হেৰুৱা গানৰ সুৱাস

লেখক- ৰূপজ্যোতি গগৈ।

  চ’তৰ এটা উজ্জ্বল ৰ’দ ঘন দিন। আহল-বহল নামঘৰটোৰ এটা কাষত বহি মানুহগৰাকীয়ে তামোল কাটি আছে। হাতত ঘৰৰ পৰা আহোঁতে লৈ অহা কটাৰীখন। 

 আজিৰ পৰা নামঘৰত গোপিনী নামৰ আয়োজন চলিছে। এসপ্তাহ ধৰি চলিবলগীয়া এই নামভাগলৈ গাঁৱৰ প্ৰায়সকল মহিলাই ওলাই আহে। গাঁওবাসীৰ বিশ্বাস এইসময়ত অৰ্থাৎ ফাগুন- চ’ত মহীয়া শীতলা আই সাৰ পাই উঠে! ঘৰে-ঘৰে খৰ-খজুৱতিৰ ৰূপ লৈ শীতলা আয়ে দেখা দিয়ে। অতীজত এবাৰ এনে ফাগুন- চ’ত মাহত  ‘আই গৰাকী’ য়ে দেখা দি গাঁওখনত মাৰি – মৰকৰ ৰূপ লৈছিল। ‘আই’ ক সন্তুষ্ট কৰিবলৈ ঘৰে – ঘৰে ‘ভোগ’, দিব লগা হৈছিল। কিন্তু বেছিকৈ অসুখীয়া লোকৰ সংখ্যা বাঢ়ি অহাত সকলোৰে ঘৰে-ঘৰে গৈ ‘ভোগ দিয়া‘, ‘ গোপিনী সবাহ’ পতা সম্ভৱ নহৈছিল। কাৰণ, গোপিনীসবাহৰ নাম-গুণ গোৱাৰ লগতে ‘ ভোগ ভাগ ‘ ৰান্ধিব সকলোৱে জনা নাছিল। তেওঁলোকৰ বিশ্বাস এই কাম কৰিবৰ বাবে কামখিনি সুচাৰুৰূপে জনাৰ লগতে ধূতি-নীতি মানি কৰিবলৈ কিছু বিশেষ গুণ আয়ত্তত থকা প্ৰয়োজন। কিবা কাৰণত কামটো সুচাৰুৰূপে নহ’লে আয়ে দোষে ধৰি কাৰ কি বিপদ ঘটাই একো ঠিক নাথাকে বুলি গোটেই গাঁওবাসীৰে বিশ্বাস। সেইবাবে সকলো গাঁওবাসী মিলি চ’তমহীয়া নামঘৰতে ৰাজহুৱাভাৱে ‘ গোপিনীসবাহভাগ ‘ কৰাৰ নিয়ম কৰিলে। সেইমতেই এইবাৰো বাৰ্ষিক গোপিনী সবাহ ভাগৰ বাবে আজি নামঘৰত বয়োবৃদ্ধ আৰু ল’ৰা-ছোৱালী মিলি এশমান মানুহৰ সমাগম হৈছে। আজি নামভাগৰ প্ৰথম দিন বুলি গাঁৱৰ বহুকেইঘৰ লোকেই শৰাই – সঁফুৰা আগবঢ়াইছে। 

 

  তেওঁ অৱশ্যে শৰাই- সঁফুৰা একো আগ কৰা নাই। ৰাইজৰ লগতে বাৰ্ষিক ছান্দাটো যোগাৰ কৰি দিছে। নাম ধৰিবলৈয়ো সুৰ-তাল নজনা তেওঁ কেৱল ৰাইজৰ লগ হওক বুলিয়েই আহে। আৰু নামঘৰ সৰা, মচা, পাত-পটুৱা পেলোৱা আদিৰ লগতে তামোল কটা কামটোও নিজৰ বুলি কৰি থাকে। এটা কথা তেওঁ প্ৰায়ে অনুভৱ কৰে আজিকালি নামঘৰলৈ অহা মানুহৰ সংখ্যা বাঢ়িছে যদিও কিছুমান কাম কৰা মানুহৰ সংখ্যা কিন্তু বঢ়া নাই। 

 — “ চাওঁ, দিয়াচোন লিলানী তামোল এখন দিয়া। “

তেওঁ মানুহগৰাকীলৈ কাটি থোৱা তামোলৰ খৰাহিটো আগবঢ়াই দিলে — “নিয়কচোন, ৰাইজৰ মাজলৈকে এই কটা তামোলখিনি আগবঢ়াই লৈ যাওক।” বকুলৰ মাকে খৰাহিটোৰ পৰা তামোল এখন লৈ পাণ চূণ মিলাই মুখত ভৰোৱাৰ লগতে কাষতে থকা সৰু খৰাহিটোত পাণ-তামোল ভৰাই ৰাইজৰ মাজলৈ আগবঢ়াই লৈ গ’ল। 

