ভাৰতীয় হোৱাৰ গৌৰৱ (বিজয় শৰ্মা)

ভাৰতীয় হোৱাৰ গৌৰৱ

 

বিজয় শৰ্মা

“ভাৰতবৰ্ষ মানৱ জাতিৰ সভ্যতাৰ আদি বিকাশস্থল আৰু মানৱীয় বাণীৰ জন্মস্থান৷ ই ইতিহাসৰ জননী আৰু কিংবদন্তিৰ বুঢ়ী আই৷ সৰ্বোপৰি পৰম্পৰাৰ আজো আইতাক৷ আমাৰ মানৱ ইতিহাসৰ সৰ্বাধিক মূল্যৱান আৰু সৃজনীশীল সামগ্ৰীৰ ভাণ্ডাৰ কেৱল ভাৰততহে আছে৷” – মাৰ্ক টুৱেইন
পৌৰাণিক জম্বুদ্বীপ আৰু আধুনিক দক্ষিণ এচিয়াস্থিত ভাৰতীয় উপমহাদ্বীপৰ সৰ্ববৃহৎ দেশ ভাৰত৷ ভৌগোলিক দৃষ্টিৰে ভাৰত বিশ্বৰ সপ্তম বৃহত্তম আৰু জনসংখ্যাৰ দৃষ্টিৰে দ্বিতীয় সৰ্ববৃহৎ দেশ৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সভ্যতা বিশ্বৰ প্ৰাচীনতম ঐতিহ্যপূৰ্ণ সভ্যতাবোৰৰ অন্যতম৷ অনৈক্যৰ মাজত ঐক্যৰ সৰ্বোৎকৃষ্ট নিদৰ্শন হৈছে ভাৰত৷ ইয়াৰ ইতিহাস সমন্বয়ৰ ইতিহাস৷ আৰ্য-অনাৰ্য, শক, হুন, কুশান, পাঠান, মোগল, আফগান আদি এই দেশৰ বাসিন্দা৷ গ্ৰীক, য়ুৰোপীয়, মংগোল, তুৰ্ক, আৰৱ – বিশ্বৰ আটাইকেইখন মহাদেশত বিকশিত হোৱা তেজ এই দেশৰ শিৰা-উপশিৰাইদি প্ৰৱাহিত হৈ আছে আৰু এক ভাৰতীয় হৈ পৰিছে৷
প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষৰ ধৰ্ম, কলা, সভ্যতা-সংস্কৃতি, ঐশ্বৰ্য-সম্পদ আদিৰ খ্যাতি বিশ্বৰ চুকে-কোণে বিয়পি পৰিছিল আৰু সেয়েহে আমাৰ দেশখন সদায় বিদেশীৰ আকৰ্ষণ আৰু আক্ৰমণৰ কেন্দ্ৰ হৈ আহিছিল৷ ভাৰতীয় সংস্কৃতি এসময়ত আফগানিস্তান, ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেচিয়া আদিকে ধৰি সমগ্ৰ দক্ষিণ-পূৱ আৰু মধ্য এচিয়াতে বিয়পি পৰিছিল৷ কিন্তু ভাৰতে নিজৰ ১০,০০০ বছৰৰ ইতিহাসত কেতিয়াও কোনো অন্য দেশৰ ওপৰত আক্ৰমণ কৰা নাই৷ বুদ্ধদেৱৰ পৰা গান্ধীজীলৈকে ভাৰত তথা ভাৰতীয়সকলে বিশ্বক সত্য, প্ৰেম, শান্তি, সহিষ্ণুতা আৰু অহিংসাৰ শিক্ষা দি আহিছে৷

ভাৰত আৰু ভাৰতীয় সম্বন্ধে কেতবোৰ গুৰুত্বপূৰ্ণ তথা গৌৰৱপূৰ্ণ তথ্য:

