ৰংগন আৰু চাৰিগৰাকী প্ৰধানমন্ত্ৰী

লেখক- দীপক কুমাৰ দাস

কৃষ্ণস্বামী কস্তুৰীৰংগন ভাৰতৰ এগৰাকী আগশাৰীৰ মহাকাশ বিজ্ঞানী। তেখেতে ন বছৰ ধৰি একাধাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO)অধ্যক্ষ, মহাকাশ আয়োগৰ অধ্যক্ষ আৰু মহাকাশ বিভাগত ভাৰত চৰকাৰৰ সচিব পদত অধিষ্ঠিত আছিল। 

 

সেই কাৰ্যকালত ৰংগনে ভাৰতৰ চাৰিগৰাকী প্ৰধানমন্ত্ৰী, ক্ৰমে পি ভি নৰসিংহ ৰাও, এইচ ডি দেৱেগৌড়া, ইন্দৰ কুমাৰ গুজৰাল আৰু অটল বিহাৰী বাজপায়ীৰ অধীনত পোনপটীয়াকৈ কাম কৰাৰ সুযোগ পাইছিল।  ৰংগনৰ এই অভিজ্ঞতা আৰু অনুভৱৰ কথা, “Space & Beyond” নামৰ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থখনত উল্লেখ আছে। তাৰে কিছু কথা থূলমূলকৈ যুকিয়াই দাঙি ধৰা হ’ল। 



১) পি ভি নৰসিংহ ৰাও

 

১৯৯৪ চনৰ এপ্ৰিল মাহৰ কথা। ইছৰো’ৰ মুৰব্বী হৈয়েই ৰংগনে সেইসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক দেখা কৰিবলৈ যায়। উদ্দেশ্য আছিল নিজৰ আনুষ্ঠানিক পৰিচয় দিয়া আৰু ইছৰো’ৰ কাৰ্যকলাপৰ এটা খতিয়ান দাঙি ধৰা। নৰসিংহ ৰাওৰ অগাধ পাণ্ডিত্যৰ কথা জানি আৰম্ভণিৰ পৰাই ৰংগনে অকণমান নাৰ্ভাছ অনুভৱ কৰিছিল। 

 

কোঠাত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও অকলে বহি আছিল। ৰাৱে কোনো ঔপচাৰিকতা নকৰাকৈয়ে ৰংগনক বহিবলৈ ইংগিত দিলে। ৰংগনে ইছৰো’ৰ মুৰব্বী পদত তেখেতক মনোনীত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে। কিন্তু নৰসিংহ ৰাওৰ মুখত কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল।  তাৰ পিছত ৰংগনে বিভাগীয় কাম-কাজৰ খতিয়ান দিবলৈ আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰীয়ে ৰংগনৰ কথাবোৰ মনোযোগেৰে শুনিলে কিন্তু নিজে মাত এষাৰ নামাতিলে। ৰংগনে নিজৰ বক্তব্য পোন্ধৰ মিনিটতে শেষ কৰি, প্ৰধানমন্ত্ৰীৰ কোনো সঁহাৰি নাপাই, পুনৰ ধন্যবাদ জনাই কোঠাটোৰ পৰা দোধোৰ-মোধোৰকৈ ওলাই আহিল। 

 

এমাহৰ ভিতৰতে ৰংগনৰ পুনৰ প্ৰধানমন্ত্ৰীক সম্পৰ্ক কৰাৰ সময় আহিল। ইছৰো’ৰ যিকোনো উৎক্ষেপণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক উৎক্ষেপণৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰাটো এটা পৰম্পৰা। ASLV-D4 যানৰ উৎক্ষেপণৰ পূৰ্বসন্ধা ৰংগনে টেলিফোনেৰে প্ৰধানমন্ত্ৰীক উৎক্ষেপণ সম্বন্ধে জনালে। প্ৰধানমন্ত্ৰীয়ে ক’লে যে তেখেতে ভাল খবৰটো পাবলৈ বাট চাই আছে আৰু সকলোলৈ শুভেচ্ছা জনালে। 

আশাকৰা মতেই উৎক্ষেপণ সফল হ’ল আৰু ভাৰতে SROSS-C2 উপগ্ৰহক নিৰ্দিষ্ট কক্ষত সুচাৰুৰূপে স্থাপন কৰিলে। আনন্দত উৎফুল্ল হৈ ৰংগনে তৎক্ষণাত প্ৰধানমন্ত্ৰীক ফোন কৰিলে। উত্তৰত প্ৰধানমন্ত্ৰীয়ে ইছৰো’ আৰু সংশ্লিষ্ট দলটোক অভিনন্দন জনালে। কিন্তু তেখেতৰ কথাত ৰংগনে কোনো আৱেগ বা উচ্ছ্বাস বিচাৰি নাপালে। ৰংগন অলপ চিন্তিত হ’ল। 

 

যি কি নহ‌ওঁক, ঠিক এক সপ্তাহৰ পিছত পাৰম্পৰিক প্ৰথা অনুযায়ী, ৰংগনে দহ-বাৰজনমান সহকৰ্মীৰে সৈতে প্ৰধানমন্ত্ৰীক উৎক্ষেপণৰ বিৱৰণ দিবলৈ গ’ল। এইবাৰ সাক্ষাৎতৰ স্থান আছিল প্ৰধানমন্ত্ৰীৰ বাসভৱন। 

ৰংগন আৰু অন্য সহকৰ্মীসকল বাসভৱনৰ এটা কোঠাত গোট খালে। নিৰ্ধাৰিত সময়ত প্ৰধানমন্ত্ৰী ৰাও আৰু ৰাজ্যমন্ত্ৰী ভুৱনেশ চতুৰ্বেদী সোমাই আহিল। আহিয়েই প্ৰধানমন্ত্ৰীয়ে সমূহীয়াকৈ সুধিলে, “কোনে আৰম্ভ কৰিব?” 

