এইড্‌ছৰ পৰা আৰোগ্য লাভ কৰা মানুহজন (গীতাৰ্থ বৰদলৈ)

এইড্‌ছৰ পৰা আৰোগ্য লাভ কৰা মানুহজন 

গীতাৰ্থ বৰদলৈ


কোৱা হয় এইড্‌‍ছ (AIDS) ৰোগ দুৰাৰোগ্য। ১৯৮৪ চনত Human immunodeficiency virus (HIV)ৰ ফলত হোৱা এইড্‌ছ ৰোগ প্ৰথমবাৰ ধৰা পৰে। ১৯৮৭ চনত ইয়াৰ বিৰুদ্ধে প্ৰথম ঔষধ AZT বা Zidovudineৰ প্ৰচলন হয়। দুবিধ দৰৱেৰে চিকিৎসা ১৯৯৪ চনত আৰু আজি প্ৰচলিত এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎসা ১৯৯৬ চনত আৰম্ভ হয়। প্ৰচলিত চিকিৎসা ব্যৱস্থাৰে অৱধাৰিত মৃত্যুক অলপ পৰ ৰখাইহে থ’ব পাৰি, সম্পূৰ্ণ বাধা দিব নোৱাৰি। এইড্‌ছৰ বিৰুদ্ধে কাৰ্যক্ষম প্ৰতিষেধকো আৱিষ্কাৰ হোৱা নাই। কিন্তু এনেহেন ৰোগত আক্ৰান্ত এজন মানুহ আৰোগ্য হৈ পৰা বুলি ক’লে বিশ্বাস হ’বনে? কিন্তু ২০০৭ চনত জাৰ্মানীৰ টিমথী ৰে’ ব্ৰাউন বোলা মানুহজনৰ ক্ষেত্ৰত এই আচৰিত ঘটনাটো সম্ভৱ হৈ পৰা দেখা গ’ল।

এজন বিশেষ ৰোগী:
৪৫ বছৰীয়া বাৰ্লিন নিবাসী এইড্‌ছ ৰোগী টিমথীয়ে আন এইড্‌ছ ৰোগীসকলৰ দৰেই এণ্টিৰেট্ৰ’ভাইৰেল ঔষধেৰে চিকিৎসাৰ গ্ৰহণ কৰি আছিল। ভূতৰ ওপৰত দানহ পৰাদি সেই সময়ত তেওঁৰ তেজত একিউট মায়েলইড লিউকেমিয়া (শ্বেত ৰক্ত কণিকা বাঢ়ি যোৱা তেজৰ এবিধ কৰ্কট) ৰোগো ধৰা পৰিল। জীয়াই থকাৰ এধানিমান সুযোগ পোৱাৰ আশাত তেওঁ চিকিৎসক-বিজ্ঞানীসকলৰ হাতত নিজকে সঁপি দিলে। লিউকেমিয়া দূৰ কৰিবলৈ চিকিৎসসকসকলে প্ৰথমে তেজষ্ক্ৰিয় বিকিৰণ আৰু শক্তিশালী কিম’থেৰাপীৰে তেওঁৰ দেহৰ সকলো শ্বেত ৰক্ত কণিকা ধ্বংস কৰি পেলালে। এই প্ৰক্ৰিয়াটোৱেই আছিল অতি মাৰাত্মক, কাৰণ শ্বেত ৰক্ত কণিকাই আমাৰ দেহৰ প্ৰতিৰক্ষী ক্ষমতা গঢ়ি তোলে আৰু ৰোগ সৃষ্টিকাৰী ভাইৰাছ-বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। তাৰ পিছত চিকিৎস্কসকলে টিমথীৰ দেহত নতুনকৈ ৰক্ত কণিকা সৃষ্টি হ’বলৈ আৰু প্ৰতিৰোধী ক্ষমতা ঘূৰাই পাবলৈ হাড় মজ্জা সংস্থাপন কৰে। এই হাড় মজ্জাৰ দাতাজনো আকৌ সাধাৰণ নাছিল। তেওঁৰ এনে এটা বিৰল জিনীয় মিউটেছন আছিল যি HIV বীজাণুৱে শ্বেত ৰক্ত কণিকা আক্ৰান্ত কৰাত বাধা দিয়ে। হাড় মজ্জাৰ সফল সংস্থাপনৰ পিছত টিমথী কিছু পৰিমাণে লিউকেমিয়াৰ লগতে এইড্‌ছ মুক্ত হৈ পৰিল! যোৱা পাঁচ বছৰ ধৰি তেওঁ কোনো এণ্টিৰেট্ৰ’ভাইৰেল ঔষধ গ্ৰহণ কৰা নাই, তথাপিও তেওঁৰ দেহত ভাইৰাছবিধ ধৰা পৰা নাই। টিমথীৰ কাহিনী প্ৰচাৰ হোৱাৰ লগে লগে তেওঁ জনাজাত হৈ পৰিল “বাৰ্লিন ৰোগী” নামৰে। কিন্তু পৃথিৱীৰ আন ত্ৰিশ নিযুত এইড্‌‍ছ ৰোগী এনে চিকিৎসাৰৰ পৰা লাভান্বিত হ’বনে? এইড্‌‍ছৰ বিৰুদ্ধে যুঁজখনত আমি জয়লাভ কৰিলোঁ নেকি? নাই কৰা; কিন্তু টিমথীৰ কাহিনীয়ে নিশ্চয় এটা আশাৰ বতৰা কঢ়িয়াই আনিছে।

