সুপ্ৰিয়া

লেখক- ডাঃ নমিতা বৈশ্য

শুনামতে, মানুহৰ জন্মগত প্ৰকৃতি কেতিয়াও সলনি নহয় আৰু প্ৰকৃতি ভেদে মানুহ তিনিপ্ৰকাৰৰ- বাতজ, পিত্তজ আৰু কফজ। ইয়াৰে বাত প্ৰকৃত্তিৰ মানুহৰ লক্ষণ হ’ল- বেছি কথা কোৱা, খৰকৈ কথা কোৱা, অনবৰতে দৌৰি ফুৰা, অস্থিৰ, তৎক্ষণাৎ সিদ্ধান্ত লোৱা, সঘনাই সিদ্ধান্ত সলনি কৰা ইত্যাদি ইত্যাদি। কফজ প্ৰকৃতি ইয়াৰ সম্পূৰ্ণ ওলোটা। সাধাৰণতে এক প্ৰকৃতিৰ মানুহ পোৱা নাযায়। প্ৰায়ে এটা প্ৰকৃতি আন এটা প্ৰকৃত্তিৰ লগত মিহলি হৈ থাকে। গতিকে বিশুদ্ধ প্ৰকৃত্তিৰ মানুহ লগ পোৱাতো দুৰূহ। কিন্তু মই লগ পোৱা বিশুদ্ধ বাতিক প্ৰকৃতিৰ ছোৱালীজনী আছিল- সুপ্ৰিয়া, সুপ্ৰিয়া শুক্লা। ঘৰ লক্ষ্ণৌত।
এদিন আবেলি… সুপ্ৰিয়াৰ লগত এঠাইলৈ যাব লাগে। যোৱাৰ উদ্দেশ্য নাজানোঁ। দুয়োজনী ওলাইছোঁ। তাইৰ খোজ কঢ়াৰ ধৰণ দেখি কামটো খুব জৰুৰী যেন বোধ হৈছে। মই কোনোমতে তাইৰ খোজৰ লগত খোজ মিলাব পৰা নাই।
‘এনেকৈ কইনাৰ দৰে খোজ কাঢ়িছ কিয়? বেগাই আহিব নোৱাৰ?’- তাই কৈছে।
‘কামটো কি ক’চোন। ক’ৰবাত যুদ্ধ লাগিছে নেকি?’-মই তাইক সুধিছোঁ।
মোৰ কথা শুনিবলৈ তাই ৰৈ থকা নাই। আগে আগে তাই দৌৰিছে, পিছে পিছে হেফাই – ফেফাই মই দৌৰিছোঁ।
‘তোৰ ভাগৰ লাগিছে নেকি?’- মিঠাইৰ দোকান এখনৰ ওচৰত ৰৈ তাই মোক সুধিছে।
‘এনেকৈ দৌৰি মৰিলে, ভাগৰ নালাগি কি ৰিলাক্স লাগিব নেকি?’- মই ক’লোঁ।
মোৰ লাগিছিল, সুপ্ৰিয়াৰ কিবা খুব জৰুৰী কাম আছে- যাৰবাবে তাই ইমান দৌৰাদৌৰি কৰিছে। কিন্তু দেখা গ’ল- তাইৰ একো বিশেষ কাম নাই। মিঠাইৰ দোকানখনত সোমাই তাই একপোৱা চিপ্চ ল’লে আৰু চোবাই চোবাই বহি থাকিল।
‘ব’ল এতিয়া। বহি আছ যে’- মই ক’লোঁ।
‘বহি থাক। কিহৰ ইমান দৌৰাদৌৰি?’ – তাই দম দি কৈছে।
‘দৌৰাদৌৰি যদি নাছিলেই, এনেকৈ দৌৰি মৰিলি কিয়?’-
‘চিপ্চ খাবলৈকেহে আহিছোঁ। চিপ্চ খাবলৈ বি-ৰা-ট মন গৈ আছিল, জাননে-‘ শেষৰ কথাখিনি চিপ্চৰ মুৰমুৰণীত ভালকৈ শুনাই ন’গল।
তাতে সেই মিঠাইৰ দোকানখনত গৰমে গৰমে ভাজি থকা মা-মচলা নিদিয়া তাজা চিপ্চ পোৱা গৈছিল। মচমচীয়া, গৰম কেৰাহিৰপৰা উঠাই দিয়া আলুৰ চিপ্চৰ বাবে বিখ্যাত আছিল-দোকানখন। তাই ৰসনা তৃপ্ত কৰি হাঁহি হাঁহি চিপ্চ খাই থাকিল। ইফালে খঙত মোৰ মূৰ উতলি গৈছে।
‘মই ন’- মোৰ খং উঠা মুখখনলৈ চাই তাই আকৌ এবাৰ হাঁহিলে , তাৰ পিছত ক’লে,- ‘লাহে লাহে খোজ কাঢ়িব নোৱাৰোঁ।‘
‘কিয়?’- মই তাইৰ ভৰিলৈ চাইছোঁ। দেখাততো তেনে কোনো বিসংগতি নাই।
