বতৰ নে আবতৰ:বিহংগম দৃষ্টিত ২০১৫ (মানসী গোস্বামী)

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপন যে সাম্প্ৰতিক বিশ্বৰ আটাইতকৈ চিন্তনীয় বিষয়বোৰৰ অন্যতম সেই কথা আমি প্ৰত্যেকেই কম-বেছি পৰিমাণে জানো। জলবায়ুৰ খেলিমেলিয়ে সামগ্ৰিকভাৱে সমাজৰ প্ৰায় প্ৰতিটো দিশ- জীৱন-ধাৰণ, খাদ্য-কৃষি, স্বাস্থ্য, সামাজিক সুৰক্ষা সকলোবোৰকে চূই যায়।এনে পৰিপ্ৰেক্ষিততে, ২০১৫ চনত ভাৰতৰ জলবায়ু সংক্ৰান্তীয় কিছু বিশেষ ঘটনাক থোৰতে চকু ফুৰাই চাওঁচোন আহক –

উত্তৰ ভাৰতৰ শিলাবৃষ্টি, মাৰ্চ, ২০১৫: এই বছৰৰ মাৰ্চমাহৰ মাজভাগত সমগ্ৰ উত্তৰ ভাৰতত হোৱা আকস্মিক শিলাবৃষ্টিয়ে গোটেই অঞ্চলটোৰ কৃষিক্ষেত্ৰক খুব বেয়াকৈ প্ৰভাৱিত কৰে। অসময়ত হোৱা এই শিল-বৰষুণ, তুষাৰপাতে উত্তৰপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আদিৰ ৰবি শস্যসমূহ বিশেষকৈ বুট, ঘেঁহু, সৰিয়হ, মাহজাতীয় শস্য, কপাহ খেতি আদিক প্ৰায় বিধ্বস্ত কৰি পেলায়।নিজা নিজা খেতিত হোৱা এনে লোকচানৰ ফলত, কেবাজনো কৃষকৰ আত্মহত্যাৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি যায়।

গ্ৰীষ্ম লহৰ, মে, ২০১৫: প্ৰাক-মৌচুমীকালীন সময়ত ভাৰতৰ উত্তৰাংশ, মধ্যভাৰত তথা পশ্চিম ভাৰতক প্ৰতিবছৰে গ্ৰীষ্মলহৰে চূই যায় যদিও, ২০১৫ বৰ্ষত অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদিৰ দৰে ৰাজ্যক গ্ৰীষ্ম লহৰে বিৰুপভাৱে প্ৰভাৱিত কৰে। এই দুইখন ৰাজ্যতে প্ৰায় ১০০০ লোক গ্ৰীষ্মলহৰত মৃত্যুৰ মুখত পৰে। ইয়াৰ উপৰিও এই সময়ছোৱাত ৰাজস্থান, দিল্লী, মধ্যপ্ৰদেশ আদিতো অনেক লোকে প্ৰচণ্ড গৰমত প্ৰাণ দিবলগীয়া হয়।

বানপানী, জুন, ২০১৫: জলবায়ুৰ খেলিমেলিয়ে বিপৰ্য্যস্ত কৰা দেশৰ কেবাখনো ৰাজ্যত মৌচুমী ঋতুৰ প্ৰভাৱত হোৱা অতিমাত্ৰা বৃষ্টিপাতে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰে।অসম, বিহাৰ, পশ্চিমবংগ, উড়িষ্যাৰ ওপৰিও এই বছৰ বানে গুজৰাট, ৰাজস্থান, জন্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, মণিপুৰ আদিৰ দৰে ৰাজ্যতো ধন-জনৰ বিপুল হানি কৰে।

দক্ষিণ ভাৰতৰ বানপানী, ডিচেম্বৰ, ২০১৫ – একেবাৰে শেহতীয়াকৈ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত উত্তৰ-পূৱ মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা প্ৰচুৰ বৃষ্টিপাতত চেন্নাই তথা ইয়াৰ উপকণ্ঠৰ এক বৃহৎ অঞ্চল ভয়ংকৰ বানৰ কৱলত পৰে ডিচেম্বৰৰ পহিলা সপ্তাহতে। এই বানত প্ৰায় ৩শ লোকৰ প্ৰাণহানি হোৱাৰ লগতে মহানগৰীখনৰ জীৱন-যাত্ৰা কেবাদিনো ধৰি সম্পূৰ্ণ বিপৰ্য্যস্ত হৈ পৰে। উল্লেখনীয় যে, এই প্ৰৱল বান সৃষ্টি কাৰী বৃষ্টিপাতে বিগত ১০০ বছৰৰ ৰেকৰ্ড ভংগ কৰিছে বুলি বতৰ-বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ কৰা হৈছে।

উপৰোক্ত তথ্যবোৰে আমাৰ দেশৰ জলবায়ুলৈকো ধীৰে-ধীৰে নামি অহা পৰিৱৰ্তনবোৰৰ সম্ভাৱনাক সঁচা বুলি প্ৰতীয়মান কৰে।এটা কথা নিসন্দেহ যে জলবায়ুৰ তাৰতম্য হোৱাটো তেনেই স্বাভাৱিক আৰু প্ৰাকৃতিক পৰিঘটনা। হ’লেও বিগত কিছুবছৰত কেৱল ভাৰততে নহয়, বিশ্বৰ নানা প্ৰান্তত বতৰ আৰু জলবায়ুৰ যি খেলিমেলি পৰিলক্ষিত হৈছে, সেয়া বতৰ-জলবায়ুৰ স্বাভাৱিক তাৰতম্যতকৈ অনেকগুণে ভিন্ন বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।এই ভিন্নতা যে মানৱ-সৃষ্ট কাৰকৰে পৰিণতি সেয়াও দুনাই কোৱাৰ দৰকাৰ নাই। উত্তৰ ভাৰতৰ শিলাবৃষ্টি, খৰাং বা অসম তথা চেন্নাইৰ বানৰ দৰে পৰিঘটনাবোৰে একেমুখে এষাৰ কথাই প্ৰমাণ কৰে যে, জলবায়ুৰ খেলিমেলিয়ে আমাৰ সমগ্ৰ আৰ্থ-সামাজিক ব্যৱস্থাটোকে প্ৰভাৱিত কৰিব। খাদ্য সংকটৰ পৰা জীৱনৰ নিৰাপত্তালৈকে, আৰ্থিক অৱস্থাৰ পৰা মানসিক-সামাজিক অৱস্থালৈকে কোনো দিশেই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। গতিকে এনে প্ৰেক্ষাপটতে বিশ্বৰ সৰ্বত্ৰ জলবায়ু পৰিৱৰ্তনৰ সতে মোকাবিলা কৰিব পৰাকৈ উপযুক্ত কাৰ্য্যব্যৱস্থা অনতিপলমে হাতত লোৱাৰ দৰকাৰ।

Botor ne Abotor_Manashi Goswami

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!