বৰদলৈ ট্ৰফী : এক নষ্টালজিয়া – মৃণাল কুমাৰ মিশ্ৰ

গুৱাহাটী মহানগৰৰ এক অবিচ্ছেদ্য অংগ ’নেহেৰু ষ্টেডিয়াম’, এক ঐতিহ্যপূৰ্ণ পৰিচয় যাৰ অবিহনে গুৱাহাটীৰ দস্তাবেজ পৰিপূৰ্ণ নহয়৷ এসময়ত বিভিন্ন জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলৰ মাজেৰে জীৱন্ত হৈ থকা এই নেহেৰু ষ্টেডিয়ামৰ এতিয়াৰ নীৰৱতা দেখিলে বুকুৰ কোনোবাখিনিত বিষাই উঠে৷

অফিচৰ পৰা সিদিনা উভতি আহোতে দেখিলোঁ ষ্টেডিয়ামত উজ্জ্বল পোহৰ৷ বহু দিনৰ পাছত ষ্টেডিয়ামৰ ওখ লাইটপোষ্ট কেইটা পোহৰেৰে জলমলাই উঠা দেখি ভাবিলোঁ হয়তো সেয়া লাইটকেইটা ভালে আছেনে নাই পৰীক্ষা কৰি চাইছে৷ খবৰৰ কাকতৰ ক্ৰীড়া জগতৰ খবৰ থকা পৃষ্ঠাটো প্ৰায়েই সময়ৰ নাটনিৰ অজুহাতত নপঢ়াকৈয়েই ৰৈ যায়৷ সেয়েহে ষ্টেডিয়ামৰ হঠাতে জ্বলি উঠা লাইটৰ কাহিনীৰ একো তৎ ধৰিব নোৱাৰিলোঁ৷ দীপাৱলীৰ শেষত ৮ তাৰিখে সন্ধিয়া অফিচৰ পৰা ঘৰমুৱা হওঁতে পুনৰ চকুত পৰিল ষ্টেডিয়ামৰ উজ্জ্বল পোহৰ৷ অইন দিনৰ দৰেই একে গাড়ী মটৰৰ অহা-যোৱা, নাছিল কোনো বিশেষ ব্যস্ততা৷ ষ্টেডিয়ামৰ প্ৰৱেশ পথৰ সম্মুখত হঠাতেই চকুত পৰিল ভিতৰফালে দিয়া এখন তোৰণ৷ ওপৰত লেখা আছিল ৬৫ তম বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা, ৬, ৭, ৮ নৱেম্বৰ৷ সিদিনা আছিল ৮ নৱেম্বৰ, গতিকে ফাইনেল খেল আৰু সেই বাবেই ষ্টেডিয়াম ফ্লাডলাইটৰ পোহৰে উজলাই ৰাখিছে৷ সেই মুহূৰ্তত মনলৈ অহা তাৎক্ষণিক চিন্তাটো আছিল – কেনেদৰে মাত্ৰ তিনিদিনত বৰদলৈ ট্ৰফীৰ দৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল খেল এখন সমাপ্ত কৰিব পাৰে৷

খেলৰ খবৰৰ বিশেষ আওভাও নোপোৱা মোৰ দৰে অল্পমতিৰ বাবে সেয়া তেনেই স্বাভাৱিক৷ পিছত ঘৰলৈ আহি খবৰকাকত আৰু নেটত বিচাৰি চাইহে গম পালোঁ যে এইবাৰৰ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক খেলসমূহ যোৱা ২৭ অক্টোবৰৰ পৰা উজনিৰ ডিব্ৰুগড় আৰু নামনিৰ মুকালমুৱাত একেসময়তে আৰম্ভ হৈছিল আৰু গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত ছেমিফাইনেল দুখনকে ধৰি ফাইনেল সহ মুঠ তিনিখন খেলহে অনুষ্ঠিত হৈছে৷ আৰু সেইবাবেই সম্ভৱ মোৰ মগজুৱে ঢুকি নোপোৱাকৈ বৰদলৈ ট্ৰফীৰ মাত্ৰ তিনিদিনৰ কাৰ্যসূচী আদৰণী তোৰণত লিপিবদ্ধ কৰা আছিল৷