 

ৰংগন আগবাঢ়ি আহি উৎক্ষেপণ যান আৰু উপগ্ৰহৰ উদ্দেশ্য আৰু ফলাফল প্ৰধানমন্ত্ৰীৰ সমুখত দাঙি ধৰিলে। এইবাৰো প্ৰধানমন্ত্ৰীয়ে মনোযোগেৰে শুনিলে কিন্তু নিজে হা-না একো নক’লে। ৰংগনৰ বক্তব্যৰ শেষত সকলোলৈ এবাৰ চকু ফুৰাই চাই, সৰুকৈ ধন্যবাদ বুলি কৈ সভা সামৰিলে। 

 

এইবাৰ ৰংগন সঁচাকৈ চিন্তিত হ’ল। তেখেতে আশা কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে অন্ততঃ ইছৰো’ৰ কৰ্মচাৰী সকলৰ বাবে কেইষাৰমান উদগনি আৰু প্ৰশংসাসূচক কথা ক’ব। 

অৱশেষত ৰংগনে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী, ভুৱনেশ চতুৰ্বেদীক লগ ধৰি, পোনপটীয়াকৈ সুধিলে, “ছাৰ, প্ৰধানমন্ত্ৰীয়ে মোৰ সতে মুকলিকৈ কথা নাপাতে। তেখেত ইছৰো’ৰ কাম-কাজ অথবা মোৰ প্ৰতি অসন্তুষ্ট নেকি?” 

 

চতুৰ্বেদীয়ে হাঁহি এটা মাৰি ক’লে, “আপুনি মিছাই চিন্তা কৰিছে, ৰংগন। প্ৰধানমন্ত্ৰী, ইছৰো’ৰ তথা আপোনাৰ কাম-কাজত অত্যন্ত সুখী।” 

 

ইয়াৰ ঠিক চাৰি মাহৰ পিছত, ৰংগনে আকৌ এবাৰ, এখন সভাত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক ল’গ পালে। সেই সভাত কেইবাজনো বিভাগীয় সচিব, কেবিনেট সচিব, প্ৰধান সচিব, পৰিকল্পনা আয়োগৰ সদস্য, ৰাজ্যমন্ত্ৰী ভুৱনেশ চতুৰ্বেদী আদি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে সভাগৃহত সোমায়েই ৰংগনৰ ফালে চাই ক’লে, “কেনে আছা, কস্তুৰীৰংগন?” 

 

প্ৰধানমন্ত্ৰীৰ এনে অপ্ৰত্যাশিত সম্ভাষণত ৰংগন আনন্দ আৰু বিস্ময়ত থতমত খালে। প্ৰধানমন্ত্ৰীয়ে ৰংগনৰ ভাষণৰ মাজে-মাজে ভালে কেইটামান বুদ্ধিদীপ্ত প্ৰশ্ন কৰিলে। তেখেতৰ প্ৰগাঢ় জ্ঞান আৰু বুদ্ধিমত্তাৰ পৰিচয় পাই ৰংগনে তবধ মানিলে। ইয়াৰ মাজতেই ৰংগনৰ স’তে চতুৰ্বেদীৰ দৃষ্টি বিনময় হ’ল আৰু ৰংগনে তেখেতলৈ কৃতজ্ঞতাৰ মিচিকিয়া হাঁহি এটা মাৰিলে। 

 

ইয়াৰ পিছত অৱশ্যে ৰংগনে বিভিন্ন কাৰণত সময়ে-অসময়ে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক সাক্ষাৎ কৰিবলগীয়া হৈছিল আৰু ৰাৱেও মুকলি মনেৰে বাৰ্তালাপ কৰিছিল। 

 

১৯৯৬ চনত নৰসিংহ ৰাও প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অৱসৰ লোৱাৰ পিছত ৰংগনে সৌজন্যমূলক সাক্ষাৎ কৰোঁতে ৰাৱে কৈছিল, “ইছৰো’ৰ বা-বাতৰি দি থাকিবা আৰু যেতিয়াই মন যায় তেতিয়াই মোক ফোন কৰিবলৈ সংকোচ নকৰিবা।” 

 

ইয়াৰ বহুদিনৰ পিছত, ১৯৯৯ চনত ৰংগনে ৰাওক আকৌ এবাৰ লগ পালে। এইবাৰ এখন বিমানত, দিল্লীৰ পৰা হায়দৰাবাদলৈ গৈ থাকোঁতে। ৰাও ৰংগনতকৈ দুশাৰী আগত বহিছিল। ৰংগনে আগবাঢ়ি গৈ তেখেতক মাত লগালে। ৰাৱে ৰংগনৰ দুয়োখন হাত নিজৰ হাতত তুলিলৈ, আন্তৰিকতাৰে ক’লে, “তোমাক লগ পাই বৰ ভাল লাগিল। তুমি বৰ ভাল কাম কৰি আছা। এনেকৈ কৰি থাকিবা।” 

 