 আজি নামঘৰত বহুত মানুহ। ৰাজহুৱা শৰাইভাগৰ উপৰিও বিশখনমান ব্যক্তিগত শৰাই। প্ৰায় ডেৰশ ঘৰ মানুহ থকা গাঁওখনৰ নামঘৰ এভাগেই। সনাতন হিন্দু ধৰ্মত বিশ্বাসী মানুহখিনি একে ধৰ্মীয় নীতি আদৰ্শৰে দিক্ষিত। সেয়ে নামঘৰত পতা এনে শৰাই- সবাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈ গোটেই নামঘৰৰ মজিয়া উখল-মাখল হৈ পৰে। 

 

  মানুহগৰাকীৰ আজিও মনত আছে ফাগুনত ন-কইনা হৈ অহাৰ পাছত এই নামঘৰত প্ৰথম সেৱা ল’বলৈ অহা দিনটোৰ কথা। সেইদিনা ন-কইনাৰ হৈ শাহুৱেকে নামঘৰত শৰাই আগবঢ়াইছিল। ৰীতি মতে দীঘল ওৰণি, গাত চেলেং চাদৰ লৈ তেওঁ ভকতৰ মাজে মাজে চাহ দিছিল। কোনোবা এজনে সুধিছিল কাৰ ঘৰৰ বোৱাৰী তেওঁ? নিজেই কিবা কোৱাৰ আগতেই চিনাকি কলিয়া দদাইদেউৱে কৈছিল — “লিলা, লিলাৰ পত্নী তেওঁ। “

 – “অ’ লিলানী!” 

  কোনোবা এজনে পাছফালৰ পৰা মাত লগাইছিল। কিবা এটা ভাললগা অনুভৱে তাইৰ বুকুত কঁপনি তুলিছিল। 

 

 দিন বাগৰিছিল। 

জেঠমহীয়া নামঘৰত বৰ সবাহ, চ’তমহীয়া গোপিনী সবাহ সকলো ঠিকেই চলি আছিল। 

মানুহগৰাকী, এই যে লিলাৰ নামত সেন্দূৰৰ ফোঁট পিন্ধা তগৰী নামৰ মানুহগৰাকী এটা এটাকৈ চাৰিটা সন্তানৰ মাক হোৱাৰ লগতে দেউতাকৰ ঘৰৰ নামটো হেৰুৱাই কেতিয়ানো লিলানী ৰূপে পৰিচিত হৈ পৰিল নিজেই ততকে ধৰিব নোৱাৰিলে। 

 — “ৰাইজ, নামত ধৰিবলৈ সকলো শাৰী পাতি বহিব লাগে।” নামঘৰীয়াই কোৱা কথাষাৰ শুনি মহিলাসকল শাৰী পাতি মণিকূটৰ পোনে পোনে বিশেষ ঠাইখিনিত বহিল। তেওঁৰ কিন্তু উঠি যাবলৈ মন নগ’ল। ডবাটোৰ ওচৰতে বেৰখনত আউজি বহিলৈ তেওঁ তামোল কটাতে মগ্ন হৈ থাকিল। 

 —”চিলনী আইতা, চিলনী আইতা আপোনাক আমাৰ আইতাই সৌখিনিত বহিবলৈ মাতিছে।” 

 —” চিলনী আইতা!” 

  তেওঁৰ সোলা মুখেৰে ফেলেক কৈ হাঁহি এটা বাগৰি গ’ল। লিলানী গৈ এইবাৰ চিলনী হ’লগৈ! 

  —”আইতা, ব’লক আকৌ।” কণমানিজনীয়ে এইবাৰ গাত ধৰি জোকাৰি দিলে তেওঁক। 

 এৰা, সমাজৰ দহৰ কথা আওকাণ কৰিব নোৱাৰে তেওঁ। সেই শক্তি তেওঁৰ নাই। নাম ধৰিব নোৱাৰে যদিও আন কেইগৰাকীমান আইৰ লগতে তেওঁয়ো একেবাৰে শেষৰ শাৰীত মূৰত ওৰণি গাত চেলেং চাদৰখন ভালকৈ মেৰিয়াই লৈ বহি ল’লে। 

  থগীত গুৱা-পাণ, ধূপ-দীপ লৈ সন্মুখৰ শাৰীত বহা আইগৰাকীয়ে নাম যুৰিলে —

 “উজায়ে আহিলে আইৰে সাতোভনী

শীতলি পাৱে চলাই

টেমাতে আনিছে ফুলে চন্দনে

সবাকো যাব বিলাই “

 

