ৰেডিঅ’, বিনাকা গীতমালা, ডিএক্সিং ইত্যাদি
লেখক- চিত্তৰঞ্জন ওজা
সত্তৰ-আশীৰ দশকত ডাঙৰ-দীঘল হোৱা ব্যক্তিৰ ৰেডিঅ’ৰ প্ৰতি এক বিশেষ আকৰ্ষণ দেখা যায় ৷ আকাশবাণী, গুৱাহাটীয়ে প্ৰতিটো ৰাতিপুৱা গীতিমালিকাৰ গানবোৰ সম্প্ৰচাৰ কৰাৰ পাছত যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ লয় তেতিয়াই আমাৰ স্কুললৈ যাবলৈ সাজু হ’বৰ হয়৷ দেওবাৰৰ দিনটো অকণিৰ মেলৰ পৰা আৰম্ভ কৰি আবেলি নাটক শুনা, কল্পতৰু শুনা আদি প্ৰতিটো অনুষ্ঠানৰ বাবে আমি কাণ থিয় কৰি থৈছিলোঁ৷ নাম শুনিলেই নষ্টালজিক হৈ পৰিবলগীয়া আন এটা ৰেডিঅ’ৰ অনুষ্ঠান আছিল (যাক কেতিয়াও বাদ পৰি যাবলৈ নিদিছিলোঁ) বিনাকা গীতমালা৷ আমিন চাহনীয়ে গলগলীয়া মাতেৰে কথা আৰম্ভ কৰিলে খেল-ধেমালি, পঢ়া-শুনা এৰি ৰেডিঅ’ৰ কাষত বহি লৈছিলোঁ৷ মোম্বাইৰ ছবিজগতৰ হিট গানবোৰ শুনি আপ্লুত হৈ পৰিছিলোঁ৷ আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল ৰেডিঅ’ত বাহিৰে গ্ৰামোফ’ন ৰেকৰ্ড (পাছলৈ টেপ ৰেকৰ্ডাৰত) গান শুনাৰ সৌভাগ্যৰ অধিকাৰী নাছিল৷ সেই হিন্দী গীতবোৰ শুনি শুনি আমি নিজৰ কল্পনা ৰাজ্যত ভ্ৰমি ফুৰিছিলোঁ৷ আচৰিত হৈছিলোঁ যেতিয়া দেউতাই কৈছিল বিনাকা গীতমালা আমাৰ ওচৰৰ ৰাজ্যৰ পৰা নহয় সুদূৰ শ্ৰীলংকাৰ চিলোন অনাতাঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা হয়৷ আমাৰ বাবে ই আছিল পৰম বিস্ময়৷ প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন চহৰৰ পৰা সম্প্ৰচাৰ কৰা অনুষ্ঠান এটা কেনেকৈ বৰপেটাত থাকি শুনিবলৈ সক্ষম হ’লো তাকে জানিবলৈ আমাৰ অনুসন্ধিৎসু মনলৈ বহু প্ৰশ্নই উদয় হৈছিল৷ পাছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত ইলেকট্ৰনিক্স বিভাগত পঢ়িবলৈ লওঁতে বুজি পাইছিলো বিনাকা গীতমালাৰ আঁৰৰ প্ৰযুক্তিৰ বিষয়ে৷
১৯২৫ চনত স্থাপিত চিলোন ৰেডিঅ’ ষ্টেচন হ’ল এছিয়াৰ ভিতৰত প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো ৰেডিঅ’ ষ্টেচন৷ সেয়েহে সমগ্ৰ এচিয়া মহাদেশৰ বাবে এই ৰেডিঅ’ ষ্টেচনৰ গুৰুত্ব আছিল অপৰিসীম৷ চিলোন ষ্টেচনৰ পৰা হিন্দী গীত পৰিৱেশন কৰাৰ আন এটা কাৰণ আছে৷ ১৯৫০ চনত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে মোম্বাই ছবি জগতৰ হিন্দী গীতসমূহ আকাশবাণী যোগে সম্প্ৰচাৰ বন্ধ কৰি দিছিল৷ গীতসমূহৰ জনপ্ৰিয়তাৰ কথা ভাবি আৰু বিজ্ঞাপনৰ পৰা অৰ্থ উপাৰ্জনৰ বাবে