ৰূপকোঁৱৰ আৰু সুধাকণ্ঠৰ গীতবোৰত থকা ভিন্নচিন্তা
লেখক- ৰঞ্জন বেজবৰুৱা
(১)
সুৰৰে_জিঞ্জিৰি_পিন্ধালি_মোক’
(মোৰে জীৱনৰে সখা কৃষ্ণ)
’জিঞ্জিৰি’- শব্দটোৰ খাটি অসমীয়াৰূপ ’জিঁজিৰি’৷ হেমকোষৰ মতে ইয়াৰ অৰ্থ শিকলি বা লোৱা৷ মূল- ফাৰ্চী- জঞ্জীৰ৷ जंजीर৷
জ্যোতিপ্ৰসাদৰ আগেয়ে কোনেও ইমান অৰ্থৱহভাৱে ফাৰ্চী-আৰৱী ’জঞ্জীৰ’ক বা তৎ-জাত ’জিঞ্জিৰি’ক অসমীয়া কবিতাত প্ৰয়োগ কৰা নাই৷
’সুৰৰ জিঞ্জিৰি’! এনে বাক্-প্ৰতিমা বা কল্পচিত্ৰ জ্যোতিৰ হাততেই সম্ভৱ৷
ইয়াৰ গুৰিতে আছে জ্যোতিপ্ৰসাদৰ ভাষাৰ ’মেজিক’৷ ইয়াত তেওঁ বিমূৰ্ত বস্তুত মূৰ্তৰ গুণ আৰোপ কৰিছে৷ বিমূৰ্ত আৰু মূৰ্ত তথা স্পৰ্শক্ষম বস্তুৰ একত্ৰ সমাৱেশন তেওঁৰ শব্দমালাত৷
জিঞ্জিৰি দেখা পোৱা, চুব পৰা বস্তু৷ কিন্তু সুৰ মাথোঁ শুনিব পাৰি, অনুভৱ কৰিব পাৰি৷ ই শ্ৰুতিবেদ্য৷
তেন্তে ’সুৰৰ জিঞ্জিৰি’ কেনেকৈ সম্ভৱ? তাকে আকৌ পিন্ধায় কেনেকৈ?
সম্ভৱ৷ এয়াই জ্যোতিপ্ৰসাদৰ যাদু৷
প্ৰতিভা ’অপূৰ্ৱ-বস্তু-নিৰ্মাণক্ষম-প্ৰজ্ঞা’৷ নহ’লেনো ’ তাতে বাসনা-ঊৰ্বশী বিৱসনা’ৰ দৰে যাদুকৰী পংক্তি নিগৰিব পাৰে নে?
অথবা-
’উৰুৱাই মনৰ মাজলে’ সুৱৰ্ণৰে পখী/ পাহৰণি পদুমৰ মন্ত্ৰপূত পাহি মেলি/ আহাঁ মৌসনা সোঁৱৰণি৷ ’
জ্যোতিৰ ’মোৰে জীৱনৰে সখা কৃষ্ণ’ৰ এই শাৰীটোৰ ব্যঞ্জনা আমাৰ বাবে বহুত৷
এই ’সুৰৰ জিঞ্জিৰি’ আচলতে ’প্ৰেমৰ জিঞ্জিৰি’৷ মৰমৰ শিকলি৷ কৃষ্ণৰ প্ৰেমে ৰাধাক আৱৰি ধৰিছে৷ মেৰিয়াই ছাটি ধৰিছে৷ আচ্ছন্ন কৰিছে৷
ফাৰ্চী ভাষাত ’জঞ্জীৰ’ স্ত্ৰীলিংগবাচক৷ অসমীয়াতো সেই মূল শব্দটোৰ সেই faminine ভাৱ প্ৰসাৰিত যেন৷ নাৰীৰ দৰেইতো লাস্যময়ী হ’ব লাগিব ’সুৰৰ
জিঞ্জিৰি’৷
সিহে মেৰিয়াব পাৰিব ’পেলৱ এটি দেহা’ক৷ কোমল মনক৷ এখনি ৰিহাৰ দৰে, উত্তৰীয়ৰ দৰে৷ এটা অদ্ভুত ইন্দ্ৰিয়পৰক (sensuous) অনুভৱ!
