা ছোৱালী এজনী পালে হেনো পুতেকৰ বিয়াখন পাতি দিব। তাইৰ বুকুখনৰ কোনোবাখিনিত ঢপংকৈ মাৰে।
তাই আচৰিত হয়!
ইমান কপকপীয়াকৈ বান্ধি থোৱা মনটোৱে কেনেকৈ এৰাল চিগিব পাৰে!
খুড়ীয়ে ছোৱালী বিচাৰিছে তোলৈ ঘৰ ধৰা ছোৱালী। বিয়া পাতিবি আৰু! নকওঁ বুলি ভাবিও তাইৰ মুখেৰে ওলাই যায়। ক’ৰবাত যেন তাই নিবিচৰাকৈয়ে ভয় এটা লাগি থাকে। ঘৰ ধৰাই বিচাৰিব লাগিব দেচোন। একে জেগাতে থাকি বেয়া পোৱা মানুহ গোটাই ল’লে সেইখন ভ্ৰাম্যমাণ সংসাৰহে হ’বগৈ নে কি ক’ৱ? আদিত্যমৰ চকুহালে আকউ হাঁহে।
তাই নিজৰ জেগাতে থাকে।
মনে বিচৰাখিনি আঁজুৰি আনিব পাৰক বা নোৱাৰক চেষ্টা কৰাতনো আপত্তি ক’ত?
হু হু হুমুনিয়াহ এসোপা লৈ জীয়াই থকাতকৈ চেষ্টা কৰাত আপত্তি ক’ত? মনটো সামৰি আদিত্যমক বান্ধি ছৈ দিয়ে তাই!
ইণ্টেলিজেন্স বিউৰ’ত চাকৰি কৰিব মন যোৱাটো তাই অপৰাধ বুলি ভাবিব নোৱাৰে। চিআইডিৰ নিচিনাকৈ কথা চিন্তা কৰি কৰি তোৰ এইটো অৱস্থা বুলি সি লাহেকৈ কয়।
হ’ব পাৰে!
আবোল তাবোল চিন্তা কৰি কৰি কি ঠিক এদিন পাগলো হৈ থাকিব পাৰো!
তেতিয়াটো আৰু হাঁহিবলৈ অথবা কান্দিবলৈ কোনো কাৰণ নালাগিব!
তাই নিজ বাটৰে আগবাঢ়ে!
আগে আগে যেন এসোপা আন্ধাৰ!
গল্পটো ঠিক এইখিনিতেই ভাল লগাকৈ শেষ কৰিব পাৰিলেহেঁতেন পৰীমাই। গল্পটো পঢ়ি কোনোবাই সপোন দেখিব পৰাকৈ!
আন্ধাৰৰ শেষত সদায়েই পোহৰেই থাকেনে? পোহৰ আহিলেও ক’ৰবাত আন্ধাৰ চুক এটা যেন ৰৈ থাকে সংগোপনে। এৰো বুলিও এৰি থৈ আহিব নোৱাৰাকৈ। পুৰুষ আৰু নাৰীৰ সেই পুৰাতন সম্পৰ্কই সকলো কাহিনীৰ শেষ হ’ব নোৱাৰে। ঠিক ভাল লগাখিনিৰ পৰাওতো আৰম্ভ হয় কেতিয়াবা বেয়া লগাবোৰৰ।
দায়বদ্ধতা নথকা সম্পৰ্কবোৰৰ আৰম্ভণিও নাই শেষো নাই। প্ৰিয়জনৰ দুখখিনিও সাৱটিব পৰাখিনিহে প্ৰেম।
সুখ সাৱটি থকা মানুহে দুখৰ অন্তৰাল নুবুজে। নুবুজে হঠাৎ বৈ অহা চকুপানীৰ ঠিকনা। সদায় প্ৰেমৰ হেপ্পী এণ্ডিং হোৱাটো জৰুৰী নহয়। ক’ব খুজিও ক’ব নোৱাৰা কথাবোৰৰ শেষ এটা গল্পও হ’ব পাৰে।
মানুহৰ আগত নিজৰ মনটো উবুৰিয়াই দেখুৱাব নোৱাৰা কি যে ভয়ানক সময়ৰ সাক্ষী আজিৰ প্ৰজন্ম।
ৰ’দালিৰ বিয়াখন বৈভৱৰ লগত হ’লগৈ। তাই নিজৰ স্থায়ী চাকৰি নহ’ল বাবে
বৈভৱৰ স্থায়ী চাকৰিটোৱেই বিয়াখনৰ একমাত্ৰ কাৰণ বুলি বিবেচিত হ’ল!
কথাবোৰ ভবাৰ দৰে একোৱেই নহ’ল!
ইমান একঘেয়ামী গল্প এটা পৰীমাই কিয় লিখিলে তাই নিজেই নাজানে।
আদিত্যমেও বিচাৰিছিল ৰ’দালিক।
ঠিকেইতো আছিল কথাবোৰ।
ক’ৰবাত যেন জীৱনৰ একঘেয়ামী মন্ত্ৰৰ পৰা মুক্ত নাছিল আদিত্যম!
আদিত্যম জীয়া সুৰ হৈ বাজি থাকিব সদায়েই ৰ’দালিৰ বুকুত।
কিমান যে ভাল লগা কথা!
তাই বিচৰাখিনি চাগে বৈভৱৰ ওচৰতো নাই।
বৈভৱে কি দিব তাই নাজানে।
বিচৰাখিনি আদিত্যমৰ ওচৰত নাপালে ভাললগাখিনি ভুল বুলি ভাবি ল’ব তাই।
ওৰেটো জীৱন ভাৰ বৈ থকাৰ দুখ পৰীমাই বুজে। ভাললগাবোৰ সোঁৱৰণী হৈ থকাতনো আপত্তি ক’ত! দৰক লগা সময়ৰ উশাহ হৈ থাকক আদিত্যম।
জীৱনৰ ইমানবোৰ একঘেয়ামীৰ মাজত আদিত্যমৰ লগত থকা সুৰীয়া অনুভৱখিনি সোঁৱৰণী হোৱাতনো আপত্তি ক’ত? সোঁৱৰণী যে সদায় মিঠা।
সৰ্বনাম হৈ ৰৈ যাওক আদিত্যম…
যাৰ নাম ক’তো কাহানিও লোৱা নহয় আৰু…
স্মৃতিত ডুবি থকা পৰীমাৰ বাবে গল্পটো যেন এটা সকাহ!
(সমাপ্ত)