সংগ্ৰাম কৰি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা এজন অভিনেতাৰ কাহিনী।

লেখক- জয়ন্ত প্ৰীতম

আজিৰ তাৰিখত চলচ্চিত্ৰ প্ৰেমীৰ বাবে চিলভেষ্টাৰ ষ্টেল’ন এটা অতি চিনাকি নাম। অতি কম সংখ্যক দৰ্শক আছে যি তেওঁৰ পৃথিৱী বিখ্যাত ছবি ‘দা ৰকী’ চোৱা নাই বা ছবিখনৰ বিষয়ে শুনা নাই। বিশ্ব চলচ্চিত্ৰৰ ইতিহাসত এই ছবিখনৰ নাম আৰু চিলভেষ্টাৰ ষ্টেল’নৰ নাম সোণালী আখৰৰে লিখা থাকিব। তেওঁৰ এই চিনেমাখনে সোঁৱৰাই থাকিব যে আচলতে পৃথিৱীত অসাধ্য বুলি একো কথা থাকিব নোৱাৰে। যদি আপুনি তেওঁৰ বিষয়ে আগতে কেতিয়াও শুনা নাই বা তেওঁৰ ‘দা ৰকী’ চিনেমাখন চোৱা নাই তেন্তে আপুনি ভাবিছে চাগে মই অলপ অতিৰঞ্জিত কৰি কথাবোৰ লিখিছোঁ। আপুনি ভাবিছে চাগে চিলভেষ্টাৰ ষ্টেল’নে এনেকুৱা কি কৰিলে বা তেওঁৰ ছবিখনত এনেকুৱা কি আছেনো যাৰ বাবে তেওঁ আজি ইমান বিখ্যাত। তেন্তে আহকচোন অলপ বহলাই তেওঁৰ বিষয়ে জানো।

প্ৰসৱ জটিলতাৰ বাবে চিলভেষ্টাৰ ষ্টেল’নৰ জন্মৰ সময়ত চিকিৎসকে মাতৃৰ গৰ্ভৰ পৰা ষ্টেল’নক উলিয়াই আনিবলৈ দুডাল চেপেনাৰ সহায় ল’বলগীয়া হৈছিল। এই প্ৰক্ৰিয়াত কেনেবাকৈ ষ্টেল’নৰ মুখৰ এডাল স্নায়ুকোষৰ ক্ষতি হৈছিল। ইয়াৰ ফলস্বৰূপে ষ্টেল’নৰ মুখমণ্ডলৰ বাওঁফালৰ ওঁঠ, জিভা আৰু থুঁতৰিৰ কিছু অংশ আংশিকৰূপে অচল হৈ পৰিছিল। এই বিসংগতিৰ ফলত ষ্টেল’নৰ মুখৰ আকৃতি অলপ আনতকৈ বেলেগ হৈ পৰিছিল। পৰৱৰ্তী সময়ত প্ৰবল ইচ্ছা শক্তিৰ বলত তেওঁ এই বিসংগতি অতিক্ৰম কৰিছিল।
সৰু কালৰ পৰাই ষ্টেল’নৰ জীৱনটো আছিল সংঘৰ্ষৰে পৰিপূৰ্ণ। পিতৃ-মাতৃৰ মাজত পাৰিবাৰিক সম্পৰ্ক ভাল নোহোৱাৰ ফলত পাঁচ বছৰলৈকে অনাথ আশ্ৰমত জীৱন কটাবলগীয়া হৈছিল। এনেকুৱা পৰিস্থিতিত শিশু ষ্টেল’নৰ মনটো অস্থিৰতাৰে ভৰি পৰিছিল। পাৰিবাৰিক সমস্যাৰ বাবে পঢ়া-শুনাত ভালদৰে মনোনিবেশ কৰিব নোৱাৰাৰ ফলত কেইবাখনো স্কুলৰ পৰা ষ্টেল’নক বহিষ্কাৰ কৰা হৈছিল। এনেদৰেই দিনবোৰ পাৰ হৈ গৈ আছিল। এনেকুৱা সময়বোৰতে লাহে লাহে ষ্টেল’নৰ মনত চলচ্চিত্ৰ অভিনেতা হোৱাৰ হেঁপাহ জাগি উঠিল।

কিন্তু কোনোবাই জানো হ’ম বুলি ভাবিলেই অভিনেতা হ’ব পাৰে। ষ্টেল’নৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল। অভিনেতা হোৱাৰ হেঁপাহ লৈ নিউৰ্য়ক মহানগৰলৈ আহিছিল যদিও কোনেও তেওঁক অভিনয় কৰাৰ সুযোগ দিয়া নাছিল। ফলত জীয়াই থাকিবলৈ ষ্টেল’নে চিৰিয়াখানাৰ সিংহৰ গৰাল চাফা কৰাৰ পৰা আৰম্ভ কৰি চিনেমা হলৰ দাৰোৱান হোৱালৈকে যি কাম পাইছিল সেই সকলো কাম কৰিছিল। এনেকুৱা পৰিস্থিতিত যিকোনো ব্যক্তিয়েই নিশ্চিত ৰূপে হতাশ হৈ পৰিলহেঁতন। কিন্তু চিলভেষ্টাৰ ষ্টেল’ন হতাশ হোৱা নাছিল। তেওঁ জানিছিল যে জীৱনত এদিন তেওঁ সফল হ’বই হ’ব। সেয়ে এই সময়খিনিত তেওঁ নিৰাশ নহৈ চিনেমাৰ কাহিনী লেখাত মনোনিবেশ কৰিলে।

