আকৌ এবাৰ “ৱাচিং পাউডাৰ নিৰমা”- হেমন্ত হাজৰিকা

akou ebar washing powder nirma_hemanta hazarika_sanitized

এটা পথ দুৰ্ঘটনাত হেৰুৱাইছিল কাৰচন ভাই পেটেলে নিজৰ একমাত্ৰ মৰমৰ জীয়ৰী “নিৰমা”ক৷ জীয়েকৰ স্মৃতি যুগমীয়া কৰিবলৈ গুজৰাটৰ আহমেদাবাদ চহৰৰ ৰাসায়ন বিজ্ঞানৰ স্নাতক এই গৰাকী ব্যক্তিয়ে আৰম্ভ কৰে ২০০ টকা মুলধনেৰে “নিৰমা বেণ্ড”৷ তেওঁৰ বাবে ব্ৰেণ্ডটো হৈ পৰে জীয়ৰী নিৰমাৰ দৰেই আপোন৷ এটা সময়ত(আনকি আজিও)ঘৰে ঘৰে সকলোৰে মুখত কেৱল এই বেণ্ডৰে নাম –“সব কী পচন্দ নিৰমা”৷

চাইকেলৰ ক্ৰীং ক্ৰীং টিলিঙা বজাই লোকৰ ঘৰে ঘৰে ডিটাৰজেণ্ট বিক্ৰী কৰা নিৰমাৰ পিতৃ কাৰচন ভাই পেটেল আজি সমগ্ৰ ভাৰতবৰ্ষৰ ডিটাৰজেণ্ট মাৰ্কেটৰ ৩৫ % শ্বেয়াৰৰ মালিক৷

১৯৬৯ চনৰ পৰা আৰম্ভ হয় নিৰমাৰ এই জয়-যাত্ৰা৷ সেই সময়ত দেশীয় ডিটাৰজেণ্ট কোম্পানীৰ সংখ্যা আছিল আঙুলিৰ মুৰত গণিব পৰা৷ নিজৰ ঘৰৰ বাৰীৰ পিছফালে কাঠ-বাঁহেৰে নিজে সাঁজি লোৱা ঘৰ এটাত ২০০ টকাৰ মুলধনেৰে আৰম্ভ কৰে “ৱাচিং পাউদাৰ নিৰমা”৷ প্ৰথম অৱস্থাত ঘৰে ঘৰে অতি সস্তাতে ৩.৫০ টকা কে.জি হিচাপত ডিটাৰ্জেণ্ট বিক্ৰী কৰা আৰম্ভ কৰে৷ সেই সময়ত মাৰ্কেটত সৰ্বাধিক বিক্ৰী হোৱা হিন্দু:স্থান ইউনিলীভাৰ বেণ্ডৰ “চাৰ্ফ”ৰ দাম আছিল কে.জিত ১৩ টকা৷ বিশেষ ব্যৱসায়ীক কৌশল প্ৰয়োগ কৰি বিক্ৰী আৰম্ভ কৰা “ৱাচিং পাউদাৰ নিৰমা”ক গুজৰাটৰ সকলোৱে সোনকালে আদৰি লয়৷ অৱশ্য গুজৰাটৰ বাহিৰত ডিষ্ট্ৰিবিউটৰ সকলে টকা-পইচাৰ লেনদেনত খেলি-মেলি লগোৱাত “নিৰমা” যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়৷ কিন্তু সেই সময়তে অৰ্থাৎ ৮০ দশকত “সব কী পচন্দ নিৰমা” শীৰ্ষক বিজ্ঞাপনেৰে সমগ্ৰ ভাৰতবৰ্ষত টেলিভিচনৰ পৰ্দাত কাৰচন ভাই পেটেলে আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ বিজ্ঞাপনটো ইমানেই জনপ্ৰিয় হৈ উঠে যে গ্ৰাহকে নিৰমাৰ বাহিৰে অন্য ডিটাৰজেণ্ট কিনিবলৈ অস্বীকাৰ কৰে আৰু নিৰমা ডিটাৰজেণ্ট বিচাৰি মাৰ্কেটত হাহাকাৰ কৰিবলৈ ধৰে৷ সেই সময়ত “নিৰমা”ৰ জয়যাত্ৰাত আনকি হিন্দুস্থান ইউনিলীভাৰ বেণ্ডৰ বিখ্যাত ‘চাৰ্ফ’ও থমকি ৰ’বলৈ বাধ্য হয়৷

লাজুকীয়া আৰু মৃদুভাষী এইজন ব্যক্তিয়ে ১৯৯৫ চনত “নিৰমা ইনষ্টিটিউড অফ টেকনলজি”, ২০০৩ চনত “নিৰমা ইউনিভাৰ্চিটি অফ চায়েঞ্চ এণ্ড টেকনলজী” আৰু ২০০৪ চনত “নিৰমা এডুকেচন প্ৰজেক্ট” মুকলি কৰে৷ বৰ্তমান ২৫০০ কোটি টকীয়া ব্যৱসায়ীক সাম্ৰাজ্যৰ মালিক কাৰচানভাই পেটেলক ২০১০ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মশ্ৰী” প্ৰদান কৰে৷ ৷

কিছু অন্যান্যঃ

এইকেইদিন অসমত কেৱল “ৱাচিং পাউদাৰ নিৰমা” শীৰ্ষক অসমীয়া গীতটোক লৈ বিতৰ্ক৷ একাংশই গায়কদ্বয়ক প্ৰশংসা কৰাৰ বিপৰীতে একাংশই চুই কিলাবলৈ বাকী৷ মই ব্যক্তিগতভাৱে ইমান আপত্তিজনক গীত বুলি ভবা নাই৷ বাল্যকালত “ৱাচিং পাউদাৰ নিৰমা” আমাৰো মুখে মুখে আছিল৷ সেই স্মৃতি এতিয়াও মনত কেতিয়াবা ভাঁহি আহে৷ তপিনা ডাঙৰ ছোৱালী অনা, জাৰৰ দিনত কেথা-কম্বল লৈ, বুকুত বিলাহী পকালৈকে বহু আপত্তিজনক গীত এতিয়াও মঞ্চত মুকলিকৈ পৰিৱেশন কৰা হয়৷ সেইবোৰতো মাত মাতিলে ভাল হয়৷ যিকি নহওক, জীয়ৰী “নিৰম”ই আজি অসমতো তোলপাৰ লগোৱাত কাৰচন ভাই পেটেলে চাগে মিচিকীয়া হাঁহি মাৰিছে৷ তেওঁবা আকৌ অসমৰ খবৰটো পাইছেনে নাই…আশা কৰিছো খবৰটো পাইছে৷

সাধাৰণ মানুহৰ এনেবোৰ অসাধাৰণ কাহিনীয়ে অলপ হ’লেও আমাকো প্ৰেৰণা দিয়ে৷ “নিৰমা“ৰ জয়যাত্ৰা অব্যাহত থাকক, তাৰেই কামনাৰে—

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!