সুখ আৰু শ্যামলীমাৰ দেশ: ভূটান

লেখক- মধুমিতা বৰুৱা শইকীয়া

পয়োভৰা প্ৰকৃতিয়ে বিলোৱা প্ৰশান্তি আৰু স্থিতপ্ৰজ্ঞ ভাৱনাৰ বন্ধুৰ দেশ,বুদ্ধৰ দেশ ভূটান। চুবুৰীয়া দেশ অথচ আঙুলিয়ে গণিছিল চিমলা, ডেৰাডুন, মৌচুৰীৰ ৰূপৰেখাক। দেখিও নেদেখ হেৰ’ দিনকণাৰ এগৰাকী আছিলোঁ। ভূটানৰ অনবদ্য সুন্দৰতাক দেখি-শুনিও আওকাণ কৰিছিলোঁ। অথচ ভূটানখন যেন এটা হোলোংগছত বাহ লোৱা সৰু চৰাই। জাকৰ মাজত হেৰাই যায় যাৰ পাখিলাহী ফুটকীয়া ৰূপ।
গৈহে উপলদ্ধি কৰিলোঁ, থিম্ফু, পাৰ’ত কেনেকৈ খুন্দ খায় আছে শান্ত সৌম্য জীৱনৰ স্বাদ। নাই কোলাহল, নাই প্ৰাত্যহিকতাক বিদিৰ্ণ কৰা যান-জঁট আৰু বাহনৰ গতিৰ অনাহক প্ৰতিযোগিতা।
উমান ল’বলৈ মন যাব পাঠকৰ, তেনে কিয় গ’লো ভূটানলৈ? কেনেকৈ বুকুত সোমাল ভূটানী হেঁপাহ?
এখন হিন্দী চিনেমা। লান্সবক্স। অতীৱ সুন্দৰ কথাছবিখনত ইৰফান খান,নৱাজ-উদ্দিন-চিদ্দিকী আৰু নিমৰত কৌৰে অনবদ্য অভিনয় কৰিছিল।
জীৱন যাত্ৰাৰ গতানুগতিক কৰ্ষণত বিঘ্নিত হোৱা প্ৰাণে যেন জীৱন-ধাৰণৰ বাবে বিচাৰে অমল প্ৰেম আৰু প্ৰত্যয়। জীৱনৰ ৰস। সুখৰ মৰীচিকাই নহওক কিয়। অৱশ্যে ছবিখনৰ বিস্তাৰিত কাহিনীৰ মাজলৈ টানি লেখাটোৰ মেদ নবঢ়াই উল্লেখ কৰোঁ যে, উক্ত চিনেমাখনৰ সামৰণিটো আচলতে দৰ্শকৰ ওচৰত এৰি দিয়া হৈছে – অপেন এণ্ডিং। তাত নায়িকা নিমৰত কৌৰে শেষত সুখৰ আধাৰ বিচাৰি ভূটানলৈ যাবলৈ বিচাৰে।
..তেতিয়াই সোমাল সুখৰ পোক। সুখ বিচাৰি ভূটানলৈ যামেই। কাক নালাগে সুখৰ সন্ধান? লেণ্ড অৱ হেপীনেছ ভূটান। আমাৰ নামনি অসমৰ দাঁতিত সুখৰ ডঁৰিয়লী ভূটান। নোযোৱাকৈ পাৰিনে?