কোষ এটা HIV ৰোধী কেনেকৈ হয়?
HIVয়ে প্ৰধানতঃ CD4 T কোষ নামৰ শ্বেত ৰক্ত কণিকাবিধৰ পৃষ্ঠাভাগত থকা ‘গ্ৰাহক’ (Receptor) আৰু ‘উপগ্ৰাহক’ (Coreceptor) নামৰ প্ৰ’টিন দুবিধত সংযুক্ত হৈ কোষটোক আক্ৰমণ কৰে। প্ৰথমতে HIVৰ gp120 প্ৰ’টিনে CD4 নামৰ গ্ৰাহক প্ৰ’টিনৰ লগ লাগি প্ৰবেশ প্ৰক্ৰিয়া আৰম্ভ কৰে। তাৰ পিছত ই CCR5 বা CXCR4 উপগ্ৰাহকৰ লগ লাগি কোষত প্ৰবেশ কৰে। বিভিন্ন প্ৰকাৰৰ HIVৰ গঠন অলপ বেলেগ বেলেগ হ’ব পাৰে। বেছিভাগ HIVয়ে CCR5 প্ৰ’টিনৰ লগ লাগি T কোষক আক্ৰান্ত কৰে, কিন্তু কিছুমান মানুহৰ জিনীয় মিউটেছনৰ ফলত দেহত CCR5 উৎপিন্ন নহয়। তাৰ অৰ্থ এয়েই যে বেছিভাগ HIVয়ে তেওঁলোকক আক্ৰান্ত কৰিব নোৱাৰে। টিমথীৰ দেহত সংস্থাপন কৰা হাড় মজ্জা এনে মিউটেছন থকা মানুহৰে আছিল। এই হাড় মজ্জাই টিমথীৰ দেহত HIVৰোধী নতুন T কোষৰ জন্ম দিলে আৰু প্ৰতিৰক্ষী ক্ষমতা গঢ়ি তুলিলে।

