তেতিয়াৰ ৰেচন কিনা দিনবোৰ

লেখক- আৰমান হাজৰিকা

আমি চাহ-বাগিছাতে জন্ম হোৱা। চাহ বাগিছাৰ ফালৰ পৰা প্ৰতিমাহেই এবাৰকৈ কৰ্মচাৰীসকলক আৰু
সপ্তাহী হিচাপে ‘পাৰ্মিট’ (Permanant) বনুৱাসকলকো চাউল আৰু আটাগুড়িৰ ৰেচন দিয়াৰ নিয়ম। তাৰবাবে
চাহ-কৰ্মচাৰীৰ ‘ৱেলফেয়াৰ আঁচনি’ৰ অধীনত এনেকৈ অতি কম মূল্যত কৰ্মচাৰী আৰু বনুৱাসকলক চাউল
আৰু আটাগুড়ি দিয়াৰ চৰকাৰী নিৰ্দেশ আছে। ‘টেম্পৰি’ বা ফাল্টু (Temporary) বনুৱাসকলক ৰেচন দিয়াৰ
নিয়ম নাই। তেতিয়া বোধহয় ৰেচনৰ এই দুয়োবিধ সামগ্ৰীৰে প্ৰতিকিলোত পঁচিশ পইচা দাম লৈছিল।
অৱশ্যে, ঘৰখনে প্ৰতি জনমূৰি হিচাপে এটা জোখ ধৰিহে এইবোৰ চাউল আৰু আটাগুড়িৰ ৰেচন দিয়াৰ নিয়ম আছিল।

যিদিনা কৰ্মচাৰীৰ মাহটোৰ ৰেচন দিব বুলি গম পায়, আব্বাই সেইদিনা দুপৰীয়া ভাত খাবলৈ ঘৰলৈ আহোঁতে
চাইকেলখন ঘৰতে থৈ যায়। মায়ে থৈলা, মোনা, পইচা আদি সাজু কৰিয়ে থয়। আমি স্কুলৰ পৰা আহি ভাত
কেইটা খায়েই দুটা ডাঙৰ ডাঙৰ মৰাপাটৰ ধান থোৱা জোখৰ থৈলা আৰু কাপোৰৰ বজাৰ কৰা বিধৰ
পৰিষ্কাৰ মোনা এটা লৈ বাগিছাৰ গুদামঘৰত উপস্থিত হওঁগৈ। দুয়োটা থৈলাৰে এটাত চাউল আৰু আনটোত
আটাগুড়ি ভৰাই জুখি দিয়াৰ পিছত গুদামবাবু বহি থকা টেবুলখনত দিবলগীয়া দামটো আদায় দিওঁগৈ।
গুদামবাবুৱে জোখকৰা কথাটোতো সম্পূৰ্ণ চকু দিয়ে। তাৰ পিছত যেনিবা গুদামবাবুৰ পিছফালে থকা চাহপাতৰ
গুদামটোত থকা বনুৱাজনে প্ৰতিঘৰৰ বাবে একেজিকৈ চাহপাত জুখি দিয়ে। কিন্তু, চাহপাতৰ দাম নলয়।

চাউলৰ থৈলাটো চাইকেলৰ তিনিকোণীয়া ফ্ৰেমটোৰ ভিতৰত ভৰাই আটাগুড়িৰ থৈলাটো চাইকেলৰ কেৰিয়াৰত
পঘা এডালেৰে বান্ধি লৈ আৰু চাহপাতৰ মোনাটো চাইকেলৰ হেণ্ডেলত ওলোমাই লৈ চাইকেলখন ঠেলি ঠেলি
গোটেইখিনি ৰেচন আনি ঘৰ পোৱাই দিলেই মাহটোলৈ এটা ডাঙৰ কাম কৰি আজৰি হোৱা যেন লাগে। অৱশ্যে,
চাউল আৰু আটাখিনি ওপৰৰ ঢাকোন কাটি থোৱা তিনিটাকৈ মিঠাতেলৰ টিনত ভাগে ভাগে ভৰাই ঘৰৰ
গুদামঘৰত টিনকেইটা ঢাকোন দি ভৰাই থোৱাটোও ৰেচন অনা দায়িত্বৰ ভিতৰতে পৰে।

মোৰ মনত থকা মতে, মই ৰেচন অনা সময়ত যদিও গন্তি হিচাপে ঘৰখনৰ ছটা মানুহৰ বাবেই ৰেচন পাব লাগিছিল
আমি আমাৰ ঘৰখনৰ পাঁচটা খাৱৰীয়াৰ বাবদহে প্ৰতিমাহে গাইপতি সাত কিলোকৈ মুঠ পঁইত্ৰিশ কিলো চাউল
আৰু পঁইত্ৰিশ কিলো আটাগুড়ি পাইছিলোঁ । ডাঙৰ কেকাই মেট্ৰিক পাছ কৰাৰ পিছত বাগিছাৰ গুদাম
বাবুৱে আমাৰ ঘৰত কেকাৰ ৰিজাল্টৰ খবৰ ল’বলৈ আহি বঢ়িয়াকৈ চাহ-তামোল খাই ডাঙৰ কেকাক আগলৈ
বহুত ডাঙৰ মানুহ হ’বলৈ আশীৰ্বাদ দি অফিছলৈ গৈয়ে কিন্তু ডাঙৰ কেকাৰ নামটো ৰেচনৰ তালিকাৰ পৰা কাটি
দিছিল। ইংৰাজ কোম্পানীৰ বাগিছাবোৰত ল’ৰাই মেট্ৰিক পাছ কৰাৰ পিছত মাক-বাপেকৰ ওপৰত নিৰ্ভৰশীল
বুলি গণ্য নকৰে। গতিকে, মেট্ৰিক পাছ কৰাৰ পিছত ল’ৰাৰ ৰেচন কাটি দিয়াটোৱেই নিয়ম। পিছে, ঘৰৰ জীয়ৰী
সকলক বিয়া নিদিয়ালৈকে অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল বুলি ধৰি লয়। গতিকে, বিয়া নিদিয়ালৈকে জীয়ৰীৰ
প্ৰতিমাহৰ ৰেচন চলি থাকে।

ৰেচনৰ চাউলবোৰ আমাৰ খেতিয়কৰ ঘৰৰ খেতিৰ ঘৰুৱা চাউলৰ সতেতো নিমিলেই, আনকি সাধাৰণতে
মাৰোৱাৰীৰ গোলাত বেচা মোটা-চাউলতকৈয়ো বেছিহে লেতেৰা আছিল। ৰেচনৰ চাউলবোৰ ভালকৈ ধুই ল’লেহে ,
মানে, চাউলখিনি কম পক্ষেও তিনিবাৰমান পৰিষ্কাৰ পানীত তিয়াই তিয়াই হাতেৰে খচকি খচকি মোহাৰি টুকি
লৈ ৰান্ধিলেহে সেইবোৰ চাউলৰ উহুমা উহুম গোন্ধটো দূৰ হয়। মায়ে সেয়ে ৰেচন অনাৰ পিছতে এদিন, চাহ-
বাগিছাৰ তৰফৰ পৰা আমাৰ ঘৰে ঘৰে চোতাল-গোহালী আদি সাৰি-পুচি নিকা কৰিবলৈ অহা বনুৱা তিৰোতাজনীকে
আটাগুড়িৰে মিঠাকৈ কৰা গোলাপিঠা(পানী পিঠাৰ গতে)এখনৰ লগত সৰহকৈ চেনী দিয়া চাহ এবাটি আৰু
আধলি এটা দি চাউলখিনি ঢেঁকীত দি এবাৰ আকৌ তাৰ ওপৰৰ চামনিটো কঢ়াই লয়! তেতিয়া উহুমা উহুম গোন্ধটো কমে।

কেতিয়াবা মাৰ ঘৰুৱা কাম-বন সৰহ থাকিলে বনুৱা তিৰোতাজনীয়ে দীঘল দাৰিকীমাৰিৰ দৰে এডাল মাৰিৰ আগত
কাপোৰৰ নূৰা এটা টানকৈ বান্ধি ঢেঁকী দি থকাৰ পৰা নিজেই বাঢ়নীমাৰিডালেৰে সিটোমূৰ কান্ধত লৈ
ঢেঁকী দিওঁতে খুবলিৰ পৰা ওফৰি পৰা চাউলকেইটা আকৌ খুবলিলৈ বঢ়াই বঢ়াই ঢেঁকী দি থাকে। পিছে, সেই
ৰেচনৰ চাউলৰ তুঁহ কাৰিবলৈ দিয়া ঢেঁকী আৰু ধান বানিবলৈ দিয়া ঢেঁকীৰ শব্দৰ মাজত তফাত্ আছে। মানে,
বৰধান বানোতে ঢেঁকী দিয়াৰ দৰে ধেংক্লুছ কুছ ধেংক্লুছ কুছকৈ ঢেঁকীৰ ফিচাত জোৰকৈ দোপ মাৰি আকৌ
মুকলিকৈ খুবলিত ঠোৰাটো পৰিবলৈ এৰি নিদি ফিচাডাল আধামানকৈ গৰকি ধেংকুচ ধেংকুচকৈ ভৰিৰে টিপা
এটা ধৰি পাতলীয়া ‘লয়’ এটা ৰাখি ৰাখিহে ঢেঁকী দিয়ে। মায়ে কেতিয়াবা কঁতৰাটোৰ ঢেঁকীৰ ধূৰাডাল লাগি থকা
ঠাইত কাপোৰ সীয়া মেচিনৰ তেল অকণ দি দিলে ঢেঁকী দিয়াৰ শব্দটো চ’ৰাঘৰতো নুশুনেগৈ।

ৰেচনৰ চাউলখিনি তেনেকৈ ঢেঁকীত এবাৰ পাতলীয়াকৈ বানি লৈ কুলাৰে চাউলখিনি জাৰি দিলে চাউলৰ তুঁহবোৰ
আঁতৰি যোৱাৰ লগতে কুলাৰ আগলৈ আচল মলখু চাউলকেইটাৰ পৰা খুদচাউল দুটামানো আঁতৰি আহে। মায়ে
সেইকেইটা কুলাখনৰ পৰা চান কাঢ়ি নিলগাই থয়। ন-চাউলৰ পিঠাগুৰি চালোঁতে গৰিয়া পৰা
পিঠাগুৰিকেইটাৰ দৰে সেই খুদ চাউলকেইটা আৰু তাৰ লগতে বৰাচাউলৰ পিঠাগুড়ি দুটামান মিলাই লৈ মায়ে
সময় সুবিধা বুজি সেই কেইটাৰে গৰিয়া-পিঠা সজা দি পিঠাও সাজে। সেইকেইটা পিঠাৰ জুতিটো ন-চাউলৰ
পিঠাতকৈও বেছিহে হয়। পিছলৈ অৱশ্যে সহজে কাম সামৰি ল’ব পৰাকৈ ৰেচনৰ চাউলকেইটা
পোনে পোনে ধানবনা মিললৈ নি এবাৰ কোমলকৈ বনাই আনো। সেইটোকে মিলৰ মেচিনমেনৰ ভাষাত চাউল
পলিচ কৰা বুলি কয়। সেইটো বুদ্ধি হোৱাৰে পৰা মাৰ কষ্ট বহুতখিনি কমিল।

