হৰেকৃষ্ণ ডেকাৰ উপন্যাস ’যাত্ৰা’ আৰু দুখন মহাকাব্য
লেখক- চিত্তৰঞ্জন ওঝা
হৰেকৰষ্ণ ডেকা কবি হিচাপে ইমানেই জনপ্ৰিয় যে তেওঁ কবিতাৰ বাহিৰেও যে বহু অনবদ্য চুটিগল্প, তিনিখন ভিন্নধৰ্মী উপন্যাস, সমালোচনাত্মক গ্ৰন্থ ৰচনা কৰিছে আমি বহুতে নাজানো। তেওঁৰ ’আগন্তুক’ উপন্যাসখন কল্প বিজ্ঞান কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ ’ডিটেকটিভ’ উপন্যাসত পোৱা যায় দুখনকৈ ৰহস্যধৰ্মী কাহিনী। ডেকাৰ “যাত্ৰা: এখন অসম্পূৰ্ণ উপন্যাসৰ বাৰটা অধ্যায়“ উপন্যাসখন ২০১৩ চনত প্ৰকাশ পায়। গ্ৰন্থখনে যদিও প্ৰথম অৱস্থাত পঢ়ুৱৈৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, লাহে লাহে গ্ৰন্থখন সমালোচকৰ দৃষ্টিগোচৰ হয়। এখন ব্যতিক্ৰমী আৰু বহুতৰপীয়া উপন্যাস হিচাপে গ্ৰন্থখন চিহ্নিত হয়। বিশিষ্ট সমালোচক ড° পৰী হিলৈদাৰীয়ে ’যাত্ৰা“ক অসমীয়া সাহিত্যলৈ এক অভিনৱ সংযোজন বুলি অভিহিত কৰিছে। ইয়াৰ কাৰণ হিচাপে তেওঁ উপন্যাসখনৰ উত্তৰ আধুনিক লক্ষণসমূহ দেখুৱাই দিছে।
উপন্যাসখন আৰম্ভ হৈছে কথকৰ বা লেখকৰ পূৰ্ব প্ৰকাশিত ’স্বৰ্ণবৃষ্টি’ নামৰ গল্প এটাৰ জৰিয়তে। গল্পটোত উল্লেখ আছিল আদিম জনগোষ্ঠী এটাৰ কাহিনী। গল্পটো ইংৰাজীলৈ কোনোবাই অনুবাদ কৰিলে আৰু বিদেশী পৰ্যটক এজনে গল্পটো পঢ়ি কথকলৈ এখন চিঠি লিখে। এখন আদিম জনগোষ্ঠীৰ মাজত সেই বিদেশী পৰ্যটকজনে দুবছৰ কাল অতিবাহিত কৰিবলগীয়া হয়। ঘটনাক্ৰমে তেওঁ তাৰ পৰা ওলাই আহি লেখকক চিঠিৰে সংযোগ কৰিবলৈ বিচাৰিলে যাতে লেখকে কল্পনাৰে কাহিনী এটা লেখাতকৈ পৰ্যটকজনৰ সঁচা অভিজ্ঞতাৰে পুষ্টহৈ এখন উপন্যাস লিখিব পাৰে। পৰ্যটকক বিচাৰি কথকে এজন সংগীৰ স’তে হিমালয়ৰ পাদদেশলৈ যাত্ৰা আৰম্ভ কৰে, উদ্দেশ্য প্ৰস্তৰ যুগৰ দৰে বাস কৰা সেই আদিম জনগোষ্ঠীৰ বিষয়ে জানিবলৈ। গন্তব্যস্থান গৈ পাই দেখে যে সেই বিদেশী পৰ্যটকজন সেই ঠাইত নাই, কেতিয়া আহে কোনো নিশ্চয়তা নাই। ইপিনে মহেন্দ্ৰ গগৈ নামৰ সংগীজন কোনো সন্ত্ৰাসবাদী সংগঠনৰ হাতত বন্দী হ’বলগীয়া হয়। তেনে অৱস্থাত কথকে নিজাববীয়াকৈ সেই আদিম জনগোষ্ঠীটোক লৈ উপন্যাস লিখিবলৈ লয়। ইপিনে তেওঁৰ উপন্যাসখনৰ লিখা কাম চলি থাকে, আনপিনে জনগোষ্ঠীৰ বাস্তৱৰ জগতখনো সঁচা অৰ্থত আগুৱাই গৈ থাকে। বাস্তৱ আৰু কথকৰ কল্পনাৰে সৃষ্ট উপন্যাসখন