যাত্ৰা অৱশ্যে আকাশমাৰ্গৰে হ’ল। সীমিত সময়ে বাটৰ পোহাৰ চাবলৈ নিদিলে। দিলে মাথোঁ মেঘৰ মাজৰে উৰিবলৈ। তাকো মাত্ৰ পয়ত্ৰিশ মিনিট।
পাৰ’ বিমানবন্দৰত আমাৰ প্লেনখন নামোতেই থৰ হৈ গ’ল চকু। আকাশমুখী ওখ ওখ পাহাৰৰে পৰিবেষ্টিত বিমানবন্দৰটো যেন এখন সৰগীয় আলয়। ভূটানৰ পৰম্পৰাগত গৃহসজ্জাৰে নিৰ্মিত বিমান-বন্দৰটো কিবা ৰজাৰ ঘৰ যেন লাগিছিল। গা মন শাঁত পৰি গৈছিল। যিমানবোৰ পৰ্যটক বিমানৰ পৰা নামিছিল, সকলোৰে মোবাইলৰ পৰা সৰিছিল এলানি ক্লিক ক্লিক। নসৰিব? মই নদি ক’ব পাৰোঁ, ভূটানলৈ যোৱা সকলো পৰ্য্যটকক বিমানবন্দৰৰ পৰিৱেশ আৰু প্ৰাকৃতিক শোভাই প্ৰথমটো বাণৰে শৰবিদ্ধ কৰে। তাৰ লগে-লগেই প্ৰতিজন পৰ্যটকৰ প্ৰাণত জাগি উঠে বসুন্ধৰাৰ প্ৰতি প্ৰেম। মোৰো ক’বলৈ মন গৈছিল, স্বৰ্গ যদি আছে পৃথিৱীৰ মাজে, ইয়াতেই সি। ইয়াতেই সি ইয়াতেই বিৰাজ। বাপেক-জীয়েকৰ মোবাইলৰ গেলাৰীত তেতিয়াই ভিৰ লাগিল। মই মাথোঁ মন্ত্ৰমুগ্ধ হৈ পৰুৱাই পোৱা মানুহৰ দৰে দিগবিদিক হেৰুৱাই গাৰ কাপোৰখন মেৰিয়াই ল’লোঁ। ঠাণ্ডা এছাটি বতাহে কৈ গ’ল যেন আহা ইয়াত তোমাৰ গুৱাহাটীৰ গেলা গৰম নাই। সেইকেইটা দিনত বৰ গৰম পৰিছিল, সকাহ পাইছিলোঁ সঁচাকৈ।
যাৱতীয় আনুষ্ঠানিকতাৰ পাছত, আমাক ভূটানৰ ঘেৰটোত সোমাবলৈ দিলে। পকা থেকেৰাৰ দৰে বিমানকৰ্মীবোৰে চিম ল’বলৈ দেখুৱাই দিলে। ইংৰাজী ক’বলৈ গৈ লটি-ঘটিৰ সন্মুখীন হোৱাতকৈ ,পাহাৰ চোৱাই ভাল। বাপেক-জীয়েকে হাতত চিমখন দিলে। ধন্যবাদ নিদিলোঁ। গেলা গৰমত গুৱাহাটীত ভাত ৰান্ধি খুৱাই আহিছোঁ। এইখিনি বানচ মোক লাগিবই।
থলুৱা সাজ পিন্ধা থুলন্তৰ ড্ৰাইভাৰজনে গাড়ী ৰখালেহি। এওঁলোকে ভ্ৰমণ সমন্ধীয় কথাবোৰৰ ওৰ ল’লে তেওঁৰ পৰা। মই লেডী ডায়েনাৰ দৰে গাড়ীৰ চিটত হেলান দিলোঁ। পাৰ’ৰ পৰা গাড়ী তেতিয়া থিম্ফু অভিমূখী হৈছিল। মৃদু গতিত বাজিল ভূটানী সংগীত। জীয়ৰীৰ আকৌ মোৰ বাবে বৰ লাজ, মনে মনে ক’লে – এতিয়াৰ পৰাই তই লগে-লগে নাগাবি দেই মা।