” আই মোৰ বাটো সাৰিলো, পদূলিও সাৰিলো

নঙলা মুখলৈ চায়

আহে আহে বুলি বাট চাই আছিলো

পালেহি ৰূপহী আই।” 

 ওখ, চাপৰি চাপৰি মাটিৰে সেই সময়ত গাঁওখন একেবাৰে নদন-বদন। ঘৰে-ঘৰে কুঁহিয়াৰ খেতি, ঘৰে-ঘৰে শালি ধানৰ খেতি। আজিৰ দৰে চাহ খেতি বা সাঁচি গছৰ আদৰ নাছিল তেতিয়া। গাঁৱৰ পৰা নাতিদূৰত বৰুৱা বামুণ গাঁও চেনিকল। মানুহে গৰু গাড়ীত বোজাই কৰি চেনিকললৈ কুঁহিয়াৰ নিয়ে। গতিকে কুঁহিয়াৰ খেতিৰ আদৰ বেছি। 

 পূবলৈ গাতে লাগি থকা দক্ষিণহেঙেৰা বজাৰ। গৰু-ম’হ, হাঁহ-কুকুৰা, পাণ-তামোল, শাক-পাচলি, বাঁহ-বেতৰ পৰা আৰম্ভ কৰি সকলো সম্পদেৰে ভৰপূৰ দেওবৰীয়া বজাৰ। কাৰোবাৰ বাৰীৰ কলথোকা, পাণ – তামোল, হাঁহ-কুকুৰা যাৰে যি মন যায় তাকে লৈ দেওবৰীয়া বজাৰলৈ যায়। আৰু বস্তুবোৰ বজাৰত বিক্ৰী কৰি নিজৰ ঘৰলৈ প্ৰয়োজনীয় লোণ তেল আদি যোগাৰ কৰে। সেইবাবেই হয়তো গাঁওখনৰ প্ৰতিজন মানুহেই দেওবৰীয়া বজাৰখনলৈ হেঁপাহেৰে বাট চাই থাকে। 

 নিজাকৈ মাটি-বাৰী বৰ বেছি নথকা লিলাই যিকোনো কামেই উৎসাহেৰে কৰিছিল। কেতিয়াবা যদি কাৰোবাৰ ঘৰত কুঁহিয়াৰ কাটিছিল, কেতিয়াবা কাৰোবাৰ ঘৰত জেওৰা-জপনা বৈ দিছিল। আনকি কেতিয়াবা কাৰোবাৰ ঘৰত প্ৰয়োজন হ’লে গৰুগাড়ীৰ গাৰোৱানৰ সহযোগী হৈ কুঁহিয়াৰ লৈ চুগাৰ মিলত থৈ আহিছিল। আৰু দেওবাৰে দেওবাৰে পাণ-তামোল কিছু গোটাই দেওবৰীয়া হাটলৈ গৈছিল। লাভ-লোকচান কি হৈছিল নাজানিলেও এটা কথা তেওঁ জানিছিল যে বস্তুবোৰ বিক্ৰী কৰি ঘৰলৈ দাইল- তেলৰ লগতে সূতা দুমুঠি আহিছিল। কাৰণ, মানুহজনীয়ে অনবৰতে শালত ইযুতিৰ পিছত সিযুতি কাপোৰ বৈ থাকি ভাল পাইছিল। অকল নিজলৈ নহয় আন ওচৰ – চুবুৰীয়া দুই-চাৰিকো চাদৰ, মেখলা বা তিয়নি গামোচা আদিও বৈ দিছিল তেওঁ। 

  সেইদিনাও দেওবাৰেই আছিল। আনদিনাতকৈ পলমকৈ ঘৰ সোমোৱা মানুহটোৰ অৱস্থাটো দেখি থৰ হৈ পৰিছিল মানুহগৰাকী। লগতে অহা ওচৰৰ মইনা আৰু দীপে জনালে —” বজাৰতে মূৰ ঘূৰাই পৰিছিল মানুহটো। তেওঁলোকে ওচৰৰ ফাৰ্মাচীখনত দেখুৱাই মেলি কোনোমতে দৰৱ বেজী দিয়াই এয়া ঘৰ পোৱাইছেহি।” 

  হয়, তেওঁ মন কৰিছিল দুদিনমান ধৰি মানুহটো অলপ দুৰ্বল হৈ আছিল। গাটো অলপ বেয়া দেখি বজাৰলৈ যাবলৈও মানা কৰিছিল। কিন্তু তেওঁৰ কথা নুশুনি বাৰীৰ কলথোকা, তামোল পাণ দুপোণমান লৈ তেওঁ বজাৰলৈ ওলাই গৈছিল। তাই ৰাতিৰে কৰকৰা মুঠি গৰৈতিলা এটা পুৰি খৰিছা অকণমানেৰে জোৰকৈ খুৱাই পঠাইছিল। 

