সমাজৰ পাৰিপাৰ্শ্বিকতাত নাৰীৰ ভূমিকা (দুলাল বৰুৱা)

সমাজৰ পাৰিপাৰ্শ্বিকতাত নাৰীৰ ভূমিকা

দুলাল বৰুৱা

 

এক সুন্দৰ জীৱন যাপনৰ বাবে লাগতিয়াল সকলোখিনি প্ৰকৃতিয়ে আমাক দিছে। পৃথিৱী সৃষ্টি হোৱা দিনৰেপৰা জীৱ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। মানুহ, জীৱ জন্তু আৰু গছ-গছনি জীয়াই থাকিবলৈ প্ৰকৃতিয়ে দান কৰিছে এক সুস্থ পৰিবেশ। আমাৰ চাৰিওফালে থকা পাৰিপাৰ্শ্বিক অৱস্থা গঢ় লৈ উঠিছে বায়ু, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু আদি উপাদানেৰে। সময় অনুসৰি পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন অনিবাৰ্য। জীৱ জগতৰ জীৱন যাত্ৰাত ইয়াৰ প্ৰভাৱ পৰে আৰু ইয়াৰ উপাদান সমুহৰ মাজতো নানা ধৰণৰ ক্ৰিয়া-কলাপ সংঘটিত হয়। পাৰিপাৰ্শ্বিক অৱস্থা দুই ধৰণৰ, প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা আৰু মানৱ সৃষ্ট সমাজ সাংস্কৃতিক পাৰিপাৰ্শ্বিক অৱস্থা। প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাৰ উপাদান সমুহ হ’ল: মাটি, পানী, বায়ু, গছ-গছনি ইত্যাদি। আনহাতে মানৱ সৃষ্ট সমাজ সাংস্কৃতিক পাৰিপাৰ্শ্বিক অৱস্থাৰ উপাদান সমুহ হ’ল: ব্যক্তি, পৰিয়াল, সমাজ, সামাজিক ৰীতি-নীতি, উত্‍সৱ-পাৰ্ৱণ, ঘৰ-দুৱাৰ, আলি-পদূলি, বজাৰ-সমাৰ, আইন-কানুন, ধৰ্ম-আচাৰ, ব্যৱহাৰ আদি। ঠাই বিশেষে অঞ্চলৰ পৰিবেশ ভিন্ন হয়। গাঁও, চৰ-চাপৰি, নগৰ-চহৰ বা অন্য অঞ্চলৰ পৰিবেশ সম্পূৰ্ণ বেলেগ বেলেগ। ‘পাৰিপাৰ্শ্বিকতাত নাৰীৰ ভূমিকা’ৰ দিশটো আলোচনা কৰাৰ আগতে আমি পাৰিপাৰ্শ্বিক অৱস্থাৰ মূল উপাদানবিলাকৰ কথা কিছু আলোচনা কৰা ভাল হ’ব।

সামাজিক আৰু সাংস্কৃতিক পৰিবেশ: মানৱ সৃষ্ট সামাজিক সুস্থ পৰিৱেশে দেশ আৰু মানৱ জাতিৰ কল্যাণ সাধন কৰে। বৰ্তমান সমাজখন ব্যক্তিকেন্দ্ৰিক হোৱাৰ বাবে সমাজৰ কথা চিন্তা কৰাত কৈ নিজ স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়। মানুহে ত্যাগ আৰু সহযোগৰ কথা পাহৰি যোৱাৰ ফলত সামাজিক অৱক্ষয় ঘটিছে। ফলত সমাজ প্ৰদূষিত হৈছে। আমাৰ সমাজখনক কু-সংস্কাৰ, অন্ধ-বিশ্বাস, অনগ্ৰসৰতাই গ্ৰাস কৰাৰ ফলত আজিও ডাইনী হত্যা, মদৰ প্ৰকোপত হোৱা সামাজিক বিশৃংখলতা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনকো অপসংস্কৃতিয়ে বজৰুৱা কৰি গোটেই মানৱসৃষ্ট সমাজ সংস্কৃতিৰ পৰিবেশ প্ৰদুষিত কৰিছে।

মাটি: পৃথিৱীৰ উপৰিভাগৰ পাৰিপাৰ্শ্বিক বাতাৱৰণ নিৰ্ধাৰণ কৰে মাটিয়ে। মাটি হ’ল পৰিবেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। প্ৰাণী আৰু উদ্ভিদৰ সৰহ ভাগৰে বসতিস্থল মাটি। জীৱ জগতৰ সকলো ক্ৰিয়া-কলাপ সুকলমে চলি থাকিবলৈ মাটিত থকা জৈবিক পদাৰ্থ, বায়ু, পানী আদি অক্ষত অৱস্থাত থকা উচিত। আজি-কালি ঠাইৰ অভাৱৰ বাবে ঘৰুৱা আৱৰ্জনা, জীৱজন্তুৰ মল-মুত্ৰ আদি যি কোনো ঠাইতে পেলায়। এজাক বৰষুণ দিয়াৰ লগে লগে ই এক বিকৃত পৰিবেশ সৃষ্টি কৰে।

পানী: পানী অবিহনে জীৱ-জন্তু, গছ-গছনি জীয়াই থকা অসম্ভৱ। পৃথিৱীৰ প্ৰায় তিনি-চতুৰ্থাংশ পানীৰে ভৰি আছে যদিও সকলো ঠাইৰে পানী খোৱাৰ উপযোগী নহয়। বিভিন্ন অঞ্চলত স্থাপিত উদ্যোগ সমূহে পানী প্ৰদূষিত কৰিছে। বহু অঞ্চলত পানী যোগান আঁচনি আছে কিন্তু জনসংখ্যাৰ তুলনাত টেপৰ সংখ্যা কম। টেপ সমুহত মানুহে গা-পা ধোৱা, কাপোৰ কানি ধোৱা, ৰাতিপুৱাই মুখ হাত ধোৱা দেখা যায়। টেপৰ পানী বিশুদ্ধ হ’লেও ইয়াৰ ওচৰে পাজৰে থকা ঠাই সমূহ অপৰিস্কাৰ হোৱাৰ বাবে নানা বেমাৰৰ সংক্ৰমণ হোৱা দেখা যায়।