কবলৈ গ’লে মোৰ এইটো ভ্ৰমণ কাহিনী নহয়, ভ্ৰমণৰ মেলহে। গতিকে ভূটানৰ ভৌগোলিক সীমা, অৱস্থিতি, ৰাজনৈতিক অৰ্থনৈতিক অৱস্থা সম্পৰ্কীয় কথাবোৰৰ সম্যক বিৱৰণ কিমান দিব পাৰিম নাজানো। এনেও ভ্ৰমণৰ সময়কণত ময়ো ভ্ৰাম্যমাণ হৈ যাওঁ। নিচাগ্ৰস্তৰ দৰে এই পাহাৰ, এই ভৈয়াম এই বজাৰৰ অলিয়ে-গলিয়ে আত্মবিস্মৃত হৈ মন-গহনত সোমাই যাওঁ। পাহাৰৰ, বতাহৰ, ৰ’দৰ জানো সীমা থাকে? পৃথিৱীখনেইতো আমাৰ ঘৰ। জাগতিক কথাবোৰ পাহৰিবৰ বাবেই মই মোৰ ভ্ৰমণৰ সময়বোৰ আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰোঁ।
প্ৰসংগত কৈ থওঁ, খেয়াল খুচিৰ জগতত আত্মমগণ হৈ উত্তৰ দক্ষিণৰ ধাৰণা হেৰুৱাই বাকীবোৰকো পগলা কৰোঁ বাবে, এইবাৰ মোৰ শ্ৰীমানে মোক এটা উপাধি দিলে – directionless। গতিকে পাঠকে মোৰ জ্ঞানৰ দৌৰ বুজি পাবই।
ড্ৰাইভাৰজন পাকৈত আছিল। কেঁকুৰিবোৰো পাৰ কৰি নিছিল হাতৰ পাকত। স্পীডৰ অনুমান নহয় গৈ থাকিলে। দৃষ্টিত ধৰা দিছিল আৱতৰীয়া শাৰদীয় আকাশৰ চপৰা-চপৰ তুলামেঘবোৰ। যেনিয়েই গাড়ী ঘূৰে, তেনিয়েই পাহাৰৰ ফাঁকে-ফাঁকে গাখীৰতী সোঁতত বৈ যোৱা নদী নিজৰা।
এখন ডাঙৰ দলংৰ ওচৰত গাড়ীখন ৰখোৱা হ’ল। ভূটানী সাজৰে পাহোৱাল ড্ৰাইভাৰ পাৰ্মিচনৰ বাবে বিভাগীয় অফিচ ঘৰত সোমাল। আমাৰ হাতত পোন্ধৰ মিনিট। ওচৰত পাহাৰীয়া সৌন্দৰ্যৰ আকৰ। নদীৰ কাষত সৰু সৰু স্তূপৰ দৰে বৌদ্ধ বিহাৰ। আমাৰ প্ৰথম ফ’টো চেছন আৰম্ভ হৈ গ’ল। পাহাৰৰ ঘেৰ, মেঘৰ মেৰপাক আৰু বোৱঁতি পানীৰ হুৰ-হুৰ শৱদ। কোন ৰৈ থাকিব পাৰে?
শুন নুশুনকৈ গাবলৈ লৈছিলোঁ – জুৰ মলয়া…কোন দেশৰে বাতৰি নিয়া।
গাড়ীৰ বেগ বাঢ়িবলৈ ল’লে ভূটান দেশৰ থিম্ফু লৈ।
চাই যাওঁতে বাটৰ কাষত দোকান বজাৰ চকুত নপৰিল তেনেকৈ। ফিনফিনীয়া ৰাস্তাৰ কাষে-কাষে চেগা-চোৰোকৈ দেখিছিলোঁ, ভূটানী স্থাপত্য শিল্পৰ আৰ্হিত সজা ঘৰবোৰ। খিৰিকীবোৰ ফুলকটা। মূধচত নক্সা কটা শিল্প। স্থানীয় মানুহৰ সমাগত বাটৰ কাষত সেৰেঙা।
