সম্পাদকীয়

লেখক- উৎপলা কৌৰ

বৰ্ষা গৈ সন্তৰ্পণে শৰতে ভুমুকি মাৰিলে। কঁহুৱা ফুলিল, শেৱালি ফুলিল, আকাশ নিৰ্মল হ’ল, দুবৰীয়ে নিয়ৰৰ মুকুতা পিন্ধিলে! শৰৎ-শেৱালিৰ ফেণ্টাছীত ডুবি থাকোতেই মনে মনে আহি শীতে টোকৰ দিব। শীত মানেই জ্ঞান আৰু বৌদ্ধিকচৰ্চা কৰা লোকৰ বাবে কিতাপৰ বতৰ। এৰা! এইসময়তেই আমি পাওঁ ন ন গ্ৰন্থৰ মন জুৰুৱা সুবাস, গ্ৰন্থমেলাৰ বাকৰিলৈ আমাৰ মন উৰি যায়। এইসময়ৰ প্ৰাকক্ষণতে বিভিন্ন বিষয়ৰ নোবেল বঁটাপ্ৰাপকসকলৰ নাম ঘোষিত হয়। তেতিয়াহে আমি বিশ্বৰ চুকে-কোণে কিমান মহান সাহিত্যৰ সৃষ্টি হৈ আছে তাৰ উমান পাওঁ। জ্ঞান-বৌদ্ধিক দিশত আমি কিমান দীন হৈ আছোঁ সেয়া উপলব্ধি কৰাৰ অৱকাশ পাওঁ। ভাষাৰ সীমাবদ্ধতাই এই উপলব্ধিৰ মূল কাৰণ। আনকি “for the courage and clinical acuity with which she uncovers the roots, estrangements and collective restraints of personal memory” গ্ৰন্থৰ বাবে 2022 চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰা ফৰাচী লেখক এনি আৰঁক্সৰ নাম প্ৰচুৰ অধ্যয়নশীল লোকেও শুনা নাছিল। উদাহৰণ স্বৰূপে ফৰাচী, স্পেনিছ অথবা অন্যান্য ভাষাৰ মহান সৃষ্টিসমূহৰ সোৱাদ পাবলৈ আমি সেইবোৰ ইংৰাজীলৈ অনুবাদ হোৱালৈ অপেক্ষা কৰি থাকিব লাগে। ভাষাৰ মহত্ব এয়াই। আমি আমাৰ যুৱচামক বিদেশী ভাষা শিকাৰ অনুপ্ৰেৰণা দিয়া উচিত। কমবয়সত শিকণ প্ৰক্ৰিয়া দ্ৰুততৰ হয় বাবে মধ্যবয়সীয়া লোকসকলতকৈ তেওঁলোক বেছি পাৰ্গত হোৱাৰ সম্ভাৱনা থাকে। বিদেশী ভাষাৰ শিক্ষা প্ৰদান কৰাৰ বিভিন্ন বেচৰকাৰী শিক্ষানুষ্ঠানো বৰ্তমান উপলব্ধ। খৰচী মাৰি ভাষা এটা শিকি সেইভাষাৰ মহৎ গ্ৰন্থসমূহ আমাৰ ভাষালৈ অনুবাদ কৰিলে পাঠকে বিশ্বসাহিত্যৰ সোৱাদ লাভ কৰাই নহয়, আমাৰ সাহিত্যৰ ভঁৰালো চহকী হ’ব।

 

এই সংখ্যাটোৰ আঁৰত-

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

 

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

 

 

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!