ৰূপে কি কৰে

লেখক- পুষ্পাঞ্জলি শিৱম শৰ্মা

বদি শ্বেমিং বনাম বদি পজিটিভিটিঃ
ইমান শকত ঐ, জলহস্তী যেন।
কলীজনীলৈনো ভাল দৰা আহিবনে?
ইমান খিনাইছা কিয়?
ইচ্ ইমান চাপৰ ল’ৰাজন অলপ ওখ হোৱাহেঁতেন।
ইমান লেংপেং ওখ৷
—ইত্যাদি বাক্যাংশৰ কীটাক্ত দংশনত সমাজৰ আজি প্ৰায়ভাগ মানুহেই যেন ভুক্তভোগী। কিন্তু বহুতেই হয়টো এই বিষয়ে অজ্ঞ যে এনেকুৱা চিন্তাধাৰা কঢ়িয়াই সমাজত বিষবাষ্প বিয়পোৱাটো এক সামাজিক অপৰাধ; যাক “বডি শ্বেমিং’’ বুলি কোৱা হয়।
আমাৰ এই সমাজখনত যে কিমান বিচিত্ৰ মানুহৰে ভৰি আছে। তাতোকৈও বিচিত্ৰ একাংশৰ চিন্তা আৰু দৃষ্টিভঙ্গী। সেই বিচিত্ৰ ৰঙৰে লুতুৰি-পুতুৰি মানুহবোৰে নিজৰ মাজতেই ৰং ৰূপৰ বাচ-বিচাৰ কৰে৷ আনকি সময়ে সময়ে একাংশ লোকে একাংশক মানসিক হাৰাশাস্তি প্ৰদান কৰি আহিছে।
ওখ-চাপৰ, ক’লা-বগা, শকত-ক্ষীণৰ বাচ-বিচাৰত মানুহে প্ৰকৃত “সৌন্দৰ্য’’ৰ সংজ্ঞা পাহৰি পেলাইছে।
তৃষ্ণাতুৰ কাউৰীজনী আৰু তাইৰ নিজ বুদ্ধিৰে কলহৰ তলিৰ পৰা কেনেকৈ পানী তুলিছিল সেই শিক্ষামূলক কাহিনীটো আমি সকলোৱে জানো।
কাউৰীৰ বৰণ ক’লা যদিও অতি চতুৰ আৰু বুদ্ধিমান প্ৰাণী। গতিকে কাহিনীটোত কাউৰীয়ে নিজৰ বুদ্ধিমত্তাৰ বাবেই নিজৰ পিয়াহ নিবাৰণ কৰিবলৈ সক্ষম হৈছিল। সাধাৰণতে সমাজৰ অধিকাংশ লোকেই মানুহৰ প্ৰকৃত সামৰ্থ্যক তুচ্ছজ্ঞান কৰাহে দেখা যায় আৰু তাৰ বিপৰীতে তেওঁলোকৰ বাহ্যিক সৌন্দৰ্যকহে অতিমাত্ৰা গুৰুত্ব প্ৰদান কৰে।
মানুহক তেওঁৰ সৌন্দৰ্যৰ দ্বাৰা নহয়; তেওঁৰ প্ৰতিভা, শ্ৰম,দক্ষতাৰ ভিত্তিত বিচাৰ কৰা উচিত। “ৰূপে কি কৰে গুণেহে সংসাৰ তৰে’’ বুলি প্ৰচলিত আপ্তবাক্যশাৰীক সততে আওকাণহে কৰা হয় সমাজত।
কিন্তু সৌন্দৰ্যৰ সংজ্ঞা নিশ্চিতভাৱে কেৱল শাৰীৰিক সৌন্দৰ্যই বহন নকৰে— সেই কথা সকলোৱে বুজি উঠা উচিত। প্ৰকাশভংগী আৰু মানসিকতাৰ সৌন্দৰ্যহে প্ৰকৃত সৌন্দৰ্য।
মানুহে নিজৰ সুন্দৰ মানসিকতা আৰু বুদ্ধিমত্তাক ব্যৱহাৰ কৰি যিকোনো উপায়েৰে আৰু যিকোনো ঠাইতে সফলতাৰ দুৱাৰমুখত উপনীত হ’ব পাৰে।
কিন্তু আমাৰ মাজৰে হেজাৰজনে কাউৰীজনীৰ সেই বুদ্ধিমত্তাৰ উদাহৰণটোক আওকাণ কৰি তাইৰ ৰংটোৰ তুলনাহে দি ভাল পায়। দোষ কাউৰীজনীৰ নহয়; দোষ হৈছে সেইসকল লোকৰ দৃষ্টিভঙ্গীৰহে; যিসকলে কাউৰীজনীৰ গুণতকৈ ৰূপকহে গুৰুত্ব দি আহিছে।
