বাৰেচহৰীয়া ভাওনা

লেখক- ডাঃ ৰমেন হাজৰিকা

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভৰলীপৰীয়া ঠাই জামুগুৰিহাটৰ ঐতিহ্য, সংস্কৃতি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত অতীজৰে পৰা এক সুনাম আছে । ফাগুন মাহত অঞ্চলটোৰ প্ৰায়বোৰ মঠ-মন্দিৰৰ বিগ্ৰহ ফুৰাই আনি বৰভগীয়া গাঁৱৰ ফাকুৱা পথাৰত সমবেত হৈ দৌলযাত্ৰা উদযাপন, ৰঙালী বিহুত অনুস্থিত হোৱা বৰপুখুৰী পাৰৰ পুৰাতন মুকলি বিহু আৰু চ’ত মাহৰ পূৰ্ণিমাৰ সময়ত ডেকাসুন্দৰ গাঁৱৰ পকামূৰা পথাৰত প্ৰতি পাঁচবছৰে উদযাপন কৰা বাৰেচহৰীয়া ভাওনা সমাৰোহ জামুগুৰিহাটৰ গৌৰৱময় ঐতিহ্য । এই তিনিওটি উৎসৱৰ ভিতৰত বাৰেচহৰীয়া ভাওনাই সম্প্ৰতি ঠাইখনক কেৱল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে বিখ্যাত কৰি তুলিছে । এইবাৰ অৱশ্যে পূৰ্বৰ পৰম্পৰাৰ সামান্য পৰিৱৰ্তন কৰি চ’ত মাহৰ ঠাইত ফাগুণী পূৰ্ণিমাতে উৎসৱভাগ অনুস্থিত হৈছে কাৰণ চ’তৰ মাজভাগত বিগত কেইবাবাৰো বতাহ বৰষুণ আদি প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে ভাওনা সমাৰোহত ব্যাঘাত জন্মিছিল । বৰদৈচিলাৰ দুৰ্যোগত এবাৰ সমাৰোহভাগ সম্পূৰ্ণৰূপে পৰিত্যক্তও হৈছিল । সেয়ে চ’ত-ব’হাগৰ মৌচুমী বতাহৰ আগেয়েই এই সাৰ্বজনীন অনুস্থানভাগি সমাপনৰ সিদ্ধান্তক সকলোৱে সঠিক বুলিয়ে গণ্য কৰিছে ।


বাৰেচহৰীয়া ভাওনানো কি ?’বাৰেচহৰীয়া’ শব্দটোৱে কোনো চহৰক নুবুজায় বা ই ১২ সংখ্যটোৰো নিৰ্ণায়ক নহয় । কৃষিভিত্তিক এই ঠাইখনত তাহানিতে কোনো নগৰ-চহৰো নাছিল । কিন্তু, ১৭৯৭ চনতে জামুগুৰিহাটৰ দক্ষিণৰ পাছিগাঁৱৰ ৰঘুদলনি পথাৰত শংকৰী কলা-কৃষ্টিত পাৰ্গত আৰু আগ্ৰহী কেইবাখনো গাঁৱৰ ৰাইজ মিলি একেখন ৰভাৰ তলতে একেসময়তে কেইবাখনো ভাওনা (সম্ভৱতঃ বাৰখন) পতাৰ কথা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে । প্ৰতি চাৰি-পাঁচ বছৰৰ মূৰে মূৰে অনুস্থিত হোৱা এই সমাৰোহ প্ৰথম অৱস্থাত অৱশ্যে ইমান নিয়মীয়া নাছিল । দেশৰ পৰাধীনতাৰ সামাজিক-ৰাজনৈতিক অস্থিৰতাই হয়তো ইয়াৰ বাবে দায়ী আছিল । তথাপিও, সংস্কৃতিপ্ৰেমী ৰাইজে বাধা-বিঘিনীৰ মাজেৰে