চিলোন অনাতাঁৰ কেন্দ্ৰৰ পৰা ১৯৫২ চনত বিনাকা গীতমালা প্ৰচাৰ কৰিবলৈ লয়৷ তেতিয়াৰ দিনত মুম্বাইৰ ষ্টুডিঅ’ত মেগ্নেটিক টেপত ৰেকৰ্ডিং বাণীবদ্ধ কৰি তাক এৰোপ্লেনত শ্ৰীলংকালৈ সম্প্ৰচাৰৰ বাবে পঠিয়াই দিয়া হৈছিল৷ বিনাকা গীতমালা কেৱল অসমতে নহয় সমগ্ৰ এচিয়াত জনপ্ৰিয় হৈ পৰিছিল আৰু এই সম্প্ৰচাৰ ১৯৯৪ চনলৈ চলিছিল৷ চাৰিটা দশকত হিন্দী ছবিৰ গীতসমূহ জনপ্ৰিয়তাৰ শিখৰলৈ যাবলৈ সক্ষম হোৱাৰ গুৰিতে বিনাকা গীতমালাৰ অৱদান অনস্বীকাৰ্য৷
ৰেডিঅ’ শুনা ব্যক্তিসকলে জানে যে ৰেডিঅ’ৰ অনুষ্ঠান অনাতাঁৰ কেন্দ্ৰৰ পৰা দুই ধৰণে প্ৰেৰণ কৰা হয় – চৰ্ট ৱেভ আৰু মিডিয়াম ৱেভ৷ মিডিয়াম ৱেভৰ সংকেত অতি উচ্চ কম্পনাংকত লাইন অফ চাইটত পঠিওৱা হয়৷ ইয়াৰ পৰিসৰ ৬০, ৭০ কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত আৱদ্ধ থাকে৷ ওখ টাৱাৰৰ পৰা ইয়াৰ সম্প্ৰচাৰ হয় যাতে সংকেতৰ পৰিসৰ বৃদ্ধি পায়৷ অনাতাঁৰ কেন্দ্ৰৰ পৰা হাজাৰ কিলোমিটাৰ দূৰৰ পৰাও যাতে ৰেডিঅ’ত অনুষ্ঠান শুনিবলৈ পায় তাৰ বাবে চৰ্ট ৱেভত সংকেত প্ৰেৰণ কৰিব লাগে৷ উচ্চ কম্পনাংকত পঠিওৱা তৰংগ প্ৰথমে বায়ুমণ্ডললৈ গতি কৰে৷ বায়ুমণ্ডলৰ আয়নমণ্ডলত এই তৰংগ প্ৰতিফলিত হৈ পুনৰ পৃথিৱীলৈ উভতি আহে আৰু সেই তৰংগ ৰেডিঅ’ৰ যোগেৰে মানুহে শুনিব পাৰে৷ সেয়েহে চৰ্ট ৱেভত পঠিওৱা অনুষ্ঠান কেইবাহাজাৰ কিলোমিটাৰ দূৰত্বৰ পৰাও শুনিব পৰা যায়৷ বায়ুমণ্ডলৰ স্তৰসমূহ সঘনে সলনি হৈ থকা বাবে বিনাকা গীতমালাৰ গীতসমূহ শুনি থাকোঁতে কেতিয়াবা অস্পষ্ট হৈ পৰে, কেতিয়াবা একেবাৰে নুশুনা হৈ পৰে৷ তেনে অৱস্থাত আমি প্ৰায়ে ৰেডিঅ’ টিউনাৰ পকাই পকাই সংকেত ভাল হ’বৰ বাবে চেষ্টা চলাই থাকোঁ৷ সংকেতৰ তাৰতম্য হৈ থকাৰ বাবে শুনাত অসুবিধা পালেও আমি এৰি দিয়া নাছিলোঁ, তেনেকৈয়ে গান শুনি মজা লৈছিলোঁ৷ মিডিয়াম ৱেভত পঠিওৱা সংকেতৰ ক্ষেত্ৰত তেনে অসুবিধা পোৱা নগৈছিল কাৰণ ইয়াৰ প্ৰেৰণৰ পদ্ধতি বেলেগ৷ ৰেডিঅ’ চিলোন সম্ভৱত ২৫ মিটাৰ ৱেভত শুনিবলৈ পাইছিলো (১২ কিলোহাৰ্টঝ কম্পনাংক)৷