‘নাই নাই। এনাটমিকেল ডিফেক্ট নাই। এনেয়ে, খোজ কাঢ়িব খুজিলে মোৰ দৌৰা যায়’-
‘খোজ কাঢ়িব খুজিলে মোৰ দৌৰা যায়?’ -মই একো বুজিব নোৱাৰি আচৰিত হৈ তাইলৈ চাই থাকিলোঁ। পিচত দেখিলোঁ, সঁচাকৈয়ে- সুপ্ৰিয়া অকল দৌৰি থাকে। প্ৰকৃত অৰ্থত আৰু প্ৰতীকি অৰ্থত, দুয়োক্ষেত্ৰতে।
সুপী( সুপ্ৰিয়াৰ চৰ্ট ফৰ্ম) লক্ষ্ণৌৰ বিখ্যাত কুলীন ব্ৰাহ্মিণৰ কন্যা। ঘৰুৱা সংস্কাৰ আৰু কেৰিয়াৰৰ গ্ৰাফ – তাই চব ফালে মেনেজ কৰে। কিন্তু যি পদ্ধতিত তাই এয়া মেনেজ কৰে, সেয়া দেখিহে মই পাগল হৈ যাওঁ।

ৰাতিপুৱা- তাই ‘দেৰি হৈছে , দেৰি হৈছে’ বুলি মুখৰ ভিতৰতে ভোৰভোৰাই বিচনাৰপৰা জাঁপ মাৰি নামি আহে। দৌৰি দৌৰি বাথৰুম গমন, স্নান , পিছত একেজাপে আকৌ বিচনাত হাই জাম্প, তাত উঠি লৈ বিচনাৰ কাষত লগাই থোৱা সৰু ভগৱানৰ থানখনৰপৰা ধূপ এডাল লৈ তাত দিয়াচলাইৰ বিস্ফোৰণ, আকৌ ল’ জাম্প এটা মাৰি নামি সৰু গেছটোৰ ওপৰত চাহৰ চচপেন স্থাপন। এফালে ধূপ জ্বলিব, আনফালে চাহ উতলিব। সমানেই। সিফালে চাহত লং, ইলাইচি, আদা প্ৰক্ষেপ কৰি আহিব, (মচলাবিহীন চাহ সুপ্ৰিয়াই খাব নোৱাৰে) আনফালে চেনীগুটি কেইটামান উলিয়াই ভগৱানৰ ওচৰত দিব। এফালে ৰামায়ণৰ শ্লোক মাতিব আনফালে মাজে মাজে চাহ উতলিছে নে নাই সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকিব। কোনোফালে কম বেছি নাই। সেই সময়ত তাই এটা চকু মুদি ৰামায়ণত মন দিয়ে, আনফালে এটা চকু মেলি চাহত মন দিয়ে।
প্ৰসাদ আৰু চাহ একেলগে ৰেডী। একেলগে খায়।
আঠ বজাৰপৰা ক্লাছবোৰ আৰম্ভ হয়। মই বোন্দাপৰ দি তাইৰ বাবে ৰৈ থাকোঁ।
‘তই এতিয়া ৰামায়ণখন নামাতিলেও হয় দেচোন’- কেতিয়াবা বিৰক্ত হৈ মই কওঁ।
‘পাগল হ্যো কিয়া?’ – তাই কয়। ‘ ভগৱানজীকো কেইচা লগেগা?’
কেতিয়াবা আমাৰ সঁচাকৈয়ে দেৰি হয়। সেইদিনা তাইৰ ৰামায়ণ মাতিবলৈ আৰু কোনোপধ্যেই সময় মিলাব নোৱাৰে। তাই মোক ‘দেৰি হৈছে, দেৰি হৈছে-আজিতো ধীমান ছাৰৰ গালি শুনিবই লাগিব ’ জাতীয় কথা দুটামান কৈ কৈ দৌৰাই থাকে। মনে মনে থকাৰ তাইৰ অভ্যাসেই নাই! এফালে খোজৰ স্পীড, আনফালে কথাৰ স্পীড- মই একো ধৰিব নোৱাৰা হৈ যাওঁ। তাৰ মাজে মাজে দুবাৰমান মুখৰ ভিতৰতে ভোৰভোৰাই ভোৰভোৰাই বেলেগ ভাষাত কিবা-কিবি কৈ দিয়ে।
‘ কি কৈছ?’- মাথা-মুণ্ড একো বুজি নাপাই মই সোধোঁ।
‘তোক কোৱা নাই দেই, অকণমান ৰামায়ণৰ দোহা গালোঁ।‘
কথাৰ মাজে মাজে- ৰামায়ণ?