সাম্প্ৰতিক সময়ত আমাৰ সমাজত “বডি শ্বেমিঙে’’ এনে এক পৰ্যায় পাইছে যে, ঘৰে-বাহিৰে, ৰাষ্টাই-ঘাটে, আনকি সামাজিক মাধ্যমৰ যোগেদিও কোনো লুক-ঢাক বা সংকোচ নকৰাকৈ মানুহে বডি শ্বেমিঙ কৰি এক পৈশাচিক আনন্দত মতলীয়া হৈ থাকে। সকলোতকৈ আচৰিত কথা ইয়াৰ সৰহভাগ লোক হয় চিনাকি নাইবা পৰিয়াল আত্মীয়সকলৰ মাজৰে।
“বডি শ্বেমিঙ’’হৈছে এগৰাকী ব্যক্তিৰ শৰীৰৰ আকাৰ, আকৃতি, ওজন অথবা ৰূপ সম্পৰ্কে নেতিবাচক মতামতৰে তাচ্ছিল্য কৰা। পাৰস্পৰিক কথোপকথন অথবা সামাজিক মাধ্যমত মতামত দি, তাচ্ছিল্যসূচক হাঁহি, চাৱনি, ইংগিত আদিৰে ইয়াৰ প্ৰকাশ ঘটে। গাৰ ৰং বা দেহৰ গঠনক লৈ; যেনে শকত বা ক্ষীণ হ’লে বিভিন্ন উপমা বা নামেৰে মতা, ইত্যাদি। তাৰভিতৰত দেড় ফুটিয়া, পেটলা, পেটলী, হাতী, জলহস্তী, কটীয়া, ফেঁচা, যখিনী, কলী আদিৰ দৰে কিমান‌ যে বিশেষণ “বডি শ্বেমিঙ’’ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ লেখ পাবলৈ নাই ৷ সেয়া এক অপ্ৰিয় সত্য।
বডি শ্বেমিঙে মানুহৰ মনত অতি ভয়ঙ্কৰ ধৰণে ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। ই মানুহৰ আত্মবিশ্বাসক ধাৰাশায়ী কৰি দিয়ে যাৰ ফলত আত্ম-মৰ্যাদাৰ অৱনতি হয়। ই মানসিক স্বাস্থ্যৰো বিস্তৰ ক্ষতি সাধন কৰি ব্যক্তি এজনক দীৰ্ঘ সময়জুৰি ডিপ্ৰেছন ভোগাব পাৰে আৰু লাহে লাহে আত্মহনন পৰ্যায়লৈয়ো লৈ যাব পাৰে।
বিশেষকৈ উঠি অহা ল’ৰাছোৱালীসকল; যিয়ে নেকি কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলিত ভৰি দিছে —সিহঁতৰ বাবে ই মানসিক বিকাশৰ এক অন্যতম শত্ৰু হিচাপে দেখা দিব পাৰে। কেতিয়াবা দেখা যায় য়ে বহুতে অজানিতে বা ইয়াৰ অপকাৰী প্ৰভাৱৰ বিষয়ে জ্ঞাত নোহোৱাকৈয়ে ৰং তামচাৰে “বডি শ্বেমিঙ’’ কৰে।
কিন্তু তেওঁলোকৰ বাবে এই অনুভৱবোধৰ অতিকৈ প্ৰয়োজন যে, কাৰোবাৰ শৰীৰৰ আকাৰ, আকৃতি বা ৰূপক লৈ কৰা সেই ৰং তামচাবোৰ ধেমালিৰ কথা নহয়; বৰঞ্চ “বডি শ্বেমিঙহে’’৷ যি এক সাংঘাতিক সামাজিক অপৰাধ।
ইয়াৰ গুৰিটো বিচাৰি গ’লে উনুকিয়াব লাগিব যে আমাৰ সমাজত তাহানিৰ দিনৰে পৰি প্ৰচলন হৈ অহা শাৰীৰিক বা বাহ্যিক সৌন্দৰ্যৰ অবাস্তৱ ভিত্তিহীন আৰু বৈষম্যমূলক মানদণ্ডৰ প্ৰচাৰ। সমাজে আজিও সুন্দৰ বা ধুনীয়াৰ মাপকাঠি হিচাপে প্ৰথমেই দেহৰ উজ্জ্বল বগা ৰঙকহে প্ৰাধান্য দিয়ে। তদুপৰি মসৃণ দেহৰ ভাঁজ, হৰিণী নয়না আৰু সকলোতকৈ চিন্তনীয় কথা বৰ্তমানৰ চিনেমা আৰু মডেলিঙৰ প্ৰভাৱত মডেলবোৰৰ দৰে এক ক্ষীণাঙ্গী দেহৰ অধিকাৰী হব পাৰিলেহে যেন সুন্দৰ বা ধুনীয়া বুলি গণ্য কৰা হয়।

