সান্ধ্য বাতৰি (মঞ্জিল কোঁৱৰ)

সান্ধ্য বাতৰি


মঞ্জিল কোঁৱৰ

বিশ্বকৰ্মা পূজাৰ সন্ধিয়া হে’ভেন লাইভ’৩৬৫ৰ কেমেৰাপাৰছন ধৃতৰাষ্ট্ৰৰ সৈতে ৰিপ’ৰ্টাৰ নাৰদ মুনিয়ে আগবঢ়োৱা দুটি প্ৰধান বাতৰি-

১) বিশ্বকৰ্মাৰ অসম ভ্ৰমণ:

আজি বিশ্বখনিকৰ বিশ্বকৰ্মাই এদিনীয়া কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণ কৰিবলৈ যায় আৰু লগতে অসমলৈয়ো এপাক মাৰে। পুৱা সাতমান বজাতেই তেওঁ উৎফুল্লিত মনেৰে, “মে’ড ইন ৰাছিয়া” মহাকাশযানেৰে অসমত প্ৰৱেশ কৰি মাহ-প্ৰসাদ, খিচিৰিৰ সোৱাদ লৈ ৰাইজক আশীৰ্বাদ দি গুৱাহাটীত এখন প্ৰেছ কনফাৰেন্সত ভাগ লয়। তাত তেওঁ অসমীয়া মানুহৰ ৰন্ধনবিদ্যাৰ শলাগ লয় আৰু অহা বছৰৰ বিশ্বকৰ্মা পূজাত খিচিৰিৰ সলনি গাহৰি মাংস ভাতৰ জুতি লোৱাৰ ইচ্ছা প্ৰকাশ কৰে। গাহৰি মাংসৰ কথা শুনি চাৰিওফালৰপৰা জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ শব্দ শুনা যায়।লগতে তেওঁ কিছুমান উন্নয়নমূলক আঁচনিৰ কথাও ৰাইজৰ আগত ব্যক্ত কৰে। ধেমাজিৰ বানাক্ৰান্তসকলৰ কাৰণে তেওঁ কুবেৰৰ উন্নয়ন পূঁজিৰে শীঘ্ৰে পানীৰ ওপৰতে এখন লংকাসদৃশ দীপলিপ নগৰ প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে তাত বান্দৰৰ প্ৰৱেশ নিষিদ্ধ থাকিব। পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ভক্তসকলৰ হাতে হাতে একোখনকৈ বিনামূলীয়া সৌৰশক্তিচালিত বিলাসী গাড়ী প্ৰদান কৰাৰ আঁচনি ঘোষণা কৰে। এই বিষয়ে তেওঁ সূৰ্য দেৱতাৰ লগত কাইলৈ আলোচনাত বহিব আৰু অহাবাৰৰ বিশ্বকৰ্মা পূজাত সৰুসজাই ষ্টেডিয়ামত নিজ হাতে ভক্তসকলক প্ৰদান কৰিব। ইমানদিনে তেওঁৰ শিষ্য হৈয়ো মাৰুতী, টাটা, মহিন্দ্ৰা আদিয়ে এই সৰু কামটোকে কৰিব নোৱাৰা কাৰণে তেওঁ তীব্ৰ গৰিহণা দিয়ে।

২) স্বৰ্গত বন্ধ:

ইফালে স্বৰ্গত টমাছ এডিছন, জৰ্জ ষ্টিফেনছন, মাৰ্কনি, জন বেয়াৰ্ড আদি স্বৰ্গবাসী উদ্ভাৱকসকলে ভাৰতত বিশ্বকৰ্মাৰ কাৰ্যকলাপক লৈ ক্ষুণ্ণ হৈ পৰিছে। তেওঁলোকৰ মতে বিশ্বকৰ্মাই ভাৰতত একনায়কত্ববাদৰ সূচনা কৰিছে আৰু ছলে-বলে-কৌশলে তেওঁলোকৰ জীৱনজোৰা সাধনাৰ কৃতিত্ব কাঢ়ি নি নিজে উপভোগ কৰি আছে। আৰু ইয়াৰ প্ৰতিবাদত কাইলৈ ২৪ ঘণ্টীয়া স্বৰ্গপুৰী বন্ধ ঘোষণা কৰিছে। অৱশ্যে আইনষ্টাইনৰ অনুৰোধত আৰু জনস্বাৰ্থৰ খাতিৰত সূৰ্যদেৱ আৰু পৱনদেৱক বন্ধৰপৰা ৰেহাই দিয়া হৈছে যদিও দুয়োজনে অস্থায়ী কাৰ্যালয়ৰপৰাহে কাম চলাব পাৰিব। কামদেৱেও বিভিন্ন যুক্তি দৰ্শাই ৰেহাইৰ বাবে আবেদন কৰিছিল যদিও তেওঁৰ আবেদন অগ্ৰাহ্য কৰা হয়। ইফালে “সদৌ ইন্দ্ৰপুৰী অপ্সৰা সন্থা”ই এই বন্ধত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে আৰু ক্ষতিপূৰণ দাবী কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!