বিবসনা ৰাধাৰ দেহৰ- নেদেখা অম্বৰ-বসন হৈ পৰিছে কৃষ্ণৰ বাঁহীৰ সুৰ!
অসীমৰ আকাংক্ষা হৈ৷
কি আহি ক’লৈ যে গৈছে ঠিকনা নাই!
জ্যোতি! হে জ্যোতি!
২)
“শৈলজা পয়োধৰা
পীযূষ-সলিলা
সুৰধুনী গঙ্গা“…(কাঞ্চনজংঘাৰ বুৰঞ্জী)
সুৰধুনী_গঙ্গা’
জ্যোতিপ্ৰসাদৰ ’কাঞ্চনজংঘাৰ বুৰঞ্জী’ৰ এই অংশৰ আটাইকেইটা শব্দই সংস্কৃত অথৱা সংস্কৃতমূলীয়৷ বৰ আচৰিতভাৱে৷
কিন্তু ’সুৰধুনী’টো নহয়৷ ই আধা সংস্কৃত বা প্ৰাকৃত মিহলি- ’ভাও ধৰা’ সংস্কৃত৷ (Pseudo Sanskrit)
প্ৰথম কথা, ’সুৰধুনী’ৰ অৰ্থ সুৰৰ নদী৷ দেৱনদী৷ দেৱভূমিৰ নদী৷ স্বৰ্গতটিনী৷ কিন্তু সুৰধুনীৰ ’ধুনী’ শব্দটো ’চলতি সংস্কৃত’ নহয়৷
কিন্তু কিয়?
ই প্ৰাকৃত৷ অৱশ্যে তাৰ শিপাডাল আছে বেদত- ’ধুনি’ হিচাপে৷ মহৰ্ষি যাস্কই কৈ থৈছে৷
বেদৰ সংস্কৃত পাছৰ যুগৰ মহাকাব্যৰ সংস্কৃততকৈ ভালেখিনি বেলেগ৷ ই প্ৰাকৃত বা সেই গোটৰ আন আন লোকভাষাসমূহৰ ওচৰচপা৷
বেদত ’ধুনি’ মানে নদী৷ ইয়াৰ মূল অৰ্থ ’ধ্বনি’৷ ’নদ’ বা ’নদী’ৰ ব্যুৎপত্তিতো আছে এই ধ্বনিৰ অনুষঙ্গ৷ নদী- নাদময়ী, শব্দময়ী৷ নদ্ ধাতুৰ অৰ্থ to sound…শব্দ কৰা৷ কেতিয়াবা পোহৰ দিয়া, দীপন অৰ্থতো নদী৷
নদীয়ে জীৱনক উদ্দীপিত, দীপ্তিমান কৰি নাযায় জানো?
