ৰেডিঅ’ - শৈশৱৰ স্মৰণীয় চমক
লেখক- মীনাক্ষী বৰুৱা
ৰেডিঅ’ৰ সৈতে প্ৰথম পৰিচয় হৈছিল পাঁচ বছৰ বয়সত। দিনটো এতিয়াও মোৰ ভালকৈ মনত আছে। ক’লা ৰঙৰ, দহ ইঞ্চিমান দীঘল ফিলিপছ্ কোম্পানীৰ ৰেডিঅ’ এটা দেউতাই বিশ্বনাথ চাৰিআলিৰ পৰা আনি বাৰাণ্ডাৰ টেবুল এখনৰ ওপৰত থৈছেহি আৰু আমি নতুন বস্তু এটা দেখি চমকিত হৈ টেবুলখন ঘেৰি ধৰিছোঁহি। যন্ত্ৰটোৰ গাত হাত নলগাবলৈ আমাক কাঢ়া নিৰ্দেশ দিয়া হৈছে। আমি পলক নেপেলোৱাকৈ চাই আছোঁ আৰু দেউতাই যন্ত্ৰটোৰ গাত থকা গোল সৰু চুইটছটো সোঁ-পাকে ঘূৰাই দিছে। স্পষ্ট আৰু শুৱলা কণ্ঠেৰে ভিতৰৰপৰা আৱাজ এটা ওলাই আহিছে। কি আচৰিত! আমি থৰ লাগিছোঁ, ইমান সৰু যন্ত্ৰটোৰ ভিতৰত মানুহ সোমাই আছে নেকি? নাই, কাৰো উত্তৰ নাই। যন্ত্ৰটোক লৈ ব্যস্ত হৈ পৰিছে সকলো। কি যে এক উত্তেজনা! কি যে অনাবিল সুখ।
গধূলি ৬-৪৫ ত আঞ্চলিক বাতৰি আৰম্ভ হ’ল। ৭: ০৫ ত দিল্লী কেন্দ্ৰৰ বাতৰি। আকৌ নিশা ৯: ২৫ ত নিশাৰ বাতৰি। এনেকৈয়ে ঘৰখনত শব্দ -তৰংগৰ মাধ্যমেৰে কথা কোৱা নতুন সদস্য এজনৰ অন্তৰ্ভুক্ত হ’ল। লাহে লাহে সদস্যজন আমাৰ সকলোৰে বৰ মৰমৰ হৈ পৰিল। বাতৰিৰ সময়ত দেউতাই ইফাল সিফাল কৰোঁতে ৰেডিঅ’টো হাতত লৈ ফুৰে। ৰাতি বি. বি. চি. নিউজ শুনে। আমি ৰেডিঅ’ শুনি শুনি জীৱনৰ অন্য এখন পঢ়াশালি আৰম্ভ কৰিলোঁ। মন কৰিছিলোঁ, ৰেডিঅ’ৰ মানুহবোৰে ধুনীয়াকৈ কথা ক’ব জানে। তেওঁলোকে কথাৰ মাজত শব্দ কৰি উশাহ নসলায়। হাঁচি নামাৰে। শেঙুণ নুউজায়। নাহামিয়ায়। কেইদিনমান ৰেডিঅ’টো পিটিকি পিটিকি চালোঁ। দেখিলোঁ, পিছফালে বেটাৰী লগোৱাৰ ব্যৱস্থা আছে। তাৰ কাষতে আছে এটা অকণমানি চাৰিচুকীয়া চুইটছ্। সেইটো ইফাল সিফাল কৰিলে ছৰ্ট ৱেভ আৰু মিডিয়াম ৱেভৰ সালসলনি হয়। সমুখৰ ঠেক গ্লাচখনৰ ভিতৰত থকা পাৰামিটাৰডাল ডাঙৰ গোল চুইটছটোৰে ওপৰ তল কৰিলে গুৱাহাটী চেণ্টাৰ আৰু ডিব্ৰুগড় চেণ্টাৰৰ সালসলনি হয়। মিটাৰডাল নিৰ্দিষ্ট ঠাইত নাথাকিলে ৰেডিঅ’টোৰপৰা চেৰচেৰকৈ শব্দ ওলায়। ৰাতি শোৱাৰ সময়ত দেউতাই নেপালী নে হিন্দী ভাষাৰ বাতৰিও নিয়মীয়াকৈ শুনিছিল। সেয়া আমি বুজি নাপাওঁ। কিন্তু আৰম্ভণিৰ শব্দবোৰ মুখস্থ হৈ যায়। অসমীয়াৰ দৰে একেই স্পষ্ট, শুৱলা কণ্ঠ। মুঠতে ৰেডিঅ’টোত