হ’লেও নৃত্য,গীত,বাদ্য আৰু অভিনয় কলাৰ লগতে আধ্যাত্মিক দৰ্শন তথা ভক্তিৰসেৰে পৰিপূৰ্ণ এই উৎসৱভাগ চলাই আহিছিল । ইতিমধ্যে অৱশ্যে ৰঘুদলনিৰ পৰা উৎসৱৰ স্থান ১৯২১ চনত বৰ্তমানৰ ডেকাসুন্দৰ গাঁৱৰ পকামূৰা পথাৰলৈ স্থানান্তৰ কৰা হৈছে । আজিকালি ‘চহৰ’ শব্দটো সৰু নগৰ বুজাবলৈ বুজাবলৈ ব্যৱহৃত হয় যদিও সেই সময়ত সম্ভৱতঃ চহা গঞাই ওচৰৰ আন এখন গাঁও আৰু ৰাইজৰ প্ৰসংগ সন্মানেৰে ‘চহৰ’ বুলিহে উল্লেখ কৰিছিল । সেয়ে বাৰ বা বহুখন গাঁৱৰ ৰাইজে একে স্থানত একে সময়তে পতা ভাওনা উৎসৱটি ‘বাৰেচহৰীয়া ভাওনা’ বুলি জনাজাত হ’ল । সেই বুলিয়ে ইয়াত ভাওনাৰ সংখ্যা সীমাবদ্ধ নহয় । এইবাৰৰ উৎসৱতে সৰ্বমুঠ একৈশখন ভাওনা অভিনীত হৈছে ।

সম্প্ৰীতিৰ থলী বাৰেচহৰীয়া ভাওনাঃ উত্তৰে অৰুণাচলৰ চিজুচা অঞ্চলৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবে দিকৰাই নদীৰ পৰা পশ্চিমে জীয়া ভৰলীলৈকে বিস্তৃত জামুগুৰি অঞ্চলটি সাৰুৱা শস্য ভূমিৰে গঠিত । বানৰ উপদ্ৰৱো ইয়াত তেনেকৈ নাই । গতিকে, অতীজৰে পৰা এই শস্যভূমি বিভিন্ন সম্প্ৰদায়ৰ চহা হজুৱাৰ বাসস্থান হৈ পৰিছে । কোঁচ, কলিতা, ব্ৰাহ্মণ আদিৰ উপৰিও ভাষিক নেপালী, মিচিং, বড়ো, ৰাভা, চাহ-জনজাতি আদি অনেক হিন্দু, মুছলমান,খৃষ্টান ধৰ্মীয় জাতি-জনজাতিৰ লোকে ইয়াত শান্তিৰে বসবাস কৰি আহিছে । আৰু, এই সকলোৰে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ মিলনৰ আধাৰ হৈ পৰিছে বৰ্তমানৰ বাৰেচহৰীয়া ভাওনা উৎসৱ । বাৰেচহৰীয়া ভাওনাই এই নতুন গতি লাভ কৰে সম্ভৱ ১৯৬৯ চনৰ সমাৰোহৰ পৰাহে । শংকৰী কলা-কৃষ্টিৰ সাধক আৰু প্ৰখ্যাত নৃত্যবিদ ‘শোণিত কোঁৱৰ’ গজেন বৰুৱাদেৱে ওচৰৰ অৰুণাচলৰ মনপা, নিচি, মিচিং বা মেঘালয়ৰ গাৰো, ৰাভা আৰু স্থানীয় জনজাতীয় লোকসকলৰ বাৰে ৰহণীয়া কৃষ্টিৰ সমাৱেশ এই উৎসৱত প্ৰদৰ্শনৰ সুবিধা কৰি উৎসৱটিক ঐক্য আৰু সংহতিৰ এক সমাৰোহলৈ ৰূপান্তৰ কৰিবৰ প্ৰয়াস কৰে । তেখেতৰ এনে প্ৰচেষ্টাই কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ লগতে দেশৰ লব্ধ প্ৰতিস্থিত সাংস্কৃতিক কৰ্মী আৰু গৱেষকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয় আৰু এই উৎসৱৰ গৰিমা দেশজুৰি বিয়পি পৰে ।

