হাতীৰ কথা বিচাৰি এখন গ্ৰন্থত

লেখক- ধীৰেন শইকীয়া

হাতী মোৰ প্ৰিয় জন্তু। বনৰীয়া হাতী গভীৰ জংঘললৈ গৈ বহু কষ্টেৰে ধৰা হয়। আনকি এই পৰিক্ৰমাত বহু ধন-জন তথা লগত লৈ যোৱা হাতী নিহত হোৱাতো একো আচৰিত কথা নহয়। আনকি বনৰীয়া হাতী ধৰি পিলখানালৈ নি বিভিন্ন গীত-মাত গাই সিহঁতক ঘৰচীয়া কৰিবলৈ প্ৰশিক্ষণ দিয়া কাৰ্যতো আছে এক চমৎকাৰিত্ব। বাঘৰ নেগুৰেৰে কান খজুৱাব পৰা কৌশলী ফান্দী, বৰফান্দী, লাহোটীয়া, মুক্তিয়াৰ, মাউত আদি নাথাকিলে হাতী মহললৈ অনা মহলদাৰৰ জীৱন মিছা। হাতী চিকাৰলৈ যোৱাৰ আগতে কি ধৰণৰ পূজা অৰ্চনা তথা লোকাচাৰ পালন কৰা হয় সেই সম্বন্ধে এদিন চৰ্চা কৰিম বুলি ভাবি থাকোঁতেই একালত অৰুণাচলত চাকৰি কৰা তিনিচুকীয়াৰ (সম্প্ৰতি অৱসৰী শিক্ষক) চন্দ্ৰকান্ত কোঁৱৰদেৱৰ এখন গ্ৰন্থৰ সন্ধান পালোঁ। গ্ৰন্থমেলাৰ পৰা কিতাপখন সংগ্ৰহ কৰিলোঁ। গ্ৰন্থখন হ`ল “হাতী-চিকাৰ, চিকিৎসা প্ৰশিক্ষণ ইত্যাদি।” আগতে ওডালগুৰিৰ পানেৰী অঞ্চলৰ ভাৰত-ভূটান সীমান্তৰ এনে এখন হাতী মহলৰ কথা পঢ়িছিলোঁ অৰূপা পটংগীয়া কলিতাৰ ‘টোকোৰা বাহৰ সোণৰ বেজী’ উপন্যাসখনত। পিছলৈ পঢ়িছিলোঁ অমৰ বৰাৰ ´কাজলী´ নামৰ হাতী এজনীৰ কাহিনীৰ আধাৰত লিখা গ্ৰন্থ এখন আৰু পঢ়িছিলোঁ “হাতীৰ সংগত পঞ্চাশ বছৰ” নামৰ আন এখন গ্ৰন্থ। অসমীয়া ভাষাত হাতী বিষয়ক অধিক গ্ৰন্থ পঢ়া মনত নপৰে। এই গ্ৰন্থখন চন্দ্ৰকান্ত কোঁৱৰদেৱে দুহেজাৰ চনতে ফেচবুকত প্ৰকাশ কৰাৰ পাছত বৰ্তমান ছপা কৰি উলিয়াইছে। এই অপূৰ্ব গ্ৰন্থখন পঢ়ি চাব পাৰে আপুনিও। গ্ৰন্থখনে অসমীয়া অভিধানলৈ বহু শব্দৰ সংযোজন ঘটাব পাৰিব বুলি ক’ব পাৰি। যেনেঃখেমাৰি, জাংঙীয়া পিন্ধোৱা, দহোটীয়া, ফেটা, পিলখানা, ডেগী, একুনা আদি। গ্ৰন্থখন পঢ়ি হাতী চিকাৰৰ লগত মৰান জনগোষ্ঠীৰ সম্পৰ্কৰ কথা জানিব পাৰিলোঁ। হাতী চিকাৰত জ্যেষ্ঠজনৰ অনুমতি লোৱাৰ খুবেই প্ৰয়োজন। নেঙেৰা ভঙানো কি, কিয় লাগে এনে আচাৰ নীতি এইবোৰ জনাৰো প্ৰয়োজন আছে। ফান্দীৰ লগত কৰা আলাপ আলোচনাৰে হাতী চিকাৰৰ আগতেই গুৰুবৰণ কৰি