প্ৰথমদিনা হোটেলতে জিৰালোঁ। হোটেলখনো কিবা ৰাজকীয় বঙলাৰ দৰে। বাটত চিগাৰেট খোৱা দণ্ডনীয়। জৰিমনা আৰু জেল। হোটেলতো চিগাৰেট খাবৰ বাবে নির্দিষ্ট ঠাই আছে। অলপপৰ জিৰণি লৈ তেওঁক তেওঁৰ প্ৰিয় ঠাইত এৰি, আমি মাক জীয়েক থিম্ফু চহৰ চাবলৈ ওলালোঁ এপাক। থিম্ফুত তেতিয়া সন্ধ্যা নামিবলৈ বাকী আছিল। বেলিটো পাহাৰত ফুটবলটোৰ দৰে হৈছিল।
লানি লানি টেক্সিবোৰ বাটেদি গৈ আছিল। এখনত উঠিলোঁ। ভাৰা কম। ড্ৰাইভাৰৰ মাতেই নুশুনি। কিবা অখজা অখজা লাগিল। শান্তিৰ খাতিৰত প্ৰতিজন দেশবাসী যেন সতৰ্ক। দোকান বজাৰতো একে। লাউড মিউজিক, হৰ্ণৰ শব্দ একো নাই।
থিম্ফুৰ বজাৰ এলেকাত বৰ আটোমটোকাৰীকৈ দোকান বজাৰবোৰ আছে। ওখ-চাপৰ ৰাস্তা যদিও বাটপথ পৰিচ্ছন্ন আৰু মসৃণ। ঠায়ে-ঠায়ে ফুটপাথত ৰেলিং দিয়া আছে। ইখনৰ পাছত সিখন ভাৰা টেক্সী পোৱা যায়। দাম-দৰৰ আহুকাল নাই। অবিশ্বাস্য ভাড়া এটা নকয়। গাড়ীত তেওঁলোকৰ দেশীয় সংগীত বৰ কম ভলিউমত লগায় দিয়ে।
আমি বজাৰ এলেকা পাওঁ মানে সন্ধ্যা নামিছিল। পাহাৰীয়া এলেকাটো বিজুলী বাতিৰ পোহৰত আলোকিত হৈছিল। দূৰৰ গাঁওবোৰৰ পৰা অস্পষ্ট পোহৰৰ ৰেঙনি ভাহি আহিছিল। বতৰ ভাল। সহনীয় জাৰ আৰু জুৰ মলয়াত মন মেজাজ অজানিতে এক তুলবুল তুলবুল হালধীয়া ফুল হৈ পৰিছিল। আচৰিত এক প্ৰসন্নতা। আমাৰ কিন্তু বজাৰ কৰাৰ সিমান জোৰদাৰ পৰিকল্পনা নাছিল। আছিল মাত্ৰ মাক-জীয়েকৰ বহুদিন বিৰতিৰ পাছত কটাবলৈ বিচৰা এটা সন্ধিয়াৰ আলোকময় সৌন্দৰ্য পানহে। জীয়ৰীয়ে ক’লে কি কিনিবি? গৃহিণীৰ অভ্যাসবশতঃ স্বভাৱ তাতো উক দিলে – দেউতাৰ বাবে চুগাৰ ফ্ৰি বিস্কুট আৰু আমাৰ দুজনীৰ বাবে খুচখুছ চানা বাদাম।