এক ব্যক্তিগত মধুৰ স্মৃতিঃ বাৰেচহৰীয়া ভাওনাৰ বিষয়ে মেডিকেল কলেজৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰেনে ? আচৰিত, কিন্তু সত্য । ১৯৭৫ চনৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ খবৰে দেশৰ বিভিন্ন কাকতে-পত্ৰয়ো স্থান পাইছিল । মই সেইবাৰ অসম মেডিকেল কলেজৰ চতুৰ্থ বৰ্ষত এম-বি-বি-এছৰ ‘দ্বিতীয় বৃত্তিগত পৰীক্ষাৰ পৰীক্ষাৰ্থী । ‘ছচিয়েল এণ্ড প্ৰিভেণ্টিভ মেডিচিন’ৰ মৌখিক পৰীক্ষাত বহিঃনিৰীক্ষকজন আছিল ৰাজ্যৰ বাহিৰৰ । অসমীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী ব্যক্তিজনে মোৰ মৌখিক পৰীক্ষাৰ পাল পৰা সময়ত আমাৰ প্ৰফেচাৰৰ সৈতে বাৰেচহৰীয়া ভাওনাৰ বিষয়ে কথা পাতি আছিল । তেখেতে মোৰ ঘৰ ক’ত বুলি সোধাত স্বাভাৱিকতে মই জামুগুৰিহাট বুলি ক’লোঁ ।
“দ্যা প্লেইচ অৱ ভাওনা!” উৎফুল্লিত হৈ পৰীক্ষকজনে স্বগতোক্তি কৰিলে । মনলৈ সাহস অহাত হাঁহি মাৰি মই মূৰ দোৱালোঁ ।
“অ’কে, চাপ’জ ইউ আৰ মেইড দ্যা মেডিকেল অফিচাৰ-ইন-চাৰ্জ অৱ বাৰেচহৰীয়া ভাওনা অফ্টাৰ ফাইভ ইয়েৰছ্ । নাও, টেল মি দ্যা ডিটেইলড্ প্ৰিকছনেৰী মেজাৰ্ছ্ টি বি টেকেন টু প্ৰিভেণ্ট ডিজিজেছ এণ্ড মেইনটেইন পাব্লিক হেল্থ্ ইন ছাছ এ হিউজ কগ্ৰিগেশ্বন অৱ পিপল ।” বিস্মিত হ’লোঁ যদিও ভালো লাগিল কাৰণ প্ৰশ্নটোৰ উত্তৰখিনি মোৰ সঠিকভাৱে মনত আছিল । তথাপিও পৰীক্ষাৰ মানসিক উত্তেজনাৰ বাবে দুই এটা খোঁকোজা নলগা নহয় । কিন্তু জনস্বাস্থ্য বিষয়ক প্ৰশ্নটিৰ মোৰ উত্তৰত সন্তুষ্ট হৈ পৰীক্ষকে মোক পাঠ সম্পৰ্কীয় কোনো অতিৰিক্ত প্ৰশ্ন নকৰিলে । মই বাৰেচহৰীয়া ভাওনা চাইছোঁনে নাই, অভিনয়ত আগ্ৰহ আছেনে নাই আৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দুই এটা প্ৰশ্ন সুধি বিদায় দিলে । তেখেতৰ অভিব্যক্তিৰ পৰা বুজিব পাৰিলোঁ, মোৰ পৰীক্ষা ভাল হৈছে । কিন্তু, তাতোকৈয়ো গুৰুত্বপূৰ্ণ কথাটো হ’ল, সেইদিনাৰ পৰা আমাৰ স্থানীয় এই অনুস্থানটিৰ প্ৰতি মোৰ অন্তৰত এক গভীৰ সন্মান আৰু অনুৰাগ জন্মিল, যি আজিও বৰ্তমান !
স্ব-মহিমাৰে প্ৰোজ্জ্বল এই অংকীয়া নাট আৰু বাৰে ৰহনীয়া কৃষ্টি সমাৰোহ এইবাৰ গত ৬ মাৰ্চৰ পৰা আজিলৈকে অনুস্থিত হৈছে । ৬ মাৰ্চৰ উদ্ধোধনী অনুস্থানৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা দূৰদৰ্শনতে দৰ্শন কৰি ৭ মাৰ্চৰ সন্ধ্যা জামুগুৰিহাট পালোঁগৈ । ভৰলী দলং পাৰ হোৱাৰ লগে লগেই ঘাইপথৰ আদৰণি তোৰণে আমাৰ বয়সে গৰকা মনটোও উন্মনা কৰি তুলিলে । যেন উৰিহে যাম ! কিন্তু, উৎসৱথলীলৈ পাঁচ কিলোমিটাৰমান থকাৰ পৰাই জনস্ৰোতৰ লগতে যান-জঁটৰ বাবে গাড়ীৰ গতি মন্থৰ হৈ পৰিল । তথাপিও, জাতীয় সাজপাৰ পিন্ধি কান্ধত ভমকাফুলীয়া গামোছা লৈ আগবঢ়া প্ৰৌঢ় আৰু তৰুণৰ লগতে দেখিলে ভক্তি ওপজা মাৰ্জিত আভৰণৰ আইসকল আৰু পাট-মূগা সাজৰে চিকুণ গাভৰু-পাটগাভৰুৰ শাৰীৰে উৎসৱমুখৰ হৈ পৰা পথছোৱা পাৰ হৈ এসময়ত উৎসৱথলী পালোঁগৈ। একৈশখন খ’লাৰ আৰিয়াৰ দিপ্তী আৰু গায়ন-বায়নৰ খোল-তাল-সংগীতৰ মূৰ্ছনাৰে তেতিয়ালৈ পকামূৰা পথাৰৰ লগতে সমগ্ৰ জামুগুৰিহাট যেন ভক্তি ৰসত বুৰ গৈছে ! এসময়ত গায়ণ-বায়নৰ অন্ত পৰিল । বিষ্ণুৰ নাভিকমলৰ আৰ্হিৰ মণ্ডপৰ একৈশটি পাহিত বিকশি উঠিল একৈশজন সুত্ৰধাৰৰ লয়লাস নৃত্য । লগে লগে শ্ৰুতিমান হ’ল সুললিত অৰ্থ-ভটিমা । কুশীলৱ ঘোষণাৰে ভাওনাৰ সূচনা হ’ল । সময়ৰ লগে লগে বায়নৰ ছেৱত ভাৱৰীয়াৰ
প্ৰৱেশ ঘটিল । বচন, পয়াৰ, বিলাপ, যুঁজ-বাগৰৰ অভিনয়ৰে চক্ৰাকাৰ অভিনয় ক্ষেত্ৰ(বিষ্ণুৰ নাভিকমলৰ চাক)ত চলমান হ’ল গায়ন-বায়ন, সুত্ৰধাৰ, ভাৱৰীয়া আদি সমস্ত কলা-কুশলীৰ গোট । সমবেত লক্ষাধিক লোকে মণ্ডপৰ যি কোনো এটি স্থানৰ পৰাই উপভোগ কৰিলে একৈশখন ভাওনাৰ অভিনয় ! এয়ে বাৰেচহৰীয়া ভাওনাৰ বৈশিষ্ট । ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি এইবাৰ একৈশখন খলাৰ তিনিখন খলাত ভাওনা অনুস্থিত কৰিলে জামুগুৰি অঞ্চলৰ মিচিং, নেপালী আৰু আদিবাসী সমাজে । এয়া নিশ্চয়কৈ গৌৰৱৰ বিষয়, পাৰস্পৰিক প্ৰীতি, সন্মান আৰু একতাৰ বাতৰি । পকামূৰা পথাৰত এতিয়াও চতুৰ্থ তথা অন্তিম দিনৰ কাৰ্যসূচী চলি আছে । ব্যস্ততাৰ বাবে আজিৰ অনুস্থানত উপস্থিত থাকিব নোৱাৰিলোঁ যদিও যোৱা দুদিনৰ স্মৃতিয়েই আমাৰ দেহ-মন বহুদিনলৈ সতেজ আৰু সপ্ৰতিভ কৰি ৰাখিব ।
বাৰেচহৰীয়া ভাওনাৰ এই শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰ প্ৰচাৰ আৰু প্ৰসাৰ হওক ! জামুগুৰীয়া ৰাইজৰ এই পৰম্পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলমান হওক !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!