তেতিয়া সেইটো আমাৰ উঠন বয়স। দমৰাগৰুৱে দেই যাব নোৱাৰাকৈ এথাল এথাল ভাত বাঢ়ি দিলেও ভাগলৈ
তাকৰ পৰা যেনহে লাগে। এতিয়া পিছে দিনকাল বদলিল। সাঁজেপ্ৰতি দুটা মানুহৰ মাজতো একঠা চাউলৰ ভাতো
পিছত এটাই খাব পৰাকৈ ৰাহিহে হয়। অথচ তেতিয়া আমাৰ গাইপতি একঠাকৈ চাউল লৈও দুমুঠিমান সৰহকৈ
দি তাৰে যেনিবা এমুঠি ঘৰখনৰ বৰকত ৰওক বুলি চাউলৰ টিনটোত আকৌ আঁতৰাই থয়। তাতে পুৱা, আবেলি
পেটত যিহে ৰাহু সোমোৱাদি ভোকটো লাগে, মায়ে বিহাৰীয়ে ৰুটী পোৰাদি ডাঙৰ ডাঙৰকৈ গাইপতি দুটাকৈ ৰুটী
পুৰিও পেটমচা বুলি আৰু লগতে মোৰ খকটোও বেছি বুলি জানিয়ে চাগে মোলৈ আৰু এটামান ৰুটী সৰহকৈ পোৰে।
তেনেকৈ গোটেই ঘৰ মানুহলৈ উৱাদানীকৈ ৰুটী পুৰিবলৈ ৰেচনৰ আটাগুড়িকেইটাই কথমপি আঁতেগৈহে। পিছে, ৰেচনৰ
চাউলে মাহটো নাটে। গতিকে পুহ, মাঘ মহীয়া ধানৰ দাম কম হৈ থাকোঁতেই বৰধান কেইবস্তামান মুখ
চিলোৱাকৈ কিনি গুদাম ঘৰত ভৰাই থওঁ। সেই ধানখিনি পিছে আমাৰ ভোকৰ ভাতসাঁজৰ তহ মৰাৰ ওপৰিও
অইন অইন কাম দুটামানতো বৰ সহায়ক হয়! যেনে, আটলচ, চপেটা (চিক্কু) আদি গছৰ পৰা কেঁচাকৈ চিঙি
আনি ধানৰ মাজত পুতি থ’লে সহজতে পকে। তদুপৰি, মাৰ পকাচুলি কাঢ়িবৰ সময়ত আঙুলিৰ টিপাট ধান এটাৰে
ধৰি ল’লেহে চুলিডাল নিপিছলে। গতিকে, চুলিকোচাৰ মাজত থকা পকাচুলি, গাহৰিচুলিকেইডাল নিচিগাকৈ
উভালি আনিবলৈ তেতিয়া সুবিধা হয়। তদুপৰি, কাতি-আঘোণত ন ধান খালেহে কুকুৰা চৰায়ে সৰহকৈ কণী পাৰে
বুলিও ভবা হয়। গতিকে, সাতে-সোতৰই মিলাই আঘোণ-পুহতে আমাৰো ধান কেইমোনমান কিনা হয়। ৰেচনৰ চাউলৰ
উমান চায়ে মায়ে এদিন আমাৰ স্কুল বন্ধ থকা দিন এটা চাই ঘৰৰ কুকুৰা চৰাইবোৰ পুৱা গৰালৰ পৰা
নেমেলাকৈ আগবেলাটো বান্ধি থৈ চোতালত আহল-বহল হেচিয়ান কাপোৰ এখন মেলি তাতে ধান এবস্তা
ৰ’দত দিয়ে। ভালকৈ ৰ’দাই হ’লে আকৌ বস্তাত ভৰাই চাইকেলৰ ফ্ৰেমৰ মাজত ধানৰ বস্তাটো তুলি
চাইকেলখন ঠেলি ঠেলি ধান বনা মিললৈ লৈ যাওঁ। সেইকেইটা চাউল আৰু ৰেচনৰ চাউলকেইটা মিলাইহে
মাহটোলৈ বুলি আমাৰ সেই এপাল খাৱৰীয়াৰ ভোকৰ ভাতমুঠিৰ যোগাৰ হয়গৈ। ভাগ্যে, তেতিয়াৰ দিনত মাছৰ
বাদে বাকী পাচলি, মাংস, ফলমূল আৰু গাখীৰ-কণীৰ যোগাৰটো ঘৰতেই আছিল বুলিহে চাহ বাগিছাৰ আব্বাৰ
সেই তাকৰীয়া দৰমহাৰেই ঘৰখন সুকলমে চলি গৈছিল। আনকি, আলহী অতিথি আহিলেও ‘তোমালোকৰহে
কপাল! এনে ভোগালীকৈ দিনবোৰ পাৰ কৰিব পাৰিছা।’ বুলি শলাগিবলৈ বাধ্য হয়।

এতিয়া আমাৰ দুটা মানুহৰ কাৰণে মাহটো যোৰাকৈ পাঁচ কিলো আটাগুড়ি আৰু তিনি কিলো চাউল কিনি আনিলে
তেতিয়াৰ সেই স্কুলীয়া দিনবোৰত চাইকেলত বোজাই কৰি এচাং এচাং ৰেচনৰ আটাগুড়ি আৰু চাউল কিনা
দিনবোৰলৈ মনত পৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!