ৰাগী লগা আঘোণ – এক নষ্টালজিয়া
লেখক- আশাদীপা শইকীয়া
“আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি
একোকে নমনি।”—- (কেশৱ মহন্ত)
আঘোণ মানেই এবুকু হেঁপাহ, আঘোণ মানেই আশাৰ সোণগুটি। আঘোণ মানেই নিয়ৰৰ মুকুতা, সন্তৰ্পনে নামি অহা শীতৰ একোলা। খেতিয়কৰ আৱেগ আঘোণ, ঘৰৰ চোতাল, ভঁৰাল সোণোৱালী হোৱাৰ সময় আঘোণ। কাঁচি, দাৱনী, বিৰিয়া, ডাঙৰি– এইবোৰ শব্দত ৰজনজনাই থকা পথাৰত আঘোণ এচমকা বিজুলীৰ দৰে। পথাৰৰ আলিত বহি কলপাতত নিমখ-জলকীয়া সানি ৰবাব টেঙাৰ গুলপীয়া কোঁহবোৰ পৰম তৃপ্তিৰে মুখত দিয়াৰ নামেই আঘোণ।
গাঁৱৰ মানুহৰ বাবে আঘোণ এক ৰাগী লগা মাহ। জন্ম মোৰ গাঁৱতেই বাবে, এই ৰাগীয়ে এসময়ত মোকো মতলীয়া কৰিছিল। পথাৰৰ সেউজীয়া আৰু সোণোৱালী, এই দুয়োটা ৰূপেই মোৰ খুব প্রিয়। বিশেষকৈ, ধান কটাৰ সময়ত গাঁৱত যেন কিবা উৎসৱ উদযাপনৰহে প্ৰস্তুতি আৰম্ভ হয়। গাঁৱৰ ভিতৰৰ পথবোৰত ‘গৰু গাড়ী’খন সোণোৱালী ধানৰ মুঠিবোৰ লৈ যি গাম্ভীৰ্যৰে গৈ থাকে, চোতালবোৰত মাজে মাজে গৰুক খৰকৈ ঘূৰিবলৈ কোৱা গৃহস্থৰ হুমকিয়ে মুখৰ কৰি ৰাখিছিল পৰিৱেশ। খেৰৰ দ’ম, ধানৰ মুঠিৰ দ’ম, মুঠতে কোনোফালে চোতাল খালি নাথাকে। ৰাতিও প্ৰায় উজাগৰে থকাৰ দৰেই থাকে খেতিয়কৰ ঘৰৰ মানুহ। অৱশ্যে, আগতে প্ৰতিঘৰ মানুহেই খেতি কৰিছিল। চাকৰি থাকিলেও খেতিৰ এক সুকীয়া অভিজাত্য আছিল। আঘোণ, সেই অভিজাত্য দেখুওৱাৰ দিন। ৰাতি হঠাৎ বৰষুণ অহাৰ সম্ভাৱনা হ’লে, নিজৰ ধান খিনি ঘৰৰ সুৰক্ষিত স্থানত থৈ, ওচৰ-চুবুৰীয়াকো সহায় কৰি দিছিল। তাৰ মাজতে নতুন ধানৰ চাউল প্ৰসাদত দি ‘ন-লগোৱা’ প্ৰথাও পালন কৰে সকলোৱে। মৰণা মাৰি ভঁৰালত সোণগুটি থৈ পৰিয়াল, আত্মীয়-কুটুম্ব, ওচৰ-চুবুৰীয়া মিলি ‘ন-খোৱা’ উৎসৱ পাতে। আমি পথাৰত গৈ নৰা কাটো মাঘৰ বিহুৰ ভেলা ঘৰ সাজিবলৈ। নৰাই ভৰি কাটে, ঘৰলৈ আহি পানী লগালেই ভৰি চেকচেকায়। সেই বিষৰো আছিল এক সুকীয়া মাদকতা। আমি মৰণা মৰাতো দেউতাহঁতক সহায় কৰিছিলোঁ। পঢ়া-শুনাতকৈ এই দিনখিনি এইবোৰ কাম আমাৰ বাবে বেছি উৎসাহৰ আছিল। অথচ, এই আঘোণতেই আমাৰ বছেৰেকীয়া পৰীক্ষা আৰম্ভ হৈছিল। জুইত পোৰা বিলাহী, বেঙেনা, আলু, জলকীয়াৰ লগত ধনীয়া দি কৰা পিটিকাৰে গৰম ভাত খাই আমি পিছবেলাৰ পৰীক্ষা দিবলৈ গৈছিলোঁ। ধানৰ কামত লাগি থাকোতেই মায়ে কেতিয়াবা দালি ৰান্ধিবলৈ সময় পোৱা নাছিল কিন্তু আমাৰ কোনো অভিযোগ নাছিল। বৰঞ্চ পৰম তৃপ্তিৰে ভাত খাইছিলোঁ। আঘোণৰ ভাত।
সময় সলনি হ’ল। আঘোণৰ মাদকতাও লাহে লাহে সলনি হ’ল। আজিকালি গাঁৱলৈ গ’লে গৰুগাড়ীৰ ঠাইত ট্ৰেক্টৰ দেখা হ’লোঁ। আনকি মৰণা মাৰিবলৈ গৰুৰো প্ৰয়োজন নহয়। এঘণ্টাতে সকলো ধান মাৰি থৈ যোৱা ট্ৰেক্টৰ ওলাল। ঘৰৰ সন্মুখৰ চোতালত খেতি কৰাৰ কোনো চিন মোকামেই নাথাকে আজিকালি। বহুতেই খেতি নিজে নকৰে। আধি দিয়ে। চৰকাৰে কম দামত চাউল দিয়ে বাবে আধি কৰিবলৈও গাঁৱৰ বহু মানুহে মন নকৰে বুলি শুনিছোঁ। আমাৰ সন্তানক গৰুগাড়ী, মৰণা মৰা,ধান কটা এইবোৰ দেখুৱাবলৈ কোনোবা সংগ্ৰহালয়লৈ নিব লগা হয়। আঘোণ মানে কেৱল বনভোজ বুলিহে গাঁৱৰ উঠি অহা চামে জনা হ’ল।
আঘোণে স্বকীয়তা হেৰুৱাই পেলোৱাটো আমাৰ সেই সময়ৰ ল’ৰা-ছোৱালীবোৰৰ বাবে অত্যন্ত দুখৰ কথা। কেৱল নষ্টালজিয়া কিছুমান লৈ আজিকালি বুকুতে আঘোণক উপভোগ কৰোঁ। ভৰুণ আঘোণ আমাৰ আশাত থাকক, চিন্তাত থাকক, চিৰ সোণোৱালী স্মৃতি হৈ থাকক।