বিমানখনে উৰা মৰাৰ পিছতেই ইঞ্জিনৰ বিজুতি ঘটি দিল্লীলৈ ঘূৰি আহিব লগীয়া হ’ল। দিল্লী বিমানবন্দৰত ৰাওৰ সহায়কে খবৰ দিলে যে বিমানখনৰ মেৰামতি হয় মানে ৰাতি ভালেখিনি হ’ব। গতিকে সেই দিনাৰ যাত্ৰা বাতিল কৰি অন্য এদিন যোৱাহে উচিত হ’ব। কিন্তু ৰাৱে নামানিলে। তেখেতে ধৈৰ্যৰে বিমানৰ অপেক্ষা কৰি থাকিল। 

 

অৱশেষত বেচ পলমকৈ বিমানখনে আকৌ উৰা মাৰিলে। মাজনিশা বিমানত ৰাওক ভোজন পৰিৱেশন কৰা হ’ল। ৰাৱে পৰম তৃপ্তিৰে প্ৰতিবিধ খাদ্য গ্ৰহণ কৰিলে, আনকি ফলৰ থালখনো বাদ নপৰিল। উপৰঞ্চিকৈ আৰু একাপ কফি নিজেই অনালে। তাৰ পিছত এখন শকত কিতাপ উলিয়াই, মূৰৰ ওপৰৰ ৰিডিং লাইটটো জলাই, কিতাপৰ মাজত ডুব গ’ল। চৌপাশে তেতিয়া তেখেতৰ আধাতকৈও কম বয়সৰ মানুহবোৰ টোপনিত লাল-কাল হৈ আছিল। ৰংগনে মনে মনে ভাবিলে, “জীৱন স্পৃহাৰ ইয়াতকৈ সুন্দৰ নিদৰ্শন কি হ’ব পাৰে!” 

 

২০০৪ চনৰ ডিচেম্বৰ মাহত তেতিয়া ৰাজ্য সভাৰ শীতকালীন অধিৱেশন চলি আছে। ৰংগন তেতিয়া ৰাজ্য সভাৰ সদস্য। অধিবেশনৰ মাজতে ৰংগনে খবৰ পালে যে ৰাওৰ দেহাৱসান ঘটিছে। ৰংগনে মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যাবলৈ ওলায়ো শেষত নোযোৱাটোকেই ঠিক কৰিলে। 

 

ৰংগনে তেখেতৰ মানস-পটত ৰাওৰ সেই ছবিখন ধৰি ৰাখিব খুজিলে, য’ত ৰাও মাজনিশাৰ বিমানত, পৰম তৃপ্তিৰে নৈশ ভোজন কৰি উঠি, শকত কিতাপখন পঢ়ি আছে। তেখেতৰ মূৰত ৰিডিং লাইটৰ উজ্জ্বল পোহৰ। আৰু চাৰিওফালে এখন অন্ধকাৰ, নিদ্ৰামগ্ন জগত। ৰংগনৰ ভাষাত এয়া ৰাওৰ প্ৰতি তেখেতৰ শেষ শ্ৰদ্ধা নহয়, অন্তহীন শ্ৰদ্ধা। 



 ২) এইচ ডি দেৱেগৌড়া

 

১৯৯৬ চনৰ জুন মাহত এইচ ডি দেৱেগৌড়াই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ আগতে দেৱেগৌড়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল আৰু সেইসময়ত ৰংগনৰ স’তে বহুবাৰ দেখা-সাক্ষাৎ হৈছিল। গতিকে প্ৰধানমন্ত্ৰী হিচাপে দেৱেগৌড়াক প্ৰথমবাৰ দেখা কৰিবলৈ যাওঁতে ৰংগন নাৰ্ভাছ হোৱা নাছিল। 

 

প্ৰথম সাক্ষাততেই প্ৰধানমন্ত্ৰী দেৱেগৌড়াই ৰংগনক সুধিলে, “পাৰমাণৱিক অস্ত্ৰৰ অপ্ৰসাৰণ চুক্তি (NPT) সন্দৰ্ভত আপোনাৰ মতামত কি?” 

 

ৰংগনে অলপ অপ্ৰস্তুত হৈ ক’লে যে এইটো তেখেতৰ বিষয় নহয়। তথাপি ৰংগনে এই চুক্তিৰ ভাল আৰু বেয়া দিশবোৰ নিজৰ ধাৰণা মতে দাঙি ধৰিলে। 

 

প্ৰধানমন্ত্ৰী দেৱেগৌড়াই ক’লে যে এই বিষয়ে কোনো সিদ্ধান্ত লোৱাৰ আগতে তেওঁ ৰংগনৰ নিচিনা বিভিন্ন আমোলা আৰু বিশেষজ্ঞৰ পৰামৰ্শ ল’ব খোজে। 

 

ৰংগনে মনে মনে ভাবিলে যে পৰামৰ্শ লোৱাটো বৰ ভাল কথা, কিন্তু প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শদাতা অতি সাৱধানে বাছিব লাগিব‌। ইয়াৰ পিছত ৰংগনে নিজৰ বিভাগৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ বিচাৰিলে। দেৱেগৌড়াই এই বিষয়বোৰ প্ৰথমে প্ৰধান সচিব, সতীশ চন্দনৰ সতে আলোচনা কৰিবলৈ কৈ সেইদিনাৰ আলোচনাৰ সিমানতে সামৰণি মাৰিলে। 

 

প্ৰথম দিনাৰ অনুভৱ যিয়েই নহওক কিয়, ৰংগনৰ মতে এবছৰতকৈও কম কাৰ্যকালত ইছৰো’ৰ বাবে দেৱেগৌড়াই ভালেকেইটা গুৰুত্বপূৰ্ণ কাম সমাধা কৰি যায়। তাৰে ভিতৰত ভাৰতৰ উপগ্ৰহীয় যোগাযোগ নীতিৰ অনুমোদন আৰু ভাৰত-মাৰ্কিন বতৰ-বৈজ্ঞানিক উপগ্ৰহীয় তথ্য বিনিময়ৰ চুক্তি উল্লেখযোগ্য। কেৱল সেয়াই নহয়, ৰংগনৰ এটা মাত্ৰ অনুৰোধতেই প্ৰধানমন্ত্ৰী দেৱেগৌড়াই ইছৰো’ৰ বাজেটৰ বাবে অতিৰিক্ত এশ কোটি টকাৰ মঞ্জুৰী দিছিল। 

 

ৰংগনৰ মতে দেৱেগৌড়া এজন সময়ৰ শৰ সময়ত মাৰিব জনা বিচক্ষণ পৰিচালক তথা প্ৰশাসক আছিল‌। তেখেতে আমোলাসকলক সুচাৰুৰূপে কাম কৰিবলৈ যথেষ্ট স্বাধীনতা আৰু গুৰুত্ব দিছিল। 

 

৩) ইন্দৰ কুমাৰ গুজৰাল

 

১৯৯৭ চনৰ এপ্ৰিল মাহত, ইন্দৰ কুমাৰ গুজৰাল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। গুজৰাল এসময়ত ছোভিয়েট সংঘত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল আৰু তেতিয়া ৰংগনে কেইবাবাৰো তেখেতক মস্কোত লগ পাইছিল। 

 

গুজৰালক লগ কৰিবলৈ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ৰংগন প্ৰথমবাৰ যাওঁতে গুজৰালে ক’লে, “আপুনি আগৰ দৰে একেই আছে, মাথোঁ অলপ শকত হৈছে।” ৰংগনে কৃতজ্ঞতাৰে ধন্যবাদ দি বিভাগীয় কাম-কাজৰ খতিয়ান দাঙি ধৰিলে‌। 

 

এনেতে গুজৰালৰ সচিবজন সোমাই আহি ক’লে যে অলপ পিছতেই, পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ফোন আহিব। সচিবে গুজৰালৰ মেজত থকা এটা বিশেষ ফোনত শ্বৰীফক সংযোগ কৰিব বুলি দেখুৱাই থৈ গ’ল। সচিবে দেখুওৱা ফোনটো অলপ জটিল আছিল। তাত ভালেকেইটামান নিয়ন্ত্ৰণ বুটাম আছিল। গুজৰালে ৰংগনক এই টেলিফোনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সুধিলে। তেখেতে হয়তো ভাবিছিল যে এজন মহাকাশ বিজ্ঞানীৰ বাবে এইটো এটা সাধাৰণ কথা। ৰংগনে কিন্তু তেনে ফোন কেতিয়াও ব্যৱহাৰৰ কৰি পোৱা নাছিল। অৱশ্যে ৰংগনে চেষ্টা এটা কৰি চাব পাৰিলেহেঁতেন, কিন্তু তেখেতে দুখন দেশৰ প্ৰধানমন্ত্ৰীৰ কথোপকথনত কোনো ৰিস্ক ল’ব নুখুজিলে আৰু প্ৰধানমন্ত্ৰীক অন্য এটা সাধাৰণ ফোন ব্যৱহাৰ কৰিবলৈ দিহা দিলে। গুজৰালেও সচিবক কৈ তাৰেই ব্যৱস্থা কৰিলে আৰু ৰংগন এটা অস্বস্তিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল। 

 

প্ৰধানমন্ত্ৰী গুজৰাল, মহাকাশ গৱেষণাৰ ক্ষেত্ৰত, ওচৰ-চুবুৰীয়া দেশ সমূহৰ স’তে কোনো লুক-ঢাক নকৰাকৈ সহযোগিতাৰে কাম কৰাৰ পক্ষপাতী আছিল। এবাৰ যেতিয়া ৰংগনে গুজৰালক IRS-1C উপগ্ৰহ‌ই লোৱা পাকিস্তানৰ ভূখণ্ডৰ কেইখনমান সুন্দৰ ছবি দেখুৱালে, তেতিয়া গুজৰালে সেই ছবিকেইখন পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক উপহাৰ দিব পৰা যায় নেকি সুধিলে। ৰংগনে ইয়াত আপত্তিৰ কোনো কাৰণ নেদেখিলে যদিও প্ৰধানমন্ত্ৰীক তেখেতৰ প্ৰধান সচিব এন এন ভোহৰাৰ স’তে আলোচনা কৰাৰ পৰামৰ্শ দিলে। গুজৰালে পিছত ভোহৰাৰ সন্মতি লৈ, ছবি কেইখন পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফলৈ পঠিয়ালে‌। 

 

IRS-1D উপগ্ৰহৰ উৎক্ষেপণৰ সময়ত ৰংগনৰ অনুৰোধত প্ৰধানমন্ত্ৰী গুজৰাল শ্ৰীহৰিকোটাৰ নিয়ন্ত্ৰণ কক্ষত উপস্থিত আছিল আৰু উৎক্ষেপণৰ আগমুহূৰ্তত কক্ষৰ পৰা ওলাই আহি কাষৰ বেলকনিৰ পৰা নিজ চকুৰে এই উৎক্ষেপণ চাইছিল। মিছনৰ সফল সমাপ্তিৰ ঘোষণাৰ পিছত গুজৰাল নিয়ন্ত্ৰণ কক্ষলৈ উভতি আহি পোনেই ৰংগনক সাৱটি ধৰিলে। তাৰ পিছত সকলোকে অভিবাদন জনাই যাবলৈ ওলাল। তেখেতে স্থানীয় মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ স’তে একেখন গাড়ীত বহিলগৈ। তেনেতে ৰংগনৰ এজন সহকৰ্মী আহি ৰংগনৰ কাণে কাণে ক’লে যে উৎক্ষেপণ আশানুৰূপ সফল নহ’ল। উপগ্ৰহ‌ই নিৰ্দিষ্ট উচ্চতা পাব নোৱাৰিলে। ৰংগনে প্ৰধানমন্ত্ৰীক এই কথা জনোৱা উচিত বুলি ভাবি তেখেতৰ গাড়ীৰ ফালে লৰি গ’ল। গাড়ীৰ খিৰিকীৰে কোনোমতে মূৰটো সুমুৱাই তেখেতে প্ৰধানমন্ত্ৰীক কথাটো ক’লে। প্ৰধানমন্ত্ৰীয়ে ৰংগনক ক’লে, “মোৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আপোনালোকে নিশ্চয় এই আসোঁৱাহ দূৰ কৰিব পাৰিব। 

 

শেষত প্ৰধানমন্ত্ৰীৰ কথাই ফলিয়ালে। উপগ্ৰহত সঞ্চিত থকা ইন্ধনৰ সহায়ত IRS-1D উপগ্ৰহক সঠিক কক্ষপথলৈ অনা হয় আৰু উপগ্ৰহটোৱেও বাৰ বছৰ সুচাৰুৰূপে কাম কৰে। প্ৰধানমন্ত্ৰী গুজৰাল ইছৰো’ৰ কাম-কাজত ইমানেই প্ৰভাৱিত হয় যে বছৰৰ শেষত যেতিয়া NDTV নিউজ চেনেলে বছৰৰ শ্ৰেষ্ঠ মানুহজন কোন বুলি সোধে, প্ৰধানমন্ত্ৰীয়ে বিনাদ্বিধাই উত্তৰ দিয়ে, “ইছৰো’ৰ অধ্যক্ষ।” 

 

১৯৯৭ চনৰ নৱেম্বৰ মাহত ভাৰতীয় মূলৰ মাৰ্কিন মহাকাশচাৰী কল্পনা চাওলাই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰথমবাৰ উৰা মাৰে। এই উৰণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালৰ স’তে এটা কথোপকথনৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কথোপকথনৰ সময়ত ৰংগনকো উপস্থিত থাকিবলৈ ক’লে। কথোপকথনৰ আগতে, গুজৰালে ৰংগনক সুধিলে যে গুজৰালে কি বিষয়ত কথা পতা উচিত। ৰংগনে পৰামৰ্শ দিলে যে এনে প্ৰশ্ন সোধা যাব পাৰে, “আকাশৰ পৰা হিমালয়ৰ শোভা কেনে লাগিছে? ঠিক কালিদাসৰ মেঘদূতৰ নিচিনানে?” অৱশ্যে গুজৰালে সময়ত ইকবালৰ কবিতা এফাকিহে উল্লেখ কৰি ক’লে, “সিতাৰোঁ সে আগে জহাঁ আউৰ ভী হ্যায়, তৰালিৰ সিপাৰেও অন্য জগত আৰু আছে।” 

 

গুজৰালৰো কাৰ্যকাল, দেৱেগৌড়াৰ নিচিনাকৈ মাত্ৰ এবছৰহে আছিল। কিন্তু এই এবছৰতে তেখেতে নিজৰ মাৰ্জিত আৰু অমায়িক ব্যৱহাৰেৰে সকলোকে আপোন কৰি ল’ব পাৰিছিল। ৰংগনে কেৱল মহাকাশেই নহয়, যিকোনো বিষয়তে গুজৰালৰ স’তে কথা পাতি বৰ সুখ পাইছিল। গুজৰালে যি কোনো বিষয়তে স্বচ্ছন্দে কথা পাতিব পাৰিছিল আৰু ভাৰতৰ গৰিমাৰ বাবে কৰা যিকোনো প্ৰয়াসকে‌ই ভূয়সী প্ৰশংসা কৰিছিল। ৰংগনৰ মতে ভাৰতীয় মহাকাশ গৱেষণাই তেখেতৰ হৃদয়ত ঠাই কৰি ল’ব পাৰিছিল। 



৪) অটল বিহাৰী বাজপায়ী

 

১৯৯৮ চনৰ মাৰ্চ মাহত অটল বিহাৰী বাজপায়ীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰে। বাজপায়ীৰ স’তে ৰংগনে প্ৰায় চাৰে পাঁচ বছৰ কাম কৰিছিল। এই সময়ছোৱাত বাজপায়ী আৰু তেখেতৰ প্ৰধান সচিব ব্ৰজেশ মিশ্ৰৰ স’তে ৰংগনৰ এটা অতি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল আৰু ফলত বিভাগৰ কামবোৰ খৰতকীয়াকৈ আগবাঢ়িছিল। 

