মৃত্যুৰ দুৱাৰদলিত কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ প্ৰয়োজন কিমান

লেখক- চিত্তৰঞ্জন ওজা

ভাৰতীয় দৰ্শনত আত্মা অবিনশ্বৰ বুলি কোৱা হৈছে৷ আত্মাৰ বিনাশ নাই মাথোঁ এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ গতি কৰে৷ আমাৰ জীৱনটো হ’ল দুখ-কষ্ট-অশান্তিৰ সমষ্টি৷ এই জীৱনতে পুণ্য অৰ্জন কৰি মুক্তিৰ পথ বাছি ল’ব লাগে৷ মৃত্যু হ’ল দুখ-কষ্টৰ পাৰা মুক্তিলাভ কৰাৰ, চিৰশান্তি লগতে বৈকুণ্ঠ প্ৰাপ্তিৰ একমাত্ৰ পথ৷ সেয়ে মৃত্যুৰ সময়ত ভাৰতীয় লোকে অতীজৰে পৰা বিচাৰে ৰামনাম শ্ৰৱণ কৰি প্ৰাণ ত্যাগ কৰিবলৈ৷ মোৰ ককাদেউতাই শয্যাগত সময়ত খোৱা-লোৱা, কথাবতৰা স্বইচ্ছাই বন্ধ কৰি দিছিল৷ দহদিন ধৰি দিনে-নিশাই ভাগৱত পাঠ কৰা হৈছিল ককাদেউতাৰ প্ৰাণবায়ু নোযোৱালৈ৷ সেই সময়ত আমাৰ চুবুৰিত এটা সংঘ স্থাপন কৰা হৈছিল শয্যাগত ৰোগীৰ কাষত বহি ভাগৱত পাঠ কৰিবলৈ৷
সেয়া আছিল পঞ্চাছ বছৰ আগৰ কথা৷ আজি কিছুদিন আগত সহপাঠী এজন আমেৰিকাৰ কল’ৰাডোত দুৰাৰোগ্য ৰোগত মৃত্যু মুখত পৰে৷ ১৯৮৪ চনত তেখেতক কটন কলেজত প্ৰথম লগ পাইছিলোঁ৷ অতি মেধাৱী ছাত্ৰ আছিল৷ চুৰাটৰ পৰা ইলেকট্ৰ’নিক্স আৰু কমিউনিকেচন ইঞ্জিনীয়ৰিঙত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৰ্মক্ষেত্ৰত দোপদ-দোপে উন্নতি কৰে৷ আমেৰিকাৰ কল’ৰাডোত থাকিবলৈ লয়৷ অতি শান্ত শিষ্ট ল’ৰা, প্ৰতিটো কামেই নিখুঁতভাৱে কৰে, নিয়মানুৱৰ্তিতা মানি চলে, সকলোৰে ভালৰ বাবে চিন্তা কৰে, সকলোকে সহায়ৰ হাত আগবঢ়ায়৷ সেয়ে তেওঁ সকলোৰে প্ৰিয় আছিল৷ ২০১৩ চনত তেওঁৰ দেহত দূৰাৰোগ্য ৰোগ ধৰা পৰে৷ আমেৰিকাত উন্নত চিকিৎসা লৈ থাকে৷ ২০১৯ চনত অসমলৈ আহোঁতে লগ পাইছিলোঁ৷ তিনিবছৰ পিছত যোৱা জুলাই মাহত তেওঁ পুনৰবাৰ গুৱাহাটীলৈ আহে৷ ইতিমধ্যে তেওঁৰ শৰীৰ ভাগি পৰিছে৷ বহুত কষ্ট পাইছিল, ২৪ ঘণ্টাই দেহত তীব্ৰ বিষ অনুভৱ কৰিছিল৷ মাকক শেষ বাৰলৈ চাবলৈ আহিছিল৷ চকুপানীৰে তেওঁক বিদায় দিলোঁ৷ আমেৰিকা গৈয়ে তেওঁৰ বেমাৰ বাঢ়ি যায়, কথা ক’বলৈ প্ৰায় নোৱৰা হৈ পৰে৷ চেপ্তেম্বৰ মাহৰ শেষৰফালে ডাক্তৰে প্ৰয়োজনীয় পৰীক্ষাৰ টেষ্ট ৰিপোৰ্ট চাই ৰোগী আৰু পৰিয়ালৰ লোকৰ লগত কথা পাতিলে৷ ডাক্তৰৰ মতে ৰোগী এমাহতকৈ বেছিদিন জীয়াই নাথাকে, সেয়ে ৰোগৰ ঔষধ সম্পূৰ্ণকৈ বন্ধ কৰি পেলিয়েটিভ কেয়াৰ লৈ ঘৰতে ৰাখিবলৈ পৰামৰ্শ দিলে৷ তেনেদৰে ঘৰতে থাকি যোৱা ১২ অক্টোবৰত বন্ধুজনে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃতদেহ তিনিদিন মৰ্গত ৰাখি যোৱা ১৫ অক্তোবৰত পৰিয়াল আৰু বন্ধু বৰ্গই তেওঁক শেষ বিদায় দিয়ে৷ অনলাইন মাধ্যমত নশ্বৰ দেহৰ শেষকৃত সম্পন্ন কৰা মাজ নিশালৈ চালোঁ৷ আজি তেওঁক পুনৰবাৰ সুৱৰিলোঁ, এজন সঁচা অৰ্থত ভাল মানুহ হেৰুৱালোঁ৷
