অজ্ঞাতবাস

লেখক- তৃপ্তি মাধুৰী বৰগোহাঁই

সত্যৰ অচল অৱস্থা
পাতালে অজ্ঞাতে ধনঞ্জয় অস্ত্ৰ
হ’ব পাৰে চতুৰ্বেদীৰো তপস্যা ভংগ
সমাগত এতিয়াও নহয় যুদ্ধ…

বীৰৰ বীৰত্ব‌ও হ’ব পাৰে
সময়ৰ কিংকৰ!
পিছে, কলুষিত বাস্তৱতো
আত্মাৰ মৰণ নাই,
লক্ষ্য যদি স্পষ্ট
কৰ্মযোগীক সঠিক পৰিচয়ৰো প্ৰয়োজন নাই।

সাধাৰণ অজ্ঞানী
কেশ্লকৰ্মী
অজ্ঞাতে জ্ঞানী
অজ্ঞাতে যুদ্ধ ধ্যানী

সত্যৰ অচল অৱস্থাত
হ’ব পাৰে চতুৰ্বেদীৰো তপস্যা ভংগ
যুদ্ধ এতিয়াও নহয় সমাগত।

আগন্তুক কৌৰৱ সেনানী
অপেক্ষা ন-পুৱাৰ!
তাণ্ডৱ নৃত্যৰ পৰিব অন্ত
যুদ্ধ সমাগত
যুদ্ধ সমাগত।

বি:দ্ৰ:
আত্মাৰ য’ত মৰণ নাই
তেনে অজ্ঞাতবাসত ভুল নাই
বৃকোদৰৰ তপস্যা সফল হওক
কৃচ্ছকৰ বধ –
এই অজ্ঞাতবাসতে হওক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!