শিক্ষকতা জীৱনৰ কিছু অনুভৱ -১৯ (নিবেদিতা বৰি)

শিক্ষকতা জীৱনৰ কিছু অনুভৱ -১৯

 

 

“জাজি আৰ্ট এন্ড ক্ৰাফ্ট” নামেৰে এখন ফৰ্ম, দাম-১৫০ টকা, সদৌ অসম ভিত্তিত ছবি অঁকা প্ৰতিযোগিতা পাতিছে। প্ৰথম পুৰষ্কাৰ ৩০০০ টকা, দ্বিতীয় পুৰষ্কাৰ ২,০০০ টকা আৰু তৃতীয় পুৰষ্কাৰ ১০০০ টকা, তদুপৰি সকলো প্ৰতিযোগীয়ে পাব এখন মানপত্ৰ আৰু এখন আকৰ্ষণীয় কিতাপ য’ত থাকিব প্ৰতিজন প্ৰতিযোগীয়ে অঁকা ছবি সহ নিজৰ ফটো; সঁচাই আকৰ্ষণীয় প্ৰতিযোগিতা। প্ৰতিযোগিতা পতা ব্যক্তিগৰাকীয়ে নিজেই আহি ফৰ্ম দি প্ৰতিযোগিতাৰ নিয়মাৱলী শিৱানীহঁতক শিকাই গ’লহি। শিৱানীহঁতৰ নিকেতনৰ “ক” আৰু “খ” শাখাৰ মুঠতে সত্তৰজন ছাত্ৰই প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে ফৰ্ম ফিলআপ কৰিলে আৰু জমাও দিলে। নিজে অঁকা ছবি আৰু নিজৰ ফটো থকা এখন ধুনীয়া কিতাপ পুৰষ্কাৰ পাব, তেনে আশা লৈ প্রতিযোগীসকলে ফৰ্ম জমা দিলে। তাৰপিছত এমাহ, দুমাহ…….ছমাহ পাৰ হৈ গ’ল, একো খবৰ নাই। ছাত্ৰ-ছাত্ৰীসকলে আচাৰ্যসকলৰ পৰা আৰ্ট প্ৰতিযোগিতাখনৰ ফলাফল জানিবৰ বাবে খবৰ লৈ থাকিল। তেনেতে এদিন খবৰ ওলাল ফলাফল বোলে দৈনিক কাকত এখনত প্ৰকাশ পাইছিল। শিৱানীহঁতৰ নিকেতনৰ জুতিস্মৃতাই বোলে তৃতীয় স্থান লাভ কৰিছিল। পিছে সেই কথা শুনাতে থাকিল। কাৰণ আজি তিনিবছৰে তাই ৩য় পুৰষ্কাৰৰ যি ১,০০০ টকা সেয়া হ’লে নাপালে। আনহাতে কিতাপখন হ’লেও পাম বুলি আশা কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতা পতা মানুহজনে দিয়া ফ’ন নম্বৰত ফ’ন লগালে সদায় চুইচ অফেই পায়।

হঠাৎ এদিন শিৱানীহঁতৰ কমন ৰূমত এই ব্যক্তিজনৰ কথা ওলাল। এজনে খবৰ দিলে এনেদৰে পতা ভুৱা আৰ্ট কম্পিটিছনৰ টকাৰে তেওঁ হেনো বিয়া পাতিবলৈ যি অভাৱ হৈ আছিল তাত সেই টকাখিনি খৰচ কৰিলে। অৱশ্যে কথাটো মিছা নহ’বও পাৰে, কাৰণ নিকেতনৰ পৰাই মানুহজনে ১০,৫০০.০০ টকা ঘটিলে। তেনেদৰে সদৌ অসম ভিত্তিত পতা প্ৰতিযোগিতা বুলি আৰু বা কেইখন স্কুলৰ পৰা এনেদৰে টকা লুটিলে কোনে জানে?

শিৱানীহঁতৰ নিকেতনখন সৰু টাউনখনৰ মাজমজিয়াত, ল’ৰা-ছোৱালী তথা অভিভাৱকসকলে অকল পঢ়া-শুনা বুলিয়েই নহয়, গান, নাচ, ছবি, সাহিত্য যিকোনো ক্ষেত্ৰতেই সেই অঞ্চলত য’তেই যি প্ৰতিযোগিতা নাপাতক ছাত্ৰ-ছাত্ৰীসকলে যোগদান কৰি ৰাইজৰ চকুত পৰাকৈ যোগ্যতা প্ৰদৰ্শন কৰে। ইমান দিনে শিৱানীয়ে কিন্তু প্ৰতিযোগিতাৰ নামত ভেকো-ভাওনা দেখা নাছিল, কিন্তু আজিকালি মাজে মাজে ভুৱা প্ৰতিযোগিতা একোখনৰ মুখামুখি হ’ব লগা হৈছে। দোকানত আলু কিনিবলৈ যাওঁতে গেলা আলু বচাৰ দৰে বৰ্তমান শিৱানীহঁতে এনেদৰে ফৰ্ম ফিলআপ কৰি টকা জমা দি পতা প্ৰতিযোগিতাবিলাক সঁচা নে ভুৱা চালিজাৰি চাবলৈ বাধ্য হ’ব লগা হৈছে। কাৰণ তেনেধৰণৰ কেইবাটাও পৰিস্থিতিয়ে সাৱধান হ’বলৈ বাধ্য কৰাইছে। সৌ সিদিনা আহিল আকৌ ল’ৰা এটাই ফৰ্ম এসোপা লৈ, সদৌ অসম ভিত্তিত নাচৰ প্ৰতিযোগিতা পাতিছে “কাজিৰঙা চাৰু-কাৰু-কলা সংগীতানুষ্ঠান” নামৰ প্ৰতিষ্ঠান এটাই। প্ৰতিযোগিতাখন প্ৰথমে জিলাভিত্তিত, তাৰপিছত ৰাজ্যিক ভিত্তিত পতা হ’ব।প্ৰথম ৰাউণ্ডত ৫০ জন প্ৰতিযোগী বচা হ’ব আৰু টেলিভিছনৰ কোনোবা এটা চেনেলত লাইভ প্ৰচাৰো হ’ব। প্ৰধান আচাৰ্যই শিৱানীকে ইয়াৰ দায়িত্ব দিলে, পিছে তাই এইবাৰ সাৱধান হ’ল। তাই নিজে ফৰ্মৰ দায়িত্ব নল’লে বৰঞ্চ প্ৰতিযোগিতা পতা প্ৰতিষ্ঠানৰ ফ’ন নম্বৰ লৈ ইচ্ছুক প্ৰতিযোগীৰ অভিভাৱকসকলক নিজে কথা পতাৰ সুবিধা কৰি দিলে , কিন্তু গম পোৱা গ’ল সেই একেই ভুৱা বেপাৰী, মাত্ৰ তিনিজন ছাত্ৰৰ পৰা ফৰ্মৰ দাম ১০০ টকাকৈ মুঠ ৩০০ টকা লৈ ফৰ্ম দিবলৈ অহা ল’ৰাজন উধাও হ’ল। (আগলৈ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!