ৰবাৰ্ট ব্ৰুচৰ মকৰাটো

লেখক- ৰশ্মিৰেখা বৰ হাজৰিকা

চাহৰ কাপটো ছিংকত থৈ টেপটো খুলিছিলোহে, ক’লা কিবা এটাই জঁপিয়াই দিয়াত উচপ্ খাই গ’লোঁ। মকৰা এটা। মজলীয়া জোখৰ। ‌ সি পূৰ্ণ গতিত ছিংকটোত ঘূৰি ঘূৰি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে। কাপটো উঠাই থ’লোঁ, পাছত ধুম। বেচেৰাটো কিবা কৈ ৰক্ষা পৰক। পাকঘৰৰ পৰা ওলাই আহি টিভিটো লগাই ল’লোঁ। মুখেৰে ফেনাই যোৱাকৈ লোকেল কৰেছপণ্ডেণ্ট এজনে অত্যাধিক ড্ৰাগছ সেৱনত মৃত্যু হোৱা মহানগৰীৰ ৰাজপুত্ৰ এজনৰ খবৰ দি আছে। আমাৰ অসমীয়া নিউজ চেনেল (অসমীয়া কি ৰাষ্ট্ৰীয় চেনেল কেইটাও একেই) বিলাকৰ এই কথাটোৱেই মই বেয়া পাওঁ। পেঘেনিয়াই পেঘেনিয়াই একে কেইটা কথাকে ‘নিশ্চিতভাৱে’, ‘সমান্তৰালকৈ’, ‘সমগ্ৰ ঘটনাৰাজি’, জাতীয় শব্দ কেইটামান লগাই জোৰা-টাপলি মাৰি কৈ থাকিব, যেন কৈ নাথাকিলে ভিডিঅ’ ফুটেজটো দেখুৱাই থাকোঁতে দৰ্শকে একো বুজিয়েই নাপাব। কেতিয়াবা সন্দেহ হয় যন্ত্ৰবৎ হিচাপেই কৈ যায় নেকি বাৰু, তেওঁ চাগে নিজেও নাজানে কি কৰি আছে। সেই কাৰণেই ম‌ই চি এন এন, আল জাঝিৰা, ফ্ৰান্স টুৱেণ্টী ফ’ৰৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় নিউজ চেনেলবোৰ চাইহে ভাল পাওঁ। অকস্মাৎ মোৰ সেই বাতৰি দিওঁতা গৰাকীক মকৰাটোৰ দৰে লাগিল। টেপটো খুলি দিওঁতে তাৰ লৰা-ধপৰাখিনি বাতৰি সংগ্ৰহকাৰী স্থানীয় সংবাদ দাতাজনৰ বাতৰিটো পোৱাৰ পাছৰ আবেগৰ আতিশয্য যেন। মকৰাটোৰ প্ৰাণ ৰক্ষাৰ তাড়নাটো তেওঁৰ নিজৰ অস্তিত্বৰ সংগ্ৰাম যেন। একমাত্ৰ তেওঁৰ শব্দ সঞ্চালনেহে যে তেওঁক জীয়াই ৰাখিব। নিজৰে হাঁহি উঠিল। ক’ৰ এটা নিঃকিন মকৰাৰ লগত কাক যে ৰিজাইছোঁ! আজিকালি মনটোলৈ উদ্ভৎ চিন্তা কিছুমান আহি থাকে। মগজুৰ কছৰতৰ অভাৱ নে মগজুৰ ওপৰত অত্যধিক চাপ, ক’ব নোৱাৰোঁ। চেনেল সলাই দক্ষিণ ভাৰতীয় চিনেমা এখনকে লগাই ল’লোঁ। একশ্যন ফিল্ম। গাড়ীবোৰ উৰিবলৈ ধৰিলে, নায়কৰ এটা এটা ঘোচাত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিক প্ৰত্যাহ্বান জনাই ভিলেইনৰ চেলা-চামুণ্ডাবোৰ উৰি ফুৰিবলৈ ধৰিলে। এই যে অতীৱ শক্তিশালী, বুদ্ধিদীপ্ত নায়কজনৰ নিমাখিত মাক-দেউতাক, অবলা বায়েক-ভনীয়েক… যেন মোৰ ছিংকত পাৰ পাবলৈ চেষ্টা কৰি থকা মকৰাটো। এজন নায়কৰ প্ৰয়োজন তাকো, যি সাৱধানে তালৈ মাৰি এডাল বা কাগজ এটুকুৰা আগবঢ়াই দিব। মকৰাটো মাৰিডালত উঠি আহিব আৰু নায়কে সযতনে তাক নিৰাপদ স্থানত এৰি দিব। হয়তো পুহিব। বিদেশত মকৰা পোহে। আনকি বিলি এইলিছেও পুহিছে। মনটো ঘূৰি ঘূৰি মকৰাটোৰ ওচৰলৈকে গৈ আছে। হয়, মকৰাটোৰ কাৰণে ৰবি তেজা বা আল্লু অৰ্জুনৰ দৰকাৰ নাই, ময়ে হ’ব পাৰোঁ তাৰ কাৰণে এজন ত্ৰাণকৰ্তা নায়ক। পাকঘৰলৈ বাট ল’লোঁ। মকৰাটো এঠাইত জুপুকা মাৰি ৰৈ আছে। সম্ভৱতঃ বিপদ তল পৰিল বুলি ভাবিছে, নতুবা পাৰলৈ উঠাৰ চেষ্টা কৰি কৰি সি ভাগৰত লালকাল দিছে। অটিজিৰ শলা এডালকে তালৈ আগবঢ়াই দিলোঁ, তাকে সাৰথি কৰি সি বৈতৰণী পাৰ হ‌ওঁক। সি ভয় খাই অন্য এফালে গুচি গ’ল। সি হয়তো বুজি নাপালে যে জোঙা শলাডাল তাৰ অনিষ্ট কৰিবলৈ দিয়া হোৱা নাই। আমি মানু্হবোৰেও মকৰাটোৰ দৰেই চিন্তা কৰোঁ। আমাৰ মা-দেউতা, শুভাকাংক্ষীসকলৰ কাঢ়া নিৰ্দেশবোৰ জোঙাল শলাডালৰ দৰেই অনিষ্টকাৰী বুলি ভাবি ল‌ওঁ আৰু ছলাহী কথাৰ ষড়যন্ত্ৰৰ বলি হওঁ। যেনেদৰে মই নীল নক্ষত্ৰলৈ বিয়া হোৱাৰ সিদ্ধান্তৰ মা-দেউতাই বিৰোধিতা কৰোঁতে মই ভাবিছিলোঁ। নীল নক্ষত্ৰ দেউতাৰ বাবে আছিল এটা ধুমকেতু। মই কোনোপধ্যে নামানিলোঁ তেওঁৰ সাৱধান বাণী। মায়েও মোক নিৰস্ত্ৰ কৰিবলৈ বুজাইছিল কেনেকৈ নীল মোৰ বাবে কোনো ফালৰ পৰাই উপযুক্ত নহয়, মই পস্তাম এসময়ত, মই নিজৰ কেৰিয়াৰ গঢ়াতহে মনোনিবেশ কৰিব লাগে, নিজে সংস্থাপিত হোৱাৰ পাছতহে বিয়া-বাৰু। নীলে মোক কি খুৱাব, কি পিন্ধাব? নীল নক্ষত্ৰৰ প্ৰেমত হাবু-ডুবু খাই মই মাৰ কথাও নুশুনিলোঁ। মানুহে কয়, ডাঙৰৰ কথা নুশুনা মানুহৰ কেতিয়াও সুখ নহয়। মই নুশুনিলোঁ, মোক সহায়-সাৰথি আগবঢ়ালে সৰু খুড়ীয়ে, মাৰ মানত যি সদায় আছিল আমাৰ সুখ সহ্য কৰিব নোৱাৰা এগৰাকী স্বাৰ্থপৰ মহিলা। মা-দেউতাই মোক, তেওঁলোকৰ একমাত্ৰ সন্তানক ত্যাজ্যপুত্ৰী কৰিলে। আৰু এতিয়া অকলশৰে, এক নিসংগ, একাকী জীৱন যাপন কৰিছোঁ ম‌ই। মকৰাটোৰ দৰেই জীয়াই থাকিবলৈ হাত-ভৰি মাৰি চেষ্টা কৰি আছোঁ। ময়ো আচলতে নীল নক্ষত্ৰৰূপী এটা ছিংকতে পৰি আছোঁ, য’ৰ পৰা পাৰ পোৱাৰ আশা ক্ষীণ। পাৰ পাম, নিশ্চয় পাম, কিন্তু কেৱল মাত্ৰ মৃত্যুৰ যোগেদি। আৰু অসময়ত মৃত্যু নিশ্চয়কৈ নাহে। নীল …. কি যে এক যাতনা! এক অসহনীয় যাতনা! সহজতে ধনী হ’বলৈ, মোক মোৰ পৈতৃক ঘৰখনৰ নিচিনাই এক স্বাচ্ছন্দ্যপূৰ্ণ জীৱন দিবলৈ, মোৰ সকলো আবদাৰ, সকলো বিলাসিতা পূৰণ কৰিবলৈ নীলে ৰিস্ক লৈছিল। ক’ৰ টকা ক’ত লগাইছিল মই বুজি পোৱা নাছিলোঁ। নীলে কৈছিল সোনকালেই আমাৰ বহুত টকা হ’ব। আৰু এদিন সি বাথৰুমৰ ভেণ্টিলেশ্যনত ওলমি দিলে। মোৰ ছিংকত পৰা মকৰাটোৰ দৰে সি দুঘড়ী যুঁজি চাবলৈ অপাৰগ হ’ল। চাইছিল নেকি কেনেবাকৈ! ময়েই কিজানি গম নাপালোঁ! নীলৰ লগত অভাৱী সংসাৰত অভিযোজন কৰিবলৈ সংগ্ৰাম কৰোতে নীলৰ অন্তৰত কি আছিল মই নাজানিছিলোঁ, জানিবৰ চেষ্টাও কিজানি নকৰিলোঁ। হয়, কেৱল দুৰ্বাৰ প্ৰেমেৰে জীৱন নচলে। জীৱনৰ নিতান্তই প্ৰাথমিক প্ৰয়োজনখিনি পূৰ্ণ কৰিবলৈও আৰ্জন লাগে, আৰু বিলাসিতা কৰিবলৈ লাগে বিস্তৰ আৰ্জন। এজনী উনৈশ বছৰীয়া ছোৱালীয়ে সেই সাধাৰণ কথাটোকে বুজাত পলম হ’ল সেই সময়ত। উদ্দাম প্ৰেমৰ উন্মাদপ্ৰায় এনিশা। কোনো দিন পাহৰিব নোৱাৰাকৈ মৰম কৰিছিল সেই ৰাতি নীলে। নে এটা যুগৰ কাৰণে শেষ বিদায়! আৰু পিছদিনা সেই ভয়ংকৰ ঘটনাটো। নীলৰ মৃত্যুৰ পাছত মা-দেউতা আহিছিল মোক লৈ যাবলৈ। নগ’লোঁ। কেনেকৈ যাম নীলক এৰি থৈ? চকুৰ আগত সদায় ভাহি থাকে বাথৰূমৰ ভেণ্টিলেশ্যনত ওলমি থকা নীলৰ প্ৰাণহীন দেহটো। কেনেকৈ আঁতৰাও? কেনেকৈ পলাওঁ? ইচ্ছাও নকৰিলোঁ মই। কিয় নীল? কিয় মোক এনেকৈ একো নোকোৱাকৈ গুচি গ’লাগৈ? তুমিতো জানিছিলাই তোমাৰ বাহিৰে মোৰ কোনো নাই বুলি! মোৰ প্ৰতি তোমাৰ প্ৰেম কি শেষ হৈ গৈছিল? নীলৰ ওপৰত খুব খং উঠিল মোৰ। কি অধিকাৰত সি মোৰ জীৱনটো এনেকুৱা অৰ্থহীন কৰি পেলালে। তাক ভাল পোৱাটোৱেই কি মোৰ দোষ? তাৰ কাৰণে নিজৰ আপোন মানুহখিনিক পৰ কৰাটোৱেই কি মোৰ দোষ? নাচাওঁ, আজিৰ পৰা ম‌ই নীলৰ মুখ নাচাওঁ। গপ্‌ গপকৈ গৈ ম‌ই বেড চাইড টেবুল খনত থকা নীলৰ ফটোখন‌ ড্ৰয়াৰ এটাত ভৰাই পেলালোঁ। ‌ আচলতে মোৰ ফটোখন ভাঙি পেলাবলৈ মন যোৱাকৈ খং উঠিছিল। কিন্তু খং উঠি বস্তু ভঙাৰ নিচিনা নিৰ্দয় হৃদয় এখন মোৰ নাই। আছিল নীলৰ হে, তাৰ ক্ষন্তেকীয়া এটা আবেগিক সিদ্ধান্তই কেনেকৈ চুচুৰ্মৈ কৰি পেলালে মোৰ জীৱন, মোৰ সুখৰ সপোন, মোৰ বৰ্তমান, মোৰ ভৱিষ্যত। চিঞৰি চিঞৰি গালি দিলোঁ নীলক। এক ভদ্ৰ সম্ভ্ৰান্ত পৰিয়ালৰ সংস্কাৰত ডাঙৰ হোৱা এজনী নাৰীয়ে যিমান অভব্য অশিষ্ট ভাষা উচ্চাৰণ কৰিব পাৰি, সিমান অশিষ্টতাৰে। ডিঙিটোৰ ওচৰত কিবা এটাই সোপা মাৰি ধৰিলে। বেৰ এখনত আউজি আঁঠুত মূৰ সুমুৱাই মই কান্দিলোঁ, কান্দিলোঁ নে উচুপিছিলোঁ! কিমান সময় পাৰ হ’ল নিজৰ হিচাপ নাথাকিল। হয়তো কিছু সময় টোপনি গ’লোঁ। হঠাৎ মকৰাটোৰ চিন্তাই মোক বাস্তৱ লৈ ঘূৰাই আনিলে। দৌৰিলোঁ পাকঘৰলৈ। 

  এইবাৰ চামুচ এখন আগবঢ়াই দিলোঁ। নাই, মকৰাটোৰ শুভবুদ্ধি উদয় নহ’ল। নিজৰ ওপৰতে খং উঠিল, তাৰ মৃত্যু ইতিমধ্যে মোৰ ছিংকত ভুলক্ৰমে পৰোতেই নিৰ্ধাৰিত হৈ গৈছে, তাৰ অদৃষ্টত আজিয়েই আছে মৃত্যু, যাৰ জীয়াই থাকিবলৈ উপকৰণ যোগাৰ দিওঁতেও সেয়া গ্ৰহণ কৰিবলৈ নিজা শুভবুদ্ধি উদয় হোৱা নাই, তাক জীয়াই ৰাখিবলৈ অযথা চেষ্টা কৰি সময় অপব্যয় কৰাৰ যুক্তি নাই। সি মৰিব, মোৰ ছিংকতে মৰিব, বাচন ধুবলৈ মই পানীৰ টেপ খুলিলেই সি মৰিব। ধুবলগীয়া বাচন কেইটা ছিংকত নমাই লৈ মই টেপটো খুলি দিলোঁ। পানীৰে জুৰুলি-জুপুৰি হৈ মকৰাটো বলিয়াৰ দৰে যেনি তেনি বগাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। কোনোবা এবাৰ সি অকণমান ওপৰ পায়গৈ, পাছ মুহূৰ্ততে পানীৰ তীব্ৰ সোঁতত উটি আহি সি আকৌ তল পাইহি। এবাৰ ভাবিলোঁ, একোব দি তাক একেঁচাটে মাৰি বাৰে বাৰে ওপৰলৈ উঠা, বাৰে বাৰে জীয়াই থকাৰ চেষ্টা নিষ্ফল হোৱাৰ যন্ত্ৰণাৰ পৰা মুক্তি দি দিওঁ। কিন্তু ম‌ইতো ভগৱান নহ‌ওঁ, মকৰাটোৰ জীৱন-মৃত্যুৰ সিদ্ধান্ত ল’বলৈ! তাৰ প্ৰাপ্য যন্ত্ৰণাখিনি সি পাবই লাগিব, নহ’লেতো তাৰ স্বাভাৱিক মৃত্যু হ’ব লাগিছিল, সেই মৃত্যুৰ কাৰণে ঘটনাক্ৰম সেই অনুপাতে ৰচিত হ’লহেঁতেন। কিন্তু নহ’ল, ঘটনাক্ৰমত সি আহি পৰিলহি মোৰ বাচন-বৰ্তন ধোৱা ছিংকত, যিটো নেকি ক’ব পাৰি তাৰ মৃত্যু গহ্বৰ। সেই ঘটনাক্ৰম মোৰ দ্বাৰা ৰচিত নহয়, গতিকে তাক দীৰ্ঘ এক মৃত্যু যন্ত্ৰণাৰ পৰা ৰক্ষা কৰাটো হ’ব প্ৰকৃতিৰ পৰিপন্থী। সি মৰিব, মোৰ ছিংকতে মৰিব, কিছু সময় যন্ত্ৰণা খাই মৰিব। মই তাৰ যন্ত্ৰণা লাঘৱ কৰিবলৈ একো কৰা উচিত নহয়। এৰা, ময়ো মনতে নিজা যুক্তিৰ জাল গুঁঠি নিজকে প্ৰত্যয় নিয়াইছোঁ, মই যি কৰিছোঁ সেয়াই শুদ্ধ। ময়ো অপৰাধবোধৰ ছিংকটোৰ পৰা পাৰ পাবলৈ হাত-ভৰি মাৰিছোঁ ঠিক মকৰাটোৰ দৰেই। 

