পৰীক্ষা: এক বাৰ্তাবাহক বলিষ্ঠ ছৱি

লেখক- ডেইজী দাস বৰুৱা

বলিষ্ঠ আৰু প্ৰতিভাসম্পন্ন অভিনেতা আদিল হুছেইন অভিনীত ‘পৰীক্ষা’ ( হিন্দী উচ্চাৰণত ‘পৰীক্চা’) নামৰ হিন্দী চলচিত্ৰখনি অলপতে zee5 ত চালোঁ। সুন্দৰ বাৰ্তাবাহক ছবিখনত এটা সামাজিক সমস্যাক বলিষ্ঠ ৰূপত উপস্থাপন কৰা হৈছে। সেয়া হ’ল, চৰকাৰী বনাম ব্যক্তিগত বিদ্যালয়ত শিক্ষালাভ সম্পৰ্কে সাধাৰণ ৰাইজৰ চিন্তাধাৰাঃ বিশেষকৈ হাজিৰা কৰি খোৱা নিম্ন শ্ৰেণীটোৰ। বলিউডত সুপ্ৰতিষ্ঠিত আদিল হুছেইনৰ সাৱলীল তথা মনপৰশা অভিনয়ে ‘পৰীক্ষা’ক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

এজন অশিক্ষিত ৰিক্সাচালকৰ একমাত্ৰ পুত্ৰক নামী-দামী ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাই ভালদৰে প্ৰতিষ্ঠিত কৰোঁৱাৰ এক সপোনক বোলছবিখনত নিপূণভাৱে ফুটাই তোলা হৈছে। মানে, ৰাঁচীৰ বুচ্ছি পাছৱান নামৰ ৰিক্সাচালকজনে পঢ়াত চোকা পুত্ৰ বুলবুলক চৰকাৰী বিদ্যালয়ৰ পৰা আনি ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোঁৱাৰ এক সপোন দেখে। সেইখন বিদ্যালয়ৰ কেইজনমান ছাত্ৰক নিজৰ ৰিক্সাৰে অনা-নিয়া কৰা বুচ্ছিৰ অন্তৰত এটা বিশ্বাস দ-কৈ শিপাই যায় যে বুলবুলক ডাঙৰ মানুহ কৰিবলৈ হ’লে ‘শ্বেফায়াৰ’ নামৰ নামী-দামী স্কুলখনত পঢ়ুৱাবই লাগিব। এলুমিনিয়াম ফেক্টৰীত হাজিৰা কাম কৰা পত্নীয়ে বুচ্ছিক বুজাবলৈ চেষ্টা কৰে যে সিহঁতৰ দৰে মানুহৰ বাবে সেয়া আকাশত চাং পতাৰ দৰে কথা। নামভৰ্তিৰ বাবে লগা বৃহৎ পৰিমাণৰ টকাৰ উপৰিও প্ৰতিমাহে ভৰিবলগীয়া ফীজৰ বোজা কঢ়িয়াবলৈ বুচ্ছি আৰু পত্নী কোনোপধ্যেই সক্ষম নহয়।


এদিন বুচ্ছিয়ে ৰিক্সাত কোনো যাত্ৰীয়ে ভুলবশতঃ পেলাই থৈ যোৱা টকাভৰ্তি মানিবেগ এটা পায়। সি বেগটো ঘূৰাই দিবলৈ যায় যদিও মানুহজনক বিচাৰি নাপালে। সেই টকাভৰ্তি মানিবেগটোৱে বুচ্ছিক সাহস দিয়ে শ্বেফায়াৰলৈ বুলবুলক লৈ যাবলৈ। পৰিচালনা সমিতিয়ে বুচ্ছিক নিৰাশ কৰে এইবুলি যে তাৰ দৰে ৰিক্সাচালকৰ ল’ৰাৰ বাবে সেইখন স্কুল নহয়। কিন্তু, বুচ্ছিয়ে অধ্যক্ষাক লগ কৰি বুলবুলৰ ভৰ্তিপৰীক্ষা ল’বলৈ সন্মত কৰায়। বুলবুলে নিজৰ মেধাৰ পৰিচয় দি স্কুলখনত নামভৰ্ত্তিৰ সুযোগ লাভ কৰে। পঢ়াত চোকা বুলবুলে নিজৰ শ্ৰেণীৰ অইন ল’ৰাবোৰৰ উপৰিও বস্তিৰ ল’ৰা-ছোৱালীকো সন্ধিয়া সময়ত পঢ়ুৱাবলৈ লয়।