কিছুসময়ৰ বাবে বৰদলৈ ট্ৰফী ফুটবল খেলৰ নষ্টালজিয়াই গ্ৰাস কৰি ৰাখিলে মোক৷ মনলৈ আহিল আমাৰ শৈশৱ কৈশোৰৰ সময়ছোৱাত ৰেডিওটোৱেই যোগসূত্ৰ ৰাখি বৰদলৈ ট্ৰফীৰ দৰে ফুটবল খেলক আমাৰ দৰে সৰ্বসাধাৰণৰ ঘৰলৈ লৈ যোৱা দিনবোৰৰ কথা৷ আমাৰ কৈশোৰৰ কালছোৱাত মনত থকা দুখন ফুটবল খেল আছিল গুৱাহাটীৰ বৰদলৈ ট্ৰফী আৰু নগাঁৱৰ স্বাধীনতা দিৱস কাপ যাৰ ধাৰাবিৱৰণি ৰেডিওৰ মাজেৰে অতি জনপ্ৰিয় হৈছিল৷ প্ৰেমধৰ শৰ্মা আৰু দীপু চৌধুৰীৰ লগতে আন কেইবাজনো প্ৰথিতযশা ধাৰাভাষ্যকাৰে দিয়া ফুটবল খেলৰ চলন্ত বিৱৰণিয়ে আমাক মোহিত কৰি ৰাখিছিল৷ নিজ চকুৰে ফুটবল খেলখন দেখা নাপালেও খেলখন সম্পূৰ্ণ ৰূপে উপভোগ কৰাৰ সুবিধা দিছিল ৰেডিওৰ এই চলন্ত বিৱৰণিয়ে৷ আজি সেইবোৰ কিছুমান মধুৰ স্মৃতিহে মাথোঁঁ৷ ডাঙৰ হৈ কলেজীয়া ছাত্ৰ ৰূপে গুৱাহাটীত পদাৰ্পণ কৰাৰ পাছৰে পৰা বৰদলৈ ট্ৰফীৰ খেল চোৱা এক অপৰিহাৰ্য কাম হৈ পৰিল৷ ছাত্ৰজীৱনৰ সমাপ্তিৰ পাছত কৰ্মসূত্ৰে গুৱাহাটী এৰিলো যদিও গুৱাহাটীৰ বছৰেকীয়া উৎসৱৰ ৰূপ লোৱা বৰদলৈ ট্ৰফীৰ খেল চোৱাৰ সুবিধা পালেই ল’ব চেষ্টা কৰিছিলোঁ৷

সঁচাকৈয়ে এক উৎসৱৰেই ৰূপ লৈছিল বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ খেলসমূহে৷ ভাৰতৰ ফুটবলৰ ক্ষেত্ৰত কোলকাতাৰ পৰিৱেশ অনন্য, কেবাটাও বিখ্যাত ফুটবল দলৰ নিজা ভূমি এই কোলকাতা৷ একেদৰেই অসমৰো ফুটবলৰ ইতিহাসত বৰদলৈ ট্ৰফীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ মূলতে আছিল সেই ভাৰতবিখ্যাত ফুটবল দলসমূহৰ এই প্ৰতিযোগিতাত যোগদান৷ কোলকাতাৰ মোহনবাগান, মহমেদান স্পোৰ্টিং, ইষ্টবেঙ্গল আদি দলৰ লগতে গোৱাৰ ডেম্পো স্পোৰ্টচ ক্লাৱ, ভাস্কো স্পোৰ্টচ ক্লাৱ, বি এচ এফ (জলন্ধৰ), ইত্যাদি বিভিন্ন শক্তিশালী ফুটবল দলে এই বৰদলৈ ট্ৰফীৰ খেলত প্ৰতিদ্বন্দ্বিতা কৰি গৈছে লগতে বিজয়ী হৈ এই ট্ৰফী দখলো কৰিছে কেইবাবাৰো৷ অকল ভাৰতৰ ভিতৰৰেই নহয়, বিদেশৰো কেবাটাও ফুটবল দলে এই ট্ৰফীত যোগদান কৰায়ে নহয় এই বৰদলৈ ট্ৰফী নিজৰ দখললৈ নিবলৈও সক্ষম হৈছিল৷ তাৰ ভিতৰত নাম ল’ব লাগিব, বেংকক পোৰ্ট অথোৰিটি, ভূটানৰ থিম্পু একাদশ ঢাকাৰ আৱাহনী ইত্যাদি৷ এই সমূহ দলৰ লগত সমানে সমানে যুঁজ দিছিল অসমৰ স্থানীয় ফুটবল দলসমূহে৷ আমাৰ স্মৃতিত ৰৈ যোৱা দলসমূহৰ ভিতৰত প্ৰথমেই মনলৈ আহে গুৱাহাটীৰ মহাৰাণা একাদশ, দুলীয়াজানৰ অইল ইণ্ডিয়া একাদশ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, দেৰগাঁৱৰ অসম পুলিচ একাদশ ইত্যাদি যাৰ খেল চাবলৈ দৰ্শকে উবুৰি খাই পৰিছিল নেহেৰু ষ্টেডিয়ামৰ গেলেৰীত৷ গুৱাহাটী ক্ৰীড়া সংস্থাই আয়োজন কৰা এই বৰদলৈ ট্ৰফীৰ খেলৰ টিকট বিভিন্ন জিলাৰ ক্ৰীড়া সংস্থাৰ জৰিয়তে বৰ সুন্দৰ ভাবে বিতৰণ কৰা হৈছিল৷ সমগ্ৰ অসমৰ দৰ্শকেৰে ভৰি পৰিছিল গুৱাহাটী৷ ষ্টেডিয়ামৰ টিকটঘৰত আগতীয়াকৈ দিয়া টিকট নিমিষতে শেষ হৈছিল, আনকি কলা বজাৰতো বিক্ৰী হৈছিল খেলৰ টিকট৷ বৰদলৈ ট্ৰফীৰ খেলৰ এটা টিকট সংগ্ৰহ কৰা মানে ডেকাসকলৰ বাবে আছিল এটা ডাঙৰ সাফল্য৷ প্ৰেমিকাৰ আগত বুকুফিন্দাই ঠিয় হ’ব পৰাৰ এটা সুৱৰ্ণ সুযোগ হেৰুৱাবলৈ কোনেনো ইচ্ছা কৰিব বাৰু! জীৱনৰ পাঁচটা দশক অতিক্ৰম কৰা আমিবোৰে সেয়েহে বৰদলৈ ট্ৰফীৰ মাজতো বিচাৰি পাওঁ এক মধুৰ নষ্টালজিয়া৷ তুলনা কৰি চাওঁ সেই সময়ৰ আৰু আজিৰ বৰদলৈ ট্ৰফীৰ পৰিৱেশৰ ভিন্নতা৷ দুখ লাগে আজিৰ বৰদলৈ ট্ৰফীৰ নিঃস্ব অৱস্থা দেখিলে৷ এটা সময়ত ভৰ্তি হৈ থকা অথচ আজি উকা হৈ ৰোৱা গেলেৰীৰ পৰিৱেশে মনটোক কষ্ট দিয়ে৷ সময় সলনি হৈছে, পৰিৱেশৰো সলনি হৈছে, সলনি হৈছে মানুহৰ মানসিকতাৰ৷ মানুহৰ মনোৰঞ্জনৰ বাবে উপলব্ধ ন ন আহিলাই হয়তো কাঢ়ি নিছে ফুটবল খেল চোৱাৰ অতীতৰ সেই মধুৰ আমেজ৷ তথাপিও আমি দেখি থকা