১) বহু হাজাৰ বছৰৰ আগতে যেতিয়া বৰ্তমানৰ উন্নত(?) দেশসমূহৰ বাসিন্দা যাযাবৰী, বনবাসী আছিল তেতিয়া ভাৰতৰ সিন্ধু উপত্যকাত হৰপ্পা-মহেঞ্জোদাৰোৰ দৰে উন্নত নগৰ তথা সিন্ধু সভ্যতাৰ দৰে উচ্চ স্তৰৰ সভ্যতা বিৰাজ কৰিছিল৷ অবিভক্ত ভাৰতবৰ্ষৰ এক বৃহৎ অঞ্চল এই সভ্যতাই সামৰি লৈছিল৷ বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত পঞ্জাব, সিন্ধু প্ৰদেশ, বেলুছিস্তান, ঝোব উপত্যকা, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আদিকে ধৰি ভাৰতৰ পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, উত্তৰ-প্ৰদেশ, জম্মু-কাশ্মীৰ, গুজৰাত আদিৰ বিশাল অঞ্চল সিন্ধু সভ্যতাৰ পৰিমণ্ডলৰ ভিতৰত পৰিছিল৷ সিন্ধু সভ্যতা মূলতঃ নগৰীয়া সভ্যতা আছিল৷ এই সভ্যতাই সামৰি লোৱা পৰিমণ্ডলৰ ভিতৰত হৰপ্পা, মহেঞ্জোদাৰো, চানহোদাৰো, লোথাল, কালিবানগান, চাৰকোতাদা, ঢোলাভিৰা আদিৰ দৰে কেইবাখনো উন্নত নগৰৰ ভগ্নাৱশেষ আৱিস্কৃত হৈছে৷ সিন্ধু সভ্যতাত নগৰ পৰিকল্পনা, গৃহ নিৰ্মাণ, ৰাস্তা-ঘাট, নলা-নৰ্দমা, পানী যোগান, যাতায়াত আৰু পৰিবহন, জনস্বাস্থ্য – সকলোবোৰ দিশতেই পৰিকল্পিত আঁচনিৰ প্ৰভাৱ দেখা যায়৷

২) বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় ৭০০খ্ৰী.পূ.ত ভাৰতৰ তক্ষশীলাত স্থাপন কৰা হৈছিল৷ ইয়াত ৬০তকৈয়ো অধিক বিষয়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১১,০০০ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছিল৷ আনহাতে চতুৰ্থ শতিকাত স্থাপিত নালন্দা বিশ্ববিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতবৰ্ষৰ অন্য এক উল্লেখযোগ্য সফলতা আছিল৷ বিখ্যাত চীনা পৰিব্ৰাজক Hieun-Tsang’ ৱো ইয়াত অধ্যয়ন কৰিছিল৷

৩) ভাৰতীয় চিকিৎসা বিজ্ঞানক আয়ুৰ্বেদ নামেৰে জনা যায়৷ আয়ুৰ্বেদ মানৱজাতিৰ জ্ঞাত সৰ্বপ্ৰাচীন চিকিৎসা ধাৰা৷ ভেষজ বিজ্ঞানৰ জনকৰূপে পৰিচিত চৰকে ২৫০০ বছৰৰো আগতে আয়ুৰ্বেদক প্ৰণালীবদ্ধভাৱে লিপিবদ্ধ (চৰক সংহিতা) কৰি বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰিছিল৷ বৰ্তমান আয়ুৰ্বেদে সমগ্ৰ বিশ্বতে দ্ৰুতগতিৰে নিজৰ হৃত মৰ্যদা পুনৰুদ্ধাৰ কৰিছে৷ সুশ্ৰুতক শল্য চিকিৎসাৰ পিতৃ বুলি গণ্য কৰা হয়৷ আজিৰপৰা প্ৰায় ২৬০০ বছৰৰ আগতেই সুশ্ৰুত আৰু তেখেতৰ সহযোগী সকলে মুত্ৰাশয়ৰ পাথৰ, চকুত চানি পৰা ৰোগ আদিৰ অস্ত্ৰোপচাৰ, কৃত্ৰিম অংগ সংস্থাপন, ভঙা হাঁড় জোৰা লগোৱা, প্লাষ্টিক চাৰ্জাৰী আদিৰ লগতে অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান প্ৰসৱ কৰাবলৈয়ো সক্ষম হৈছিল৷ প্ৰাচীন ভাৰতত সংজ্ঞানাশকৰ বহুল ব্যৱহাৰ আছিল৷ চৰকৰ ‘চৰক সংহিতা’ আৰু সুশ্ৰুতৰ ‘সুশ্ৰুত সংহিতা’ সপ্তম শতিকাতে আৰৱীলৈ অনুবাদ কৰা হৈছিল৷ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা(২০০৯) বিজয়ী ডাঃ কেৰলে আধুনিক চিকিৎসা বিজ্ঞানৰ বৰ্তমানৰ অগ্ৰগতিৰ আঁৰত প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ অৱদানৰ কথা মুক্তকণ্ঠে স্বীকাৰ কৰিছে৷ আনহাতে ডাঃ ৰাইলৰ মতে, পশ্চিমীয়া চিকিৎসাৰ জনক হিপ্পোক্ৰেটীজএ নিজৰ সকলো মূল তত্ত্বৰ বাবে ভাৰতীয় চিকিৎসা পদ্ধতি অনুসৰণ কৰিছিল৷