স্বীকৃতিতিপ্ৰাপ্ত দহোটীয়া হয়। এই পৰম্পৰাবোৰ বৰ দৰকাৰী কথা বুলি আগেয়ে জনা নাছিলোঁ। পিলখানাত সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে চিকাৰলৈ ওলোৱাৰ আগতেই এদিন গুৰু ভকতৰ আজ্ঞা লৈ “একঠা চাউল খোৱা”ৰ ব্যৱস্থা কৰা হয়, য`ত আমৰলীয়া মতা হাঁহৰ মাংস অপৰিহাৰ্য। সেইদিনাই ফান্দীক এসাজ বস্ত্ৰ দি সাধ্যানুসৰি অৰিহনা আগবঢ়াই গা ধুই তিতা তিয়নী গাৰে গুৰুক সেৱা কৰি ছমাহলৈ পৰিয়াল এৰি পেটৰ দায়ত গভীৰ জংঘললৈ গৈ এই প্ৰকাণ্ড জীৱটোক ৰচিৰে বান্ধি মাকৰ বুকুৰ পৰা অনিচ্ছা সত্ত্বেও আজুৰি অনাৰ সংকল্প লোৱা হয়। আনহাতে মহলদাৰে পিলখানাৰ মংগল কামনা কৰি গণেশ বাবাৰ নামত পূজা দিয়াৰ পাছতহে জংঘললৈ হাতী ধৰিবলৈ যায়। একোটা দলত ১৫-১৬জন অভিজ্ঞ লোক থাকে। তেওঁলোকে হাতী ধৰিবলৈ গৈ গভীৰ জংঘলৰ মাজত হাতীচোঙৰ সন্ধান কৰে। তেনে চোঙৰ সন্ধান পালেই হাতীৰ দেৱতা সদন আৰু মদনৰ নামত দীক্ষাগুৰুৱে দিয়া দিহামতে এটা মতা আৰু এজনী মাইকী কুকুৰা মেলি দি দুফালে চাউল আগবঢ়োৱা হয়। কুকুৰাহালে চাউল খাই আঁতৰি গ’লেহে দলটো হাবিত সোমায়। অভিজ্ঞ ফান্দীয়ে অতি উদণ্ড বনৰীয়া হাতীকো বিশেষ “হাতী চটোৱা গীতে”ৰে কিদৰে বশ কৰি কামত লগোৱাৰ বাবে উপযুক্ত কৰি তোলে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। এই সকলোবোৰ কথা এই গ্ৰন্থখনত উল্লেখ আছে। আনকি এনে কিছুমান গীত লেখকে সংগ্ৰহ কৰি গ্ৰন্থখনত সংযোজন কৰিছে। এইবোৰ আমাৰ পৰম্পৰাগত মৌখিক সাহিত্য। হাতীৰ দেৱতা বুলি ৰঙা-ৰাঙলি, সদন আৰু মদন, চহা চুপহা আদি অলেখ দেৱতাৰ নাম জনগোষ্ঠীয় পৰম্পৰাত প্ৰচলিত হৈ আছে। মানুহে যিদৰে নিজৰ বংশ বা একে পৰিয়ালৰ মাজত সহবাস নকৰে, হাতীৰ ক্ষেত্ৰতো একে। হস্তীনী যৌন উত্তেজিত হ’লে বাকী মাইকী হাতীবোৰে জাকৰ পৰা মতা হাতীবোৰ বাহিৰ কৰি অন্য জাকৰ মতা হাতী অহাটো বিছাৰে বা ভাটিখোলা মাইকী হাতীজনীক দূৰলৈ গৈ অন্য জাকৰ মতা হাতী বিচাৰি লবলৈ কয়। এনে নকৰিলে বদগুন বা বিকলাংগ পোৱালি জন্ম হয় বুলি হাতীয়েও বিশ্বাস কৰে। 

 হাতী অৰণ্য নিৰ্মাণৰ মূল অভিযন্তা। হাতীয়ে খোৱা ফল- মূলবোৰৰ বীজ সিহঁতৰ বিষ্ঠাত থাকে বাবে হাতীয়ে যি ঠাইতে বিষ্ঠা ত্যাগ কৰে সেই ঠাইতে সহজে পুলি গজি উঠে। সেয়ে অৰণ্য এখন গঢ় লৈ উঠাত হাতীৰ যথেষ্ট বৰঙনি আছে। আনহাতে হাতীৰ লাদ এবিধ পচন সাৰ। পৰিৱেশতন্ত্ৰৰ স্থিৰতা বৰ্তাই ৰখাত হাতীয়ে গুৰুত্বৰ্পূণ ভূমিকা গ্ৰহণ কৰি আহিছে। 

  হাতী যথেষ্ট মৰমিয়াল তথা শান্তিপ্ৰিয় জন্ত। জাকৰ কোনো সদস্যৰ মত্যু ঘটিলে বাকী হাতীবোৰে চকুলো টুকি শোক প্ৰকাশ কৰে। খঙাল হাতীক বশ কৰিবলৈ বগা মতা পাতি হাঁহেৰে হাতীৰ দেৱতা সদন আৰু মদনক একঠা চাউল খুৱাই পূজা অৰ্চনা কৰা হয়। তেতিয়াহে হাতীটো শান্ত হয়। বিশ্বাস আছে যে পূজা আগবঢ়ালে হাতীয়ে খেতি বাতিৰ অপকাৰ নকৰে। গ্ৰন্থখনত ১০০জন ফান্দীৰ নাম ঠিকনা উল্লেখ কৰা হৈছে। ই লেখকৰ দীৰ্ঘদিনীয়া চৰজমিন তদন্তৰ কথাকেই প্ৰমাণ কৰে। গ্ৰন্থখনত লেখকে হাতী ধৰাৰ পাছত প্ৰশিক্ষণ দিয়া পিলখানা তৈয়াৰৰ নিয়ম-কানুনসমূহ সুন্দৰভাৱে উল্লেখ কৰিছে। পিলখানাত অনেক চৰু থাকে। যিমানজন ফান্দী থাকে সিমানটা গোট থাকে। প্ৰত্যেক গোটে বেলেগে বেলেগে খায়। যেনে বৰফান্দী গোট, মহলদাৰ আৰু ভৰালী গোট। কোনো গোটে সুস্বাদু খাদ্য ৰান্ধিলে মনে মিলা গোটক দিয়াটো নিয়ম। মহলদাৰৰ ভৰালীয়ে সকলো গোটকে চাউল, তেল, দাইল আদি আবণ্টন দিয়ে। প্ৰায় ছমাহকাল পিলখানাত থাকি হাতী প্ৰশিক্ষণ দিয়াৰ অন্তত পিলখানা বন্ধ হোৱাৰ শেষৰ দিনা ইজনে সিজনক সাৱটি ধৰি পুনৰ লগপোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লয়। 

 খাদ্যৰ সন্ধানত ঘূৰি ফুৰা বনৰীয়া হাতীৰ জাক এটা একে ঠাইতে নাথাকে, ঠাই সলাই ফুৰে। বনৰীয়া হাতীয়ে ঔটেঙা আৰু নিমখ খুবেই ভাল পায়। সেয়ে লোনপুং আৰু ঔটেঙা থকা অঞ্চললৈ হাতীয়ে গমন কৰে। অৰুণাচলৰ নামচিক ৰিজাৰ্ভৰ তেনে কিছুমান হাতীৰ বিষয়ে গ্ৰন্থখনত উল্লেখ কৰিছে লেখক চন্দ্ৰকান্ত কোঁৱৰে। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বৰ সময়ত হাতীকাকতী, হাতীবৰুৱা আদি উপাধি আছিল। তেওঁলোকে কি কি কামৰ তদাৰক কৰিছিল এই সকলোবোৰ গ্ৰন্থখনত বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনৰ ভাষা প্ৰাঞ্জল, প্ৰকাশভংগীও সৰল তথা উপভোগ্য। এই গ্ৰন্থখন ঐতিহ্যময় হাতী ধৰা শিল্প বিষয়ক এখন অনন্য গ্ৰন্থ বুলি ক’ব পাৰি। গ্ৰন্থখনৰ পঢ়িলে বুজিব পাৰি যে লেখকে যথেষ্ট কষ্ট কৰি তথ্যসমূহ সংগ্ৰহ কৰিছে। ‘হাতীঃ চিকাৰ চিকিৎসা প্ৰশিক্ষণ ইত্যাদি’ গ্ৰন্থখনৰ গ্ৰন্থকাৰ চন্দ্ৰকান্ত কোঁ‌ৱৰৰ ঘৰ তিনিচুকীয়া জিলাৰ জাগুনত। জনামতে গ্ৰন্থখনৰ উন্মোচনী সভালৈ আহিছিল হাতী চিকাৰ জগতৰ জীৱন্ত প্ৰতিভূ দুৰন্ত তৰুণ মানচাও তুলাৰাম (গেণা) ফুকন। হাতী বিষয়ক ১৫০ পৃষ্ঠাৰ এই অমূল্য গ্ৰন্থখনৰ মূল্য তিনিশ টকা মাত্ৰ। গ্ৰন্থখনৰ মুদ্ৰক ‘দা আসাম কম্পিউটাৰছ্’, তিনিচুকীয়া। 



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!