যিমানেই ক্ষীণাব সিমানেই বেছি ধুনীয়া বুলি কিছুমান ভিত্তিহীন সৌন্দৰ্য সম্পৰ্কীয় ধাৰণাই ইমান ব্যাপকতা লাভ কৰিছে যে, তাৰ প্ৰভাৱেৰে বহুত লোকৰ মাজত বিয়োগাত্মক এক চিন্তাৰহে সৃষ্টি কৰি আছে। অপ্ৰিয় সত্য যে এই প্ৰচলিত ৰূপৰ মানদণ্ডই কিন্তু সমাজত এক বৈষম্যমূলক ধাৰণাক প্ৰতিপালিত হোৱাত অৰিহণা যোগাইছে৷ যাক কেৱল ৰেচিষ্ট বুলি অভিহিত কৰিলৈই নহয়; বৰঞ্চ ক্লাচিষ্টো বুলি কলেও বঢ়াই কোৱা নহব। ই এনে এক অবাস্তৱ, অপ্ৰয়োজনীয় আৰু হানিকাৰক মানদণ্ড; যিয়ে সমাজৰ অহিত সাধন কৰিব পাৰে।
অৱশ্যে লাহে লাহে এতিয়া বিশ্বজুৰি “বডি শ্বেমিঙ’’ৰ বিৰুদ্ধে এক জাগৰণৰ আৰম্ভ হৈছে আৰু যাক নামকৰণ কৰা হৈছ “বডি পজিটিৱিটি’’ আৰু এয়া এক সুখবৰ।
“বডি পজিটিৱিটি’’ৰ মূল অৰ্থই ধাৰণা প্ৰদান কৰে আৰু ব্যাখ্যা কৰে যে, যাৰ যেনকুৱা শাৰীৰিক অবয়ব বা গঠন, যাৰ যি ৰং বা ৰূপ তাক সেইমতেই গ্ৰহণ কৰি আনন্দমনেৰে সেয়া উদযাপন কৰা। এই আন্দোলনে চলি থকা বা গতানুগতিক আৰু অবাস্তৱ সৌন্দৰ্যৰ মানদণ্ডক উলাই কৰি সকলো প্ৰকাৰৰ শৰীৰক সুন্দৰ আৰু গ্ৰহণযোগ্য বোলা ধাৰণাটোক প্ৰচাৰ কৰে। ইয়াৰ মূল লক্ষ্য হৈছে মানুহৰ শৰীৰৰ প্ৰতিচ্ছবি আৰু আত্মসন্মানবোধক উন্নত কৰাত সহায় কৰা।
যিকোনো ধৰণৰ শাৰীৰিক অবয়ব, আকৃতি, ৰূপ, ৰঙক গ্ৰহণ কৰা তথা কাকো হীন বা কম বুলি বিবেচনা নকৰা ধাৰণাই হৈছে “বডি পজিটিভিটি’’। প্ৰচলিত সৌন্দৰ্যৰ মিছা আৰু অবান্তৰ মানদণ্ডক আওকাণ কৰি নিজে যেনেকুৱা তাক লৈ সুখী হোৱা; নিজৰ চেহেৰা, আকাৰ বা আকৃতিক লৈ কোনো প্ৰকাৰে হীনমন্যতাৰ সলনি গৰ্বিত অনুভৱ কৰোৱা ইয়াৰ মূল লক্ষ্য।
“বডি শ্বেমিঙ’’ৰ দৰে গুৰুতৰ এক সামাজিক অপৰাধৰ বা এক ব্যাধি যাৰ বিৰুদ্ধে সজাগতাৰ খুবেই প্ৰয়োজনীয়তা আহি পৰিছে। । যাৰ উত্তৰত সমান্তৰালকৈ “বডি পজিটিৱিটি’’ৰ প্ৰচাৰ আৰু সজাগতাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে। প্ৰতিগৰাকী লোকে নিজৰ শৰীৰকলৈ আত্মবিশ্বাসী আৰু গৰ্বিত অনুভৱ কৰক; ইয়াৰ আকাৰ, আকৃতি বা ৰূপক লৈ কোনো ব্যক্তিয়ে যাতে কটূক্তি কৰিলে তাৰ চিকাৰ নোহোৱাকৈ নিজক বচাই ৰাখি দহগুণ আত্মবিশ্বাসেৰে সমাজত নিজৰ বুদ্ধিমত্তা আৰু গুণৰ জোৰত প্ৰতিষ্ঠা লাভতহে গুৰুত্ব দিব লাগে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!