৪) চিৰিয়াৰ জ্যোতিৰ্বিজ্ঞানী চেবেৰুজ চেবোস্তে ৬৬২ চনত লিখিছিল – তেওঁলোকে (ভাৰতীয় সকলে) জ্যোতিৰ্বিজ্ঞানৰ সূক্ষ্ম অনুসন্ধান কৰিছে৷ তেওঁলোকৰ অনুসন্ধান য়ুনান তথা বেবিলনবাসীৰ অনুসন্ধানতকৈ বহু বেছি বিস্ময়কৰ৷ ১৪০০ৰ পৰা ১২০০খ্ৰী.পূ.ত ৰচিত ‘বেদাংগ জ্যোতিষ’ত গ্ৰহণ, লীপ বৰ্ষ, ৰাশি আদিৰ বিষয়ে বিস্তৃত বৰ্ণনা কৰা হৈছে৷ ‘সূৰ্য সিদ্ধান্ত’ৰ মতে পৃথিৱীৰ ব্যাস ৭৮৪০ মাইল আৰু পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব ২৫৩০০০ মাইল৷ এয়া আধুনিক গণনা ক্ৰমে ৭৯২৬.৭ মাইল আৰু ২৫২৭১০ মাইলৰ ওচৰা-ওচৰি৷ প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী ভাস্কৰাচাৰ্যই পঞ্চম শতিকাতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ কথা ঘোষণা কৰাই নহয়, সঠিক সময়ো গণনা কৰি উলিয়াইছিল৷ তেখেতৰ গণনা অনুসৰি পৃথিৱীয়ে এবাৰ সূৰ্যৰ পৰিক্ৰমা কৰিবলৈ ৩৬৫.২৫৮৭৫৬৪৮৪ দিন সময় লয়৷ ‘সিদ্ধান্ত শিৰোমণি’ত ভাস্কৰাচাৰ্যই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ কথা নিউটনতকৈ কেইবাশ বছৰ আগতেই উল্লেখ কৰিছে৷ আনহাতে পঞ্চম শতিকাতে লিখিত ‘পঞ্চ সিদ্ধান্তিকা’ত ‘গ্ৰহণ’ক ৰেখা চিত্ৰৰে বুজোৱাৰ চেষ্টা কৰা হৈছে৷

৫) ‘আমি ভাৰতীয় সকলৰ ওচৰত অতিকে ঋণী৷ তেওঁলোকে আমাক গণনা কৰিবলৈ শিকালে৷ যাৰ অবিহনে কোনো সাৰ্থক বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহ’লহেতেন৷’– এলবাৰ্ট আইনষ্টাইন৷ বীজগণিত, ত্ৰিকোণমিতি আৰু কলনৰ অধ্যয়ন ভাৰতত আৰম্ভ হৈছিল৷ ভাৰতৰ আৰ্যভট্টই শূণ্য (0) আৱিস্কাৰ কৰিছিল৷ সংখ্যা-পদ্ধতি ভাৰতৰ দান৷ ফৰাচী গণিতজ্ঞ, দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী পিয়েৰ চিমানে(১৭৪৯-১৮২৭) কৈছে – মাত্ৰ দহটা প্ৰতীকেৰে সকলো সংখ্যাকে অভিব্যক্ত কৰাৰ উৎকৃষ্ট পদ্ধতি ভাৰতেই আমাক দিছে ….. আমাৰ প্ৰাচীন কালৰ দুগৰাকী মহান বিভূতি – আৰ্কিমিডিছ আৰু এপোলিনিয়াচৰ প্ৰতিভা এই আৱিষ্কাৰৰ পৰা বঞ্চিত হৈ ৰ’ল৷ স্থান মূল্য পদ্ধতি আৰু দশমিক পদ্ধতিৰ বিকাশো ১০০খ্ৰী.পূ.ত ভাৰততে হৈছিল৷ ভাৰতীয় গণিতজ্ঞ বুধায়নে সৰ্বপ্ৰথম ‘পাই’ৰ মূল্য গণনা কৰি উলিয়াইছিল৷ বৰ্তমান যিটো সূত্ৰক Pythagorean Theorem বুলি জনা যায়, সেই সুত্ৰ/ধাৰণা বুধায়নে ষষ্ঠ শতিকাতে ব্যাখ্যা কৰিছিল৷ প্ৰখ্যাত জাৰ্মান পণ্ডিত ৱান শ্ৰোয়ডৰ(১৮৫১-১৯২০) মতে,সেই সকলো দাৰ্শনিক তথা গাণিতীক সিদ্ধান্ত যাৰ শ্ৰেয় পাইথাগোৰাচক দিয়া হয়, বাস্তৱত ভাৰতৰ পৰাই আহিছে৷ ১৯৯৯ চনত বৃটিছ পণ্ডিতসকলে বুধায়নৰ কৰ্মৰাজি য়ুৰোপীয় গণিতজ্ঞ সকলতকৈ বহু আগৰ বুলি আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে৷ আনহাতে শ্ৰীধৰাচাৰ্যই ১১শ শতিকাতে দ্বি-বৰ্গীয় সমীকৰণ প্ৰয়োগ কৰিছিল৷ ভাৰতীয় বৈদিক গণিত পদ্ধতিৰে জটিল গাণিতীক সমস্যাও সহজে আৰু কম সময়তে সমাধান কৰিব পাৰি৷ ১৯১১-১৯১৮ চনৰ ভিতৰত গণিতজ্ঞ ভাৰতী কৃষ্ণ তীৰ্থজীয়ে এই পদ্ধতি পুনৰাৱিস্কাৰ কৰিছিল৷

৬) সাহিত্য-সম্পদৰ দিশত ভাৰত বিশেষভাৱে চহকী৷ বেদ, উপনিষদ, ছয় দৰ্শন আৰু সংহিতাসমূহৰ উপৰিও দুখন মহাকাব্য – ৰামায়ণ আৰু মহাভাৰত কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে সম্পদ৷ মহাভাৰত পৃথিৱীৰ সৰ্ববৃহৎ কাব্য গ্ৰন্থ৷ আমেৰিকাৰ চিন্তাবিদ হেনৰী ডেভিড থোৰোৰ মতে বেদৰ মহান শিক্ষাত সাম্প্ৰদায়িকতাবাদৰ কোনো স্থান নাই৷ ই বিশ্বৰ সকলো যুগ আৰু জলবায়ুৰ নাগৰিকৰেই জ্ঞানাৰ্জনৰ ৰাজকীয় পথ৷ তেখেতৰ মতে, গীতাৰ তুলনাত আমাৰ আধুনিক বিশ্ব আৰু ইয়াৰ সাহিত্য অতি ক্ষুদ্ৰ আৰু তু্চ্ছ৷ ৱিলহন হম্বোল্টে কৈছে – গীতা এক অত্যন্ত সুন্দৰ আৰু সম্ভৱত একমাত্ৰ প্ৰকৃত দাৰ্শনিক গ্ৰন্থ৷ অন্য কোনো ভাষাত এনে গ্ৰন্থ নাই৷ ই এনে এক গভীৰ আৰু উন্নত সম্পদ যাক লৈ সমগ্ৰ বিশ্বই গৌৰৱ কৰিব পাৰে৷ UNESCOই ঋগ্বেদৰ ১৮০০ খ্ৰী.পূ.ৰ পৰা ১৫০০ খ্ৰী.পূ.ৰ ৩০ খন পাণ্ডুলিপিক সাংস্কৃতিক ঐতিহ্যৰ সূচীত অন্তৰ্ভুক্ত কৰিছে৷ ধম্মপদ, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, ভৰত মুনিৰ নাট্যশাস্ত্ৰ, পঞ্চতন্ত্ৰ, হিতোপদেশ, জাতক কথা, কালিদাসৰ নাটক আদি বিশ্বৰ আপুৰুগীয়া সম্পদ৷ এই প্ৰাচীন অমূল্য গ্ৰন্থবোৰ গভীৰ জ্ঞানেৰে ভৰি আছে, কিন্তু পৰিতাপৰ বিষয় এতিয়া এইবোৰ কেৱল ‘হিন্দুৰ ধৰ্মগ্ৰন্থ’ অথবা সাধাৰণ মহাকাব্য আদিৰ ৰূপতেই সীমিত হৈ পৰিছে৷

৭) জল/নৌ-পৰিবহন কলাৰ জন্ম ৬০০০ বছৰৰ আগতে সিন্ধু নদীত হৈছিল৷ Navigation শব্দটো সংস্কৃত শব্দ ‘নৱগতি’ আৰু navy শব্দটো ‘নৌ’ৰ পৰা আহিছে৷

