হেল্ল’ মই বিষ্ণু ৰাভাই কৈছোঁ
লেখক- -- অনিত্য ভূঞা
এক শতিকাৰ অন্তত
কোলাহলময় অধ্যায়ৰ মাজত
বিপ্লৱত ৰুষ্ট
আন্দোলনত ক্লান্ত
স্বাধীনতাত বেজেৰুৱা
প্ৰাণসম জনতা
আৱাহন শুনা
হেল্ল’ মই বিষ্ণু প্ৰসাদ ৰাভাই কৈছোঁ।
নিছলা আইৰে বুকুত
খাটি অসমীয়া,
উকালি অহা মানুহখান
ছন্দ হীন জীৱন, ডেডনী,
কন্দল, চকলো, বস্ত্ৰহীন,
ভোকাতুৰ জনৰ
সমাজবাদৰ দুৱাৰ বন্ধ কৰি
মুক্ত গণতন্ত্ৰৰ
উদং বুকুবোৰৰ পৰা
শুনিছেনে হেল্ল’
মই বিষ্ণু ৰাভাই কৈছোঁ।
হে মোৰ ৰাইজ
লোভত বলিয়ান শেন
পদূলিত জাক জাক
“আসাম এখন জংলী দেশ”
তাতে সুবিধাবাদ
“বিধ বিধ গছ
নানা তৰহৰ জানোৱাৰ
আৰু হৰেক ৰকমৰ মানুহ”
তাতে শোষণবাদ।
সোণৰ অসমত
ৰূপালী নাৱত উটি গৈ
জিন যোৱা ৰাইজ
কৃত্ৰিমতাৰে ধনৱান হোৱা
পথাৰবোৰ ছন পেলাই
ৰেছন কাৰ্ডৰ মাজৰ পৰা
হেল্ল’ মই বিষ্ণু ৰাভাই কৈছোঁ।
হেল্ল’ আপুনি শুনিছেনে
পাটকাই পৰা গদাধৰলৈ
নদীৰ পাৰে পাৰে
পাহাৰৰ দাঁতিয়ে দাঁতিয়ে
কিংমেকাৰবোৰে কিৰিলিয়াই
অসমীয়াৰ ভাও জোৰা
জেহাদৰ উকমুকনি।
বিদেশী বোজা কান্ধত লৈ
গলতে চেকুলাৰৰ
তাবিজটো পিন্ধি
সোনামোৱা গাৱৰ
হেৰা দুখিৰাম, লখিমী
হেৰা জীৱন ককাইদেউ
হেৰাই যোৱা ৰণুৱা বনুৱা
লুকাই থকা খেতিয়ক মজদুৰ
এৰাই চলা দাৱনী ৰোৱনী
হাতৰ পৰা সৰি পৰা
পথাৰখন আৰু বজাৰ খনৰ পৰা
হেল্ল’
মই কমৰেড বিষ্ণু ৰাভাই কৈছোঁ।
ৰাগিয়াল, তেজাল ডেকা
ৰোগাগ্ৰস্ত চেতনাৰে
দুষ্কৃতিৰ ৰঙীন ফটা কামিজেৰে
আধুনিকতাৰ মিনা বজাৰত
জাহ যোৱা জনতা
জাতি জনজাতিক
বুকুত বান্ধি
ঐক্যন গোৱা
অস্পৃশ্য, ভেদভাৱ,
বিভাজিত নামঘৰৰ মজিয়াৰ পৰা
হেল্ল’ মই বিষ্ণু ৰাভাই কৈছোঁ।
হেল্ল’ হেল্ল’ হেল্ল’
অসমী জনতা
গুৰুজনাক শিৰত ৰাখি
বৰকাঁহ বজোৱা,
গুৰুৰ বাণীৰে বৰগীত গোৱা,
শংখ বজোৱা, বন্তি জ্বলোৱা
সৌৱা সুন্দৰৰ পূজাৰী
আহিব লাগিছে
ব’ল ব’ল ব’ল জনতা
এলেহুৱা মেৰপেচত আৱদ্ধ
কৃত্ৰিম দুখীয়া কিম্বা ধনী
গোলামীত দিক্ষিত,
ফেচনত বিভ্ৰাট
আৱাহন শুনা
অগ্নি শিখাৰ ফিৰিঙতি
নুমাই যোৱা নাই
এই গান শেষ হোৱা নাই
এই লগন উকলি যোৱা নাই
হেৰা মুক্তিমান
কল্যাণ খৰমান এতিয়াও বজা নাই
হেল্ল’ মই ৰাভাই কৈছোঁ
হেল্ল’ মই বিষ্ণু প্ৰসাদ ৰাভাই কৈছোঁ
হেল্ল’ মই কমৰেড বিষ্ণু ৰাভাই কৈছোঁ
হেল্ল’ হেল্ল’ হেল্ল’
আপোনালোকে শুনিছেনে
মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছোঁ।