জেনেৰিক মেডিচিন – ড০ পাৰ্থ সাৰথি ভূঞা

কিছুদিন আগতে, ভাৰতীয় চিকিৎসা পৰিষদে (Medical council of India, MCI) ডক্টৰক জেনেৰিক মেডিচিন লিখিবলৈ কৈছিল৷ নিলিখি ব্ৰেণ্ড নাম লিখিলে শাস্তিৰো সন্মুখীন হব লাগিব বুলি কোৱা হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে কিছুদিন আগত কৈছিল, চিকিৎসা ব্যয় কমাবৰ বাবে জেনেৰিক দৰবৰ ব্যৱহাৰৰ কথা৷ তাৰেই ফলত চাগৈ এই কঠোৰ নিৰ্দেশ! তাৰ পিছতে পেপাৰ পত্ৰত লিখা মেলা দেখা গৈছিল, আৰু বহুতেই কম দামী জেনেৰিক মেডিচিন থাকোঁতেও ডাক্তৰ সকলে কমিছনৰ লোভতে দামী ব্ৰেণ্ডেড মেডিচিন লিখে বুলি মত পোষণ কৰিছিল৷
আচলতে, যেতিয়া কোনো এখন ফাৰ্মে বহু ৰিচাৰ্ছ কৰি কোনো এটা মেডিচিন উলিয়াই, তাৰ গুণগত মান পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তাক মুকলি কৰি দিবলৈ অনুমতি দিয়া হয়, আৰু কিছুবছৰলৈ আন কোনো কোম্পানীয়ে সেই দৰৱ তৈয়াৰ কৰাৰ অনুমতি নাপায়৷ তাৰ পিছত যেতিয়া আন কোম্পানীয়েও সেই দৰৱ বনাব পৰা হয়, তেতিয়া সেই দৰৱক জেনেৰিক মেডিচিন বোলে৷ যিহেতু পিছত কোম্পানী বিলাকৰ ৰিচাৰ্ছ আদিৰ খৰচ নাথাকে, ফৰ্মূলাটো কপি হে কৰি বনাই, গতিকে ব্ৰেণ্ড মেডিচিনতকে বহু কম দামত বজাৰত উলিয়াব পাৰে৷
আচলতে ব্ৰেণ্ড আৰু জেনেৰিক ড্ৰাগ গুণগতভাবে একেই হব লাগে আৰু উন্নত দেশত হয়ো৷ কিন্তু আমাৰ দেশত আমি জনা মতে বিশেষ পৰীক্ষা নোহোৱাকৈয়ে হাজাৰ হাজাৰ জেনেৰিক ড্ৰাগ ভৰি আছে, বহুতে যাক ভূচি মাল বুলিও কয়৷ গতিকে আচলতে আগতে চৰকাৰে এইটো নিশ্চিত কৰিব লাগিব যে বজাৰলৈ অহা সকলো মেডিচিন গুণগত ভাবে যাতে ব্ৰেণ্ড ড্ৰাগতকৈ নিম্নমানৰ নহয়৷ এতিয়া ডক্টৰে দৰৱটোত থকা পদাৰ্থ কেইটাৰ( composition) টোহে লিখি দিব, আৰু কি দিয়ে নিৰ্ভৰ কৰিব ফাৰ্মাচিৰ ওপৰত, গতিকে যদি কোনোবাই কম মূল্যতে কিনি বেছি লাভ পাব পৰা নিম্নমানৰ মেডিচিন ৰোগীক দিয়ে, লোকচান কাৰ হব? ফীজ লৈ ৰোগী চোৱা ডক্টৰজনৰহে দায়িত্ব থাকিব ৰোগীৰ প্ৰতি, ফাৰ্মাচীৰ থাকিব জানো?
ডক্টৰ সকলে কোম্পানীৰ পৰা দামী উপহাৰ লৈ দামী দৰৱ লিখাৰ অভিযোগ পোৱা যায়৷ কিন্তু যদিও মই বৰ্তমান ৰোগী চাই প্ৰেছক্ৰিপচন লিখা ডক্টৰ নহয়( কেতিয়াবাহে লিখোঁ), এটা কথা ভালকৈ জানো যে কোম্পানীয়ে উপহাৰ দিলেও, সেই উপহাৰেৰে এজন ডক্টৰ চলিব নোৱাৰে, তেওঁ ভালকৈ চলিবলৈ তেওঁৰ সুনাম হব লাগিব, গতিকে তেওঁ বিশ্বাস কৰা ভাল মেডিচিনেই তেওঁ লিখিব, যাতে ৰোগী সোণকালে আৰোগ্য হয়৷ গতিকে এতিয়াৰ পৰা বজাৰত পোৱা প্ৰতিটো মেডিচিনৰ গুণগত মানদণ্ড উন্নত কৰাত চৰকাৰ কঠোৰ নহলে, ৰাইজৰহে বিপদ হব৷
কথাটো সহজ ভাবে বুজিবলৈ এনেকুৱা যে ধৰক আপুনি কাৰোবাক বজাৰলৈ পঠাইছে মিঠাতেল, আটা, নিমখ আনিবলৈ আৰু দোকানীয়ে যি মন যায় সেই কোম্পানীৰে মাল( জেনেৰিক)দি পঠাইছে৷ আৰু চলি থকা চিষ্টেমটো হল এনেকুৱা যে আপুনি দোকানলৈ ধাৰা মিঠাতেল, আশীৰ্বাদ/ পটঞ্জলি আটা আৰু ধৰক টাটা নিমখ বুলি লিখি পঠাইছে গতিকে দোকানীয়ে সেইকেইটা দিবলৈ বাধ্য৷ অৰ্থাৎ খাদ্যবস্তুত যেনেকৈ উন্নত আৰু নিম্ন দুয়ো ধৰণৰ বস্তু আছে, দৰবৰ ক্ষেত্ৰটো কথাটো একেই৷ এতিয়া আপোনাৰ পেট বেয়া হলে ডক্টৰে প্ৰায়ে লিখা O2 tab বুলি লিখিব নোৱাৰে, লিখিব লাগিব Ofloxacin with Ornidazole বুলি, সেইখন চাই ফাৰ্মাচিয়ে সেই দুটা একেলগে থকা যি কোম্পানীৰ মাল দিয়ে দিব আৰু! ( তাৰ গুণগত মান যিয়েই নহওক)!
বাৰু পুৰণা কথা এটাকে কওঁ, আন্দোলনৰ সময়ত কোনো কোনো জেগাত বোলে কৈছিল, কথা শুদ্ধ অসমীয়াতহে কব লাগিব৷ লৰা এটাই দোকানলৈ গৈ বোলে…দাদা, পৰিচ্ছেদক সহ ধ্ৰুম পান দণ্ডিকা এডাল দিয়ক…দোকানী আচৰিত হৈ বোলে এইটো কি বস্তু ভাইটি?
ফিল্টাৰ চিগাৰেট দাদা! !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!