অ.ক.ব.ৰ অসমীয়া বাতৰি ২১১২ – দ্বিতীয় খণ্ড (অংশুমান বৰা)

নমস্কাৰ..
অ.ক.ব.ৰ অসমীয়া বাতৰিত আপোনলোকক স্বাগতম জনাইছো । আজিৰ সন্ধিয়াৰ প্ৰধান প্ৰধান বাতৰি সমূহ হ’ল
• নগাঁও জিলাত চলে এখন পেট্ৰল চালিত মটৰ গাড়ী,
• শংকৰদেৱৰ তিথিক অনুসৰণ কৰি এইবাৰ হাৰিয়ানাত কপিলদেৱৰ তিথি আৰু
• নলবাৰী জিলাত অসমৰ ভূতপুৰ্ব মুখ্যমন্ত্ৰীৰ পুনৰ জন্মগ্ৰহণ

এতিয়া বিতং বাতৰি

• নগাওঁ জিলাৰ লাওখোৱাৰ হিন্দোল শৰ্মাৰ ঘৰত এখন পেট্ৰল চালিত মটৰ গাড়ী আছে বুলি নগাঁও আৰক্ষীয়ে প্ৰকাশ কৰিছে । শৰ্মাৰ একে চুবুৰীৰে মুস্তাক মহম্মদে কালি নিশা শৰ্মাক চুচুক চামাককৈ এটা প্লাষ্টিকৰ গিলানেৰে তেওঁৰ নৰমূত্ৰ চালিত গাড়ীখনৰ টেংকীত এটা বিশেষ গোন্ধ থকা পানীয় ঢালি থকা দেখা পায় । লগে লগে তেখেতে এই কথা আৰক্ষীক অৱগত কৰায় । আৰক্ষীৰ এটা বিশেষজ্ঞৰ দলে এই বিশেষ গোন্ধ থকা পানীয়বিধ পেট্ৰল বুলি প্ৰমাণ কৰে । উল্লেখ্য যে পেট্ৰল নামৰ এই ইন্ধনবিধ প্ৰায় পঞ্চাশ বছৰ আগতে সমগ্ৰ ভাৰতত অতিপাত মূল্য দি ক্ৰয় কৰিব লগা হোৱাৰ বাবে বৰ্জন কৰা হৈছিল । ইন্ধনবিধৰ মুল্য বৰ্তমান লিটাৰে প্ৰতি প্ৰায় দুহাজাৰ টকা পৰ্যন্ত হ’ব বুলি ধাৰ্য্য কৰা হৈছে । বাতৰিতো প্ৰকাশ হোৱাৰ পিছতেই অসম আয়কৰ বিভাগে শৰ্মাৰ ঘৰত তালাচীৰ অভিযান চলাব বুলি অনুমান কৰা হৈছে ।
• মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথিক অনুসৰণ কৰি হাৰিয়ানাত এইবছৰৰ পৰা আয়োজন কৰা হ’ব কপিলদেৱৰ তিথি । অ.ক.ব. ৰ হাৰিয়ানাৰ সংবাদদাতা প্ৰাঞ্জল কৌশিকে আমাক জনোৱা মতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা সপ্তাহত কৰা অসম ভ্ৰমণৰ সময়ত মহাপুৰুষজনৰ জন্মস্থান পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ সংবাদদাতাক জনায় যে তেওঁক ফেচবুকৰ অ.ক.ব. গোটৰ এজন সদস্যই শ্ৰীমন্ত শংকৰদেৱে কেনেকৈ অসম দেশক তেখেতৰ ৰচনাৱলীৰ মাজেৰে উন্নতিৰ পথেৰে আগুৱাই নিছিল সেই কথা জনাইছিল । সদস্যজনে তেখেতক আৰু জনাইছিল যে ‘দেৱ’ শব্দৰ অৰ্থ হৈছে দেৱতা আৰু মহাপুৰুষজনক অসমত দেৱতাৰ দৰে জ্ঞান কৰা হয় । হাৰিয়ানাৰ বুৰঞ্জীৰ কথা সোঁৱৰাই মুখ্যমন্ত্ৰীজনে আৰু কয় যে প্ৰায় এশ বিশ বছৰ আগতে দেৱ উপাধিৰ এজন মহাপুৰুষ হাৰিয়ানাতো আছিল । তেখেতৰ নাম আছিল কপিলদেৱ । তেখেতেও ক্ৰিকেট খেলৰ মাজেৰে হাৰিয়ানাৰ নাম উচ্চ শিখৰত উপনীত কৰাইছিল । উল্লেখ্য