তাইৰ মূৰটো গৰম হৈ গ’ল – মা, এইখন ভূটান। ইয়াত কিবা বেলেগ এটা কিনা ভাল হ’ব। তেতিয়াই উঠিল আচল চখ। হয়তো আকৌ। এইবাৰ এখনৰ পাছত দোকান মহতিয়াই গ’লোঁ। দোকানবোৰত প্ৰায় একে বস্তুৰ পয়োভৰ। মাত্ৰ বিভিন্ন বৌদ্ধ মূৰ্তি, এণ্টিক জুৱেলাৰী, দেশীয় সাজপাৰ। আমি কিনিবলগীয়া একো নাই। শ্ব’ পিচবোৰ অতি ধুনীয়া আৰু কাৰুকাৰ্যৰ। ইমান ধুনীয়াকৈ সজাই থোৱা আছিল যে, সকলোবোৰ সামৰি আনিবলৈ মন যায়। দাম কিন্তু সাংঘাতিক বেছি। তিনিহাজাৰ, চাৰিহাজাৰৰ তলত একোৱেই নাপায়।
দোকানত থকা মানুহবোৰ অতি ভদ্ৰ আৰু মাৰ্জিত। কিন্তু ইমানেই ঠাণ্ডা স্বভাৱৰ যে এটা বস্তুৰ দাম সোধাৰ পাছত সিটোৰ দাম সুধিবলৈ লাজ লাগে। দোকানত কি চালোঁ নাজানো, কিন্তু হেঁপাহ পলুৱাই চালোঁ ভূটানী গাভৰুৰ চিকচিকিয়া চুলি আৰু কমলাবুলীয়া গালৰ ৰঙ। আঙুঠি, লিটিল বুদ্ধ আৰু কে’ক বিস্কুটতে বজাৰ সামৰিলোঁ। কাৰণ গাড়ীত আহি থাকোঁতে ড্ৰাইভাৰে কৈছিল, পাছদিনা সস্তীয়া মিনি মাৰ্কেট বহিব। গতিকে সেই সুবিধা ল’ম বুলি মনক সান্ত্বনা দিলোঁ যদিও কেইপদমান বস্তুৰ হেঁপাহ মনতে থাকিল।
আচৰিতভাৱে শান্ত আছিল সন্ধিয়াটো। ইমান শৃঙ্গলাবদ্ধতাৰে পথচাৰীবোৰ অহা-যোৱা কৰিছিল, ইজনে-সিজনৰ লগত কম স্বৰত কথা পাতিছিল যে টিঙিচকৈ খং এটাহে উঠিছিল, ‘ধেই মানুহবোৰ ইমান শান্ত আৰু নিৰীহ কিয়?’ মোৰ দৰে ডাঙৰ কৈ কথা কোৱা মানুহৰ দেশ ভুটান নহয়। মোৰ বিপৰীত জীয়ৰীয়েও সিহঁতৰ দৰে ইমান লাহে-লাহে কথা পাতিছিল যে, মই ক’বলৈ বাধ্য হৈ গৈছিলোঁ, ব’ল উভতি যাওঁ হোটেললৈ।
কিবা এটা খাওঁ দে। অৱশ্যে মোৰো মন গ’ল। ৰেষ্টুৰেণ্টবোৰ বৰ বিলাসী। কম দামৰ ৰেষ্টুৰেণ্ট আছে যদিও বিশ্বাসযোগ্যতা কম যেন লাগিল।
ইতিমধ্যে দেখিলোঁ, ৰাস্তাৰ মাজতে মুকলি মঞ্চৰ দৰে এটা ডাঙৰ এলেকাত বহুত মানুহ গোট খাইছে। হেলনীয়াকৈ সজাই থোৱা পকাৰ গেলাৰীত মানুহৰ সমাগম। সেইদিনা তেওঁলোকৰ কিবা এৱাৰ্ড ফাংচন আছিল। বৰ-বৰ হৰফৰে ইংৰাজী আৰু দেশীয় ভাষাৰ পোষ্টাৰ আছিল। অথচ ইমান আচৰিত লাগিল যে, নুশুনিলোঁ এটা সুহুৰী, কিৰিলী অথবা ডাঙৰ মাত। এপাকত জীয়ৰীক ক’লোঁ – ঐ ইহঁত ভূত নে মূৰ্তি?
গীতাৰৰ টুংটাং বাজিছিল। পাহাৰৰ সংগীত সভাৰ আয়োজনত কিন্তু আকাশলংঘী বাজেট থকা যেন নালাগিল। মিতব্যয়ী মানুহবোৰ। বাদামৰ পেকেট এটাও পৰি থকা নেদেখিলোঁ। ইমানেই চাফা বাটপথ আৰু পকী গেলাৰীৰ মানুহ বহা ঠাইবোৰ।
পাকতে ৰেহৰূপ চাই আমি এখন মধ্যমীয়া ধৰণৰ ৰেষ্টুৰেণ্টত বহিলোঁ। সাজসজ্জা চালে চকুৰোৱা। বনচাই আৰু কোমল পোহৰৰ লাইটৰে সজোৱা। চামুচৰ শব্দ এটাও নুশুনা পৰিৱেশ।
অৰ্ডাৰ দিলোঁ স্প্ৰিং ৰল এটা এটা, কফিৰে সৈতে। ওচৰত মিউজিক এৱাৰ্ডৰ আৰম্ভণি হওঁ হওঁ। আমাৰ লোকগীতৰ দৰে ভূটানী গীত এটা বাজিল। কাণতাল মাৰি যোৱাকৈ নহয়। অনুমান কৰিলোঁ, তেওঁলোকৰ পৰিশিলীত জীৱন যাপনৰ ৰীতিয়েই হয়তো সুখী দেশ বুলি থকা সুনামৰ চাবি-কাঠী।
ইতিমধ্যে স্প্ৰীং ৰ’লৰ নমুনা দেখি চকু কপালত উঠিল। আশা পালি আছিলোঁ, জাৰ জাৰ সন্ধিয়াটোত মচমচীয়া স্প্ৰীং ৰলত কামোৰ মাৰিম, মূৰকৰ মূৰত দেখিলোঁ পৃথিৱীৰ পাচলিৰ মাজত কুকুৰাৰ পোৱালিটোৰ দৰে ঢেলা হালধীয়া স্প্ৰীং ৰল টেবুলত আহি বিদ্যমান। দাম অৱশ্যে ঠিকেই আছিল। কফি কাপ কিন্তু অতি সুন্দৰ আছিল।
ৰাতি হৈছিল। অনুভৱ নকৰিলোঁ কোনো নিৰাপত্তাহীনতা। ভদ্ৰ ড্ৰাইভাৰে পৰ্যটকৰ প্ৰতি দেখুৱাব লগা সম্ভ্ৰম দেখুৱাই হোটেল পৌচাই দিলে।
ৰাতিটোৰ আধা হোটেলৰ লাউঞ্জতে কটালোঁ। ৱাই-ফাইৰ সুবিধা এৰা ভকত আমি নহয়। পাছদিনাহে আছিল থিম্ফুৰ ঠাইবোৰ দৰ্শনৰ কথা।
ভূটানৰ সমাহিত সৌন্দৰ্যৰে দৃষ্টি নন্দন বহুতো চাবলগীয়া ঠাই থিম্ফুত আছে যদিও সীমিত সময়ৰ হেঁচাত আমি দুখন ঠাইলৈ গৈছিলোঁ। তাৰে এখন আছিল, নেশ্বনেল মেমৰিয়েল chhorent.
শুকুলা মেঘৰ মেৰঘৰত উপবিষ্ট হৈ থকা এই খন ঠাই আচলতে স্মৰণীয় কিছুমান স্তূপৰ সমষ্টি। ইয়াক Thimphu (থিম্ফু) বুলিও কোৱা যায়। মূল স্তূপৰ ভিতৰখন দেখিবলৈ অতি সুন্দৰ। বিভিন্ন ফুল ফলৰে সজ্জিত বেদীখন দেখিলে হিয়ামন শাঁত পৰি যায়।
