জনজাতীয় খাদ্য নামচিং (শুকটি)চাটনি – সোনামণি মিলি পাংগিং

মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰিয় খাদ্য। কেঁ‌চা মাছ ধোঁ‌ৱাচাঙত শুকুৱাই উৰালত খুন্দি বাঁ‌হৰ চুঙাত ভৰাই থয়।

উপকৰণঃ

  • নামচিং ডাঙৰ চামুচেৰে এচামুচ
  • বেঙেনা ডাঙৰ দুটা
  • কেচাঁ‌ জলকীয়া
  • আদা এটুকুৰা, নহৰু ডাঙৰ আকাৰৰ চাৰিকোঁহ‌, জালুক কেইটামান একেলগে খুন্দি ল’ব
  • মিঠাতেল এচামুচ
  • ভোট জলকীয়া

প্ৰণালীঃ
কেৰাহীত নিজৰ জোখত তেল এচামুচ গৰম কৰি বেঙেনাখিনি মিহি মিহিকৈ কাটি ভাজি ল’ব আৰু সোৱাদ অনুযায়ী নিমখ দিব। বেঙেনাখিনি আধা সিজা হ’লে কেঁচা‌ জলকীয়া, খুন্দি লোৱা আদা-নহৰু-জালুক পেষ্ট যোগ কৰি ভালকৈ সি‌জিব দিব। তাতে নামচিং (শুকটি)এচামুচ ধনীয়া পাতৰ সৈতে মিহলি কৰি কম জুইত অলপ সময় ৰাখি নমাই দিব আৰু ভোট জলকীয়াৰে পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!