 

ৰংগনৰ মতে বাজপায়ী এজন অতি ভাল শ্ৰোতা আছিল আৰু শুনা কথাবোৰ মনতো ৰাখিব‌ পাৰিছিল। তেখেতে অধীনস্থ বিষয়াসকলক সদায় জোখতকৈ অধিক কাম দিছিল যাতে বিষয়াসকলৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। 

 

১৯৯৯ চনৰ ২৬ মে তাৰিখে, PSLV-C2 যানৰ উৎক্ষেপণ চাবলৈ বাজপায়ী শ্ৰীহৰিকোটালৈ গৈছিল। এক বিশেষ স্থানৰ পৰা বাজপায়ীয়ে নিজ চকুৰে এই উৎক্ষেপণ চাইছিল। এই উৎক্ষেপণ চাই বাজপায়ী আনন্দ আৰু বিস্ময়ত শিশুৰ দৰে চিঞৰি উঠিছিল আৰু নিয়ন্ত্ৰণ কক্ষলৈ আহি ৰংগনক সাৱটি ধৰিছিল। 

 

সেইদিনাৰ শ্ৰীহৰিকোটাৰ সংবাদমেলত এজন সাংবাদিকে প্ৰধানমন্ত্ৰীক সুধিলে, “ভাৰতে চন্দ্ৰ অভিযান সম্পৰ্কে কিবা পৰিকল্পনা হাতত লৈছে নেকি?” প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নটো ৰংগনলৈ ঠেলিলে। ৰংগনে ক’লে যে এই সন্দৰ্ভত ইছৰো’ৰ অধ্যয়ন একেবাৰে প্ৰাথমিক পৰ্যায়তে আছে আৰু সদ্যহতে চন্দ্ৰক বাজপায়ীৰ দৰে ৰোমাণ্টিক মানুহৰ বাবে এৰি দিয়া উচিত। প্ৰধানমন্ত্ৰীয়ে প্ৰাণখুলি হাঁহিলে, কিন্তু পিছ মুহূৰ্ততে কৃত্ৰিম গাম্ভীৰ্যৰে ক’লে, “এনে খলা-বমা আপচু চন্দ্ৰটো ৰোমাঞ্চকৰ হ’ব পাৰেনে!” 

 

প্ৰধানমন্ত্ৰী বাজপায়ীয়ে ৰংগনক নিজৰ কাৰ্যালয়ত সদায় গধূলি ছয় বজাৰ পিছতহে দেখা কৰাৰ সময় দিছিল। সেই সময়ত বাজপায়ীয়ে তেখেতৰ প্ৰিয় কচুৰি আৰু চাহ খাই ৰংগনৰ কথা শুনিছিল। বাজপায়ীৰ মতে দিনটোৰ বিভিন্ন কাম-কাজৰ অন্তত ভাৰতীয় মহাকাশ গৱেষণাৰ অগ্ৰগতিৰ কথা শুনিলে মনতো স্বস্তিৰে ভৰি উঠে আৰু ৰাতিও শান্তিৰে শুব পাৰে। 

 

২০০২ চনত ৰংগনে, শ্ৰীহৰিকোটা কেন্দ্ৰৰ নাম, সতীশ ধৱন মহাকাশ কেন্দ্ৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ দিয়ে আৰু প্ৰধানমন্ত্ৰী বাজপায়ীয়েও অতি উৎসাহেৰে সন্মতি জনায় আৰু নামকৰণৰ দিনা নিজে শ্ৰীহৰিকোটাত উপস্থিত থাকিব বুলিও কথা দিয়ে। অৱশ্যে অনিবাৰ্য কাৰণবশতঃ প্ৰধানমন্ত্ৰী শ্ৰীহৰিকোটালৈ যাব নোৱাৰিলে যদিও দিল্লীৰ পৰা ভিডিও যোগে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰে। 

 

এবাৰ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাৰ মঞ্চত যেতিয়া দুয়ো ওচৰা-ওচৰিকৈ বহি আছিল, তেতিয়া বাজেপায়ীয়ে ৰংগনক সুধিলে, “ইছৰো’ৰ মানৱ অভিযানৰ কিবা পৰিকল্পনা হাতত আছে নেকি?” ৰংগনে মানৱ অভিযানৰ বিভিন্ন প্ৰত্যাহ্বানবোৰ প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পিছত বেচ কিছু সময় বাজপায়ী চিন্তাত বুৰ গ’ল। হয়তো তেখেতে মনৰ ভিতৰতে মানৱ অভিযানৰ সপক্ষে আৰু বিপক্ষে যুক্তিবোৰ চালি-জাৰি চাইছিল‌।

 

২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত স্পেচ শ্বাটল কলম্বিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ কল্পনা চাওলাকে ধৰি সাতোজন মহাকাশচাৰী মৃত্যুমুখত পৰে। প্ৰধানমন্ত্ৰীয়ে ৰংগনৰ স’তে এই দুৰ্ঘটনাৰ কাৰণ সম্বন্ধে বিশদ আলোচনা কৰে। আলোচনাৰ শেষত বাজপায়ীয়ে সুধিলে, “ভাৰতৰ জীয়াৰী কল্পনা চাওলাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি কি কৰিব পাৰো?” 