৮) ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষতা বিশ্বৰ আন কোনো দেশতেই দেখিবলৈ পোৱা নাযায়৷ বিশ্বৰ চাৰি প্ৰধান ধৰ্ম – হিন্দু, জৈন, বৌদ্ধ আৰু শিখৰ জন্ম ইয়াতেই হৈছে৷ হিন্দু ধৰ্ম বিভিন্ন নামেৰে অতি প্ৰাচীন কালৰেপৰাই চলি অহাৰ বিপৰীতে জৈন আৰু বৌদ্ধ ধৰ্ম প্ৰৱৰ্তন হৈছিল ক্ৰমে ৬০০ আৰু ৫০০ খ্ৰী.পূ.ত৷ ইহুদী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক ভাৰতত ক্ৰমে ২০০ খ্ৰী.পূ. আৰু ৫২ খ্ৰীষ্টাব্দৰ পৰা বসবাস কৰি আহিছে৷ কোচিন চহৰত থকা ভাৰতৰ সবাতোকৈ পুৰণি য়ুৰোপীয় গীৰ্জা আৰু ইহুদীসকলৰ প্ৰাৰ্থনাস্থল (synagogue) ক্ৰমে ১৫০৩ আৰু ১৫৬৮ চনত নিৰ্মান কৰা হৈছিল৷ ইছলাম ভাৰত তথা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ধৰ্ম৷ ভাৰতত তিনি লাখতকৈয়ো অধিক মছজিদ আছে৷ এই সংখ্যা বিশ্বৰ আন যিকোনো দেশতকৈ অধিক৷ পাৰ্চীসকলে ৬৩২ চনতে পাৰ্চিয়া(ইৰান)ৰ পৰা পলাই আহি ভাৰতৰ গুজৰাত উপকূলত প্ৰৱেশ কৰে৷ বৰ্তমান পাৰ্চীসকল ভাৰতৰ এক উল্লেখযোগ্য তথা সকলো দিশতে অতি আগবঢ়া সম্প্ৰদায়৷

৯) সংস্কৃত বিশ্বৰ এক প্ৰাচীনতম আৰু সবাতোকৈ প্ৰণালীবদ্ধ ভাষা৷ কিছুমান ভাষাবিদে সংস্কৃতক প্ৰায়বোৰ য়ুৰোপীয় ভাষাৰ জননী বুলি ক’ব বিছাৰে৷ পাণিনি (আনুমানিক ৭৫০-৫০০ খ্ৰী.পূ.) বিশ্বৰ সৰ্বপ্ৰথম কৃতি ব্যাকৰণ (অষ্টাধ্যায়ী) প্ৰণেতা ৰূপে পৰিচিত, কিন্তু তেখেতে নিজেই কেইবাগৰাকীও পূৰ্বসূৰীৰ কথা উল্লেখ কৰি গৈছে৷ Forbes আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে সংস্কৃত কম্পিউটাৰ চফ্টৱেৰৰ বাবে আটাইতকৈ উপযুক্ত ভাষা৷ এই ভাষাত সূত্ৰৰ ৰূপত কম্পিউটাৰ যোগেদি যিকোনো বাৰ্তা অতি কম শব্দত প্ৰেৰণ কৰিব পাৰি৷ NASAৰ ৱেবচাইটত ইয়াৰ ‘মিছন সংস্কৃত’ৰ উল্লেখ আছে৷ হয়তো অতি সোনকালেই মহাকাশত সংস্কৃতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যাব৷

১০) বাৰাণসী ভাৰতৰ এক অতি প্ৰাচীন চহৰ৷ ৫০০ খ্ৰী.পূ.ত বুদ্ধদেৱ এই চহৰলৈ আহিছিল আৰু তেতিয়াই ইয়াক ‘প্ৰাচীন চহৰ’ নামেৰে জনা গৈছিল৷ তেতিয়াৰে পৰা আজিলৈকে একেৰাহে জনবসতি থকা এনে চহৰ সমগ্ৰ পৃথিৱীতেই বিৰল৷ কিছুসংখ্যক পণ্ডিতৰ মতে প্ৰাচীন গ্ৰীক দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ পাইথাগোৰাছ জ্ঞানৰ অন্বেষণত বাৰাণসীলৈয়ো আহিছিল৷

১১) দবাখেল ভাৰতত আৱিষ্কাৰ হৈছিল৷ সাপ আৰু জখলা খেলবিধ ১৩শ শতিকাত সন্ত কবি জ্ঞানদেৱে আৱিস্কাৰ কৰিছিল৷ মূল ৰূপত ইয়াক মোক্ষপট বুলি কোৱা হৈছিল৷ বেডমিণ্টনো ভাৰততে উদ্ভৱ হৈছিল৷ (অৱশ্যে, ইয়াৰ কৃতিত্ব বহুতে বৃটিছ সেনা বিষয়া সকলকহে দিব বিছাৰে৷) ভাৰতত খেলবিধক পুণা নামেৰে জনা গৈছিল৷

১২) যোগাসন, প্ৰাণায়াম আদিৰ লগতে সমৰ কলা (Martial Arts)ৰ জন্মও ভাৰততে হৈছিল৷ পিছলৈ বৌদ্ধ ভিক্ষুসকলে ইয়াক এচিয়াৰ আন আন অংশলৈ লৈ গৈছিল৷

১৩) কৃষিৰ বাবে বিশ্বৰ প্ৰথম জলভাণ্ডাৰ আৰু বান্ধ ভাৰতৰ সৌৰাষ্ট্ৰত নিৰ্মাণ কৰা হৈছিল৷

১৪) ভাৰতবৰ্ষৰ অতুল সম্পদৰাজিয়ে বাহিৰৰ আক্ৰমণকাৰী আৰু ব্যৱসায়ীক ইয়ালৈ আকৰ্ষিত কৰিছিল৷ ভাৰতৰ ঐশ্বৰ্য, সমৃদ্ধিৰ প্ৰতি আকৰ্ষিত হৈয়েই কলম্বাচে ভাৰতলৈ অহা সামুদ্ৰিক পথৰ সন্ধান কৰিছিল আৰু ভূলক্ৰমে আমেৰিকা আৱিস্কাৰ হৈছিল৷ ঘজনৱী, ঘোৰী আদিৰ দৰে বিদেশী আক্ৰমণকাৰীয়ে বহুবাৰ বিপুল পৰিমানৰ ধন-সোণ লুট কৰি নিয়াৰ পিছতো ১৭শ শতিকাৰ আৰম্ভণিলৈকে ভাৰত বিশ্বৰ সবাতোকৈ চহকী দেশ আছিল৷ ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয় ৰবাৰ্ট ক্লাইভে ৯০০ খন জাহাজত ধন-সম্পদ ভৰাই ইংলেণ্ডলৈ লৈ গৈছিল৷ The Gemological Institute of America ৰ মতে ১৮৯৬ চনলৈকে ভাৰতেই আছিল বিশ্বৰ হীৰাৰ একমাত্ৰ জ্ঞাত উৎস৷(আজিও ভাৰতত কেৱল প্ৰাকৃতিক সম্পদেই আছে ২০ হাজাৰ লাখ কোটি টকা মূল্যৰ!)

১৫) আধুনিক যুগত ৰকেটৰ প্ৰথম প্ৰয়োগ শ্ৰীৰংগপুৰমত টীপু চুলতানৰ নেতৃত্বত ভাৰতীয় সেনাই ইংৰাজৰ বিৰুদ্ধে কৰিছিল৷

১৬) অনাতাঁৰ যোগাযোগৰ প্ৰকৃত বাটকটীয়া অধ্যাপক জগদীশ চন্দ্ৰ বসুহে, মাৰ্কনী নহয়৷ তেখেতৰ আৱিস্কাৰ প্ৰথমে পোহৰলৈ নহাত ইয়াৰ শ্ৰেয় মাৰ্কনীয়ে লাভ কৰিলে৷ আমেৰিকাৰ Institute of Electronics and Electrical Engineers(IEEE)এ ১৯৯৮ চনত তথ্যসহকাৰে এই কথা প্ৰমাণ কৰিছে৷ সাহিত্যত নোবেল বঁটা বিজয়ী এচিয়াৰ প্ৰথমগৰাকী ব্যক্তি ৰবীন্দ্ৰনাথ ঠাকুৰ, ‘ৰমন ইফেক্ট’ৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী চি.ভি.ৰমন আদিয়ে প্ৰাক্-স্বাধীনতা কালতে বিশ্বৰ দৰবাৰত ভাৰতৰ নাম উজলাই থৈ গৈছে৷

