কাটাৰৰ ডায়েৰী (২০) (ডাঃ ভূপেন শইকীয়া)

 

(এইবাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ পূৰ্ব সন্ধ্যাত জাৰি কৰা এক  জাননীত কোৱা হৈছে যে কাটাৰী  ৰাষ্ট্ৰীয় পতাকাৰ অৱমাননাৰ বাবে ২ লাখ ৰিয়াল জৰিমনা আৰু ৩ বছৰ পৰ্যন্ত  কাৰাবাসৰ  ঘোষণা  কৰি নতুন আইন প্ৰণয়ন কৰা হৈছে৷ কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস পালনৰ সবিশেষ বাতৰি ১৯ ডিচেম্বৰৰ ইংৰাজী, আৰৱী সকলো বাতৰি কাকতত অনেক ৰঙীন ফটোসহ প্ৰকাশ পালে।)

কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস

বৰ্তমান ড’হাত তাপমাত্ৰা ২০ আৰু ২৫ডিগ্ৰী চেলচিয়াছৰ মাজত দোদুল্যমান হৈ আছে৷ ১৬ডিচেম্বৰৰ দিনটো ডাৱৰীয়া আছিল৷ মাজে মাজে আহিছিল কিনকিনীয়া বৰষুণ ৷ কাটাৰৰ বাসিন্দা হোৱা সূত্ৰে ১৮ডিচেম্বৰত কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস আকৌ এবাৰ প্ৰত্যক্ষ কৰাৰ সুবিধা পালোঁ ৷ আয়োজকসকলৰ দুশ্চিন্তাৰ ওৰ পেলাই সিদিনা যেনিবা সুন্দৰ ফৰকাল বতৰ হ’ল ৷ মূল কাৰ্যসূচী পুৱা ঠিক ৭টা বজাত কৰনিছৰ সাগৰৰ পাৰত আৰম্ভ হ’ল ৷ লগে লগে কাৰ্য্যক্ৰম উপভোগ কৰিবলৈ অহা কেউফালৰ পথচাৰীক প্ৰায় এক কিলোমিটাৰ  নিলগতে  পথ  বন্ধ কৰি  আৰক্ষীয়ে ৰখাই দিলে৷ অৱশ্যে আধাঘন্টা পিছত  মহিলা,  শিশু আৰু কিছু বিশিষ্ট ব্যক্তিক ছাটাই কৰি প্ৰৱেশৰ অনুমতি দিলে৷ শ শ মানুহে নিৰাশ হৈ ঘৰমুৱা হ’ল ৷  কিছুমানে  ওচৰ-পাঁজৰৰ ওখ ওখ ভৱনৰ ছাদত উঠি যিখিনি পাৰে চালে৷ আন কিছুমানে দূৰদৰ্শনৰ পৰ্দাত ‘লাইভ টেলিকাষ্ট’  চায়েই সন্তুষ্টি লভিবলগীয়া হ’ল ৷  ১১বজাৰ আগে আগে পেৰেড  আৰু আন দৰ্শনীয় অনুষ্ঠানৰ সামৰণি পৰিল ৷ একে সময়তে স্থল, জল আৰু বায়ু তিনিও সেনা বাহিনীৰ প্ৰদৰ্শন চলিল৷ স্থলৰ সৈন্য বাহিনীৰ  বিভিন্ন শাখাই অস্ত্ৰ-শস্ত্ৰ, টেংক, যান-বাহনসহ মাৰ্চপাষ্টত ভাগ ল’লে ৷ স্কুলীয়া ছাত্ৰৰ কেডেটেও অংশ লৈছিল৷ অশ্বাৰোহী  বাহিনীৰ  উপৰিও উটৰ এটা ৰেজিমেন্টৰ পেৰেড আছিল দৰ্শনীয়৷ দেশৰ মুৰব্বী শাসক  আমীৰ শ্বেখ হামাড বিন খলিফা অলথানিয়েও  ৰাজপথত খোজ দি উপস্থিত ৰাইজৰ সম্ভাষণৰ হাত-জোকাৰি প্ৰত্যুত্তৰ দিছিল ৷ নৌবাহিনীয়ে  সাগৰত  নিজৰ  শক্তিৰ  প্ৰদৰ্শন কৰে৷ বায়ুসেনাই আকাশত কিছু কলা-কৌশল (কৰবত) দেখুৱায় ৷ বিমানৰ  পৰা  কাটাৰী  পতাকাৰ  ৰঙৰ  মেৰুন  ৰঙী ধোঁৱাই বহু সময়লৈ  আকাশ  মোহনীয়  কৰি  ৰাখিছিল৷ আকৌ কিছুমানে পেৰাছুটৰ পৰা নানা  কাৰু-কাৰ্য দেখুৱাই তললৈ নামি আহিছিল৷ সাগৰৰ পাৰত ঠায়ে  ঠায়ে  ইনফৰ্মেচন  কেন্দ্ৰত   কাৰ্যসূচী  বিতৰণ  কৰিছিল  আৰু  দৰ্শকক  বিনামূলীয়া মিনাৰেল ৱাটাৰ যোগান ধৰিছিল ৷