অনাতাঁৰ কেন্দ্ৰত অনুষ্ঠান সম্প্ৰচাৰৰ বাবে সংকেতক অধিক শক্তিশালী কৰিবলৈ ভেকুৱাম টিউবৰ ভাল্ভ ব্যৱহাৰ হৈছিল৷ ভেকুৱাম ভাল্ভৰ ভিতৰত কেথ’ড আৰু এন’ড আছিল আৰু ইয়ে সংকেতৰ পৰিৱৰ্ধন কৰি প্ৰায় ডেৰ শ কিলো ৱাট শক্তিৰে সংকেত প্ৰেৰণ কৰা হৈছিল যাতে চাৰি, পাঁচ হাজাৰ কিলোমিটাৰ দূৰত্বত মানুহে ৰেডিঅ’ যোগে অনুষ্ঠান শুনিব পাৰে৷ জনবসতিহীন ঠাইৰ পৰা দীঘলীয়া এণ্টেনাৰে ইয়াক প্ৰেৰণ কৰা হৈছিল৷ ট্ৰেন্সমিটাৰৰ ওচৰেৰে যোৱা টেলিফোন কাণত ল’লে অনাতাঁৰ কেন্দ্ৰত সম্প্ৰচাৰ হৈ থকা অনুষ্ঠান হে শুনিবলৈ পোৱা গৈছিল৷ ভেকুৱাম টিউববোৰ দেখিবলৈ বেছ ডাঙৰ আছিল আৰু যন্ত্ৰপাতিসমূহো প্ৰকাণ্ড আছিল৷ আজিকালি ভেকুৱামটিউবৰ সলনি অকণমানি আয়তনৰ ট্ৰেন্সজিষ্টৰ ওলাইছে যিয়ে সংকতেৰ শক্তি বৃদ্ধি কৰে৷ সেই সময়ত সঠিক কম্পনাংকত সংকেত পঠিয়াবলৈ কুৱাৰ্টঝ ক্ৰিষ্টল ব্যৱহাৰ কৰা হৈছিল৷ এই প্ৰযুক্তিসমূহ অপ্ৰচলিত হৈ পৰে আৰু ইয়াৰ স্থানত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ হয়৷ মোবাইত এপ ডাউনলোড কৰিও আজিকালি আকাশবাণীৰ অনুষ্ঠান উপভোগ কৰিব পৰা হৈছে৷
আগৰ চৰ্ট ৱেভ আৰু মিডিয়াম ৱেভ সম্প্ৰচাৰত এম্প্লিচুড মডুলেচন (এ এম ৰেডিঅ’) প্ৰয়োগ কৰা হৈছিল৷ আজিও এনেদৰে সম্প্ৰচাৰ কৰা হয় যদিও এতিয়া জনপ্ৰিয় হৈ পৰিছে ফ্ৰিকুৱেঞ্চী মডুলেচনত (এফ এম ৰেডিঅ’) পঠিওৱা ৰেডিঅ’ তৰংগ৷ বিশেষকৈ বেচৰকাৰী প্ৰতিষ্ঠানক এফ এম ৰেডিঅ’ যোগে সম্প্ৰচাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ লগে লগে ভাৰতৰ সকলো চহৰতে বিভিন্ন এফ এম চেনেল উপলব্ধ হৈছে৷ গাড়ীত বহিও ডেছবোৰ্ডত থকা ৰেডিঅ’ যোগে অনুষ্ঠান উপভোগ কৰিব পৰা হ’ল৷ এফ এম ৰেডিঅ’ই আজি বেতাঁৰ সম্প্ৰচাৰত আমূল পৰিৱৰ্তন আনি দিয়ে৷
আমাৰ সময়ত এটা জনপ্ৰিয় হ’বি আছিল ডিএক্সিং (DXing)৷ ইয়াত ডি মানে হ’ল দূৰৰ আৰু এক্স মানে হ’ল অপৰিচিত৷ ডিএক্সিং মানে হ’ল দূৰৰ অচনাকি বা অপৰিচিত অনতাঁৰ কেন্দ্ৰত সংযোগ স্থাপন কৰি সেই কেন্দ্ৰই সম্প্ৰচাৰ কৰা অনুষ্ঠান মনোযোগেৰে শুনা অভ্যাস৷ বিভিন্ন দেশৰ এ এম অনতাঁৰ কেন্দ্ৰসমূহে সম্প্ৰচাৰ কৰা অনুষ্ঠান ৰেডিঅ’ টিউন কৰি শুনিব লাগে আৰু তাৰ বিষয়ে অনতাঁৰ কেন্দ্ৰলৈ চিঠি পঠিৱাব লাগে৷ উত্তৰত সেই অনাতাঁৰ কেন্দ্ৰই পঠিয়াই দিয়ে আকৰ্ষণীয় উপহাৰ পত্ৰ৷ চৰ্ট ৱেভৰ সংকেত একেবাৰে ক্ষীণ হোৱা বাবে ডিএক্সিঙ কৰা কামটোত অধিক মনোযোগ আৰু সময় দিবলগীয়া হয়৷ পৃথিৱীত বহু কেইটা জনপ্ৰিয় ডিএক্সিং ক্লাব আছে আৰু ক্লাবৰ সদস্যৰ মাজত ৰেডিঅ’ শুনা বিষয়ত আলোচনা হয়৷ আজিকালি উন্নত প্ৰযুক্তিৰ সহায়ত ডিএক্সিং কৰা অতি সহজ হৈ পৰিছে, অনাতাঁৰ কেন্দ্ৰলৈ যোগাযোগ কৰাও সহজ হৈছে৷ কিন্তু মানুহৰ মাজত ডিএক্সিং হ’বিৰ জনপ্ৰিয়তা কমি গৈছে৷