বন্ধুজন গুৱাহাটীত থাকিলে আমি কি কৰিলোহেঁতেন এবাৰ চাওঁচোন৷ দূৰাৰোগ্য ব্যাধিয়ে শেষ পৰ্যায় পোৱা সময়ত, ডাক্তৰে সম্ভাৱ্য ফলাফল জনোৱাৰ পিছতো তেখেতক ঘৰলৈ অনাৰ পৰিৱৰ্তে হাস্পতালতে ৰাখিলোহেঁতেন৷ দিনে ২০ বা ৩০ টা বেজি দি, ৰক্তদানেৰে জীয়াই ৰাখিবলৈ চেষ্টা চলালোহেঁতেন৷ চকু মুদিবৰ সময়ত কৃত্ৰিম শ্বাস-প্ৰশ্বাস বা ভেণ্টিলেচনত আৰু সাত বা দহ দিনলৈ ৰাখিলোহেঁতেন৷ হয়তো বেছি বেঙ্ক বেলেন্স থকা মানুহৰ ক্ষেত্ৰত দুসপ্তাহ বা তিনি সপ্তাহলৈ বেছিদিন থাকিলহেঁতেন ৷ জীৱনৰ শেষ সময়ত কৃত্ৰিম শ্বাস-প্ৰশ্বাসেৰে দুদিন বেছিকৈ জীয়াই থাকি তাৰ পৰা কি লাভ হয় বাৰু? দহ দিন কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰয়োগ কৰা মানে প্ৰায় পাঁচ লাখ টকাৰ খৰচ বহন কৰা৷ ভুক্তভোগী সাধাৰণ পৰিয়াল এটাৰ বাবে ই এক গধুৰ বোজা৷ বহুতে হয়তো ভেটি-মাটি বিক্ৰী কৰিবলগীয়া অৱস্থা হয় বা ধাৰত গললৈকে পোট যোৱা অৱস্থা হয়৷ ৰোগী সুস্থ হ’লে ক’বলৈ একো নাই৷ কিন্তু যি ৰোগী দূৰাৰোগ্য বেমাৰত ভোগে বা যি ৰোগীৰ ভাল হোৱাৰ কোনো সম্ভাৱনা নাথাকে তেনে ৰোগীক এনেদৰে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে হয়তো দুদিন বেছিকৈ জীয়াই ৰাখিব পৰা যায়, কিন্তু তেনে ৰোগী ইতিমধ্যে সংজ্ঞা হেৰুৱায় আৰু তেওঁ দুদিন বা দহদিন জীয়াই থকাৰ কোনো অৰ্থ নাথাকে৷ ইয়াৰ পৰা লাভ হয় কেৱল ব্যক্তিগত হাস্পতালসমূহ৷ তদুপৰি এখন আই.চি.ইউ. বিছনা ৰোগীজনে ৰাখি থলে আন এজন ৰোগী আই.চি.ইউ. বিছনা এখনৰ পৰা বঞ্চিত হয়৷ অসমত যিহেতু আই.চি.ইউ. বিছনাৰ সংখ্যা অতি কম, অনাহকত এজন ৰোগীক ৰখা মানে আন এজন ৰোগীৰ ক্ষতি কৰাহে৷
বন্ধুজনৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৪ বছৰ৷ আমেৰিকাৰ দৰে উন্নত দেশত আৰ্থিকভাৱে স্বচ্ছল শচীনক ঘৰতে শান্তিত মুক্তিলাভ কৰিবলৈ পৰামৰ্শ দিয়া কথাটো মন কৰিবলগীয়া৷ আমাৰ দেশত আশী বছৰৰ ওপৰ বয়সৰ ব্যক্তি এজনো যদি দেহৰ গুৰুত্ত্বপূৰ্ণ অংগ এটা বিকল হৈ পৰে, নিজৰ জ্ঞান হেৰুৱায়, বা দূৰাৰোগ্য বেমাৰত ভুগি শেষ পৰ্যায় পায়, তেখেতকো আমি কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ দ্বাৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ৷ ব্ৰেইন ষ্ট্ৰোক হোৱা বহু ৰোগীৰ অস্ত্ৰোপচাৰ কৰা দেখিছোঁ যি ৰোগী সুস্থ্য হৈ অহাৰ কোনো সম্ভাৱনা নাথাকে৷ মানৱীয়তাক দোহাই দি কেৱল ধন ঘটাৰ বাবেই যে এনে অস্ত্ৰোপচাৰ কৰা হয় তাত সন্দেহ নাথাকে৷ বহুক্ষেত্ৰত ডাক্তৰে কথা পতিবলৈয়ে সময়ে দিব নোৱাৰে, পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰা দূৰৰ কথা৷
জ্যেষ্ঠ সাংবাদিক মুনীন বায়নে সিদিনা মোৰ কথাখিনিৰ সমৰ্থনত কৈছিল যে অলপতে মৃত্যু হোৱা ফৰাচী চলচ্চিত্ৰনিৰ্মাতা জাঁ লুক গডাৰে ৯১ বছৰ বয়সত ডাক্তৰী পৰিভাষাত এছিষ্টেড ছুইছাইড অৰ্থাৎ সহায়লৈ আত্মঘাতীৰ পথ বাছি লৈছিল। তেওঁৰ হেনো গুৰুতৰ বেমাৰ বা স্মৃতিলোপো হোৱা নাছিল। তেওঁৰ চিকিৎসকে জনোৱা মতে – তেওঁ কেৱল ভাগৰি পৰিছিল৷
আমাৰ দেশত এক্তিভ ইউথানাছিয়া বা সক্ৰিয় ইচ্ছামৃত্যুৰ বাবে কোনো আইন নাই৷ সেয়ে সক্ৰিয় ইচ্ছামৃত্যু যেনে ৰোগীয়ে কষ্ট সহ্য কৰিব নোৱাৰি চিকিৎসকৰ সহায়ত নিজৰ দেহত ঔষধ প্ৰয়োগ কৰি সহজে ইচ্ছামৃত্যুৰ পথ বাছি লোৱা আইনৰ ফালৰ পৰা গ্ৰহণযোগ্য নহয়৷ সক্ৰিয় ইচ্ছামৃত্যুৰ সপক্ষে আমি ক’বলৈ যোৱা নাই৷ কিন্তু পৃথিৱীৰ সকলো ঠাইতে পেছিভ ইউথেনেছিয়া বা নিষ্ক্ৰিয় ইচ্ছামৃত্যুক সহজভাৱে গ্ৰহণ কৰি আহিছে৷ পেছিভ ইউথেনেছিয়াত ৰোগীৰ শেষ অৱস্থাত সকলো ধৰণৰ জীৱন ৰক্ষাকাৰী যন্ত্ৰপাতিৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হয় আৰু ৰোগীক চিৰনিদ্ৰাৰ পথ সহজ কৰি দিয়া হয়৷ কেইবাজনো জেষ্ঠ নাগৰিকে তেওঁলোকৰ শেষ সময়ত কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱহাৰ নকৰিবলৈ পৰিয়ালৰ লোকক উপদেশ দিয়া দেখিছোঁ৷
আমি সকলোৱে ভাবোঁচোন মৃত্যু পথযাত্ৰী সকলক লাইফ চাপোৰ্টত ৰখা কিমান যুক্তি সংগত৷ চিকিৎসা বিদ্যাৰ উন্নত প্ৰযুক্তিৰ ই অপপ্ৰয়োগ নহয়নে? যি ৰোগী ভাল হোৱাৰ অলপমান সম্ভাৱনা থাকে, তেওঁলোকৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ বেলেগ৷ আইচিইউত ভৰ্তি হোৱা যিকোনো গুৰুতৰ ভাৱে অসুস্থ ৰোগীক মৃত্যুৰ মুখৰপৰা ঘূৰাই আনিবলৈ সকলো প্ৰকাৰৰ চিকিৎসা আৰু জীৱনদান দিব পৰা সকলো উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব, যেতিয়ালৈকে এইটো স্পষ্ট নহয় যে ৰোগে শেষ পৰ্যায় পাইছে আৰু চিকিৎসাৰ সকলো প্ৰচেষ্টা নিষ্ফল হোৱাৰ দিশত আগবাঢ়িছে। এতিয়া ৰোগৰ শেষ পৰ্যায় পাইছে নে নাই সেয়া নিৰ্ণয় কৰিব লাগিব কেৱল চিকিৎসকেহে৷
এই বিষয়ত জনসাধাৰণৰ মাজত আলোচনা আৰু বিতৰ্কৰ নিশ্চয় প্ৰয়োজন আছে৷ কাৰণ বহুপৰিয়াল ৰোগীৰ শেষ পৰ্যায়ৰ চিকিৎসাৰ বাবে সৰ্বস্বান্ত হোৱা চকুৰ আগত দেখিছোঁ৷ জনসাধাৰণক এইক্ষেত্ৰত সঠিক পথ দেখুৱাবলৈ অসমৰ চিকিৎসকসকলৰো এটা নৈতিক দায়িত্ব আছে৷ ভাৰতীয় চিকিৎসা পৰিষদে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত এক গ্ৰহণযোগ্য নীতি নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা থাকিল৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!