আচলতে ’সুৰধুনী’তে সোমাই আছে জ্যোতিপ্ৰসাদৰ ভাৰতীয় ভাষা ইতিহাসৰ জ্ঞান৷ ভাৰতীয় ভাষিক পৰম্পৰাৰ প্ৰতি প্ৰগাঢ় অনুৰাগ৷
অৱশ্যে ’সুৰধুনী’ বা দেৱনদী বোলোতেই বোলা হ’ল গঙ্গাক৷ আকৌ এবাৰ কোৱা হ’ল- গঙ্গা৷ গঙ্গা আৰু গঙ্গা৷
এইকাম জ্যোতিয়ে আন ঠাইতো কৰিছে৷
যেনে- ’মোৰ অন্তৰ-বিকশজ শুকুলা শুভ্ৰ
শতদল সৰোৰুহ! (গীত- ’মোৰ সপোনৰে কথাটো)
ইয়াত শুকুলা/ শুভ্ৰ বিশেষণদুটা আৰু শতদল সৰোৰুহ- বিশেষ্যদুটা সমাৰ্থক৷
এয়াও চাগৈ আধুনিক আৰ্ষ-প্ৰয়োগ! মহীয়ান জ্যোতিৰ৷
কথা হ’ল-
জ্যোতি-কবিতাৰ ভাষা ভালেখিনি সংস্কৃতীয়া৷ সংস্কৃতজ শব্দচয়নৰ প্ৰতি তেখেতৰ আত্মীয়তা আছিল৷
লগতে ক’ব পাৰি- প্ৰাচীন ভাৰতীয় মূল ভাষাৰ প্ৰভাৱ তেওঁৰ অধিকাংশ কবিতাতে বিদ্যমান৷
শুনি ভাল পাব, তেখেতে গীতাখন লগত লৈ ফুৰিছিল৷ ভ্ৰাতৃ প্ৰয়াত হৃদয়ানন্দ আগৰৱালাই আমাক কোৱা কথা৷
এইভাৱেও জ্যোতি জ্যোতিষ্মান৷
(৩)
জয়_জয়_অৰূপজ_ৰূপ_কুমাৰ
আন বহু বিশিষ্ট শব্দৰ দৰে অৰূপ, অপৰূপ, অৰূপজ- এইবোৰ একোটা ধুনীয়া শব্দ৷ ৰবীন্দ্ৰনাথ, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা- তিনিওজনে ব্যৱহাৰ কৰিছে৷ বৰ সাৰুৱা আৰু সাৰ্থকভাৱে৷
’সুৰ অপৰূপ কত নৱৰূপ
ময়েই ৰূপকোঁৱৰ’ (অসমীয়া ডেকাৰ উক্তি)
দেখাত সংস্কৃত যেন লাগিলেও ’অপৰূপ’ আচলতে প্ৰাকৃত শব্দ৷ ইয়াৰ মূল ’অপূৰ্ব’৷ তাৰ পৰা হোৱা প্ৰাকৃত ’অবৰূপ’ৰ পৰা ’অপৰূপ’৷
অনিন্দ্য সুন্দৰ অৰ্থত প্ৰাকৃতমূলীয় ’অপৰূপ’৷ যদিহে সংস্কৃত শব্দ বুলি ধৰা হয় তেন্তে ভুল হ’ব৷ অথৰ্ব বেদত অপৰূপ শব্দটো আছে৷ কিন্তু বেয়া অৰ্থত৷
কাৰণ অসমীয়া, বঙলা আদিত ’অপ’ই বুজায় বেয়া, অশোভন৷ বেয়া ৰূপ> অপৰূপ হ’ব নোৱাৰে৷ ওভোতা অৰ্থ ওলাব৷
তেনেকৈ ’অৰূপ’ মানেও ৰূপহীন, কায়হীন, নিৰাকাৰ, বিমূৰ্ত, ব্ৰহ্ম আদি হ’ব৷ ’কুৎসিত ৰূপ’ অৰ্থ সাধাৰণতে ব্যৱহাৰ নহয়৷ কিন্তু ইয়াৰ ভিন্ন এক অৰ্থ- সুন্দৰ৷
’অৰূপ’ত অৰ্থৰ বিপৰীত ৰূপায়ণ ঘটিছে৷ ইংৰাজীত যাক কয় reversal of meaning৷