ফুটবল খেলৰ জনপ্ৰিয়তা কমি যোৱা নাই কিন্তু৷ ইয়াৰ প্ৰমাণ আই এচ এলৰ প্ৰভুত জনপ্ৰিয়তা অৰ্জা ফুটবল খেলসমূহ৷ লাগে মাথোঁঁ অলপ ঐকান্তিক প্ৰচেষ্টা আৰু মানুহৰ ওচৰ চাপিব পৰা আকৰ্ষণীয় প্ৰচাৰ৷ ১৯৫২ চনত আৰম্ভ হোৱা বৰদলৈ ট্ৰফীৰ এইবাৰ আছিল ৬৫তম প্ৰতিযোগিতা৷

অতীজৰ গৰিমাৰে বিভূষিত বৰদলৈ ট্ৰফীয়ে বৰ দ্ৰুতভাবে জনপ্ৰিয়তা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বাবে আয়োজক গুৱাহাটী ক্ৰীড়া সংস্থাক নিশ্চয়কৈ প্ৰশ্ন কৰিব পাৰি৷ অসমত বৰ্তমান দহটাৰো অধিক অসমীয়া টিভি চেনেল থকাৰ পিছতো, কেইবাখনো দৈনিক অসমীয়া খবৰৰ কাকত থকাৰ পাছতো কিয় বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ খবৰ অসমৰ প্ৰতিঘৰ মানুহৰ চোতাল গৈ নাপায়? অন্য চহৰৰ কথা বাদেই দিলোঁ, গুৱাহাটীৰ কতো কোনো পথতেই এখনো সৰু বা ডাঙৰ বৰদলৈ ট্ৰফীৰ নামৰ পোষ্টাৰ চকুত নপৰিল কিয়? মহা ৰুদ্ৰ যজ্ঞৰ বেনাৰ হোৰ্ডিঙে গুৱাহাটীৰ প্ৰতিটো চুক ওপচাই পেলাব পাৰে যদি বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ কিয় এখনো ডাঙৰ আৰু চকুত লগা পোষ্টাৰ আৰিব নোৱাৰে? অনলাইনত টিকট দিয়াৰ সুবিধা থকাৰ পাছতো এই সুবিধা গ্ৰহণ কৰা নহ’ল কিয়৷ দীপাৱলীৰ মাজত ৰাতিৰ সময়ত লাইটৰ পোহৰত ছেমিফাইনেল দুখন আয়োজন কৰাৰ যথাৰ্থতা ক’ত? ইত্যাদি অনেক প্ৰশ্নৰে উত্তৰ দিব লাগে গুৱাহাটী ক্ৰীড়া সংস্থাই৷ কাৰণ যিয়েই নহ’ওক, বৰদলৈ ট্ৰফীৰ হেৰোৱা গৰিমা পুনৰ ঘূৰাই আনিবলৈ আমি সকলোৱেই সচেষ্ট হোৱাৰ সময় আহি পৰিছে৷ বৰদলৈ ট্ৰফীৰ হীৰকজয়ন্তী পতাৰ বাবে আগবঢ়া এই সময়ত আমি সকলোৱেই আন্তৰিক ভাবে এই প্ৰতিযোগিতা খনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে চেষ্টা কৰিবই লাগিব৷ ঘূৰাই আনিব লাগিব গেলেৰী উপচি পৰা আগৰ সেই ফুটবলপ্ৰেমী দৰ্শকক৷ ঐতিহ্য মণ্ডিত বৰদলৈ ট্ৰফীক আমি কালৰ বুকুত নিঃশেষ হ’বলৈ কেতিয়াও এৰি দিব নোৱাৰোঁ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!