যি ভাষাতে, যিয়েই কথা নকওক, মাতবোৰ খুব মাৰ্জিত আৰু সুশ্ৰাব্য। লগৰীয়াক গৌৰৱেৰে ৰেডিঅ’ৰ কাহিনী কওঁ। ভাব হৈছিল ৰেডিঅ’ত যি কয় সেয়াই সত্য, সেয়াই শুদ্ধ। আমাৰ এই বিশ্বাস কোনেও খণ্ডন কৰিব নোৱাৰিছিল। একেটা কথাকে পকাই থকা অথবা কোনো অতিৰঞ্জিত কথা ৰেডিঅ’ত কেতিয়াও শুনিবলৈ নাপাইছিলোঁ।
বাতৰি কাকতত ৰেডিঅ’ৰ দৈনন্দিন কাৰ্যসূচীখন প্ৰকাশ পাইছিল। তদুপৰি অনাতাঁৰ কেন্দ্ৰৰ পৰাও পিছদিনাৰ কাৰ্যসূচীখন ঘোষণা কৰিছিল। তেনেকৈয়ে গম পোৱা গ’ল, দেওবাৰে দুপৰীয়া (সম্ভৱ আঢ়ৈ বজাত) ৰেডিঅ’ত নাটক দিয়ে। তাৰ আগতে দিয়ে আইদেউৰ বুলনি। সেইবাবে দেওবাৰে দুপৰীয়া ৰেডিঅ’টো আছিল পাকঘৰত মাৰ দখলত। পাকঘৰৰ মজিয়াৰ বৰপীৰাখনত ৰেডিঅ’টো বজাই মায়ে ভাত ৰান্ধে। নাটক দিয়াৰ সময়লৈ আমি ভাত-পানী খাই সকলো বিছনাত উঠোঁ। সকলোৱে একেলগে নাটক শুনো। নাটক শুনি মায়ে কেতিয়াবা উচুপি থাকে। মোৰ মনত পৰে, সেইখিনি সময়তে প্ৰায়ে মোৰ কিবা কথাত ঠেঁহ লাগিছিল আৰু গোটেই গাঁওখনে শুনাকৈ চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিছিলোঁ। মা, দাদাহঁতে দাবী হুমকি দি মোক বাহিৰলৈ খেদিছিল। মোৰ চিঞৰ তেতিয়া দুগুণে চৰিছিল। এনেকুৱা দিনতে এবাৰ মোক নঙলা খুটাত বান্ধি থোৱা কথাও মনত পৰে। পিছলৈ শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্টই মোকো ৰেডিঅ’-বলিয়া কৰিলে। “ঘিণাই সাতোলাৰ ইতিবৃত্ত”, “গোৱৰ্ধন চৰিত” “চৌধুৰী পৰিয়াল” আদি নাটকৰ বাবে পিছৰ দেওবাৰটোলৈ ময়ো বাট চাই থকা হলোঁ। বাতৰি পঢ়োঁতা, নাট্যকাৰ, বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা শিল্পীসকল, গীতিকাৰ, সঙ্গীত শিল্পী, ঘোষক আদিৰ নামবোৰ মাত শুনিলেই আগতেই কৈ দিব পৰা হলোঁ। “এয়া আকাশবাণী” …. ক ক, কোনে বাতৰি পঢ়িব? আমাৰ মাজত প্ৰতিযোগিতা চলে। লিলি দাস মালিক নে বিভা গোস্বামী, গুণ বৰুৱা, নীৰেণ বৰুৱা নে অৱণী চক্ৰৱৰ্তী.. আমাৰ মুখত টপাটপ আখৈ ফুটে। তেনেকৈ নাটকত মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, অৰুণ শৰ্মা, নীলু চক্ৰৱৰ্তী, অৱতাৰ সিং, চেতনা দাস, বীণা দাস মান্না, অৰুণ নাথ, অৰুণ বেজবৰুৱাৰ নাম জনা হৈছিলোঁ। দেওবাৰে পুৱা “অকণিৰ মেল” দিয়ে। সেইখিনি সময়ত ৰেডিঅ’টো আমাৰ দখললৈ আহে। “নোকোৱাই ভাল” আৰু “দৈনন্দিন” বুলি দুটা কৌতুকধৰ্মী অনুষ্ঠান আছিল। কৌস্তুভমণি শইকীয়াৰ মাতটো শুনিলেই আমাৰ ওঁঠত হাঁহি বিৰিঙিছিল। বিদ্যাৰ্থীৰ অনুষ্ঠানত অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠ শিকোৱা হৈছিল মেট্ৰিক পৰীক্ষাৰ্থীৰ সহায়ৰ বাবে। “সংস্কৃত শিক্ষাৰ পাঠ”ত শিক্ষক অশোক গোস্বামী আৰু ছাত্ৰী সম্পূৰ্ণ গোস্বামীৰ অনুষ্ঠান নিয়মীয়াকৈ শুনিছিলোঁ। ডাঙৰ হোৱাৰ পাছত এদিন শুনিলোঁ, “সম্পূৰ্ণা গোস্বামী” ঢুকাল। তেওঁৰ বয়স মোতকৈ হয়তো বেছি নাছিল। খবৰটো বাতৰি-কাকতত পঢ়ি উচুপি উঠিছিলোঁ। ইমান মিঠা মাত আছিল ছোৱালীজনীৰ! এনেকৈ পুৱাৰ বৰগীত, আজি পুৱা, কল্পতৰু, গীতিমালিকা, অসমীয়া বোলছবিৰ গীত আদি অনুষ্ঠানৰ মাজেৰেই চিনিব পৰা হ’লোঁ অসমৰ সংগীত জগতখনক। জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, পাৰ্বতীপ্ৰসাদ, ভূপেন হাজৰিকা, কেশৱ মহন্ত, খগেন মহন্ত, দীপালী বৰঠাকুৰ, নিৰ্মলপ্ৰভা বৰদলৈ, প্ৰতিমা পাণ্ডে, জয়ন্ত হাজৰিকা, নৱকান্ত বৰুৱা, বীৰেন্দ্ৰ নাথ দত্ত, অনিমা চৌধুৰী, তফজ্জুল আলী, পুলক বেনাৰ্জী, ৰমেন বৰুৱা, দ্বীপেন বৰুৱা, ৰামেশ্বৰ পাঠক, অৰ্চনা মহন্ত, নমিতা ভট্টাচাৰ্য্য, নীলিমা খাটুন, সন্ধ্যা মেনন, তুলিকা সেনাপতি, নিৰ্মলা মিশ্ৰ আদি সংগীত জগতৰ নক্ষত্ৰসকলৰ সৈতে শৈশৱতে আমাক পৰিচয় কৰাই দিছিল ৰেডিঅ’ই! কেৱল অসমৰেই নহয় ভাৰতীয় সংগীত জগতখনৰ সৈতেও প্ৰথম পৰিচয় ঘটিছিল ৰেডিঅ’ৰ যোগেৰেই। লতা, আশা, কিশোৰ, ৰফি, মান্না ডে’, ঊষা উত্থুপ… এই নামবোৰ প্ৰাথমিক বিদ্যালয়তে শুনাৰ সৌভাগ্য ঘটিছিল। এনেকৈয়ে প্ৰিয় গীত আৰু কণ্ঠবোৰ নিৰ্বাচন কৰি পিছলৈ কেছেট, চি.ডি. কিনিব জনা হৈছিলোঁ। ডিব্ৰুগড় চেণ্টাৰটো বৰ বেছিকৈ শুনা হোৱা নাছিল। কেৱল গানৰ অনুষ্ঠান শুনা মনত পৰে। এনেকৈয়ে ৮০ ৰ দশকতে ভৌগোলিক মানচিত্ৰৰ কোনোবা এটা চুকত বহি আমি বৃহৎ পৃথিৱী এখনৰ সম্ভেদ পাবলৈ সক্ষম হলোঁ। আৰু পিছলৈ এই কথাটোৱে জীৱনৰ এটা কনফিডেঞ্চ তৈয়াৰ কৰাত সহায় কৰিলে। এতিয়াও দৃঢ়তাৰে এই কথা ক’ব পাৰোঁ, ৰেডিঅ’ অবিহনে ডাঙৰ হোৱা হ’লে আমাৰ ভাবনাৰ পুখুৰীটো পুখুৰী হৈয়েই থাকি গ’লহেঁতেন।