সমান্তৰালভাৱে চলি থাকে। এটা সময়ত কাহিনীয়ে এনেদৰে আগবাঢ়ে য’ত বাস্তৱ সত্য আৰু উপন্যাসৰ পৰিণতি একে হৈ পৰে। উপন্যাসখন সৃষ্টি হৈছিল ’স্বৰ্ণবৃষ্টি’ নামৰ গল্পটোৰ পৰা। সেই গল্পটো কিন্তু কথকে উপন্যাসৰ বাৰটা অধ্যায়ৰ পাছত পৰিশিষ্ট হিচাপে সংযোজন কৰি কৈছে যে যদিও উপন্যাসৰ আৰম্ভণিত আৰু মাজত ’স্বৰ্ণবৃষ্টি’ গল্পটোৰ কথা উল্লেখ আছে উপন্যাসখনৰ কাহিনীৰ লগত গল্পটোৰ সম্বন্ধ নাই, কৌতূহলী পাঠকৰ বাবেহে গল্পটো পৰিশিষ্টত দিয়া হ’ল। এইটোৱে উপন্যাসখনত উত্তৰ আধুনিকতাৰ লক্ষণ বহন কৰিছে। ড° পৰী হিলৈদাৰীৰ মতে, “যি বাস্তৱক আধাৰ কৰি লেখকে ভাষাৰ মাধ্যমেৰে সাহিত্য ৰচনা কৰে সেই বাস্তৱৰ চৰিত্ৰ আদিম জনগোষ্ঠীটোৰ নিচিনাকৈ ধূসৰ, অস্পষ্ট আৰু অনিশ্চিত। আৰু যি ভাষাৰ মাজেৰে বাস্তৱক সাহিত্যৰ ৰূপত তুলি ধৰা হয়, সেই ভাষাৰ স্বৰূপ বা মৰ্ম তেনেই আপেক্ষিক। ’যাত্ৰা’ৰ এই আত্মপ্ৰতিবিন্বিত কথকতাক উত্তৰাধুনিক আখ্যা দিয়াত দ্বিমত থাকিব নিশ্চয় নোৱাৰে।“ এটা আদিম জনগোষ্ঠী যদি আজিৰ বৰ্বৰ পৃথিৱীত লোকচক্ষুৰ আঁৰত সঁচাকৈয়ে বসবাস কৰি থাকে আৰু শেষত তথাকথিত সভ্য মানৱৰ দৃষ্টিত ধৰা পৰি যায়, সেই জনগোষ্ঠীৰ শেষ পৰিণতি কি হ’ব পাৰে সকলোৰে বাবে অনুমেয়। ভিন্নস্বাদৰ এখন অনবদ্য উপন্যাস অসমীয়া ভাষাতে যদি পঢ়িব বিচাৰে তেনেহ’লে “যাত্ৰা: এখন অসম্পূৰ্ণ উপন্যাসৰ বাৰটা অধ্যায়“ পঢ়িব পাৰে।
’যাত্ৰা’ৰ দৰে কাহিনী আগত, ঘটনা পাছত তেনে দুখন ছবি আমি দেখিবলৈ পাওঁ পৃথিৱীৰ সৰ্বকালৰ দুখন শ্ৰেষ্ঠ মহাকাব্যত – ৰামায়ণ আৰু মহাভাৰতত। ৰামায়ণৰ কাহিনীভাগ আমি চালে দেখিবলৈ পাওঁ যে ঋষি বাল্মীকিয়ে ৰামায়ণৰ কাহিনীৰ সৃষ্টি কৰিছে কল্পনাশক্তিৰে, ৰামৰ জন্মৰ আগেয়ে। আনহাতে শ্ৰীৰামচন্দ্ৰ আৰু সীতাৰ ঘটনা আগবাঢ়িছে বাস্তৱত কাহিনী ৰচনাৰ বহু পিছত। অথচ বাস্তৱত বাল্মীকিয়ে ৰামক লগেই পোৱা নাছিল। কল্পনাৰ ৰামায়ণৰ কাহিনী আৰু বাস্তৱৰ ৰাম-সীতাৰ কাহিনী এটা সময়ত একে হৈ পৰে, যেনেদৰে একে হৈ পৰা দেখিছিলোঁ ’যাত্ৰা’ উপন্যাসত। আনকি মহাকাব্যৰ মূল নায়ক ৰামে বাল্মীকিৰ আশ্ৰমত লালন-পালন হোৱা লৱ-কুশৰ মুখত ৰামায়ণৰ কাহিনী শুনি নিজ পুত্ৰক চিনি পায় আৰু নিজ ৰাজ্যলৈ ওভতাই আনে। ৰামায়ণৰ কাহিনীৰ উপস্থাপনলৈ লক্ষ্য কৰিলে উত্তৰাধুনিক লক্ষণ চকুত নপৰেনে?
আনপিনে ৰাৱণৰ হাতৰ পৰা সীতাক উদ্ধাৰ কৰাৰ পাছত পুনৰ সীতাক বিসৰ্জন দিবলগীয়া হৈছিল ৰজা ৰামচন্দ্ৰই নিম্নবৰ্গীয় শ্ৰেণীৰ মতবাদক গুৰুত্ব দিয়াৰ বাবে। মহা পৰাক্ৰমী বালিক হত্যা, ৰামে ব্যক্তি স্বাৰ্থক গুৰুত্ব দিয়া যেন অনুভৱ হয়। বালিক আমি প্ৰান্তীয় বৰ্গৰ বুলি ধৰিব পাৰোঁ। মহাকাব্য ৰামায়ণৰ কাহিনীৰ অন্ত:স্তৰলৈ সোমাই সেই সময়ৰ নিম্নবৰ্গীয়, প্ৰান্তীয় বৰ্গৰ চেতনাৰ বিষয়ে অধ্যয়ন কৰাৰ নিশ্চয় প্ৰয়োজন আছে। ভাৰতৰ ইতিহাস চৰ্চাত ৰামায়ণ আৰু মহাভাৰতৰ অধ্যয়নৰ আৱশ্যকতা আজিও অনুভৱ কৰা হয়।
আনখন মহাকাব্য মহাভাৰতত কাহিনী কথন আৰু বাস্তৱৰ সমন্বয়ৰ অপৰূপ দৃশ্য দেখিবলৈ পোৱা যায়। মহাভাৰতৰ প্ৰথমতে আমি পাওঁ মৎসগন্ধাৰ কাহিনী। কাহিনী আৰম্ভ হৈছিল নাৱৰীয়া ৰূপত যুৱতী মৎসগন্ধা ওৰফে সত্যৱতী আৰু নাৱেৰে যমুনা নদী পাৰ হ’বলৈ অহা ঋষি পৰাশৰৰ৷ পৰাশৰৰ দৃষ্টি সদ্যযৌৱনা সত্যৱতীৰ দেহত৷ ঋষিৰ পুৰুষসত্তা জাগি উঠিল৷ পৰিণতিত সত্যৱতীয়ে ইচ্ছাৰ বিপৰীতে সংগমত লিপ্ত হ’বলৈ বাধ্য হ’ল৷ ঋষিৰ ইচ্ছা, নীচ কুলত জন্মলাভ কৰা গাভৰু এগৰাকীৰ আপত্তিৰ কিবা থল আছেনে? আকাশ মেঘাচন্ন হৈ পৰিল, যমুনা নৈ স্তব্ধ হৈ পৰিল, সত্যৱতীৰ মাছ মাছ গোন্ধোৱা দেহ সুগন্ধিৰে ভৰি পৰিল। সত্যৱতীয়ে ঋষিৰ দুবাহুত নিজকে সপি দিলে৷ সন্তান সম্ভৱা হ’ল সত্যৱতী৷ ঋষিৰ ঐশ্বৰিক শক্তিৰ প্ৰভাৱত সংগমৰ দিনাখনে এটি দ্বীপত সন্তান জন্ম পালে, নাম থলে কৃষ্ণদ্বৈপায়ন৷ ঋষিৰ সন্তান, জন্মিয়ে কিশোৰ ৰূপ পালে, খোজ কঢ়িব পৰা হ’ল, দৌৰিব পৰা হ’ল আৰু পিতৃৰ ইচ্ছাত পিতৃদেৱতাৰ সৈতে বনলৈ গুচি গ’ল৷ সেই সকলো ঘটনা সংঘটিত হ’ল একেদিনাই। ঋষিৰ হাজাৰ বছৰ তপস্যাৰ ফল এয়া, সাধাৰণ নৰ-মনিচৰ বাবে সম্ভৱ নহয়৷ সেই কৃষ্ণদ্বৈপায়নে ব্যাস নামেৰে সকলোৰে পৰিচিত যিয়ে মহাকাব্য মহাভাৰত ৰচনা কৰিছিল। তেওঁ লিখি গৈছে মহাকাব্যখন আৰু কাহিনীও আগবাঢ়িছে একেটা গতিত, একেই ৰূপত।
নিজৰ সৃষ্টি মহাভাৰতত কথক নিজেও এটা চৰিত্ৰ। সত্যৱতীৰ পুত্ৰ বিচিত্ৰবীৰ্যৰ দুই পত্নী অম্বিকা আৰু অম্বালিকা। গৰ্ভৱতী হোৱাৰ আগতেই যুদ্ধত মৃত্যুমুখত পৰে বিচিত্ৰবীৰ্য। বংশ ৰক্ষা হয় কেনেকৈ? সত্যৱতীয়ে পুত্ৰ দ্বৈপায়নক স্মৰণ কৰে। মাতৃৰ আদেশ, দুই ভাই বোৱাৰীক সন্তান সম্ভৱা কৰি তুলিব লাগে। অৰণ্যৰ মাজত তপ-যপ কৰি চুলি-দাঢ়িৰে ভোবাকাৰ এজনৰ সৈতে শাৰীৰিক সম্বন্ধত লিপ্ত হ’বলৈ অম্বিকা, অম্বালিকা ইচ্ছুক নে? ৰাজমাতৃৰ আদেশ পালন নকৰাকৈ থাকে কেনেকৈ। জন্ম পালে ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ। কিন্তু প্ৰেম নিবেদনৰে সন্তান জন্ম দিলে অম্বালিকাৰ দাসীয়ে। সেয়ে বিদুৰ হৈ পৰিল সৰ্বজ্ঞানী আৰু ধাৰ্মিক। ইপিনে ধৃতৰাষ্ট্ৰ হ’ল অন্ধ আৰু পাণ্ডু হ’ল নিশকটীয়া। সমাজ স্বীকৃত যি ভুলৰ বাবে জন্ম পালে মহাকাব্যৰ ৰচক ব্যাস, নিজেও সেই একেটা ভুলকে পুনৰাই নকৰিলে নে?