আনৰ দেহতো এই ব্যৱস্থাই কাম দিবনে?
হাড় মজ্জা সংস্থাপন প্ৰক্ৰিয়াটো তেনেই সহজ নহয়। ইয়াৰ ফলত নানা অনিষ্ট হ’ব পাৰে যাৰ ভিতৰত মাৰাত্মক হ’ল “গ্ৰাফ্ট ভাৰ্চাছ হ’ষ্ট ডিজিজ”। ইয়াত দাতাজনৰ পৰা পোৱা মজ্জাত থকা প্ৰতিৰোধী কোষবোৰে মজ্জা গ্ৰহণ কৰাজনৰ দেহৰ নিৰোগী কোষবোৰ আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। এনে নোহোৱা কৰিবলৈ মানুহজনে নিজৰ দেহৰ প্ৰতিৰক্ষী ক্ষমতাক দমন কৰি ৰখা দৰৱ সেৱন কৰিবলগীয়া হয়, কিন্তু তাৰ ফলত আকৌ আন ৰোগ সৃষ্টিকাৰী ভাইৰাছ বা বেক্টেৰিয়াৰ গাখীৰতে ম’হৰ খুঁটি যেন হয়। তাৰোপৰি হাড় মজ্জাৰ এজন সঠিক দাতা বিচাৰি পোৱাটো অতি টান। প্ৰতিৰক্ষী তন্ত্ৰই নিজৰ কোষবোৰ আক্ৰমণ নকৰিবলৈ আমাৰ কোষবোৰৰ পৃষ্ঠভাগত কিছুমান কণিকা থাকে। সফল প্ৰতিস্থাপনৰ বাবে দাতা আৰু গ্ৰাহকজনৰ কোষৰ এই কণিকাবোৰৰ মিল থাকিব লাগিব। এই কাৰণতে হাড় মজ্জা সংস্থাপন বৃহৎ‍ পৰিসৰত চিকিৎসাষ ব্যৱস্থা হিচাপে সফল হৈ নুঠিব। টিমথীৰ পিছত ব’ষ্ট’নৰ দুজন ৰোগীৰ দেহতো এই প্ৰতিষ্ঠাপন পৰীক্ষা কৰা হয়। তেওঁলোক দুয়োজনৰো লিউকেমিয়া আছিল আৰু হাড় মজ্জা সংস্থাপনৰ পিছত তেওঁলোকৰ গাত HIV ধৰা পৰা নাই। কিন্তু টিমথীৰ লগত তেওঁলোকৰ পাৰ্থক্য এয়েই যে তেওঁলোকৰ সেই বিশেষ জিনীয় মিউটেছন নাই আৰু তেওঁলোকে এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎসা গ্ৰহণ কৰিয়েই আছে। খৰছী আৰু মাৰাত্মক হোৱাৰ লগতে লিউকেমিয়া নাথাকিলে হাড় মজ্জা সংস্থাপনৰ দিশটো গ্ৰহণযোগ্য নহ’ব।

এটা উপায় আছে। বিজ্ঞানীসকলে শেহতীয়াকৈ “জিঙ্ক ফিঙ্গাৰ নিউক্লিয়েজেজ” (Zinc finger nucleases) নামৰ এবিধ প্ৰ’টিন আৱিষ্কাৰ কৰিছে যি CCR5 আৰু CXCR4ৰ জিনৰ পৰিৱৰ্তন কৰে। এই নিউক্লিয়েজেজে জিনৰ এটা নিৰ্দিষ্ট DNA ক্ৰম চিনাক্ত কৰি তাৰ আঁতৰাই দিয়ে। দেহৰ DNA মেৰামত কৰা ব্যৱস্থাই এই কটা টুকুৰাবোৰ ঠিক কৰে। কিন্তু এনে কৰোঁতে কেতিয়াবা মেৰামত ব্যৱস্থাৰ ভুলৰ বাবে কটা জিনটোৰ সালসলনি বা মিউটেছন হয়। এই জিনটোৰ পৰিৱৰ্তন হ’লে জিনটোৱে যিটো প্ৰ’টিন উৎপমন্ন কৰাৰ সংকেত বহন কৰে তাৰ ধৰ্ম সলনি হ’ব বা সেইটো উৎপুন্নই নহ’ব। গতিকে CCR5 আৰু CXCR4 জিন কাটি বিজ্ঞানীসকলে HIVৰ উপগ্ৰাহক কণিকা নথকা কোষৰ জন্ম দিব পাৰে।