বায়ু: পৰিবেশৰ এক গুৰুত্বপূৰ্ণ উপাদান হ’ল বায়ু। ইয়াৰ অবিহনে জীৱ-জন্তু জীয়াই থকা অসম্ভৱ। নিৰ্মল বায়ুয়ে এক সুস্থ পৰিবেশৰ সৃষ্টি কৰে। কিন্তু মানুহ আৰু প্ৰকৃতিৰ কাৰ্য কলাপে বায়ু প্ৰদুষিত কৰিছে। প্ৰাকৃতিক পৰিঘটনা, আৱৰ্জনা, যানবাহনৰ পৰা হোৱা প্ৰদুষণ, ঔদ্যোগিক প্ৰতিক্ৰিয়া, পাৰমাণৱিক পৰীক্ষা আদিৰ পৰা বায়ু প্ৰদূষিত হৈছে। এই প্ৰদুষিত বায়ুৰ বাবে মানুহে বিভিন্ন ৰোগৰ বলি হব লগা হৈছে।

গছ-গছনি: এই গছ-গছনিয়ে আমাৰ পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। গছ-গছনিয়ে বৰষুণৰ পানী সংৰক্ষণ কৰাত মূখ্য ভূমিকা গ্ৰহণ কৰে আৰু শুকান বতৰত মাটি জীপাল কৰি ৰাখে। গছ-গছনিয়ে প্ৰাকৃতিক পৰিৱেশো মনোমোহা কৰি ৰাখিছে। কিন্ত দুখৰ বিষয় যে আজি কালি মানুহে গছ-গছনি কাটি পৰিবেশ বিনষ্ট কৰিছে। সেয়েহে সুস্থ জলবায়ুৰ অভাৱ অনুভৱ হয়।

শব্দ প্ৰদুষণ: নানা কাৰণত সৃষ্টি হোৱা অসহনীয় আৰু আমনিদায়ক শব্দবোৰে পৰিবেশ সুস্থিৰতাত ব্যাঘাত জন্মাই শব্দ প্ৰদূষণ কৰে।

এতিয়া আহোঁ আমাৰ সমাজত পাৰিপাৰ্শ্বিকতাক লৈ নাৰীৰ ভূমিকা। নাৰী আৰু পুৰুষ একেটা মুদ্ৰাৰ দুটা পিঠি। পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাত নাৰী আৰু পুৰুষ দুয়োজনৰ গুৰুত্ব সমানেই। তথাপি সামাজিক ৰীতি-নীতি মতে নাৰীয়ে হ’ল ঘৰৰ ধৰণী। নাৰীৰ হাতৰ কোমল পৰশত জীপাল হৈ উঠে ঘৰৰ পৰিবেশ। ঘৰখন পৰিস্কাৰ আৰু পৰিচ্ছন্ন কৰি ল’ৰা-ছোৱালী আৰু অন্যান্য সদস্যৰ খোৱা-বোৱাকে আদি কৰি ঘৰৰ চৌপাশ পৰিস্কাৰ পৰিচ্ছন্ন কৰা নাৰীসকলৰ হাততে নিৰ্ভৰ কৰে ঘৰখনৰ সুস্থ পৰিবেশ। সমাজৰ বিভিন্ন নীতি-নিয়মৰ উপৰিও গাওঁ, বস্তি বা চহৰ অঞ্চলত থকা পানী যোগান, ৰেচনপাতি, বসতিস্থান আদিৰ উন্নয়নৰ দায়িত্ব নাৰীসকলে গ্ৰহণ কৰিব পাৰে। চৰকাৰে দিয়া বিভিন্ন আঁচনি বোৰ সঠিক সময়ত সামাধা হৈছে নে নাই তাত নাৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে। শিক্ষিত মহিলাখিনি এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে। মহিলাসকলে বিভিন্ন সংগঠন বা স্বেচ্ছাসেৱী সংগঠন সমূহৰ লগ লাগি পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰখাত বলিষ্ঠ পদক্ষেপ ল’ব পাৰে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে পৰিবেশ সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা আইনসমূহ যেনে : ১৯৭২ চনৰ বন্যপ্ৰাণী ৰক্ষণাবেক্ষণ আইন, ১৯৭২ চনৰ পানী প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ত্ৰণ আইন, ১৯৮১ চনৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন, ১৯৮৬ চনৰ পৰিবেশ সুৰক্ষা আইন, ১৯৮৭ চনৰ শব্দ প্ৰদূষণ আইন আদি আইন সমুহৰ বিষয়ে সকলোকে সজাগ কৰিব পাৰে। তাৰোপৰি পাৰিপাৰ্শ্বিকতাৰ বিষয়ে বিভিন্ন কৰ্মশালাৰ যোগেদি পৰিবেশ সুৰক্ষাৰ সজাগতা আনিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আনহাতে শিক্ষাৰ মাধ্যমত, জনসংযোগৰ মাধ্যমত পৰিকল্পনা কৰি পৰিবেশ আন্দোলন গঢ়ি তুলিবও পাৰে। উক্ত বিষয়বোৰত নাৰীৰ ভূমিকা অনিবাৰ্য্য আৰু অপৰিসীম …….।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!