ৰূপান্তৰৰ গদ্য
লেখক- ---হিতেশ মেধি
১)
পোহৰৰ মুখ দেখিবলৈ ইয়াত
বাজি আছে অতবোৰ গদ্যৰ তান
আৰু
জী উঠিছে কথাৰ আঁৰৰ কথা
বাজি আছে
অলেখ ৰাতি পাৰ হৈ অহা
ৰূপান্তৰৰ ৰূপকথাৰ ধ্বনি
লেখহীন বিপ্লৱী পোহৰে মেৰিয়াই ধৰিছে
সৌ সিদিনাৰ
হঠাতে শুই পৰা বেলি
২)
গলিবোৰ দুনাই গচকিবলৈ
তেওঁৰ স’তে খোজ ল’লোঁ
পৰি আছে
লাখুটি লোৱা এটা আথানি আবেলি
আন্ধাৰবোৰ ইমান কঠিন!
ইমান ডাঠ!
আঙুলিয়ে ৰ-লগা তৰাবোৰ টানিছে
মই চকু মেলি টোপনিয়াই আছোঁ!
৩)
শুনি আছোঁ অতপৰে
কথাবোৰত লাগি থকা মাত
কিবা এটা আছে
কিবা এটা আছে
এই যেন দূৰৈৰ বীণত বাজি আছে
ৰূপান্তৰৰ গান
মুঠিতে বান্ধ খাই আছে
এই মগন পৃথিৱীক জগাই তোলা ৰূপকথাৰ প্ৰাণ।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments