ৰেডিঅ’ৰ সৈতে আমাৰ আত্মীয়তা

লেখক- জ্যোতিমণি দেৱী

“বহুজন হিতায় বহুজন সুখায়

বহুজন মিলনৰ মৰ্মবাণী

মই আকাশবাণী।” 

 

এই গীতটি আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা এসময়ত প্ৰচাৰিত “থিম চং।” বহুজনৰ হিত আৰু সুখৰ বাবে ৰেডিঅ’ই যি ভূমিকা পালন কৰিছিল, সেয়া এই গীতটিৰ সৈতে সম্পূৰ্ণৰূপে খাপখোৱা আছিল। ৰেডিঅ’ত আবাল-বৃদ্ধ-বনিতা সকলোকে সামৰি প্ৰচাৰ কৰা আনুষ্ঠানবোৰে আমাক এই গীতটিৰ অৰ্থ মৰ্মে মৰ্মে অনুভৱ কৰাইছিল। 

 

যিসময়ত আমাৰ ঘৰবোৰত টেলিভিছন নাছিল, নাছিল হাতে হাতে মবাইল, নাছিল আনকি লেণ্ডলাইন ফোনো, হাতত হাতঘড়ীও কাচিৎহে দেখা গৈছিল, তেনে সময়ত আমাৰ সামাজিক যোগাযোগৰ মাধ্যম আছিল ৰেডিঅ’টো। একমাত্ৰ ৰেডিঅ’টোৱে আমাক যিমান দিছিল, আজি একবিংশ শতিকাৰ বিজ্ঞান, প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ দিনত সহজলভ্য হৈ উঠা সকলো যোগাযোগ মাধ্যম একেলগ কৰিলেহে যেন ৰেডিঅ’ই দিয়াখিনিৰ মূল্যাংকন হ’ব।

 

আমাৰ ঘৰলৈ ৰেডিঅ’ আহিছিল আশী-নব্বৈৰ দশকত। শিক্ষকতা বৃত্তিৰে এটি বৃহৎ যৌথ পৰিয়ালৰ জোৰা-টাপলি মাৰি হঠাতে একক পৰিয়াললৈ আহোঁতে আৰ্থিক দিশটোৱে যিদৰে আমাক জুৰুলা কৰিছিল, তাৰ মাজত পিতৃয়ে এটি ৰেডিঅ’ তেওঁৰ চাৰিটি সন্তানক উপহাৰ দিয়াটোৱেই আছিল অতিকৈ ডাঙৰ কথা। দেউতাই আমালৈ উপহাৰস্বৰূপে অনা ৰেডিঅ’টো আছিল সেইসময়ত ভালকৈ চলা কোম্পানী ‘ফিলিপছ জোৱান’ৰ। ৰেডিঅ’টো অহাৰদিনাৰেপৰা আমাৰ ৰাতিপুৱাৰপৰা ৰাতি শোৱাৰ পৰলৈ ব্যস্ত হ’বপৰা ভাল সংগী হৈ উঠিছিল। পুৱাই মায়ে বাহী চোতাল সাৰিবলৈ লোৱাৰ আগতেই আমাৰ উত্তৰফালে থকা হাফৱাল ঘৰটোৰ বাৰাণ্ডাৰ কাঠত মাৰি লোৱা এটি গজালত ৰেডিঅ’টো ওলোমাই থৈহে বন্দনা আৰম্ভ হোৱাৰ আগৰ সুৰটোৰে চোতালত বাঢ়নি পেলাইছিল। আৰম্ভ হৈছিল তাৰপাছত — ‘বন্দে মাতৰম’ গীতটি। এই গীতটি মই ৰেডিঅ’ত শুনি শুনিয়েই গাবলৈ জনা হৈছিলোঁ। বন্দনা আৰম্ভ হোৱাৰ লগে লগে শোৱাপাটী এৰি ঢহমহাই উঠি আমি মুখ-হাত ধুই বাৰাণ্ডাতে ছটীয়া পাৰি পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। ৮.৩০ বজাত সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা আৰম্ভ হোৱাৰ লগে লগে পঢ়া সামৰি আমি পুৱাৰ বাহীঘৰ সাৰিবলৈ লওঁ। গীতিমালিকা শেষ হোৱাৰ লগে লগে যেতিয়া আঞ্চলিক বাতৰি আৰম্ভ হয়, তেতিয়া গা ধুবলৈ খৰধৰ কৰোঁ। মুঠতে আমাৰ দৈনন্দিন সময়সূচী আৰম্ভ হৈছিল ৰেডিঅ’ৰে আৰু সমাপ্তিও ঘটিছিল ৰেডিঅ’ৰেই। দেওবাৰৰদিনা ‘আকৌ শুনো আহক’ অনুষ্ঠানলৈ প’ষ্টকাৰ্ডত লিখি গীতৰ অনুৰোধ পঠিওৱাটো আমাৰ নৈমিত্তিক অভ্যাসত পৰিণত হৈছিল আৰু অনুৰোধ কৰা গীতটো ৰেডিঅ’ত বাজিবৰদিনা আমাৰ স্ফূৰ্তিৰ অন্ত নাছিল। ইয়াত বেছিকৈ আনন্দদায়ক কথা আছিল আমাৰ নামবোৰ ৰেডিঅ’যোগে শুনিবলৈ পোৱাটো। ৰাতিপুৱা ‘গীতিমালিকা’ৰ গীত শুনি শুনি লিখি থোৱাটো আমাৰ এৰাব নোৱাৰা অভ্যাসত পৰিণত হৈছিল। আমাৰ সৰুজন খুৰাও গানৰ প্ৰতি বৰ আগ্ৰহী আছিল আৰু তেৱোঁ তেওঁ শুনা দিনৰ এটি গানৰ বহী কৰি লৈছিল। তাত তেওঁ লিখিছিল— ‘যাবই লাগিব তই সবাৰে ভৰষা এৰি হে নৰমনিচ’— বুলি গীত এটি। তাতেই সন্নিৱিষ্ট আছিল ভূপেন হাজৰিকাই গোৱা ‘কানাই পাৰ কৰাহে’ লোকগীতটি। খুৰাই আকৌ সেইটোৰ পেৰডি বনাই লিখি থৈছিল এইদৰে— ‘কানাই পাৰ কৰাহে এ বুঢ়ী পৰিল খালত, নষ্ট হৈলা কানি-কাপোৰ বোকা লাগিল গালত’ বুলি। এই বহীখনত তেওঁ লিখি থোৱা প্ৰায় অৰ্ধ-শতাধিক গান আছিল। এইখন যেতিয়া আমাৰ ভাই-ভনীকেইটাৰ হাতত পৰিছিল, তেতিয়া আমি তাত নতুনকৈ পাত চিলাই লৈ ‘গীতিমালিকা’, ‘কল্পতৰু’, ‘আকৌ শুনো আহক’, ‘সুৰৰ সাঁথৰি’, ‘সুৰৰ পানচৈ’ আদি গীতৰ অনুষ্ঠানৰ প্ৰায়বোৰ বচা বচা গানেই লিপিবদ্ধ কৰিছিলোঁ। ৰেডিঅ’ৰপৰা শুনি শুনি গান লিখাত অতি পাকৈত আছিল মোৰ বাইদেউ। ভাললগা গান শুনিলেই মই কাগজ-কলম আনি বাইদেউৰ হাতত লিখিবলৈ তুলি দিছিলোঁ। এনেকৈ সংগ্ৰহ কৰা গীতৰ সংখ্যা আমাৰ বহীখনত চাৰিশৰো অধিক হৈছিল আৰু সেয়া আমাৰ বাবে বৰ মূল্যৱান সংগ্ৰহ আছিল। কিন্তু পৰিতাপৰ বিষয় এয়ে যে এদিন দাদাৰ বন্ধু এজনে বহীখন দেখি চাই আকৌ ঘূৰাই দিম বুলি লৈ গৈ ঘূৰাই নিদিলে। বহুদিন বহীখন বিচাৰিলোঁ, দিম দিম বুলি থাকি পিছত তেওঁৰ সৈতে যোগাযোগেই বন্ধ হৈ গ’ল।

 

আমি যেতিয়া স্কুললৈ যাওঁ সেই সময়ত মায়ে য’তেই কাম কৰি থাকে তালৈকে ৰেডিঅ’টো লৈ গৈ শুনি শুনি কাম কৰি থাকে। ধান মেলা, ঢেঁকীবাৰা কৰা, ভাত ৰন্ধা, কাপোৰ বোৱা— ক’তোৱেই মা ৰেডিঅ’টো অবিহনে নচলিছিল আৰু ৰেডিঅ’টো ক’বলৈ গ’লে মাৰ আত্মিক সংগী হৈ পৰিছিল। আজিকালি কোনো এটি গণমাধ্যমৰে ইমান সুবিধা নাই যে কাম কৰি কৰিও উপভোগ কৰিব পাৰি। ৰেডিঅ’ই আটাইতকৈ সুবিধাজনক গণমাধ্যম যিটোৱে কাম খতি নোহোৱাকৈ কামৰ মাজতো সকলো অনুষ্ঠান উপভোগ কৰাৰ সুযোগ দিয়ে। এই ৰেডিঅ’টোৱেই পৰিচিত কৰিছিল অনেক নেদেখা শিল্পীৰ সৈতে। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, অসীম হাজৰিকা, অনিমা চৌধুৰী, ডলী ঘোষ, শান্তা উজীৰ, অনিমা চক্ৰৱৰ্তী, ৰুবী সিংহ, দিলীপ দাস, পাহাৰী দাস, মিহিৰ বৰদলৈ, পৰী বৰদলৈ আদি শিল্পীয়ে ৰেডিঅৰ জৰিয়তেই আমাৰ বুকুত বৰঘৰ বান্ধি বহি লৈছিল। নীৰেন বৰুৱাৰ বাতৰি শুনিবলৈ বাট চাইছিলোঁ আগ্ৰহেৰে তেওঁৰ গলগলীয়া অথচ মধুৰ উপস্থাপনশৈলীৰ বাবে। দেওবৰীয়া নাটক, বুধবৰীয়া নাটক, অখিল ভাৰতীয় নাটক আদিয়ে তেতিয়া ইমানকৈ মন মোহাই ৰাখিছিল যে এদিনো আমি এই অনুষ্ঠান নুশুনাকৈ পাৰ হ’বলৈ দিয়া নাছিলোঁ। ভবেন্দ্ৰনাথ শইকীয়াৰ নাটক, অৰুণ শৰ্মাৰ নাটক আদিৰ প্ৰেমত তেতিয়াই পৰিছিলোঁ। অৰুণ শৰ্মাৰ ‘কুকুৰনেচীয়া মানুহ’, ‘নিবাৰণ ভট্টাচাৰ্য’, ‘জাপানী পুতলা’, ‘অদিতিৰ আত্মকথা’ আদি নাটকে বেলেগ ধৰণে অন্তৰত সাঁচ বহুৱাইছিল। দেওবৰীয়া নাট্যানুষ্ঠানত প্ৰচাৰিত ‘জংচন’ নামৰ নাটকখন উপভোগ কৰি থকা দিনতে এদিন মই মাছ বাচি থাকোঁতে এটি মেকুৰী পোৱালি আহিছিল। নাটকখনত এটি মুন্নী নামৰ কুকুৰ পোৱালিৰ চৰিত্ৰ আছিল আৰু মই নাটক শুনি শুনিয়েই মোৰ কাষ চাপি অহা মেকুৰীটোক ‘মুন্নী’ নামেৰে মাতিছিলোঁ। এই ‘মুন্নী’য়ে আমাৰ ঘৰতেই নহয় আমাৰ গোটেই  চুবুৰিটোতে এটা যুগ বিখ্যাত ভূমিকা পালন কৰিছিল  চুবুৰিটোৰ সকলোৰে ঘৰৰ নিগনি উৎপাত নোহোৱা কৰি। মুন্নী বুঢ়ী হৈ মৰাৰ পিছতো আমাৰ ঘৰলৈ যিমান মেকুৰী আহিছিল, প্ৰায়কেইটায়ে মুন্নী নামেই লাভ কৰিছিল, অৰ্থাৎ মেকুৰী মানেই মুন্নী হৈ পৰিছিল। 

 

ৰেডিঅ’ৰ আন এটি আকৰ্ষণীয় অনুষ্ঠান আছিল ৰাতি দহবজাত সম্প্ৰচাৰিত হোৱা সাহিত্য অনুষ্ঠান ‘সাহিত্য চ’ৰা’। এই অনুষ্ঠানৰ যোগেদি মই শিল্পী তথা অনাতাঁৰ কৰ্মী অৱনী বৰাৰ মাতটোৰ প্ৰেমত পৰিছিলোঁ। তেওঁৰ মাত শুনিলেই মই য’তেই থাকোঁ ত’ৰেপৰাই ঢপলিয়াই আহিছিলোঁ। দেওবৰীয়া ‘চুঙা চাই সোপা’, ‘নোকোৱাই ভাল’ আদি ব্যংগাত্মক অনুষ্ঠান বৰ আকৰ্ষণীয় আছিল। ‘নিংনি ভাৱৰীয়া’, ‘গোবৰ্ধন চৰিত’ আদি নাটকৰ যোগেদি ইন্দ্ৰ বনিয়া, চেতনা দাস আদি স্বনামধন্য শিল্পীয়ে আমাৰ মাজত জনপ্ৰিয়তাৰ ঠাইখন নিকপকপীয়া কৰি লৈছিল। সন্ধিয়াৰ কৃষিজগত অনুষ্ঠানো আমাৰ বৰ প্ৰিয় আছিল আৰু তাৰপৰাই গছ-গছনি ৰোৱাৰ প্ৰতি আমাৰ ধাউতি বাঢ়িছিল। মই স্নাতক শ্ৰেণীত পঢ়ি থকা দিনত ৰেডিঅ’ত এটি ‘গাঁৱে গাঁৱে অনুষ্ঠান’ প্ৰচাৰ কৰিছিল। ৰেডিঅ’ৰ এচাম কৰ্মকৰ্তাই গাঁৱে গাঁৱে গৈ থিতাতে বাণীবদ্ধ কৰি এই অনুষ্ঠান প্ৰচাৰ কৰিছিল। তেনে এটি অনুষ্ঠান আমাৰ গাঁৱৰপৰাও কৰা হৈছিল। এইটি অনুষ্ঠানৰ বাবে আমাৰ ঘৰতে গান-বাজনাৰ আখৰা চলিছিল। মই এই অনুষ্ঠানত ’পায়োজী মেইনে ৰাম ৰতন ধন পায়ু’ ভজনটি পৰিৱেশন কৰিছিলোঁ।

 