অৱশ্যে তেওঁৰ জীৱন সংগ্ৰাম ইমানতে শেষ হোৱা নাছিল। তেওঁৰ জীৱনলৈ আৰু বেয়া দিন আহিবলৈ তেতিয়াও বাকী আছিল। এনেকুৱা এটা সময় আহিছিল যে ষ্টেল’নৰ ঘৰভাৰা দিবলৈয়ো হাতত টকা নাছিল। ফলত তেওঁ বাছ আস্থানত নিশা কটাবলগীয়া হৈছিল। খাবলৈ পইছা নথকাৰ বাবে একমাত্ৰ প্ৰিয় সংগী পোহনীয়া কুকুৰটোক মাত্ৰ ২৫ মাৰ্কিন ডলাৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ষ্টেল’নে পিছত কৈছিল যে যিদিনা তেওঁ প্ৰিয় কুকুৰটো বিক্ৰী কৰিবলগীয়া হৈছিল সেইদিনা তেওঁ যথেষ্ট কান্দিছিল। এই ঘটনাৰ দুসপ্তাহৰ পিছত তেওঁ বিখ্যাত মুষ্টিযোদ্ধা মহম্মদ আলি আৰু চাক ৱেপনাৰৰ এখন মুষ্টিযুদ্ধ চাবলৈ গৈছিল। এই মুষ্টিযুদ্ধ চাই ষ্টেল’নে দা ৰকী চলচ্চিত্ৰখনৰ কাহিনীটো লেখাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে। সেইদিনাই তেওঁ প্ৰায় ২০ ঘণ্টা সময় একেলেঠাৰিয়ে লিখি সম্পূৰ্ণ কৰে ৰকী চিনেমাখনৰ কাহিনী।

ষ্টেল’নে চিনেমাখনৰ কাহিনীটো লৈ এইবাৰ চলচ্চিত্ৰ প্ৰযোজকৰ কাষ চাপিল। কাহিনীটো পঢ়ি প্ৰযোজকে ভাল পালে আৰু ষ্টেল’নক এক লাখ পঁচিছ হাজাৰ মাৰ্কিন ডলাৰ দি কাহিনীটো কিনিব বিচাৰিলে। ষ্টেল’নে তেতিয়া প্ৰযোজকক এটা চৰ্ত দিলে। সেই চৰ্তটো আছিল, ষ্টেল’নে তেতিয়াহে কাহিনীটো চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ দিব যেতিয়া ষ্টেল’নক ছবিখনৰ মুখ্য অভিনেতা হিচাপে অভিনয় কৰিবলৈ সুযোগ দিয়া হ’ব। প্ৰযোজক সেই কথাত মান্তি নহ’ল। ফলত ষ্টেল’ন সেইদিনা খালী হাতে ঘৰলৈ উভতিল। এবাৰ আপুনি ভাবি চাওকচোন কথাটো। যিটো সময়ত ষ্টেল’নৰ খাবলৈ পইছা নাছিল তেনেকুৱা পৰিস্থিতিত এক লাখ পঁচিছ হাজাৰ মাৰ্কিন ডলাৰ তেওঁ গ্ৰহণ নকৰিলে কেৱল এটা কাৰণেই আৰু সেইটো হ’ল তেওঁৰ চৰ্তটো প্ৰযোজকে মানি ন’ললে। প্ৰযোজকে ইয়াৰ পিছত ষ্টেল’নক দুই লাখ পঞ্চাশ হাজাৰ মাৰ্কিন ডলাৰ দি কাহিনীটো কিনিব খুজিলে কিন্তু ষ্টেল’নে তেতিয়াও কাহিনীটো বিক্ৰী নকৰিলে। তৃতীয়বাৰ প্ৰযোজকে তিনি লাখ পঞ্চাশ হাজাৰ দিলে তথাপিও ষ্টেল’নে কাহিনীটো বিক্ৰী নকৰিলে। হয়তো ষ্টেল’নে বিশ্বাস কৰিছিল যে তেওঁ লিখা এই কাহিনীটোৱে তেওঁক এদিন বিখ্যাত কৰি তুলিব। সেয়ে তেওঁ নিজৰ বিশ্বাসত অটল হৈ থাকিল। ষ্টেল’নৰ আত্মবিশ্বাসৰ বাবেই হয়তো প্ৰযোজকে মান্তি হৈ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিলে। কিন্তু প্ৰযোজকে এইবাৰ কাহিনীটোৰ বাবদ কেৱল পঁয়ত্ৰিশ হাজাৰ মাৰ্কিন ডলাৰ দিলে। অৱশ্যে এই কথাটোক লৈ ষ্টেল’নৰ মনত কোনো আক্ষেপ নাছিল। অৱশেষত বহু আকাংক্ষিত চিনেমাখন নিৰ্মাণ হ’ল। ইয়াৰ পিছৰখিনি কেৱল মাত্ৰ ইতিহাস। সেই বছৰতে তিনিটা শাখাত অস্কাৰ লাভ কৰিলে চিনেমাখনে। ষ্টেল’নক শ্ৰেষ্ঠ অভিনেতাৰ বাবে অস্কাৰলৈ মনোনয়ন কৰা হ’ল। আমেৰিকাৰ চলচ্চিত্ৰৰ তালিকাত ‘দা ৰকী’ চিনেমাখন সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপেও স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ষ্টেল’নে পোৱা পঁয়ত্ৰিশ হাজাৰ টকাৰে প্ৰথম কি কৰিলে আপুনি জানেনে? প্ৰথমেই তেওঁ টকাৰ অভাৱত বিক্ৰী কৰি দিয়া মৰমৰ কুকুৰটোক পুনৰ ক্ৰয় কৰি আনিলে। পিছে পঁচিছ মাৰ্কিন ডলাৰত বিক্ৰী কৰা কুকুৰটো তেওঁ পোন্ধৰ হাজাৰ মাৰ্কিন ডলাৰত ক্ৰয় কৰিবলগীয়া হ’ল। অৱশ্যে ষ্টেল’নে কুকুৰটোক ইমান মৰম কৰিছিল যে পোন্ধৰ হাজাৰ মাৰ্কিন ডলাৰ দি কুকুৰটো কিনিবলৈ তেওঁ সামন্যতমো কুণ্ঠাবোধ কৰা নাছিল।