’অৰূপজ’ ,জ্যোতিপ্ৰসাদে coin কৰা এটা নতুন শব্দ৷ এনে অন্য এক উদাহৰণ ’অৰূপৱন্ত’৷
’অৰূপৱন্ত তোৰ হাঁহিৰে শ্ৰীমন্ত’৷
’মহাবলৱন্ত দুৰ্বাসনা ঘোৰ’ -নামঘোষাৰ বহু পঠিত তেজাল শব্দটিৰ দৰেই ’অৰূপৱন্ত’- জ্যোতিয়ে গঢ়া আটকধুনীয়া শব্দ৷
৪)
অহোৰাত্ৰি
অসমীয়া সাহিত্যত পোন প্ৰথমবাৰলৈ কিছুমান বিশেষ শব্দৰ ব্যৱহাৰ কৰিছে জ্যোতিপ্ৰসাদে৷
যেনে ’অহোৰাত্ৰি’৷ শব্দটো ভূপেন হাজৰিকায়ো
ৰাখিছে ’বিক্ষুব্ধ বিশ্বকণ্ঠই’ গীতত৷
শব্দটোত ব্যাকৰণগত ভুল আছিল৷ কিন্তু ইতিহাসত স্বীকৃত হৈ ৰৈ গ’ল৷ এয়া ’আধুনিক আৰ্ষ-প্ৰয়োগ (archaic)৷ মানে- ঋষি-মুনি, জ্ঞানীজনে কৰা ভাষাৰ ভুল৷
মূল সংস্কৃত শব্দটো আছিল ’অহোৰাত্ৰ’৷ ই দ্বন্দ্ব্ব্ব সমাস৷ অহ: আৰু ৰাত্ৰি: ৷ দিনে ৰাতিয়ে৷
’সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে’৷
ইপিনে ভূপেন হাজৰিকাৰ প্ৰেমৰ গীতখিনি আন সকলো অসমীয়া প্ৰেমৰ গীততকৈ পৃথক নহয় নে?
হয়তো এইবাবেই যে তেখেতৰ প্ৰেমৰ গীতকেইটিও বাস্তৱৰ মাটিৰ পৰা তোলা৷ সি কপোলকল্পিত নহয়৷ মনে সাজি লিখা নহয়৷
ইয়াত তেজ-মঙহৰ মূৰ্ত মানুহৰ কামনা-বাসনা, অনুভৱ-উপলব্ধি আছে৷ কোনো অলীক-অস্পষ্ট ছবি ইয়াত নাই৷
’এয়া কোনো ’এয়াৰ কণ্ডিশ্যনড্ ষ্টুডিঅ’ৰ ফ্ল’ৰত বহি কীবৰ্ডৰ ক’ৰ্ড ধৰি একে বহাতে লিখা গীত নহয়৷
সেয়া দীৰ্ঘ অভিজ্ঞতালব্ধ আৰু অভিজ্ঞানপ্ৰসূত ৰচনা৷
অভিজ্ঞতাক নেওচি তেখেতে একো লিখা নাই৷ উপলব্ধিবিহীন জীৱনৰ প্ৰকাশ তেখেতৰ গীতত নাই৷
এক সুকীয়া জীৱন-দৃষ্টি, এটা অভিমত- তেখেতৰ গীতৰ মাজেদি অভিব্যক্ত৷ অভিনৱ চিন্তা তেখেতৰ প্ৰেমৰ গীতিকেইটিৰো বৈশিষ্ট্য।
গান তেখেতৰ বাবে পেইণ্টিং৷ যেন ছবি এখন আঁকি আঁকি লিখে, সুৰ কৰে আৰু গায়৷ প্ৰেমৰ গীতো৷
’গীতং চিত্ৰং পৰং স্মৃতম’৷
’বিষ্ণুধৰ্মোত্তৰ পুৰাণে’ নৃত্যৰ ক্ষেত্ৰত কোৱা কথাটি সলাই ভূপেন হাজৰিকাৰ গীতৰ ক্ষেত্ৰতো যেন ক’ব পাৰি- “গীততেই চিত্ৰৰ পৰম ৰূপ প্ৰকটিত’’- Music the best manifestation of painting.