 

ইছৰো’ৱে ২০০২ চনৰ ১২ চেপ্তেম্বৰত MetSat-1 নামেৰে বতৰ বিজ্ঞান উপগ্ৰহ এটা উৎক্ষেপণ কৰিছিল। ৰংগনে এই উপগ্ৰহৰ নাম সলনি কৰি কল্পনা-১ ৰখাৰ প্ৰস্তাৱ দিয়ে। বাজপায়ী ততালিকে মান্তি হয় আৰু কেবিনেটৰ জৰুৰীকালীন সভাৰ আহ্বান কৰি, কল্পনা চাওলাৰ মৃত্যুৰ চাৰিদিনৰ পিছত, উপগ্ৰহৰ নতুন নাম “কল্পনা-১” বুলি ঘোষণা কৰে। 

 

প্ৰধানমন্ত্ৰী বাজপায়ীৰ অধীনতেই ইছৰো’ৱে চন্দ্ৰ অভিযানৰ সম্ভাৱনীয়তা আৰু সাধ্যতাৰ ওপৰত এটা বিতং অধ্যয়ন চলাইছিল আৰু এই অধ্যয়ন প্ৰায় চাৰি বছৰ জুৰি চলিছিল। চাৰিবছৰৰ বিতং অধ্যয়নৰ অন্তত ৰংগনে সোমযান নামৰ এক অভিযানৰ প্ৰস্তাৱ লৈ প্ৰধানমন্ত্ৰীৰ ওচৰ চাপিল। 

 

প্ৰধানমন্ত্ৰীয়ে নানা প্ৰশ্ন কৰি, সন্তুষ্ট হৈ সুধিলে, “এতিয়া আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?” ৰংগনে ক’লে যে প্ৰধানমন্ত্ৰীয়ে অনুমতি দিলে, এই প্ৰস্তাৱ মহাকাশ আয়োগলৈ পঠিয়াব। আয়োগৰ অনুমোদন পালে, প্ৰস্তাৱটো পুনৰ প্ৰধানমন্ত্ৰীলৈ চূড়ান্ত অনুমোদনৰ বাবে আহিব। চূড়ান্ত অনুমোদন পালে, চাৰিবছৰৰ ভিতৰতে ভাৰতে কাৰো সহায় নোলোৱাকৈয়ে সোমযানৰ অভিযান সমাধা কৰিব পাৰিব। 

 

তেতিয়া ২০০৩ চনৰ স্বাধীনতা দিৱসলৈ মাত্ৰ দুসপ্তাহমান বাকী আছিল। প্ৰধানমন্ত্ৰীয়ে ক’লে যে এই আটাইবোৰ কাগজৰ কাম যদি ১৫ আগষ্টৰ আগেয়ে সম্পন্ন হয়, তেতিয়া হ’লে তেখেতে লালকিল্লাৰ পৰা এই অভিযানৰ কথা দেশবাসীক জনাব। সেই মতেই সকলো কাম ততাতৈয়াকৈ সম্পন্ন কৰা হ’ল‌। 

 

অৱশেষত প্ৰধানমন্ত্ৰী বাজপায়ীয়ে ২০০৩ চনৰ স্বাধীনতা দিৱসত, লালকিল্লাৰ পৰা ঘোষণা কৰিলে, “মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে, ২০০৮ চনৰ ভিতৰত ভাৰতে নিজা মহাকাশযান চন্দ্ৰলৈ প্ৰেৰণ কৰিব। এই যানৰ নাম চন্দ্ৰযান-১ ৰখা হৈছে।” 

 

পিছত বাজপায়ীয়ে ৰংগনক বুজাইছিল যে সংস্কৃত ভাষাৰ ফালৰ পৰা চাবলৈ গ’লে, সোমযানতকৈ চন্দ্ৰযান নামটো বেছি উপযুক্ত। আৰু এয়া যে কেৱল এটা অভিযান নহয়, এলানি অভিযান, তাকে বুজাবলৈ চন্দ্ৰযানৰ সতে, “১’” সংখ্যাটো যোগ কৰা হ’ল। 

 

ৰংগনে অৱসৰৰ লোৱাৰ ঠিক এবছৰ আগেয়ে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিলে যে ৰংগনৰ উত্তৰাধিকাৰী বিচাৰিব লাগে যাতে অধ্যক্ষ পদৰ হস্তান্তৰ সহজ হয়। ৰংগনে প্ৰধান সচিব ব্ৰজেশ মিশ্ৰক কেইবাবাৰো সোঁৱৰাই দিয়াৰ পিছতো বাজপায়ীয়ে কোনো সঁহাৰি নিদিলে। অৱশেষত এদিন মিশ্ৰ‌ই ফোন কৰি জনালে যে ৰংগনক প্ৰধানমন্ত্ৰীয়ে অতিৰিক্ত দুবছৰৰ বাবে অধ্যক্ষ পদত বাহাল ৰাখিছে। 

 

এই অতিৰিক্ত দুবছৰ শেষ হোৱাৰ ঠিক ছমাহ আগতে ৰংগনে প্ৰধানমন্ত্ৰীক পুনৰ একে ধৰণৰ এখন চিঠি লিখিলে। তাৰ কেইমাহমান পিছত ব্ৰজেশ মিশ্ৰ‌ই জনালে যে প্ৰথমতে প্ৰধানমন্ত্ৰীয়ে ৰংগনৰ বাবে উপযুক্ত স্থান নিৰ্ণয় কৰিব আৰু তাৰ পিছতহে উত্তৰাধিকাৰীৰ কথা চিন্তা কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশ আহে মানে ৰংগনে ৬২ বছৰ সম্পূৰ্ণ কৰি ৬৩ বছৰত ভৰি দিলে। 