নিশালৈ সাগৰৰ পাৰত আতচবাজি আৰু লেজাৰ-শ্ব’ অনুষ্ঠিত হয়। কৰনিচৰ সাগৰৰ পাৰৰ খেজুৰ আৰু তাল গছত ৰাষ্ট্ৰীয় দিৱসৰ কেইদিনমান আগৰ পৰাই নানাৰঙী লাইট লগাই সজাই তোলা হৈছিল৷ লাইটৰ প’ষ্টসমূহত, ডাঙৰ সৰু সকলো ভৱনত,  যান-বাহনত বিভিন্ন ছাইজৰ ৰাষ্ট্ৰীয় পতাকা ওলমিছিল৷ সৰুৰ পৰা ডাঙৰ বিভিন্নজনে পৰিধান  কৰিছিল  কাটাৰী  পতাকা  থকা  নানা  ধৰণৰ  টুপি,  মাফলাৰ,  চাদৰ  বা আন বস্ত্ৰ৷ কিছুমানে গাড়ীত  ড্ৰামজাতীয়  বাদ্য লৈ ৰাজপথত উল্লাসেৰে গাই-বাই ঘূৰি ফুৰিছিল৷ আকৌ  দুই চাৰিজন  ডেকাই ৰাজপথত বাইকৰ ষ্টান্টো কৰিছিল৷ সমুদ্ৰী জাহাজ  আৰু বিভিন্ন  নৌকাৰ  এক প্ৰদৰ্শনীয়ে বহু দৰ্শকক আকৰ্ষিত কৰিছিল৷ আন আন বছৰৰ দৰে এইবাৰো পতা হৈছিল পুৰণি  গাড়ীৰ  চাবলগীয়া প্ৰদৰ্শনী৷ আবেলি সৰু ল’ৰা-ছোৱালীৰ  খেল-ধেমালি আৰু  নানান  প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷  দিনটোত  সমুদ্ৰৰ পাৰত  প্ৰতি ঘন্টাত  কেইমিনিটমানকৈ টোপধ্বনি কৰা হৈছিল৷ দেশী-বিদেশী অগণন লোকৰ সমাবেশে  গোটেই  পৰিবেশটোক অতি মোহনীয় কৰি তুলিছিল বুলিলে অত্যুক্তি কৰা নহ’ব৷ এইবাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ পূৰ্ব সন্ধ্যাত জাৰি কৰা এক  জাননীত  কোৱা  হৈছে  যে  কাটাৰী   ৰাষ্ট্ৰীয়  পতাকাৰ অৱমাননাৰ বাবে ২ লাখ ৰিয়াল জৰিমনা আৰু ৩ বছৰপৰ্যন্ত কাৰাবাসৰ ঘোষণা কৰি নতুন আইন প্ৰণয়ন কৰা হৈছে৷ কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস পালনৰ সবিশেষ বাতৰি ১৯ ডিচেম্বৰৰ ইংৰাজী, আৰৱী সকলো বাতৰি কাকতত অনেক ৰঙীন ফটোসহ প্ৰকাশ পালে৷ ইয়াত বাতৰি কাকত বুকষ্টলৰ উপৰিও প্ৰায়বিলাক ছুপাৰ মাৰ্কেট, গ্ৰ’চাৰী শ্ব’প আৰু পেট্ৰ’ল ডিপোত পোৱা যায়৷ স্থানীয়ভাবে প্ৰকাশিত সংবাদপত্ৰৰ উপৰিও মালয়ালম, তামিল আৰু কেইবাখনো দৈনিক নেপালী বাতৰি কাকত কাটাৰত সহজে উপলব্ধ৷ অসমৰ এখনো  বাতৰি কাকত ড’হা বা আৰৱৰ কোনো চহৰতে দেখিবলৈ নোপোৱা কথাটোৱে মনত বেজাৰ দিয়ে৷ এইখিনিতে উল্লেখযোগ্য  কাটাৰে ব্ৰিটিছৰ কবলৰ পৰা ১৯৭১ চনত মুক্ত হয়৷ তেতিয়াৰ পৰা  ১৮ডিচেম্বৰ দিনটো ৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰতিবছৰে চৰকাৰী বন্ধ হিচাবে গণ্য হৈ আহিছে৷ ২০০৭ চনৰ পৰাহে এইদৰে ৰঙ-বিৰঙী  কাৰ্য্যক্ৰমেৰে  ৰাষ্ট্ৰীয়  দিৱস  পালন  কৰিব ধৰা হৈছে ৷ ৰাজধানী চহৰ ড’হাত এতিয়া দিনে-নিশাই নানান উন্নয়ণমূলক কামকাজ চলি আছে ৷ ২০২২ চনত ফুটবলৰ বিশ্বকাপ ইয়াত অনুষ্ঠিত হ’ব৷ তাৰ  বাবে  ৯খন  নতুন শীতাতপ প’ৰ্টেবল ষ্টেডিয়ামৰ নিৰ্মাণ অহৰ্নিশে চলি আছে৷ আমাৰ দেশৰ মহাৰাষ্ট্ৰৰ জলগাঁৱৰ গিৰণা নৈৰ পলস মাটি, চিমেন্ট আৰু  অন্যান্য সামগ্ৰীকে ধৰি পৰা  বছৰি  ৩০০কোটি  টকাৰ সামগ্ৰী আমদানি হৈ আছে ৷ ৩খন ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ হোৱাৰ কথা ৷ প’ৰ্টেবল  ষ্টেডিয়ামকেইখন  বিশ্বকাপ হৈ যোৱাৰ পিছত  কোনো  দৰিদ্ৰ  দেশক  দান  দিয়া  হ’ব৷ বিশ্বকাপৰ আগে আগে ড’হাত মেট্ৰ’ ৰে’ল আৰু কাটাৰত সমগ্ৰ আৰৱ দেশ সামৰি গাল্ফ-ৰে’ল সেৱা আৰম্ভ হোৱাৰ কথা। সঘনাই চৰ্চিত আন দুটা বৃহৎ প্ৰকল্প হ’ল বিশ্বৰ আটাইটকৈ ডাঙৰ শ্ব’পিংমল আৰু বিশ্বৰ সৰ্ববৃহৎ চিকিৎসালয়। দুয়োটা সৰ্ববৃহৎ প্ৰতিষ্ঠান ড’হাত নিৰ্মাণ হোৱাৰ কথা৷ বিশ্বৰ  আটাইতকৈ  ধনী  দেশৰ  বাবে  কোনো  প্ৰকল্পই  অসম্ভৱ  নহয়,  প্ৰয়োজন মাথোঁ ইচ্ছাশক্তিৰ৷ ক্ষুদ্ৰ দেশ কাটাৰে লাহে লাহে ৰাজনৈতিকভাৱে এক সুকীয়া ভাৱমূৰ্তি গঢ়িবলৈ যত্নশীল হোৱা পৰিলক্ষিত হৈছে৷ আৰৱ, চিৰিয়া আৰু লিবিয়াৰ দৰে দেশৰ চকুত কাটাৰৰ নৱ্য ভূমিকা ক্ৰমশ: অসহনীয় হ’বলৈ ধৰিছে৷ কাটাৰৰ দৰে  ক্ষুদ্ৰ দেশ এখন আৰৱ দেশসমূহৰ মাজত সৰ্বাধিক জনপ্ৰিয় হোৱাটো ‘বিগ ব্ৰাদাৰ’ চৌডি আৰৱে কেতিয়াও নিবিচাৰে ৷ আনহাতে কাটাৰে চিৰিয়াৰ শাসক বিৰোধী শক্তিসমূহক সমৰ্থন দি আহিছে৷  কাটাৰেই প্ৰথম আৰৱী দেশ, যি লিবিয়াৰ গাড্ডাফিবিৰোধী আন্দোলনক মুকলিকৈ সমৰ্থন জনাইছিল ৷ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ-বিৰতি হোৱাৰ পিছত কাটাৰে পেলেষ্টাইনক ৪০কোটি ডলাৰৰ সাহায্য প্ৰদান কৰিছে৷

