ৰেচিপি-ভাপত দিয়া পিঠা

লেখক- ৰোহন চাহু

উপকৰণ:
১.বুটৰ দাইল: ২ কাপ
২.আটা:১ কাপ
৩.চাউলৰ গুৰি: ২ কাপ
৪.পানী (মথিবলৈ গৰম পানী ল’ব)
৫.গোটা জিৰা: ১ চামুচ
৬.গোটা জালুক: ১ চামুচ
৭.গোটা ধনীয়া: ১ চামুচ
৮.নহৰু:১০-১৫ কোহ
৯.নিমখ: ১ চামুচ
১০.কেঁচা জলকীয়া:৫-৭ টা

প্ৰণালী:
বুটৰ দাইলখিনি ৰাতিয়ে তিয়াই থ’ব। বুটৰ দাইলখিনি মিহিকৈ পেষ্ট কৰি ল’ব। ওপৰত উল্লেখ কৰা মচলা সমূহ লগতে নহৰু আৰু জলকীয়া দি মিহিকৈ পিছি ল’ব।

.প্ৰথমতে আটা আৰু চাউলৰ গুৰি পাত্ৰ এটাত লৈ ভালকৈ মথি ল’ব,লগতে অলপ নিমখ দি দিব।

.এতিয়া বুটৰ দাইলখিনিত নিমখ আৰু মচলাৰ মিশ্ৰণখিনি গোটেইবোৰ দি ভালকৈ মিহলাব(১৫ মিনিট মান)।

এতিয়া মথি থোৱা আটাখিনিৰ পৰা অলপ ডাঙৰ ডাঙৰ ভাগত ভগাই অলপ ডাঠকৈ বেলি আধা ভাগত বুটৰ দাইলৰ মিশ্ৰণটো ২ চামুচ মান দি আনটো ভাগ তাৰ উপৰত জাপি দিব। তাৰ পিছত চেপি দিব৷ ম’ম’ বনোৱাৰ দৰেই কৰি দিলে হ’ল।

ইয়াৰ পাছত কেৰাহী এখনত পানী অলপ দি ষ্টেণ্ড (বাঁহৰ মাৰিও লব পাৰে)এডাল বহাই দিব। তাৰ পিছত ষ্টেণ্ডডালৰ ওপৰত ভৰাই থোৱা আটাৰ পুৰটো দি ঢাকোন মাৰি দি ২৫ মিনিত মান মিডিয়াম ফ্লেমত ৰাখি নমাই থৈ দিব। তাৰ পিছত ঠাণ্ডা হলে ধুনিয়াকে কাটি দিব। তেনেকৈয়ে খাব পাৰে নতুবা তেলত ভাঁজি খাব পাৰে চাহৰ লগত। টমেট’ চচৰ লগতো পৰিবেশন কৰিব পাৰে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!