কেৱল অতীতৰ প্ৰশস্তি গানেৰে আমি আগুৱাই যাব নোৱাৰোঁ সঁচা, কিন্তু নিজৰ স্বৰ্ণময় অতীতক লৈ গৌৰৱ কৰাটো ভুলকথা বা অপৰাধ হ’ব নোৱাৰে৷ আজি দেশবাসীৰ হৃদয়ত প্ৰকৃত স্বদেশপ্ৰেম, আত্মবিশ্বাস আৰু আত্মমৰ্যদা জাগ্ৰত কৰিবৰ বাবে এনে তথ্যৰ বহুল প্ৰচাৰ তথা পঠন-পাঠনৰ অতিকে প্ৰয়োজন৷
বৰ্তমান সময়ত আমি ভাৰতীয়সকল সঁচাকৈয়েই সকলো দিশতে পিছপৰি আছোঁ নেকি?
স্বাধীনোত্তৰ কালছোৱাত আমাৰ দেশখনে কৃষি, বিজ্ঞান-প্ৰযুক্তি, চিকিৎসা,উদ্যোগ আদিকে ধৰি সকলো ক্ষেত্ৰতে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় উদ্যোগ/ব্যৱসায় গৃহ সমূহে সমগ্ৰ পৃথিৱীতে নিজৰ প্ৰভূত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ বিশ্বৰ জলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত ভাৰতৰ মতামতক এতিয়া কোনেও উলাই কৰিব নোৱাৰে৷
চিকিৎসা বিজ্ঞানত নোবেল বঁটা পোৱা হৰগোবিন্দ খোৰাণা, অৰ্থনীতিৰ অমৰ্ত্য সেন, মহাকাশচাৰী ৰাকেশ শৰ্মা, কল্পনা চাওলা, মহাকাশত সৰ্বাধিক সময় খোজকাঢ়ি ৰেকৰ্ড স্থাপন কৰা সুনীতা উইলিয়ামচ, কম্পিউটাৰ ক্ষেত্ৰৰ ৱিজয় ভাটনাগৰ আদিয়ে এতিয়াও ভাৰতৰ বিজয় ধ্বজা উৰুৱাই আছে৷
বৈজ্ঞানিক আৰু অভিযন্তাৰ সংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান বিশ্বত দ্বিতীয়৷ আমেৰিকাত ৩.২২ মিলিয়ন ভাৰতীয়ই বাস কৰে৷ ই আমেৰিকাৰ মুঠ জনসংখ্যাৰ ১.৫% (উল্লেখয়োগ্য যে ভাৰতীয়সকল আমেৰিকাৰ আটাইতকৈ ধনী সম্প্ৰদায়) আৰু – আমেৰিকাৰ ৩৮% চিকিৎসক আৰু ১২% বৈজ্ঞানিক ভাৰতীয়৷ ইয়াৰ মহাকাশ গৱেষণা সংস্থা NASAৰ ৩৬% বৈজ্ঞানিক ভাৰতীয় হোৱাৰ বিপৰীতে Microsoftৰ ৩৪% আৰু IBMৰ ২৮% কৰ্মচাৰী ভাৰতীয়৷ Intel আৰু Xeroxত কৰ্মৰত ভাৰতীয় হৈছে ক্ৰমে ১৭% আৰু ১৩%৷
Pentium Chipৰ পিতৃৰূপে খ্যাত বিনোদ ধম, Hotmailৰ প্ৰতিষ্ঠাপক চবীৰ ভাটিয়া, Bell Laboratoriesৰ অধ্যক্ষ আৰু Lucent Technologiesৰ মুখ্য বিজ্ঞানী অৰুণ নেত্ৰাৱলী, HPৰ General Manager ৰাজীৱ গুপ্তা, Microsoftৰ Testing Director of Windows 2000 সঞ্জয় তেজৱৰিকা, Sun Microsystemsৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰথম মুখ্য কাৰ্যবাহী বিষয়া বিনোদ খোচলা, Citi Bank, Mckensey আৰু StanChartৰ মুখ্য কাৰ্যবাহীসকল ক্ৰমে ভিক্টৰ মেনেজেচ, ৰজত গুপ্তা আৰু ৰাণা তলৱাৰ, গুগলৰ মুখ্য ব্যৱসায়িক বিষয়া নিকেশ আৰোৰা, Vodafone, Mastercard, Motorola আৰু Adobeৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে অৰুণ চাৰিন, অজয় বাংগা, সঞ্জয় ঝা, শান্তনু নাৰায়ন এই মাহতে বিশ্ব বেংকৰ মু্খ্য অৰ্থনীতিবিদৰ পদত অধিষ্ঠিত কৌশিক বসু আদি সকলোৱেই ভাৰতীয়৷ Pepsi Coৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ইন্দ্ৰা নুয়ে Forbesৰ সবাতোকৈ ক্ষমতাশালী ১০০ গৰাকী মহিলাৰ তালিকাত একেৰাহে বহুবছৰ ধৰি প্ৰথম দহগৰাকীৰ মাজত স্থান লাভ কৰি আহিছে৷ Fortuneৰ মতে ইন্দ্ৰা বিশ্বৰ ব্যৱসায় ক্ষেত্ৰৰ সবাতোকৈ ক্ষমতাশালী মহিলা (২০০৬ চনৰ পৰা একেৰাহে)৷
দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী, কাজু বাদাম, নাৰিকল, চাহ, আদা, হালধি আৰু জালুক উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বত প্ৰথম৷ ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ঘেঁহু, চাউল, চেনী আৰু বাদাম উৎপাদনকাৰী দেশ৷ বিশ্বৰ ১০% ফল ভাৰতত উৎপন্ন হয় আৰু চিকু উৎপাদনত ইয়াৰ স্থান প্ৰথম৷
১৯৭৫ চনত ‘আৰ্যভট্ট’ উৎক্ষেপনৰ যোগেদি আৰম্ভ হয় ভাৰতৰ মহাকাশ অভিযানৰ সফলতাৰ ইতিহাস৷ ভাৰত বিশ্বৰ ছখন দেশৰ অন্যতম যি সফলতাৰে 2000KG উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে৷ মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহবোৰে যোগাযোগ, চিকিৎসা বিজ্ঞানৰ গৱেষণা, শিক্ষা, বতৰ বিজ্ঞান আদিৰ ক্ষেত্ৰত প্ৰভূত সহায় কৰিছে৷ ২০০৮ চনৰ ১৪ নবেম্বৰৰ দিনটো ভাৰতবাসীৰ বাবে এক অতিকে গৌৰৱৰ দিন৷ সিদিনাই চন্দ্ৰৰ বুকুত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা (বিশ্বৰ চতুৰ্থ দেশ) ‘ত্ৰিৰংগা’ উত্তোলন কৰা হয়৷ আনহাতে যোৱা ৯ চেপ্টেম্বৰৰ দিনা ভাৰতে জাপান আৰু ফ্ৰাঞ্চৰ একোটাকৈ উপগ্ৰহ কঢ়িয়াই সগৌৰৱে ইয়াৰ শততম মহাকাশ অভিযান সম্পূৰ্ণ কৰে৷
পৰমাণৱিক অস্ত্ৰ আৰু পৰমানু-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দহখন আগশাৰীৰ দেশৰ অন্যতম৷ ক্ষেপনাস্ত্ৰ-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আগশাৰীৰ পাঁচখন দেশৰ অন্যতম৷ বিশ্বব্যাপী কেৱল ১৭% বাৰ্ষিক বিকাশৰ বিপৰীতে ভাৰতীয় জৈৱ-প্ৰযুক্তিৰ বাৰ্ষিক বিকাশৰ হাৰ ৩৮%৷ ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ Pharmaceuticalsৰ উৎপাদনকৰ্তা৷
সামৰিক শক্তিৰ দিশৰপৰা ভাৰত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ শক্তি৷ আমাৰ দেশ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সৰ্ববৃহৎ অৱদানকাৰী৷ শান্তিৰক্ষাৰ কামত বিশ্বৰ প্ৰায় দুকুৰি দেশত ৫৫,০০০ ভাৰতীয়ই সেৱা আগবঢ়াই আছে৷

এতিয়াও বহুদূৰ যাবলৈ বাকী। বাহিৰৰ পৰা আৱশ্যকীয় শিক্ষা, জ্ঞান-বিজ্ঞান আহৰণ কৰি আমি নিজৰ সংস্কৃতি, জ্ঞান তথা প্ৰজ্ঞাৰ ভেটিত আগুৱাই যাব লাগিব৷

(মৰমৰ দাদা আৰু সহকৰ্মী বলীন ভূঞাদেৱলৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ। তথ্যসমূহ বিভিন্ন কিতাপ, কাকত-আলোচনী, Loksabha TV আৰু DD Bharatiৰ অনুষ্ঠান, ৱিকি আদিৰ পৰা আহৰণ কৰা হৈছে- বিজয় শৰ্মা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!