যে সেই সময়ত ক্ৰিকেট খেলটো ষাঠি অভাৰকৈ খেলা হৈছিল । হয়…. আপোনালোকৰ শুনাত একো ভুল হোৱা নাই, সেই সময়ত ক্ৰিকেট খেলটো ষাঠি অভাৰকৈ খেলা হৈছিল । যিটো খেল বৰ্তমান কেৱল এক-এক অভাৰকৈহে খেলা হয় । মুখ্যমন্ত্ৰীজনে কপিলদেৱৰ গুণ বখানি কয় যে ক্ৰিকেট খেলবিধ ষাঠি অভাৰকৈ খেলাটো মহাপুৰুষৰ বাবেহে সম্ভৱ । গতিকে অসমৰ মহাপুৰুষ দুগৰাকীৰ দৰে কপিলদেৱৰ মৃত্যুতিথিক প্ৰতিবছৰে “কপিলদেৱৰ তিথি” হিচাপে পালন কৰা হ’ব আৰু উক্ত দিনা হাৰিয়ানা চৰকাৰৰ ফালৰ পৰা চৰকাৰী ছুটীও ঘোষণা কৰা হ’ব ।
• নলবাৰী জিলাৰ পানীডুবি নামৰ এখন গাঁৱত এটি চাৰিবছৰীয়া শিশুৰ অদ্ভুত আচৰণে গাঁওবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । গাঁওবাসীয়ে আমাৰ সংবাদদাতাক জনোৱা মতে, ৰাজদ্বীপ বৰা নামৰ এই শিশুটিয়ে প্ৰতিটো বাক্যৰ পাচত “দিচ্ ইজ অলচ’ ইম্পৰ্টেণ্ট মেটাৰ” অথবা “মিচা কলে কিডাল হ’ব” বুলি কয় । শিশুটিয়ে মাজে মাজে “অতি শীঘ্ৰেই আসামত নদীবান্ধ সাজিব লাগে” বুলিও কোৱা শুনা যায় । সমগ্ৰ ঘটনাটোৰ ৰহস্যৰ ওৰ পেলাই এগৰাকী আশী বছৰীয়া বৃদ্ধই আমাক জনাই যে তেখেতৰ দেউতাকে কোৱা মতে, প্ৰায় এশ বছৰ আগতে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়েও এইদৰেই কথাৰ মাজত এই বাক্যকেইটিৰ প্ৰয়োগ কৰিছিল । গতিকে শিশুটিক প্ৰ্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুনৰজন্ম বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে যোৱা এসপ্তাহ ধৰি অন্য এজন শিশুকো ৰাজদ্বীপ বৰাৰ লগত প্ৰায়েই থকা দেখা গৈছে । এই শিশুটিয়ে ৰাজদ্বীপক ‘ছাৰ’ বুলি সম্বোধন কৰা শুনা যায় আৰু বাৰে বাৰে “টেট পৰীক্ষা পাতিব লাগে” জাতীয় বাক্য এষাৰ কোৱাৰো খবৰ পোৱা গৈছে ।
এইমাত্ৰ আমালৈ অহা খবৰৰ মতে, যোৰহাটৰ হাটবৰত আন এক শিশুৰ এক অদ্ভুত আচৰণ পৰিলক্ষিত হৈছে । অনুপম লিগিৰা নামৰ এই শিশুটোৱে দেউতাকৰ ওচৰত “জেড্ কেটেগৰী” নিৰাপত্তা বিচাৰি আকাশ পাতাল এক কৰিছে । বিশেষ সংবাদদাতাই আমাক আৰু জনায় যে, শিশুটিৰ যোৱা এসপ্তাহৰ পৰা চুলিবোৰ সৰাৰ লগতে দাড়িও গজিবলৈ লৈছে । এই সন্দৰ্ভত আৰু বাতৰি পালে আমি আপোনালোকক নিশ্চয় অৱগত কৰাম ।

আজি সন্ধিয়াৰ “অ.ক.ব.” অসমীয়া বাতৰিৰ ইমানতে অন্ত পৰিল ।
নমস্কাৰ ।
[স্থান, কাল, পাত্ৰ আদি সম্পূৰ্ণ কাল্পনিক]

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!