বৰ্তমান ষ্টেল’নৰ বয়স ৭১ বছৰ। তেওঁ এতিয়াও অভিনয় কৰে। চলচ্চিত্ৰৰ কাহিনী লিখে। লগতে চলচ্চিত্ৰ পৰিচালনা কৰে। বৰ্তমান ষ্টেল’নৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় পাঁচ হাজাৰ কোটি টকা। সফল নোহোৱালৈকে জীৱনত যে কেতিয়াও হাৰ মানিব নালাগে সেয়া তেওঁ প্ৰমাণ কৰি দেখুৱালে। যদি জীৱনৰ লক্ষ্য সঠিক থাকে, সেই লক্ষ্যত উপনীত হ’বলৈ যদি কঠোৰ সংগ্ৰাম কৰিবলৈ ধৈৰ্য আৰু সাহস থাকে তেন্তে সফলতাই এদিন সংগ্ৰামীজনৰ লগ দিবই।

ষ্টেল’নৰ জীৱন সংঘৰ্ষৰ পৰা আমি শিকা দুটা গুৰুত্বপূৰ্ণ কথা। প্ৰথম, সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। যদি ষ্টেল’নে তিনি লাখ পঞ্চাশ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত তেওঁৰ কাহিনীটো বিক্ৰী কৰিলেহেঁতেন তেন্তে হয়তো তেওঁ কেতিয়াও পৃথিৱী বিখ্যাত অভিনেতা হ’ব নোৱাৰিলেহেঁতেন। তেওঁ নিজৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু টকা পইছাই তেওঁক তেওঁৰ লক্ষ্যত উপনীত হোৱাৰ পৰা বাধা দিব পৰা নাছিল। যদিও তেওঁ দুখীয়া আছিল কিন্তু হাৰ মনা নাছিল। সেয়ে কেতিয়াও মানুহে ক্ষন্তেকীয়া লাভৰ কথা নাভাবি দীৰ্ঘম্যাদী লাভৰ কথা ভাবিব লাগে।

দ্বিতীয়তে, সফল জীৱনৰ আগৰছোৱা সময় সদায় কঠিন হয়। কঠিনতকৈও কঠিন দিনৰ মাজেৰে সময় পাৰ কৰিছিল ষ্টেল’নে। বাছ আস্থানত নিশা কটাবলগীয়া হৈছিল। কিন্তু আজি তেওঁ ৫০০০ কোটি টকাৰ মালিক। যদি তেওঁ নিজৰ লক্ষ্য পৰিহাৰ কৰিলেহেঁতেন তেন্তে তেওঁৰ যি নাম আৰু খ্যাতি সেয়া হয়তো সম্ভৱ নহ’লহেঁতেন। সেয়ে মানুহে নিজৰ সপোন আৰু লক্ষ্য প্ৰাপ্তিৰ পথ কষ্টকৰ হ’লেও ত্যাগ কৰিব নালাগে। যেতিয়াই জীৱনলৈ বেয়া দিন আহে আৰু নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা যেন লাগে তেতিয়াই আৰু দুগুণ উৎসাহেৰে নিজৰ লক্ষ্য পথত আগুৱাই যাব লাগে।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!