কল্পতৰু অনুষ্ঠানটি ‘ফোন ইন কল্পতৰু’লৈ উন্নীত কৰা হৈছিল আৰু ইয়াৰ পৰিচালনা অসীম কাজীয়ে বৰ মনোগ্ৰাহীকৈ কৰিছিল। আমি এই অনুষ্ঠানলৈয়ো ফোন কৰি গীতৰ অনুৰোধ কৰিছিলোঁ। ৰেডিঅ’ত আৰু এটি সুন্দৰ অনুষ্ঠান প্ৰচাৰিত হৈছিল বিদ্যাৰ্থীসকলৰ কাৰণে ‘বিদ্যাৰ্থী অনুষ্ঠান।” মেট্ৰিক দিয়াৰ সময়ত ‘বিদ্যাৰ্থী অনুষ্ঠান’টিয়ে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। ৰেডিঅ’যোগে প্ৰচাৰিত হৈছিল বিদ্যাৰ্থীৰ বাবেই ‘কুইজ’ৰ অনুষ্ঠান। এবাৰ কুইজৰ এই অনুষ্ঠান এটাত আমাৰ গাঁৱৰপৰা তিনিটা দলে ভাগ লৈছিলোঁ। তাত মোৰ দলটোৱে প্ৰথম স্থান অধিকাৰ কৰিছিল। ৰেডিঅ’যোগেই প্ৰচাৰ হৈছিল যুৱক-যুৱতীৰ বাবে উপযোগী ‘যুৱবাণী অনুষ্ঠান’। ইয়াতো মই পঢ়ি থকা দিনতে আমাৰ অঞ্চলৰে দুজন দাদাৰ সৈতে এটি আলোচনা অনুষ্ঠানত ভাগ লৈছিলোঁ আৰু অলোচনাৰ বিষয়-বস্তু আছিল— ‘আমাৰ চিনাকি ধৰ্মৰে হোৱা উচিতনে?’ স্থানীয় ইছলামধৰ্মী দাদা এজনেও ইয়াত অংশগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেখেত সাংবাদিকতাৰ ক্ষেত্ৰখনত ই-মাধ্যমৰ সৈতে জড়িত। ৰেডিঅ’যোগে প্ৰচাৰিত দেওবৰীয়া ‘আইদেউৰ বুলনি’ অনুষ্ঠানটিয়ো আছিল মহিলাৰ বাবে এটি বিশেষ আকৰ্ষণীয় অনুষ্ঠান। মহিলাৰ বিভিন্ন সমস্যাই এই অনুষ্ঠানত অগ্ৰাধিকাৰ লাভ কৰিছিল। আকৌ সামাজিক দায়বদ্ধতাৰ বাবে জনমুখী আঁচনি গ্ৰহণৰ নিমিত্তে প্ৰচাৰ কৰিছিল ‘পৰিয়াল কল্যাণ’ অনুষ্ঠান। ইয়াত শীৰ্ষগীত হিচাপে প্ৰচাৰিত হৈছিল এই গীতটি— ‘সুখৰ আধাৰ সুখী পৰিয়াল আজি গঢ়িবৰ হ’ল, আজি গঢ়িবৰ হ’ল…।’

 

২০১০ চনমানত মই এন আৰ এইচ এম আঁচনি অধীনৰ কৰ্মচাৰী হৈ থাকোঁতে এটি আলোচনা অনুষ্ঠানত ভাগ লৈছিলোঁ। ইয়াত অংশগ্ৰহণ কৰিছিল আমাৰ গাঁৱৰে দুগৰাকী বয়োজ্যেষ্ঠ শিক্ষক চেনিৰাম নাথ আৰু মোহন শৰ্মাদেৱে। আমাৰ এই আলোচনাৰ বিষয়-বস্তু আছিল ‘বৰ্ধিত জনসংখ্যা, মুদ্ৰাস্ফীতি, আৰু তাৰ ভয়াৱহতা।’ ৰেডিঅ’যোগেই শিশুৰ বাবে দেওবাৰে প্ৰচাৰ হৈছিল ‘অকণিৰ মেল অনুষ্ঠান’, যি অনুষ্ঠানে আমাক শিকাইছিল ‘অ’ তুলতুল অ’ বুলবুল’, ‘মা আমি শদিয়ালৈ যামেই’ আদি জনপ্ৰিয় শিশুগীত। অকণিৰ মেলৰ অন্তত ‘বাইদেউ যাওঁ, বাইদেউ যাওঁ’ বোলা শিশুৰ কলকলনি আজিও মোৰ কাণত বাজি থাকে। চেমনীয়াসকলৰ বাবেও প্ৰচাৰিত হৈছিল ‘চেমনীয়াৰ চ’ৰা’ অনুষ্ঠান। ৰেডিঅ’ই আমাৰ কোনো বয়সকেই এৰাই চলা নাছিল আৰু এনেকৈয়ে সাধিছিল হিত বহুজনৰ বাবে, বোৱাইছিল বহুজনলৈ সুখৰ নিজৰা। ঘৰলৈ টিভি নহালৈকে আমি ৩১ ডিচেম্বৰৰ নিশা ৰেডিঅ’ৰ অনুষ্ঠান শুনি শুনি ৰাতি বাৰ বজাৰ লগে-লগে ‘হেপী নিউ ইয়াৰ’ বুলি কৈ আগতে যোগাৰ কৰি থোৱা বুটভজা, পকৰি, চানা আদি খাই নৱবৰ্ষ উদ্‌যাপন কৰিছিলোঁ।