উত্তৰাধুনিকতাত পৰম সত্য বুলি, ন্যায় বুলি কোনো কথা নাই। সকলো আপেক্ষিক। ড° হিলৈদাৰীৰ ভাষাত মানুহে বিষয়ীৰ ৰূপত অৱতীৰ্ণ হৈ বোধক্ষমতাৰে বলিয়ান সৰ্বজান্তাৰ ৰূপত সকলো বস্তু আৰু সমগ্ৰ পৃথিৱীখনৰ ওপৰতে অৰ্থ আৰোপ কৰিব আৰু সেয়াই সাৰ্বজনীন সত্য বুলি ঘোষণা কৰিব, সেয়া প’ষ্টমডাৰ্ণ দৰ্শনে সম্পূৰ্ণভাৱে অগ্ৰাহ্য কৰিছে। মহাকাব্য দুখনৰ তেনে বহুতো চৰিত্ৰক বিচাৰকৰ তুলাচনীত তুলিলে ন্যায়-নিষ্ঠা প্ৰতিষ্ঠা কৰিব পৰা নাযায়। ৰামায়ণৰ চৰিত্ৰ সীতা, উৰ্মিলা, বালিৰ স’তে যেনেদৰে ন্যায় সম্ভৱ নহ’ল, তেনেদৰে ন্যায় নাপালে গঙ্গাপুত্ৰ দেবব্ৰত ভীষ্মই, সূত পুত্ৰ কৰ্ণই। সেয়েহে আমি কওঁ ৰামায়ণ-মহাভাৰতৰ কাহিনীকো উত্তৰাধুনিকতাৰ দৃষ্টিৰে বিশ্লেষণ কৰিব পৰা যায়। দুয়োখন মহাকাব্যত অধিবাস্তৱবাদ, যাদুকৰী বাস্তৱবাদৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। তাৰ মাজতে হাজাৰ বছৰৰ আগৰ ভাৰতীয় সমাজখনক বিশ্লেষণ কৰিব পৰা যায়। পুনৰপঠনৰ জৰিয়তে বিভিন্ন দৃষ্টিভংগীৰে আমি ৰামায়ণ আৰু মহাভাৰতক নতুনকৈ চাবলৈ আৰম্ভ কৰিব পাৰোঁ। তাৰ পৰা আমাৰ মনলৈ নতুন নতুন প্ৰশ্নৰ উদয় হয়। মহাভাৰতত সঁচাকৈ ধৰ্মৰ জয় প্ৰতিষ্ঠা হ’ল নে তাকো আমি প্ৰশ্ন কৰিব পাৰোঁ। তেনে কৰিলে মহাকাব্য দুখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা কমি নাযায়, বৰং বৃদ্ধি হে পায়। তাতোকৈ ডাঙৰ কথা মহাকাব্য দুখন বৰ্তমান সমাজ জীৱনত কিমান প্ৰাসঙ্গিক তাক বুজিব পৰা যায়। পঠন, পুনৰপঠন অথবা নিৰ্মাণ-বিনিৰ্মাণৰ জৰিয়তে বিশ্বৰ সাহিত্য জগতত, বিশ্বৰ বৌদ্ধিক মহলত মহাকাব্য দুখনৰ শ্ৰেষ্ঠত্ব পুনৰাই প্ৰতিপন্ন কৰিব পৰা যাব।
(২৪ নভেম্বৰ, ২০২৪, আমাৰ অসম কাকতত প্ৰকাশিত)