পাহাৰ শিখৰত

লেখক- শৰ্মিষ্ঠা প্ৰীতম

মূল:বাংলা,
লেখক:সুনীল গংগোপাধ্যায়
অনুবাদ:শৰ্মিষ্ঠা প্ৰীতম

বহুদিনৰপৰাই মোৰ এখন পাহাৰ কিনাৰ হাবিয়াস
কিন্তু পাহাৰ কোনে বিক্ৰী কৰে নাজানো।
যদি তেওঁক লগ পালোঁহেঁতেন
দামৰ কাৰণে ৰৈ নাথাকিলোঁহেঁতেন।
মোৰ নিজাকৈ এখন নদী আছে,
সেইখনকে দি দিলোঁহেঁতেন পাহাৰখনৰ সলনি।
পাহাৰখনতকৈ নদী বেছি মূল্যৱান, এইকথা কোনে নাজানে
পাহাৰ নিশ্চল, নদী বহমান।
তথাপি নদীৰ সলনি মই পাহাৰখনকে কিনিলোঁহেঁতেন।
কাৰণ, মই ঠগ খাব খোজোঁ।
নদীখনো অৱশ্যে কিনিছিলোঁ এটা দ্বীপৰ বিনিময়ত।
ল’ৰাকালত মোৰ এটা দ্বীপ আছিল, নিচেই ক্ষুদ্ৰ, পৰিচ্ছন্ন। তাত অগণন প্ৰজাপতি।
শৈশৱত সেই দ্বীপটো মোৰ অতি প্ৰিয় আছিল।
যৌৱনত সি মোৰ মানত সৰু হৈ পৰিল।
প্ৰৱাহিত, শীৰ্ণ, কৃশাংগী নদীখনে বাৰুকৈয়ে মোৰ মন খালে।
বন্ধুবোৰে ক’লে, সামান্য এটা দ্বীপৰ বিনিময়ত ইমান ডাঙৰ এখন নদীৰ প্ৰাপ্তি?
বাপৰে বাপ! এয়াতো তোৰ বিপুল বিজয়।
তেতিয়া জয়ৰ আনন্দত মই আত্মহাৰা হ’লোঁহেঁতেন।
তেতিয়া সঁচাকৈয়ে মই নদীখনক ভাল পালোঁহেঁতেন।
নদীয়ে মোৰ অনেক প্ৰশ্নৰ উত্তৰ দিয়ে।
যেনে, কোৱাচোন কোৱা, আজি সন্ধিয়া পৰিবনে বৰষুণ?
তেওঁ কয়, আজি এইফালে দক্ষিণৰ তপ্ত বতাহ।
কেৱল এটা সৰু দ্বীপত বৰষুণ।
সেয়া কি প্ৰবল, যেন এক উৎসৱ!
মই সেই দ্বীপলৈ আৰু যাব নোৱাৰোঁ।
তেওঁ জানিছিল। সকলোৱেতো জানে।
শৈশৱলৈ উভতিব নোৱাৰি।
এতিয়া মই এখন পাহাৰ কিনিব খোজোঁ।
সেই পাহাৰৰ পাদদেশত থাকিব এখন গভীৰ অৰণ্য। মই সেই অৰণ্য পাৰ হৈ যাম। তাৰপিছত মাথোঁ ৰুক্ষ, কঠিন পাহাৰ।
একেবাৰে শিখৰত, মূৰৰ নিচেই ওচৰত আকাশ, তলত বিস্তীৰ্ণ পৃথিৱী, সমস্ততে প্ৰচণ্ড নিৰ্জনতা।
তাত কোনেও শুনা নাপায় মোৰ মাত।
মই ঈশ্বৰক নামানো, তেওঁ মোৰ সমুখত নত হৈ ৰৈ নাথাকে।
মই মাথোঁ দশোদিশক উদ্দেশ্যি ক’ম,
প্ৰত্যেক মানুহেই অহংকাৰী, ইয়াত মই নিঃসংগ
ইয়াত মোৰ কোনো অহংকাৰ নাই।
ইয়াত জয়ী হোৱাৰ সলনি ক্ষমা খুজি ভাল লাগে।
হে দশোদিশ, মই কোনো দোষ কৰা নাই।
মোক ক্ষমা কৰা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!