 

২০১০ চনৰ কিছু আগৰেপৰা টিভি আৰু তাৰপাছত মবাইলে যি বহুল প্ৰচাৰ লাভ কৰিলে, তাৰ লগে-লগে ৰেডিঅ’ৰ এই জনপ্ৰিয়তাৰ স্থানখনলৈ আহিল বহুত প্ৰত্যাহ্বান। এতিয়া আমাৰ মবাইল সৰ্বস্ব জীৱনত ৰেডিঅ’টো বৰ কৰুণভাবে জীয়াই আছে। তথাপি আমি আমাৰ ঘৰত ৰেডিঅটো জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাই আহিছোঁ আৰু দুবছৰ আগলৈ ৰেডিঅ’টো বাজিয়েই আছিল আমাৰ ঘৰত। বহুত ৰেডিঅ’ আহিল আৰু গ’ল, কিন্তু শেহতীয়াকৈ অনাটো হঠাতে আকৌ বেয়া হোৱাৰপৰা নতুন ৰেডিঅ’ এটি অহা নাই কোনো এক অহেতুক ব্যস্ততাত ভুগি। তথাপি এটি অনাৰ ইচ্ছা অৱশ্যে মনত লৈ ফুৰিছোঁ। যিবোৰ কাম আমি কৰিম বুলিও নকৰাকৈ ৰৈ গৈছোঁ, তেনেবোৰ কামৰ বিশ্লেষণ কৰিলে এটাই মনলৈ আহে যে মবাইলে আমাক বহু পৰিমাণে মানসিকভাবে বিধ্বস্ত কৰিছে সম্পৰ্কৰপৰা কৰ্মোদ্যমলৈকে।

 

২০২২ চনৰ নৱেম্বৰ মাহত এফ এম মহাবাহু অনাতাঁৰ কেন্দ্ৰৰ ‘আমাৰ যুৱবাণীৰপৰা’ অনুষ্ঠানত মোৰ ছোৱালীজনীৰ এটি গীত-মাতৰ সাক্ষাৎকাৰ অনুষ্ঠান প্ৰচাৰ হৈছিল। তেতিয়া অনাতাঁৰ কেন্দ্ৰলৈ গৈ অনুভৱ কৰিছিলোঁ যে অনাতাঁৰ কেন্দ্ৰও ব্যক্তিগত আৰু বাণিজ্যিকীকৰণ হোৱাৰপৰা অনুষ্ঠানবোৰৰ গৰিমা বহু পৰিমাণে লাঘৱ হৈছে। ব্যক্তিগত তথা বাণিজ্যিকীকৰণ আৰু আধুনিকীকৰণৰ ধামখুমীয়াত ৰেডিঅ’ই পাছলৈ কেনে ৰূপ লৈ কিদৰে জীয়াই থাকে সেয়া আগন্তুক সময়ে ক’ব, কিন্তু আমাৰ মাজৰ ৰেডিঅ’ৰ যি নষ্টালজিয়া, সেয়া চিৰদিনেই অক্ষুণ্ণ হৈ ৰ’ব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!