 

তেনেতে এদিন দেওবাৰে ৰাতিপুৱা হঠাতে প্ৰধানমন্ত্ৰী বাজপায়ীৰ ফোন আহিল। বাজপায়ীয়ে জনালে যে ৰংগনক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনিত কৰা হৈছে আৰু সেইদিনা গধূলিলৈকে সকলো কাগজৰ কাম সম্পূৰ্ণ হ’ব লাগিব। তাৰ পিছত বাজপায়ীয়ে ফোনটো প্ৰধান সচিব ব্ৰজেশ মিশ্ৰক দিলে। মিশ্ৰ‌ই ততালিকে কেবিনেট সচিব কমল পাণ্ডেক ফোন কৰিবলৈ দিহা দিলে আৰু ক’লে যে দেওবৰীয়া ছুটিৰ দিনতো প্ৰায় অসম্ভৱ কাম ‌এটা সম্ভৱ কৰিব পাৰিব লাগিব। 

 

ৰংগনে সেইমতে কেবিনেট সচিব কমল পাণ্ডেৰ স’তে ফোনত কথা হ’ল। পাণ্ডেই জনালে যে মাজ নিশাৰ আগেয়ে তেখেতৰ হাতলৈ ইছৰো’ৰ অধ্যক্ষৰ পদত্যাগ পত্ৰ আহি পাব লাগিব। পদত্যাগৰ বিশদ নিৰ্দেশনাৰ বাবে ৰংগনক গৃহ সচিব গোপাল স্বামীক সম্পৰ্ক কৰিবলৈ ক’লে। 

 

গোপাল স্বামীয়ে অনেক চেষ্টা কৰিও তেনে কোনো নিৰ্দেশনা বিচাৰি উলিয়াব নোৱাৰিলে। অৱশেষত ৰংগনে মহাকাশ বিভাগৰ অতিৰিক্ত সচিব এছ কে দাস আৰু সংযুক্ত সচিব ভি বি ভাটৰ স’তে পৰামৰ্শ কৰি ইছৰো’ৰ সবাতোকৈ জ্যেষ্ঠ বিষয়া আৰু বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক, মাধৱন নায়াৰক সাময়িকভাৱে অধ্যক্ষৰ কামৰ ভাৰ দি, ৰাতি প্ৰায় দহমান বজাত নিজৰ ইস্তফা পত্ৰ কেবিনেট সচিবৰ অনুমোদনৰ বাবে পঠিয়াই দিয়ে।  

 

কেবিনেট সচিব কমল পাণ্ডেই পত্ৰখনত “ইস্তফা” শব্দৰ সলনি “স্বেচ্ছামূলক অৱসৰ” লিখিবলৈ পৰামৰ্শ দিয়ে যাতে ৰংগন চৰকাৰী পেঞ্চনৰ পৰা বঞ্চিত নহয়। আৰু সেইমতে ২৭ আগষ্টৰ শেষ প্ৰহৰত ৰংগনে ইছৰো’ৰ পৰা বিদায় লয়। 

 

ইয়াৰ প্ৰায় চাৰি বছৰৰ পিছত, ভাৰতে চন্দ্ৰযান-১ সফলতাৰে উৎক্ষেপণ কৰে। বাজপায়ীয়ে তেতিয়া প্ৰধানমন্ত্ৰী পদৰ পৰা অৱসৰ লৈছে‌। ইছৰো’তো ইতিমধ্যে মাধৱন নায়াৰ নতুন অধ্যক্ষ নিযুক্ত হৈছে। ৰংগনে নায়াৰক কৈ চন্দ্ৰযানে পঠোৱা চন্দ্ৰপৃষ্ঠৰ আটাইতকৈ ভাল ছবিখন বাছি উলিয়ায়। তাত দুয়ো স্বাক্ষৰ কৰি ছবিখন সুন্দৰ ফ্ৰেমেৰে বন্ধাই লয়। 

 

এই ছবিখন লগত লৈ ৰংগনে এদিন ব্ৰজেশ মিশ্ৰ‌ৰ স’তে বাজপায়ীৰ বাসভৱন ওলায়গৈ! বাজপায়ী তেতিয়া অসুস্থ। চলাচল কৰিবলৈ বা কথা ক’বলৈ অক্ষম। কিন্তু ৰংগনক চিনিব পাৰি তেখেতৰ দুচকু উজলি উঠিল। ৰংগনে বাজপায়ীক চন্দ্ৰপৃষ্ঠৰ ছবিখন দেখুৱাই ক’লে, “আপুনিয়েই চন্দ্ৰ অভিযানৰ মূল কাণ্ডাৰী।” বাজপায়ী তেতিয়া মুখেৰে মনৰ ভাৱ প্ৰকাশ কৰিব পৰা অৱস্থাত নাছিল যদিও ৰংগনে তেখেতৰ মনৰ আনন্দ হৃদয়ৰে অনুভৱ কৰিব পাৰিছিল। এটা ভাৰাক্ৰান্ত মন লৈ ৰংগন সেইদিনা বাজপায়ীৰ বাসভৱনৰ পৰা ওলাই আহিছিল। বাজপায়ীৰ স’তে এয়াই আছিল তেখেতৰ শেষ দেখা। 

 

০০০০০






শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!