দিন যোৱাৰ লগে লগে ৰেডিঅ’ আমাৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিল। দেশৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰ তাৎক্ষণিকভাৱে পাইছিলোঁ ৰেডিঅ’ৰ যোগেদি। সমাজৰ সকলো স্তৰৰ আৰু সকলো বয়সৰ মানুহৰ প্ৰতিয়েই ৰেডিঅ’ই দায়বদ্ধতাৰে কাম কৰা দেখিছিলোঁ। যুৱক -যুৱতীৰ বাবে এটা অনুষ্ঠান আছিল, নাম— ‘‘যুৱবাণী।” তাত যুৱক-যুৱতীৰ বাবে কৰ্ম সংস্থাপনৰ বিজ্ঞাপনো প্ৰচাৰ কৰা হৈছিল। গধূলি দেউতাই চোতালত বহি “খেতিৰ দিহা” শুনিছিল। গাঁৱৰ কেইবাজনো খুৰা-বৰদেউতা আহিছিল ৰেডিঅ’ শুনিবলৈ। পিছলৈ ডাঙৰ হোৱাৰ পাছত বুধবাৰে নিশা ৯: ৩০ বজাত সম্প্ৰচাৰিত “সাহিত্য চ’ৰা” মোৰ প্ৰিয় অনুষ্ঠান হৈ পৰিছিল। দশক উকলি যোৱাৰ পাছতো দেউতাই টেলিভিছনৰ সৈতে বৰ বেছি আত্মীয়তা অনুভৱ কৰা নেদেখিলোঁ। শেষ বয়সলৈকে ৰেডিঅ’টো গাৰুৰ কাষত লৈ শোৱা অভ্যাসৰপৰা দেউতা ওলাব পৰা নাছিল। কেতিয়াবা পুৱা ৰেডিঅ’ চেণ্টাৰ খোলাৰ আগতেই দেউতাই ৰেডিঅ’ৰ চুইটছ্ অন কৰিছিল। দীঘলীয়া কুঁউউউ.. এটাৰ পিছত “সুপ্ৰভাত”ৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ হৈছিল। বিছনাতে শুনিছিলোঁ বৰগীত। অঞ্জলি মহন্ত, নিকুঞ্জলতা মহন্ত অথবা ভূপেন হাজৰিকাৰ। প্ৰতিটো কথাই উজাই আহিছে স্মৃতিৰ অতল ভাণ্ডাৰ ভেদি। নয়ন প্ৰসাদ, অসীম কাজি, এই মাতবোৰত কি যে এক যাদু! পিছলৈ নতুনকৈ সংযোগ হ’ল ইন্দ্ৰজিৎ। একেই। পুৰুষানুক্ৰমে চলি আহিছে একেই নম্ৰ, গম্ভীৰ কণ্ঠ।
বতৰ বেয়া হ’লে ৰেডিঅ’টোৱে কেতিয়াবা দীঘলীয়া সময়ৰ বাবে চেৰচেৰাই থাকে। তেনেকুৱা এটা খঙৰ ভমকতে আমাৰ গাঁৱৰ খুৰা এজনে ৰেডিঅ’টো ঠেকেচি দুটুকুৰা কৰাৰ দৰে ঘটনাও ঘটিছিল। সেইদিনা ৰেডিঅ’ত স্কাইলেব পৰাৰ খবৰ দিয়াৰ কথা আছিল। জীৱন-মৃত্যুৰ সংকটৰ সময়। তেনে সময়ত ৰেডিঅ’ৰ চেৰচেৰ! ধৈৰ্যৰ সীমা থাকে। বাতৰিৰ সময় পাৰ হ’ল। আমাৰ গাঁৱৰ কাৰো মূৰৰ ওপৰত আকাশৰপৰা স্কাইলেব খহি নপৰিল। পিছদিনা খুৰাই নতুন ৰেডিঅ’ এটা কিনি আনিলে। ৰেডিঅ’ত ফুটবল খেলৰ কমেণ্টেৰী শুনিয়েই গাঁৱৰ গোপচাৰত ৰবাবটেঙা খেলা ল’ৰাই কমেণ্টেৰী দিবলৈ শিকিছিল। ঘন খুৰাহঁতৰ বাটামৰ গজালত ওলমি থকা দেখিছিলোঁ গাত চামৰাৰ চোলা পিন্ধা এটা ৰেডিঅ’। পিছলৈ ক’ৰবাত ক’ৰবাত এনেকুৱা চোলা পিন্ধা ৰেডিঅ’ দেখা পাইছিলোঁ। ক’ৰবাত ক’ৰবাত দেখা পাইছিলোঁ ৰেডিঅ’ আৰু টেপ ৰেকৰ্ডাৰৰ যুগ্ম যুটি। সেইবোৰত ৰেডিঅ’ৰ আয়ুস কম আছিল।