চিকিৎসাৰ বাবে এই নিউক্লিয়েজেজ ব্যৱহাৰ কৰাৰ এটা উপায় হৈছে ৰোগীজনৰ দেহৰ পৰা শ্বেত ৰক্ত কণিকা বা হাড় মজ্জা উলিয়াই আনি সেইবোৰত পৰা দুয়োবিধ উপগ্ৰাহকৰ বাবে দুই ধৰণৰ জিঙ্ক ফিঙ্গাৰ নিউক্লিয়েজেজ প্ৰস্তুত কৰা। কোষত প্ৰস্তুত হোৱাৰ পিছত নিউক্লিয়েজেজে CCR5 আৰু CXCR4 জিন কাটিব। এই শ্বেত ৰক্ত কণিকা বা হাড় মজ্জাই CCR5 আৰু CXCR4 নথকা প্ৰতিৰক্ষী কোষৰ জন্ম দিব আৰু সেইবোৰ HIVৰোধী হৈ পৰিব। CCR5 প্ৰ’টিন নথকাকৈয়ো মানুহ এজন জীয়াই থাকিব পাৰিব, টিমথী তাৰ উদাহৰণ। কিন্তু CXCR4 প্ৰস্তুত নকৰা মানুহহে পাবলৈকে নাই। গতিকে ইয়াৰ অভাৱত দেহত বিৰূপ প্ৰভাৱ পৰাৰ আশঙ্কাও আছে।

এইখিনিতে উল্লেখযোগ্য যে ফ্ৰান্সত চৈধ্যজন ৰোগীয়ে এইড্‌ছ ৰোগ ধৰা পৰাৰ লগে লগেই (CD4 কোষৰ সংখ্যালৈ অপেক্ষা নকৰি) এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎসাৰ ল’বলৈ আৰম্ভ কৰিছিল আৰু তিনিবছৰ চিকিৎসালৰ পিছত তেওঁলোকৰ দেহত ভাইৰাছ ধৰা পৰা নাই আৰু বিয়পাৰ কোনো চিন নাই। এই প্ৰতিৰোধমূলক চিকিৎসাৰও অস্ত্ৰোপচাৰৰ আন এক বিকল্প হ’ব পাৰে।

টিমথী কেনে আছে?
এইড্‌ছ আৰোগ্য হৈ পৰিলেও টিমথী এজন সম্পূৰ্ণ সুস্থ-সবল মানুহ হৈ পৰা নাই। প্ৰথমটো হাড় মজ্জা সংস্থাপনৰ পিছত তেওঁৰ লিউকেমিয়া ৰোগ সম্পূৰ্ণকৈ ভাল হৈ নুঠিল। দ্বিতীয় এটা হাড় মজ্জা সংস্থাপন অস্ত্ৰোপচাৰ তেওঁ কোনোমতেহে সহ্য কৰিব পাৰিলে; তেওঁৰ কিছুমান স্থায়ী স্নায়ৱিক ক্ষতি হ’ল। ২০১২ চনৰ জুন মাহত বিজ্ঞানীসকলে তেওঁৰ দেহত HIV বিচৰা তুমুল অভিযান চলাই নতুন ভাইৰাছৰ জন্ম দিব নোৱাৰা কিছুমান ভাইৰেল অৱশেষ ধৰা পেলায়। কেতিয়াবা HIV কোনো প্ৰতিৰক্ষী কোষত সুপ্ত অৱস্থাত থাকে। বহুবছৰ পিছত এইবোৰ সক্ৰিয় হৈ নতুন ভাইৰেল কণিকাৰ জন্ম দিব পাৰে। কিন্তু যিহেতু টিমথীৰ CD4 কোষত জপনাখনেই নাই, গতিকে বিজ্ঞানীসকলৰ মতে টিমথী পুনৰ এইড্‌ছ আক্ৰান্ত হোৱাৰ আশঙ্কা অমূলক। কিন্তু এই ঘটনাই আৰোগ্য লভাৰ মাপকাঠি সম্পৰ্কে সকলোৰে মনত প্ৰশ্ন নজগোৱা নহয়।

২০১২ চনৰ জুলাই মাহত টিমথীয়ে নিজৰ নামত এটা এইড্‌ছ ফাউণ্ডেছন খোলাৰ কথা ঘোষণা কৰে। টিমথীয়ে প্ৰকাশ কৰিছে যে আৰু যিকোনো প্ৰশ্নৰে উত্তৰ বিচাৰিবলৈ তেওঁ নিজকে গিনি পিগ হিচাপে আগবঢ়াই যাব। আমিও আশা কৰোঁ টিমথীৰ সফলতাই এদিন পৃথিৱীৰ সকলো HIV আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পথ মুকলি কৰিব।

(বিভিন্ন ইণ্টাৰনেট সূত্ৰৰ সহায় লৈ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!