পকা তেতেলী, বুঢ়া বৰালী ৰঙালাউৰে আঞ্জা -চৈয়েদা জিনেইদা

 

অসমীয়া মানুহ যি দৰে সহজ-সৰল অসমীয়া খাদ্যাভ্যাসো সৰল৷ আমাৰ আহাৰত বেছি মা-মছলা ব্যৱহাৰ কৰা নহয়৷ কেৱল আদা, নহৰু, জিৰা, ধনীয়া আৰু জালুক৷
বাকী খাৰ, টেঙা আমাৰ প্ৰিয়৷ অসমীয়া মানুহৰ দুপৰীয়াৰ সাজত বাৰীৰ শাক-পাতেৰে খাৰ টেঙা এপদ ভাতৰ পাতত দিবলৈ পালে গৃহিনীয়ে ভাল পায়৷
পুৰাতন কালৰ পৰা চলি অহা “ডাকৰ বচনত“ অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বহু কথাৰ উল্লেখ কৰিছে৷ তাত অসমীয়া জুতিৰ লগতে কিহৰ লগত কি খালে উপকাৰ বা অপকাৰ হয় সেয়াও আছে৷
তাৰে এক জুতিৰ ভাগ দিব খুজিছো৷
পকা তেতেলী বুঢ়া বৰালী ৰঙালাওৰে আঞ্জা৷
উপকৰণ
বুঢ়া বৰালী মাছ আধা কিলো
তেতেলী মণ্ড আধা কাপ
নহৰু বটা ১চামুচ
নিমখ আন্দাজমতে
হালধি “
কেঁচা জলকীয়া ৩টা
ৰঙালাও এচিটা
তেল আধাকাপ৷
মাছ ধুই নিমখ হালধি সানি ভাজি লওক৷ ৰঙালাউ মজলীয়া আকাৰৰ টুকুৰা কৰি লওক৷ তিনি চামুচ তেল গৰম কৰি বটি থোৱা নহৰু দি ৰঙচুৱাকৈ ভাজি নিমখ হালধি দিয়ক৷ চাৰি কাপ পানী দি উতলিবলৈ দিয়ক৷ মাছ দি ঢাকোন দি দহ মিনিট মান পাছত ৰঙালাও আৰু কেঁচা জলকীয়া ফালি দিয়ক৷ মাছ আৰু ৰঙালাউ সিজিলে তেতেলীৰ মণ্ডখিনি দি কিছুসময় পাছত ধনীয়া পাত দি নমাই দিয়ক৷ উখোৱা চাউলৰ ভাত আৰু আলু পিটিকা বা আন যি কোনো পিটিকাৰ সৈতে এই আঞ্জা উপাদেয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!