(২)
প্ৰেম দেহজ নে মনোজ, ইন্দ্ৰিয়জ নে অতীন্দ্ৰিয়- এইধৰণ ’stereo type’, প্ৰচলবিশ্বাসী মনেৰে তেখেতৰ প্ৰেমৰ গীতিখিনিলৈ চালে নহ’ব৷
প্ৰেম এটা দৈহ-মনোজ বস্তু৷ ই কালিদাস, বিদ্যাপতি, জয়দেৱৰ পৰা ভূপেন হাজৰিকালৈকে সত্য৷ শকুন্তলা বা কুমাৰসম্ভৱৰ শ্লোক-সংলাপ দোভাগখন ইন্দ্ৰিয়পৰক (sensuous)৷
নাৰীৰ দৈহিক ৰূপবৰ্ণনা কৰিবলৈ পালে সংস্কৃত কবিসকলৰ ভাগৰ নালাগে৷ আধুনিক মানুহৰে লাজ লাগি যাব সেই বৰ্ণনাত৷ গোটেইখন ’হৰমোহন’৷ নিষিদ্ধ পুৰাণ৷
কিন্তু ’কেলিৰো’ এক ’কামজয়ী’ পৰিণতি থাকে৷ কামদেৱৰো দহন হয়৷ পাৰ্বতি-পৰমেশ্বৰে জন্ম দিয়ে ’কুমাৰ’ কাৰ্তিকেয়ক৷ ’কুমাৰসম্ভৱম্’৷
সিপাৰে উঠি আহে ইন্দ্ৰিয়াতীত আধ্যাত্মিকতা৷ নাম- পায় হয়তো ’ভগৱদ্-ভক্তি’ বা অন্য কিবা৷
(৩)
মিলনতো দেহ থাকে, থাকে বিৰহতো৷ থাকে প্ৰেমত- স্ব-কীয়তো, ’পৰকীয়’তো৷
ভূপেন হাজৰিকাৰ গীতত এই সত্য বিধৃত৷ কোনো ’hypocrisy’ নাই৷ ’যথা দৃষ্টম্, তথা লিখিতম’৷ যেনেকৈ পালে তেনেকৈয়ে লিখিলে৷
এটা শুচিবায়ুগ্ৰস্ত, নীতিবাগীশ মন এটা লৈ ভূপেন হাজৰিকাৰ গীতৰ চৰ্চা কৰিলে ফলাফল- শূন্য৷
যেনে:
’সৰি পৰে প্ৰত্যাশিত/ অস্ফুট এক প্ৰতিধ্বনি/ তাইৰ সাদৰী মাতৰ৷
পৰিধিবিহীন সঙ্গমমুখী/ নিৰ্মল দুটি ওঁঠ/
কম্পনকাতৰ৷
…
কোমল আঘাত প্ৰতি আঘাত/
নীলা নিশাৰ নাটৰ…
এখইখন ’নীলা নিশাৰ নাট’ কাক বুজাব?
’বৈধ-অবৈধ’ৰ প্ৰাচীন চশমা’ পিন্ধি ভূপেন হাজৰিকাৰ গীতলৈ চোৱাটো হাস্যাস্পদ৷
ভোগবাদী, ইন্দ্ৰিয়পৰায়ণ, আসক্তিপূৰ্ণ- এনেবোৰ ব্যৱহাৰজীৰ্ণ (cliche) শব্দ ভূপেন হাজৰিকাৰৰ গীতৰ আলোচনাত পৰিহাৰ্য৷
আপুনি জ্যোতিপ্ৰসাদৰ ’কাৰেঙৰ লিগিৰী’লৈ তেনেকৈ চায় জানো?
তেখেতৰ প্ৰেমিকজীৱন বিচিত্ৰ৷ হয়তো বিতৰ্কিতও৷ তাতে কি হ’ল?