  কিন্তু সেই যে বজাৰৰ পৰা আহিল মানুহটো দুদিন দুৰাতি বিছনাত পৰিল আৰু হঠাতে সিফলীয়া হ’ল। তাৰপাছত কিমান কটনা কাটি ল’ৰা-ছোৱালীকেইটাক ডাঙৰ কৰিলে! ল’ৰা দুটা নিজৰ ভাগে খুটি খাব পৰা হোৱাৰ লগতে সৰুজনী ছোৱালীও নিজৰ ভৰিত থিয় দি চলিব পৰা হ’ল। সময়ত সকলোৱে বিয়া-বাৰু পাতি আজৰি হ’ল। 

 

 ডু ডু ডুম ডু ডু ডুম ডুম

 একেৰাহে বাজি উঠা ডবাৰ মাতত লিলানী বাস্তৱলৈ ঘূৰি আহিল। 

 — “ৰাইজ, সকলো সমবেত হওক! আমাৰ আজিৰ সেৱা ভাগ লোৱাৰ সময় হৈছে। কিন্তু তাৰ আগতে এভাগি শুভ কৰ্ম আমাৰ মাজলৈ আগবাঢ়ি আহিছে। “

 — মা! 

 — মাজনী তই? কেতিয়া আহিলি? 

 — এয়া মা দহ মিনিটমান হৈছে। আৰু তোমাক যে কৈছিলোঁ মা নামঘৰলৈ দেউতাৰ নামত কিবা এটা দিয়াৰ কথা, তাকেই দিবলৈ আহিলোঁ। এয়া, চোৱাচোন মা, তুমি আগবাঢ়াই দিয়া। 

 মানুহগৰাকীয়ে জীয়েকে সজাই থোৱা বস্তুপদ হাতেৰে চুই ৰাইজৰ মাজলৈ আগবঢ়াই দিলে। 

 নামঘৰীয়া দদাইদেউৰ লগতে নামঘৰ কমিটিৰ সম্পাদক উৎপল বৰুৱাই বস্তুপদ গ্ৰহণ কৰি ক’বলৈ ধৰিলে — “শ্ৰদ্ধেয় ৰাইজ, এয়া আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ গাঁৱৰে জীয়ৰী তথা পদুমনি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তৰালি গগৈ বৰা। তেওঁ তেওঁৰ প্ৰয়াত পিতৃ লিলা গগৈৰ সোঁৱৰণত নামঘৰৰ বাবে এপদ অতি দৰকাৰী সম্পদ আগবঢ়াইছে। আমি এয়া বস্তুপদ সাদৰেৰে গ্ৰহণ কৰি আপোনাসৱৰ মাজত মুকলি কৰিব বিচাৰিছোঁ।” 

 আয়তীৰ উৰুলি আৰু ডবা শংখধ্বনিৰ মাজতে তেওঁ নামঘৰৰ মজিয়াত থকা বিশেষ বস্তুটোৰ ওপৰৰ ডাঠ কাগজৰ আৱৰণটো মুকলি কৰি দিলে — ভিতৰত কেইখনমান ধৰ্মীয় গ্ৰন্থৰে এটা কিতাপৰ আলমাৰী। তলত লিখা কথাখিনি তেওঁ ডাঙৰকৈ পাঠ কৰি দিলে —”প্ৰয়াত লিলা গগৈৰ সোঁৱৰণত “

     দাতা — তগৰী গগৈ ( লিলানী) 

তগৰী? তগৰী? 

কাঁহ পৰি জীণ যোৱা ঘৰটোৰ মাজত যেন এক গুণগুণনি বৈ গ’ল। 

 ৰাইজ! ৰাইজ! এইবাৰ আমি সেৱা ভাগলৈ আগবাঢ়োঁ। 

 “কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী 

  কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ…..” 

 সকলোৰে লগত নামঘৰৰ মজিয়াত দীঘল দি পৰি সেৱাভাগ লোৱা লিলানীৰ চকু দুটা আজি কোনেও নেদেখা এক পোহৰ পৰি জলমলাই উঠিল। ক্ৰমে সেই পোহৰৰ ৰেখা বাঢ়ি আহি যেন তৰালীৰ চকুৱে মুখেৰেও বিয়পি পৰিল। 

 আবেলিৰ বেলি লহিওৱাৰ সেই সময়তো এচমকা চিকুন ৰ’দালি হৈ ৰাইজৰ কাষে কাষে ঘৰমুখী হোৱা মানুহগৰাকীৰ মুখেৰে নজনাকৈয়ে এটা মিঠা সুৰ বাজি উঠিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!