ফেঁচা আৰু ভূত (দিগন্ত বৰা)

ফেঁচা আৰু ভূত


দিগন্ত বৰা

-ফেঁচা-

ফেঁচা এটাই নিউ নিউ কৰি আছিল আমাৰ আমজোপাত পৰি। ফেঁচাটোক সুধিলোঃ
:হেৰা সোণ, কাক নিবা?
:তোক নিনিও…চিন্তা নকৰিবি।
:আমাৰ কাৰোবাক নিবি?
:নিনিও

:তেন্তে আমাৰ আমজোপাত কিয় বিনাইছ?
:যাৰ ঘৰত চিঞৰো তাৰ ঘৰত মানুহ নমৰে। আমি চিগনেলটো আঁতৰতহে দিও।
:তাৰমানে আমাৰ গাঁৱৰ কাৰোবাক নিবি?
:সেইটো আমিও নাজানো।জাষ্ট ডিউটি কৰিছো
:যমৰ লগত তহঁতৰ ডাইৰেক্ট কনটেক্ট নাইনেকি?
:বিজ্ঞানী আৰু চিকিত্‍সকে যমৰ লগত আমাৰ সংযোগ কেতিয়াবাই বিচ্ছিন্ন কৰি দিলে।
:তেন্তে মানুহ মৰাৰ আগজাননি দিয় কিয়?
:বোপাককাৰ নিয়মটো কেনেকৈনো এৰো?
:সেইটো নেৰাৰ বাবে তহঁত যে মানুহৰ ঘৃণাৰ পাত্ৰ হৈছ তাক জাননে?
:মানুহৰ বিয়া হ’ব বুলিও দেখোন আমি উৰুলি দি আগজাননী দিও!
:তহঁতক পিছে বিয়ালৈ মাতেনে?
:নামাতে।
:কিয়?
:নিউ নিউ কৰো বাবেই আমাক ভয় কৰে।
:যেতিয়াই তেতিয়াই কিয়নো নিউ নিউ কৰি থাক?
:যেতিয়াই তেতিয়াই মানুহ দেখোন মৰিয়েই থাকে!
:তই নিউ কৰাৰ বাবেহে মৰে!
:মানুহ মৰাৰ কোনো গ্যৰান্টি নাই বাবেই আমি নিউ নিউ কৰো। যাতে আগজাননী এটা ফেঁচাজনীয়েও নিদিলে বুলি আমাৰ গোষ্ঠীক ধৰি গালি পাৰিব নোৱাৰে।
:এতিয়া যে নিউ নিউ কৰিলি সেইটোত কোনোবা যাবনে?
:বিশ্বত প্ৰতি পলত মানুহ মৰিয়েই থাকে। ক’ৰবাত নহয় ক’ৰবাত সেইটো মিলি যায়।
-ভূত-
কালি ৰাতি ১২ বজাত বাইকেৰে ঘৰলৈ আহি থাকোতে যোৰহাট বাইপাছৰ ভোগদৈ দলঙৰ ওপৰতে
বাইকৰ পাছ চিটত ভুত এটা জাপ মাৰি বহি দিলেহি।
মই সুধিলোঃ
অ সোন মাৰিবলৈ আৰু মানুহ নাপালি?
মোক মাৰিলে কি লাভ হব তোৰ?
ভুতে কলেঃ
তই লিখা মেলা কৰনেকি?
:কৰো। কিন্তু ফেচবুকত।
:আমাক লৈ তহতে কিয় ৰাজনীতি কৰ?
:ক’তনো কৰিছো?
:কথা কৈছ?
মোক চিনি পাইছনে?
:নাইপোৱা।
:গুৱাহাটীৰ বম্ব ব্লাষ্টত হোৱা ভূত মই
:ছ’ৰি দাদা
:ছ’ৰি কবলৈ আহিছ? মৰাৰ পাছত মোৰ ফটোখনেও তহঁতৰ পৰা ৰেহাই পোৱা নাই। এনিটাইম টিভিয়ে কাকতে কেৱল মোৰ ছিন্ন বিছিন্ন মাথাটোকে দেখুৱাই দেখুৱাই মোৰ পৰিয়ালটোক জ্বলাই মাৰিছ!
:মই ফেচবুকতহে লিখো।
:ফেচবুকতো তহঁতে যেতিয়াই তেতিয়াই সেইখন আপলোড কৰি থকা দেখিছো।
:মইতো কৰা নাই।
:নাইকৰা বাবেইতো তোক ইমানপৰ মৰা নাই।
:এই বিষয়ে মই লিখিম বাৰু
:লিখিলেই নহব। যিবোৰে মোৰ ফটোখন লৈ এনিটাইম মানুহৰ মনত হিংস্ৰতাৰ ছবি এখন মনত পেলোৱাই থাকে, সেইবোৰক সতর্ক কৰি দে।
:মই কালিলৈকে কৰিম।
:কৰিবি। ইয়াৰ পাছত তাহঁত সাৰিব নোৱাৰিব! এদিন নহয় এদিন সিহঁত এ টি ৰডত আহিবই। প্ৰতি জিলাত আমাৰ কর্মীবোৰ তাহঁতৰ বাবেই ঘুৰি ফুৰে। এক ছেকেণ্ডো নালাগে মাৰিবলৈ।কৈ দিবি।

বুজিলেনে ৰাইজ, মই কাহিনীটো কিয় লিখিলো?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!