’বিমূৰ্ত মোৰ নিশাটি’, ’দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে’ বা ’কি যে তোমাৰ সঙ্গ প্ৰিয়া’, ’গুপুতে গুপুতে কিমান খেলিম’… শুনিবলৈকো সাহস লাগিব৷ গোৱা বা আলোচনা কৰাটো দূৰৰ কথা৷
সম্ভোগ আৰু বিপ্ৰয়লম্ভ- শৃঙ্গাৰৰ এই দুই ভাৰতীয় ধ্ৰুপদী ধাৰণাক ভূপেন হাজৰিকাই প্ৰণয়-গীতিৰে বান্ধিছে৷ অতি সাহসেৰে আৰু সততাৰে৷
(৪)
গীত শ্ৰৱ্য বস্তু৷ গেয় বস্তু৷ ধ্যেয় বস্তু৷
গীতৰ ’কবিত্ব’ উন্মোচিত হয় গায়নত৷ পৰিৱেশনত সি সম্পূৰ্ণ৷ তন্ময় হৈ বজালে আৰু গালেহে গীত প্ৰকট হয় তাৰ অনিৰ্বচনীয়ত্ব৷
গীত-পদৰ উকা পাঠত বহু কথা অকথিত হৈ ৰয়৷ ই বেদ-গীতাৰ দিনৰ পৰা, গুৰুদুজনাৰ কীৰ্তন-ঘোষা-বৰগীত-ভাগৱতৰ পৰা শ্ৰেষ্ঠ আধুনিক গীতিগুচ্ছলৈকে সত্য৷
ভূপেন হাজৰিকাৰ গীতত ই ধৰা পৰে বিশেষকৈ৷
লক্ষ্মীনাথৰ ’সখি হে কি ক’ম দুখৰে কথা’, জ্যোতিপ্ৰসাদৰ ’ৰূপহ কোঁৱৰৰ চুমা পৰশতে’ ’মোৰে জীৱনৰে সখা কৃষ্ণ’ বা পাৰ্বতিপ্ৰসাদৰ ’সেউজী পাৰৰ’ ভূপেন হাজৰিকাই গোৱাৰ পাছতহে মানুহে অনুভৱ কৰিছিল সিবোৰৰ অমিয়া মাধুৰী৷ অসীম বিস্তৃতি৷
’বিমূৰ্ত মোৰ নিশাটি’ বা ’নতুন নিমাতী নিয়ৰে নিশা’ বা ’লিয়েং মাকাও’ৰ সৌন্দৰ্য কেৱল কবিতাৰ চকুৰে পঢ়িলে একোৱে নোলাব৷ তাক ৰেহা লগাই, লাহ দি গাব লাগিব৷
’হৃদিস্থিত’ কৰি৷
সমাজৰ কামত নহা কোনো কথা তেখেতে গীতেৰে কোৱা নাছিল৷ অন্ততঃ প্ৰধান গীতবোৰত৷
গানৰ ভূপেন হাজৰিকাজন আছিল অভ্ৰান্ত৷
(৫)
আপোনাসৱে ভাৱিছে নাই নাজানো, ভূপেন হাজৰিকাৰ নাৰীকণ্ঠৰ প্ৰেমৰ গীতকেইটি বেছি আন্তৰিক, বেছি ’মেলডিয়াছ’৷ বেদনাসিক্ত৷
এই বেদনা প্ৰেমৰ৷ আৰু কৰুণতেই বুৰি থাকে প্ৰেম৷ বিৰহ-বিপ্ৰলম্ভ৷ প্ৰণয়ৰ সন্দৰ্ভ৷
’অ’ অভিমানী বন্ধু’, ’অয় অ’য় আকাশ শুব’, ’জীৱন ঘড়িৰ প্ৰতিটো পল’, ’হাৱা নাই বাতাস নাই’…এই গীতবোৰ আকৌ এবাৰ শুনিবচোন৷ ভগ্ন নাৰীহৃদয়ৰ গাঁথা৷ প্ৰেমৰ দুখেই ইয়াত মূল৷
ৰৈ ৰৈ বাজি থাকে ভগা বীণ এখনি৷
কি কাৰণে তেখেতৰ নাৰীৰ বাবে লিখা গীতকেইটি ইমান কৰুণ আৰু সুললিত হয় বুজি নাপাওঁ৷ পুৰুষ এজনে কেনেকৈ অনুভৱ কৰে সেইবোৰ?
ভূপেনদা পুৰুষ কণ্ঠৰ বাবে এক, নাৰীৰ বাবেও এক৷ এক ’alter ego’ ভূপেন হাজৰিকাৰ৷ নাৰীত্বব্যঞ্জক এক অদ্ভুত কবিসত্তা৷
আচৰিত!