কাটাৰৰ বৰ্তমান জনসংখ্যা ১৯লাখ। তাৰে ৮৭% হ’ল অনা-কাটাৰী৷  দেশখনৰ  অৰ্থনীতিৰ  ৭০শতাংশ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল৷ জানিবলৈ পোৱামতে সেই তেল আৰু গেছৰ ভাণ্ডাৰ কমেও আৰু ৫৭বছৰলৈ শেষ নহয়৷ বিশ্বৰ ১৫কোটি দৰ্শকৰ মন জিনিবলৈ সমৰ্থ হোৱা অল-জাজিৰা টিভি চেনেলৰ মুখ্য কাৰ্য্যালয়  ৰাজধানী চহৰ ড’হাত অৱস্থিত। আধুনিক বিশ্বৰ  সৈতে সমানে ফেৰ মাৰিবলৈ কাটাৰে শিক্ষাৰ দিশতো গুৰুত্ব দিছে। ড’হাৰ এডুকেচনেল চিটীত বিশ্বৰ বিখ্যাত ৮খন বিশ্ববিদ্যালয়ৰ শাখা মুকলি হৈছে ৷ বিশ্বৰ নানান আন্ত:ৰাষ্ট্ৰীয়  সন্মিলন যেনে জলবায়ু, গ্ৰন্থমেলা, পেট্ৰ’লিয়াম আদিৰ আযোজন কৰাৰ ক্ষেত্ৰত কাটাৰে আগভাগ ল’ব ধৰিছে৷ এইদৰে আয়তনত সৰু হ’লেও কাটাৰে নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে৷

–**–

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!