তাৰপৰা আমি গৈছিলোঁ ভূটানৰ অন্যতম থলী প্ৰকাণ্ড বৌদ্ধসৌধলৈ যিটো Great Buddha Dordenma. এইটো হৈছে শাক্যমুনি বৌদ্ধস্তূপ। ওখ পাহৰৰ ওপৰত থকা এইখিনি ঠাইলৈ পৰ্যটকৰ সোঁত অনবৰতে থাকে। দুহেজাৰ ছয় চনতে আৰম্ভ হোৱা শাক্যমণি বুদ্ধৰ মূৰ্তিটো আৰু সৌধটো দুহেজাৰ দহ চনত শেষ যদিও পোন্ধৰ চনলৈকে কাম চলি আছিল। বুদ্ধৰ মূৰ্তি টো ব্ৰঞ্জৰে বনোৱা যদিও সোণপানী ছটিয়াই সোণালী আভাৰে বিয়পাই থোৱা হৈছে। ইয়াত সোণপানী ছটিয়াই চকচকাই থকা সৰু-সৰু ভালেমান বুদ্ধৰ মূৰ্তি ঠায়ে ঠায়ে সজাই থোৱা আছে।
এইখিনি চায়েই আমি পুনাখামুখী হৈছিলোঁ। পুনাখালৈ যাওঁতে বাটতে সোমাই গৈছিলোঁ এটা গিৰিপথত (গিৰিসংকট) যেন লগা অতীৱ mountain pass । নামটো হৈছে ডচোলা পাছ (Dochula pass)। হিমালয়ৰ বৰফে ঢাকি থকা অঞ্চলটোত তেতিয়া বৰফ পৰা নাছিল যদিও ঘন কুঁৱলীৰ আঁচলৰ তলত থকা এশ আঠটা সৰু সৰু স্তূপৰ সমাহাৰ কিছু স্বৰ্গীয় অনুভৱ আছিল। আমি কেউফালে ভ্ৰমি ভ্ৰমি যেতিয়া এখন ৰেষ্টুৰেণ্টত কফি খাবলৈ গৈছিলোঁ, ভিতৰত আছিল আন্ধাৰ পোহৰৰ এক স্বপ্নিল পৰিৱেশ। আমাৰ দাঁতে ঠাণ্ডাত কৰকৰ কৰিছিল। কোমল কে’ক এডুখৰৰ সৈতে কফিত চুমক দিওঁতে ভাবিছিলোঁ স্বৰ্গ দৰ্শন নেকি এয়া?
তাৰপাছত আমাৰ যাত্ৰা আছিল পাৰ’লৈ। ভূটানৰ এয়াৰপৰ্ট কিন্তু ৰাজধানী চহৰ থিম্ফুত নাই। পাৰ’তহে আছে এয়াৰপৰ্ট। আমি যোৱাৰ দিনা এয়াৰপৰ্টৰ পৰা চিধাই থিম্ফুলৈ গৈছিলোঁ। সেয়ে বিমানত উভতি অহাৰ কথাটো বিবেচনা কৰি, সদৌ শেষত আমি পাৰ’ত উপস্থিত হৈছিলোঁ। পাৰলৈ গৈ থাকোঁতে ছেগ বুজি আমি সোমাই গৈছিলোঁ Thunda Dragon নামৰ মন্দিৰ সদৃশ এডোখৰ ঠাইত। চৌপাশৰ মুকলি উপত্যকাৰ মাজত থকা এই Thunder Dragon হৈছে উৰ্বৰা শক্তিৰ মন্দিৰ। বেদীখন দেখিলেই শিল্প নৈপুণ্যৰ চিন পোৱা যায়। নিমাত নিজান অঞ্চলটোত আছিল কিবা এটা যেন ৰিঙা-ৰিঙা ভাব।
তাৰপাছত আমি পাৰ’ৰ হোটেলত উঠিলোঁগৈ। বৰ্ণনাতীত চৌদিশৰ মাজত হোটেলৰ ৰূমকেইটাও আছিল কলাসুলভতাই সুন্দৰ কৰি থকা যেন অতীৱ সুন্দৰ শিল্প-কৰ্মহে।
পাৰত আমি পাৰ’ৰ মাৰ্কেটলৈ গৈছিলোঁ। দোকানবোৰৰ আৰ্হি ব্যতিক্ৰমী আছিল। সাধাৰণতে শ্ব’-পিচ থকা দোকান বেছিকৈ দেখিছিলোঁ। পাৰ্কিঙৰ ব্যৱস্থা খুব ভাল। চাফ-চিকুণতা উল্লেখযোগ্যভাৱে সুন্দৰ আছিল। কোনো কোলাহল শুনা নাছিলোঁ। বজাৰ এলেকা বুলি গমেই নাপায়। মানুহবোৰ বৰ নিয়ম পালন কৰা মানুহ বুলি গম পায়। দেখি মন ভৰি গৈছিল। পাৰ’ত আমি স্থানীয় ডংগবোৰলৈ গৈছিলোঁ যদিও টাইগাৰ নেষ্টলৈ যোৱা অভিজ্ঞতা অনবদ্য আছিল।