 ‌মকৰাটোৰ ঠেংবোৰ কোঁচ খাইছে, কোনোবা এবাৰ হঠাতে ঠেংকেইটা মেলি সি প্ৰাণৰ মমতাত লৰচৰ কৰে। ময়ো সংকোচেৰে এবাৰ যদি টেপটো খুলিছো, পাছ মুহূৰ্ততে বন্ধ কৰি দিছোঁ। আচলতে মকৰাটোৰ কাৰণে ম‌ই এজন একজিকিউশ্যনাৰৰ দায়িত্ব পালন কৰিব খোজা নাই। মকৰাটোৰ মৃত্যুত মোৰ কোনো হাত নাথাকক। নাছিল, নীল নক্ষত্ৰৰ আত্মহত্যাতো মোৰ কোনো হাত নাছিল। দোষ যদি আছিল মই গম নোপোৱাকৈ থকাটোহে। কিন্তু নীল নক্ষত্ৰৰ পিতৃ-মাতৃয়ে মোৰে প্ৰৰোচনা বুলি ভাবিলে। আইপিচি চেকশ্যন থ্ৰি জিৰ’ ছিক্স। মোক দোষী সাব্যস্ত কৰিবলৈ তেওঁলোকে সকলো কৰিলে। তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ আত্মহনন, তেওঁলোকে কাহানিও বোৱাৰীৰ মৰ্যাদা নিদিয়া নীলৰ পত্নীক জেললৈ পঠিয়াই দিলে। আৰু তাৰ পাছত জেলতে এদিন চূড়ান্ত পেটৰ বিষ। পিৰিয়ডছ মিছ হৈছিল, মোৰ নিজৰ হিচাপ নাছিল। আচলতে নীলৰ অভাৱনীয় ঘটনাটোৰ পাছত একোৰে খিয়াল নাছিল মোৰ। সেই উদ্দাম প্ৰেমৰ নিশাৰ স্বাক্ষৰ বাঢ়িছিল মোৰ শৰীৰৰ ভিতৰত সংগোপনে, অলক্ষিতে, অজানিতে। মিছকেৰেইজ হৈছিল। কি আছিল আমাৰ নোপজা সন্তানটি? ল’ৰা নে ছোৱালী? নীলৰ দৰে এটা ল’ৰা মই এনেয়ো নিবিচাৰিলোহেঁতেন আৰু মোৰ দৰে এজনী ছোৱালী জন্ম দিয়াৰ ইচ্ছা মোৰ নাছিল। এতিয়া তিনি বছৰৰ পাছত মই মুক্ত। কিন্তু কেনেকুৱা মুক্তি এয়া? ঘৰৰ চাৰিবেৰৰ মাজত নীল নক্ষত্ৰৰ অতৃপ্ত আত্মা, আৰু ম‌ই এক জীৱিত প্ৰেতাত্মা। মোৰ ছিংকত আসন্ন মৃত্যুৰ অপেক্ষাত এটি নিৰীহ মকৰা, আৰু জীৱনৰ কাল গহ্বৰত দূৰ দূৰলৈকো মৃত্যুৰ ছাঁ দেখি নোপোৱা অথচ দেখিবলৈ কাতৰ প্ৰাৰ্থনাত ৰত এজনী নাৰী। এই গৰ্তৰ পৰা উদ্ধাৰ কৰিবলৈ মোক লাগে এখন সহায়ৰ হাত। 

 মই মকৰাটোৰ আলফুলে তুলি আনি বেলকনিৰ ৰেলিঙত এৰি দিলোঁ। সি অলপ পৰ জঠৰ হৈ ৰৈ থাকি তাৰ পাছত লাহে লাহে লৰচৰ কৰিবলৈ ধৰিলে। মই পতিয়ন গ’লোঁ সিয়েইতো ৰবাৰ্ট ব্ৰুচৰ মকৰাটো। 

  __________________

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!