বুচ্ছি সংকটত পৰে প্ৰতিমাহে ভৰিবলগীয়া ফীজৰ মোটা পৰিমাণৰ টকাখিনি যোগাৰ কৰাক লৈ। প্ৰথমে ৰিক্সাত উঠা গ্ৰাহকৰ টকা, মোনা সৰকাবলৈ আৰম্ভ কৰি এদিন এঘৰত সোমাই চুৰ কৰিবলৈয়ো সি প্ৰৰোচিত হয়। তাত ধৰা পৰি সি থানা পায়গৈ। এইখিনিতে ছবিখনক আন এক গতি দিয়া চৰিত্ৰ এটাৰ প্ৰৱেশ ঘটে। ৰাঁচীৰ আৰক্ষী অধীক্ষকৰ ৰূপত সঞ্জয় শূৰীয়ে বুচ্ছিৰ চুৰিকাৰ্যৰ আঁৰৰ কাৰণটো হৃদয়ংগম কৰি ত্ৰাণকৰ্তাৰ ৰূপত আভিৰ্ভূত হয়হি। ‘ইউনিভাৰ্চিটিৰ টপাৰ’ আৰু গোল্ড মেডেলিষ্ট আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁৰ কৰ্তব্যৰ শেষত নিশা বোৰ্ড পৰীক্ষাৰ্থী বুলবুল আৰু তাৰ বস্তিৰ সহপাঠীসকলক পাঠদান কৰিবলৈ লয়।


বুচ্ছি পুলিচ কাষ্টডিত থকা কথাটো লুকুৱাই নিখোজ বুচ্ছিক বিচাৰি উলিয়াব বুলিও তেওঁ বুলবুলৰ মাকক কথা দিয়ে। স্থানীয় বিধায়কগৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীক সম্ভ্ৰান্ত ঘৰৰ লৰা-ছোৱালীখিনিক কোচিং লোৱাৰ এক লোভনীয় প্ৰস্তাৱো আগবঢ়ায়। কিন্তু, সৎ বিষয়াগৰাকী মান্তি নোহোৱাত তেওঁক বদলি কৰোঁৱা হয়। ৰাঁচী এৰি যোৱাৰ আগতে তেওঁ বুলবুল আৰু মাকক বুচ্ছিৰ সত্যতা সম্বন্ধে জনাই সাহসেৰে সমাজৰ সন্মুখীন হবলৈ প্ৰেৰণা যোগায়। ইতিমধ্যে বুচ্ছিক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। চোৰৰ পুতেকক নামী-দামী স্কুলখনৰ পৰা ফাইনেলত বহাৰ অনুমতি নিদিবলৈ পৰিচালনা সমিতিয়ে অধ্যক্ষাক প্ৰৰোচিত কৰে যদিও ক্লাছৰ ‘টপাৰ’ বুলবুলে স্কুলৰ নাম উজ্বলাব বুলি বিশ্বাস কৰা অধ্যক্ষাই তাক পৰীক্ষাত বহিবলৈ দিয়ে। বুলবুলেও আশানুৰূপ ফলাফল দেখুৱাই আটাইকে গৌৰৱান্বিত কৰে।

ছৱিখনত ষ্টেট বোৰ্ডতকৈ চি বি এছ ই ৰ ওপৰত থকা সাধাৰণ শ্ৰেণীৰ বিশ্বাস আৰু নিজৰ সন্তানক নামী-দামী স্কুলত পঢ়ুওৱাৰ হাবিয়াসক সুন্দৰকৈ দাঙি ধৰা হৈছে। এই হাবিয়াস পূৰণৰ বাবে বুচ্ছিৰ দৰে অভিভাৱকে চুৰিকাৰ্যতো লিপ্ত হবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু বুলবুলৰ দৰে মেধাৱী ছাত্ৰই নিজকে যোগ্য বুলি প্ৰমাণিত কৰাৰ লগতে দেউতাকৰ অপৰাধপ্ৰৱণতাৰ আঁৰৰ কাৰণ বুজি দেউতাকক ক্ষমা কৰি দিয়ে। ছবিখনে চৰকাৰী বনাম ব্যক্তিগত বিদ্যালয়ৰ ভাৱমূৰ্তিক তুলনাৰ জৰিয়তে ফুটাই তোলাৰ লগতে নিম্ন শ্ৰেণীৰ দৃষ্টিত চৰকাৰী বিদ্যালয়ত সন্তানৰ ভৱিষ্যত গঢ়া অসম্ভৱ বুলি প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে। অৱশ্যে, আৰক্ষী অধীক্ষকগৰাকীয়ে চৰকাৰী স্কুলত পঢ়িও ভালদৰে প্ৰতিষ্ঠিত হোৱা মানুহ বহুত আছে বুলি বুচ্ছিক বুজাবলৈ চেষ্টা কৰে। দুয়োগৰাকী অভিনেতা, বিশেষকৈ পুত্ৰক যিকোনো কষ্টৰ বিনিময়ত সমাজত উচ্ছ প্ৰতিষ্ঠিত ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ়প্ৰতিজ্ঞ বুচ্ছি অৰ্থাৎ আদিল হুছেইনৰ হৃদয়পৰশা অভিনয়ক প্ৰশংসা নকৰাকৈ নোৱাৰি।
ডেইজী দাস বৰুৱা
২২/০৭/২০২১

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!