টাইগাৰ নেষ্টলৈ যোৱা ৰাস্তাটো আছিল প্ৰকৃতি প্ৰদত্ত সৌন্দৰ্যৰে ভৰা। গৃহস্থই তাতো ক্ৰিকেট খেলৰ আনন্দ ল’বলৈ এৰি নিদি চলি থকা ক্ৰিকেট মেচ এখনত মচগুল হৈ মোকে জীয়ৰীকে চাই আহিবলৈ পঠালে। পাহাৰৰ ঘনঘোৰ শ্যামলীমাই আগুৰি থকা এখন উপত্যকাত উপস্থিত হ’লোঁগৈ। যেন এখন পয়োভৰা সেউজীয়া পৃথিৱী। সেইখন আছিল টাইগাৰ নেষ্টৰ নামনি। নামনি এখন চালিৰ তলত পাহৰীয়া সামগ্ৰীৰ হাট। ইমান ভাল লগা এটা পৰিৱেশ। অকাৰণে ভাল লাগিবলৈ ধৰিলে। উশাহটো সজীৱ হৈ উঠিল। বয়সৰ গাম্ভীৰ্য পাহৰি হাটখনত ইটো-সিটো কিনিলোঁ। পাৰৰ আচল সৌন্দৰ্য যেন তাতেই খুন্দ খাই আছিল।
নশ শতিকাত প্ৰথমতে টাইনেষ্ট এটা ধ্যান কেন্দ্ৰ আছিল যদিও ১৬৯২ চনত এই ধ্যান কেন্দ্ৰ আনুষ্ঠানিকভাৱে সজোৱা বৌদ্ধস্তূপ হৈ পৰে। তিব্বতৰ তেৰটা নেষ্টৰ ভিতৰত টাইগাৰ নেষ্ট স্তূপো ইয়াৰে এটা অন্যতম নেষ্ট বা গুহা। ইয়াত যোগধ্যান অভ্যাস আৰু শিক্ষা দিয়া হয়। পৰ্বতৰ টিঙত উপবিষ্ট হৈ থকা টাইগাৰ নেষ্টৰ সৌন্দৰ্য স্বৰ্গীয় আৰু বৰ্ণনাতীতভাৱে সুন্দৰ। বহুতো পৰ্যটক খোজ কাঢ়ি যায় যদিও ই বিপদজনক আৰু কষ্টকৰ। পাছে, তালৈ যাবলৈ ঘোঁৰা লৈ চালকবোৰ সাজু হৈ থাকে। অহৰহ পাহাৰে-কন্দৰে গুঞ্জৰিত হৈ থাকে তেজীঘোঁৰাৰ কদম-কদম খোজ – খট খট খট…।
পাছে ঘোঁৰাবোৰৰ অসীম কষ্ট দেখি জীয়ৰীয়ে ওপৰলৈ যাবলৈ মন নকৰিলে। পেটে-পেটে মোৰ মন আছিল যদিও জীয়ৰীৰ যুক্তি মোৰো মনৰ যুক্তি হ’ল। পইচা বিনিময়ত হলেও মনটোৱে বাধা দিলে। অৱশেষত আমি হোটেলমুখী হ’লোঁ। কিন্তু পান কৰি আহিলোঁ সেউজীয়া সোমৰসৰ ৰাগী।
এনেকৈয়ে বিপুলসম্ভৱা সৌন্দৰ্য আৰু শান্তিৰে ভৰা ভূটান আমাৰ অন্তৰত চিৰকাললৈ খোদিত হৈ ৰ’ল।
পাছদিনা ঘৰমুখী পৰিয়ালটোৰ মুখত মাত নাছিল। কেতিয়াবা মৌনতাও ভাবৰ বাহক হৈ পৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!