সম্ভৱ ১৯৮৬ চন মানত আমাৰ ঘৰলৈ এটা টেলিভিছন আহিল। আমাৰ ন/ দহ বছৰীয়া এটা অভ্যাসত কিছু প্ৰতিবন্ধকতাই ভূমুকি মাৰিলে। সুখৰ কথা আছিল, টিভিটোক ৰেডিঅ’ৰ দৰে পাকঘৰে শোৱাঘৰে কঢ়িয়াই ফুৰিব নোৱাৰি। মোৰ মনত পৰে, নিৰ্বাচনৰ ভোট গণনাৰ সময়ত দেউতাই পায়খানালৈ যাওঁতেও ৰেডিঅ’টো দৰ্জাৰ বাহিৰত টুল এখনৰ ওপৰত বজাই থৈ পায়খানাত সোমাইছিলগৈ। টিভিৰ এনে সুবিধা নাই। গতিকে ৰেডিঅ’ই সদম্ভে নিজৰ অস্তিত্ব জাৰি কৰি থাকিল। মোৰ নিজৰ ক্ষেত্ৰতো সৌ সিদিনালৈকে ৰেডিঅ’ক বাদ দি দিনটোৰ আৰম্ভণি নহৈছিল।
ধুমুহা হৈ আহিল ইণ্টাৰনেট। সময়ক যেন মহতিয়াই নিব। কিন্তু ৰেডিঅ’ স্থিতপ্ৰজ্ঞ। ধুমুহাক বশ কৰি নিজৰ খোপনি অটুট ৰখাত সিদ্ধহস্ত। কম সময়ৰ ভিতৰতে বিভিন্ন এপৰ জৰিয়তে ৰেডিঅ’ই সৰ্বত্ৰে নিজৰ স্থিতি গজগজীয়া কৰি তুলিলে। ৰেডিঅ’ এতিয়া মোবাইলতো শুনিব পাৰি। চলন্ত বাহনতো শুনিব পাৰি। তথাপি শৈশৱৰ সংগী ফিলিপছ্ কোম্পানীৰ সেই ক’লা ৰঙৰ ৰেডিঅ’টোক মনটোৱে এতিয়াও ক’ৰবাত বিচাৰি ফুৰে। ওভতাই বিচাৰে সেই সোণালী সুদিন। টেলিভিছন, ইণ্টাৰনেট, কম্পিউটাৰ, মোবাইল, প্ৰযুক্তিৰ যি আধুনিক সুবিধাই নোলাওক কিয়, ৰেডিঅ’ই দিয়া সন্তুষ্টি যেন কোনোটো মাধ্যমতে নাই। আমাৰ মানসিক বিকাশৰ লগতে ব্যক্তিত্ব গঠন প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কালতে ৰেডিঅ’ই যি পুষ্টি প্ৰদান কৰিলে তাৰ বাবে আমি সদায়ে ধন্য হৈ থাকিব লাগিব এই অকণমানি যন্ত্ৰটোৰ ওচৰত। আমাৰ দৃষ্টি সৃষ্টিত, আমাৰ বোধ গঠনত ৰেডিঅ’ৰ ভূমিকা আছিল এজন শিক্ষকৰ দৰে। সৰুতে মহৎ লোকৰ বাণীত (নামটো পাহৰিছোঁ) প্ৰায়েই শুনিছিলোঁ তিৰুকুৰল পুথিৰ নাম। কেইবছৰমানৰ আগতে গুৱাহাটী গ্ৰন্থমেলাত পুথিখন দেখা পাই কিনি আনিছিলোঁ। এনেকৈয়ে আমাৰ চৌপাশৰ সমাজখনক চিনি পোৱাত ৰেডিঅ’ই আমাক সকলো প্ৰকাৰে সহায় কৰিলে। আশাকৰোঁ এইদৰেই ৰেডিঅ’ই চিৰকাল নিজৰ স্থানত গজগজীয়া হৈ থাকি প্ৰজন্মৰ পাছত প্ৰজন্মলৈকে আমাৰ সমাজ-সংস্কৃতিৰ সুস্থ সোঁতটো বোৱাই নি থাকক।