মই যে কেনেকৈ বেহুচ নোহোৱাকৈ থাকোঁ। মুঠতে সুপ্ৰিয়াই একো বাদ নিদিয়ে।
নৱৰাত্ৰিৰ সময়। সুপ্ৰীয়াই ব্ৰত ৰাখিছে। দিনটো উপবাস, গধূলি ফলাহাৰ। কেতিয়াবা আলু সিজাই লৈ কেৰাহিত সৰহকৈ ঘিউ দি, তাতে অলপ জিৰা ফুটাই , সিজোৱা আলু ভাজিছে। লগত সৰু সৰু কাটি লোৱা বিলাহী, কেঁচা ধনীয়া আৰু কেঁচা জলকীয়া মিহলাই দিছে। ইফালে চকচকীয়া বাদাম দুমুঠি লৈ বেলেগকৈ ভাজি আলুৰ লগত মিহলাই দিছে। আলুৰ ব্যঞ্জন সাজু। কেতিয়াবা আকৌ সেই একেই উপকৰণৰ সৈতে চাগু ভিজাই লৈ ঘিউত ভাজি মিহলাই লৈছে। এয়া চাগুৰ খিচিৰি। খাবলৈ যে ইমান সোৱাদলগা নহয়! দেশী ঘিউৰ ফুৰফুৰীয়া ফুৰফুৰীয়া গোন্ধ! এতিয়া মনত পৰিলেও জিভাৰ পানী সৰিব খোজে। ফলাহাৰ তাতেই শেষ নহয়। শেলুকৰ আটা (নৱৰাত্ৰিত নৰ্মেল আটা নিষিদ্ধ) লৈ তাতেই সৰহকৈ জলকীয়া কুটি দি তেলত জুবুৰিয়াই জুবুৰিয়াই ফুলাৰি ভাজিছে। লগত পানীলাউৰ পিয়াজ- নহৰু নিদিয়া তৰকাৰী। কেতিয়াবা ঘিউত প্ৰস্তুত কৰা আলু –বিলাহীৰ পনীয়া জোল আৰু শেলুকৰ আটাৰ পুৰী। লগত মচমচীয়াকৈ ঘিউত ভজা মখন্না। বাকী ব্ৰত বুলি ক’লে থাকিবলগীয়া ফলমূলতো আছেয়েই। মুঠতে ইলাহি কাৰবাৰ। নৱৰাত্ৰি আহিলে যেতিয়া নদিনৰ ব্ৰত কৰি বাকী মানুহবোৰ শুকাই -খীণাই যায়, মোৰ তেতিয়া ওজন বেলুনৰ দৰে বাঢ়ি আহে। কাৰণটো হ’ল- বাকীবোৰে দিনত একো নাখায়, সন্ধিয়া- ঘিউত ডুবোৱা ৰাজভোগ খায়। মই দিনত ভাত খাওঁ, সন্ধিয়া সিহঁতৰ লগত বাদাম দিয়া চাগুৰ খিচিৰি- ফুলাৰী- তৰকাৰী- মখন্না, ৰাতি ভাত। মোৰ অনবৰতে ৰাজভোগ! মোক সকলোৱে ব্ৰতৰ খানা খাবলৈ নিমন্ত্ৰণ দিয়ে। মোৰ বাবে যে খাদ্য প্ৰস্তুতকৰণৰ পদ্ধতিটো আচহুৱা, সেই কথাটোতে সিহঁতে বিৰাট স্ফুৰ্ত্তি পায়। মই নিমন্ত্ৰণ পোৱাৰ কাৰণো – সেইটোৱেই। কেতিয়াবা জানো বুলি ওস্তাদি মৰাতকৈ একো নাজানো বুলি বহি থকাতো বেছি লাভজনক হৈ পৰে।
যি কি নহওক, ব্ৰতৰ মাজতে আমি এদিন ফুৰিবলৈ ওলালোঁ- গড় গণেশ মন্দিৰলৈ। উপলক্ষ্য আছিল-আমাৰ ডিপাৰ্টমেণ্টৰ মনীষৰ ভায়েকৰ কেম্পাচ চিলেকচন। এনে ক্ষেত্ৰত নিয়মমতে এটা ডাঙৰ পাৰ্টি হ’ব লাগে। কিন্তু সি কৃপণে আমাক লৈ গ’ল- মন্দিৰলৈ। য’ত তাৰ এক পইচাও খৰচ নাছিল। পাহাৰখন বগাই বগাই আমি মন্দিৰলৈ উঠিছোঁ। ৰঙচুৱা পাহাৰ-মাজে মাজে কাঁইটীয়া গছৰ জোপোহা। পাহাৰ বগোৱাৰ ক্লান্তি , ঘামত তিতি যোৱা শৰীৰ, পাহাৰৰ ওপৰৰ অপৰিসীম নৈসৰ্গিক সৌন্দৰ্য আৰু ফিৰফিৰিয়া বতাহ। ভোক লাগিছে আৰু প্ৰশান্তিত চকু মুদ খাই আহিছে। মন্দিৰৰ বাহিৰত এজন চানাৱালাই সিজোৱা বুট , ভজা বাদাম , পিঁয়াজ- জলকীয়া মিহলি সেই ৰসনাতৃপ্তিকৰ খাদ্যবিধ বিক্ৰী কৰি আছে। নোখোৱাৰ প্ৰশ্ন থাকিবনে? নিশ্চয় নাথাকে। আমি ব্ৰত নৰখাকেইজনে চানা ভাজা খালোঁ। মই খালোঁ, মনীষে খালে আৰু কোনোবাই কোনোবাই খালে। সুপীয়েও খালে। খাই লৈ হেঁপাহ পলোৱাৰ পিছত দেখোঁ- সুপীয়ে উচ্চস্বৰত কাৰোবাক কিবা কৈ আছে। ওচৰলৈ গৈ দেখিছোঁ, তাই চানাৱালাক উধাই–মুধাই গালি পাৰি আছে।
‘ ক্যিয়া ভেইয়া, নৱৰাত্ৰি মে পিঁয়াজ খিলা দিয়া’-
‘ তোক জোৰকৈ খুৱাইছে নে কিবা, তই নিজেহে কিনি খাইছ’- মই ক’লোঁ।
‘ সি নিজেই জানিব লাগে ন! নৱৰাত্ৰিত মোক পিঁয়াজ দিব নালাগে।‘– তাই ক’লে।
মুঠতে সুপীয়ে সৱ ফালে মেনেজ কৰিব। নৱৰাত্ৰিও, পিঁয়াজ দিয়া চানা ভজাও-
মোৰ বহু সময়ত লাগিছিল- সংস্কাৰখিনি বৰ্ত্তাই ৰখাতো তাইৰ বাবে এক দায়িত্ব আছিল। তাইৰ ‘চইচ্চ’ নাছিল। কিন্তু জন্মৰপৰাই উত্তৰাধিকাৰ সূত্ৰে পোৱা ৰীতি-নীতিবোৰ তাই দলিয়ায়ো পেলাব পৰা নাছিল। তাইৰ ককাদেউতা আছিল লক্ষ্ণৌৰ সেই সময়ৰ বিখ্যাত কবিৰাজ। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত তেখেতে নিজৰ চিকিৎসাৰ দ্বাৰা চাহাবৰ মাজতো জনপ্ৰিয় হৈ উঠিছিল। শুনামতে ব্ৰিটিছ চাহাবে, চোৰাংচোৱা নিয়োগ কৰিছিল- তেখেতৰ চিকিৎসা পদ্ধতিৰ ৰহস্য জানিবৰ বাবে। চাহাব সফল হৈছিল নে নাই- জনা নগ’ল। সুপীৰ দুখ থাকি গ’ল যে- ককাদেউতাকৰপৰা একো শিকা নহ’ল। তেখেতৰ সময়ত থকা সুপীহঁতৰ ঘৰখনৰ সুনাম, প্ৰাচুৰ্য্য, প্ৰতিপত্তি সকলোবোৰ লাহে লাহে ম্লান হৈ আহিছিল। ৰৈ গৈছিল মাথোঁ- কিছু ৰীতি আৰু নিয়ম।
‘নমো শুন, তুল্সীজী আহিছে।‘- এদিন ৰূমত সোমোৱাৰ লগে লগে তাই কৈ উঠিল ।
সুপীৰ ৰূমটো পশ্চিম দিশত। আবেলিৰ ৰ’দ পৰি কোঠাটো উমাল হৈ উঠিছে। মই তাইৰ বিচনাত আৰামত আঁউজি ৰ’দৰ উম লোৱাৰ কথা ভাবিছিলোঁ – মাত্ৰ, তাইৰ কথা শুনি বহি পৰিলোঁ। মই ইফালে- সিফালে চালোঁ। ৰূমততো কোনো নাই।
‘ক’ত আছে?’- মই সুধিলোঁ
‘কোন?’- তাই মোক ওলোটাই সুধিছে
‘ তুলসী জী’
‘বুৰ্ব্বক, তুলসীজীক ইয়াতে ৰাখিম নেকি? বেলকনিত আছে’- তাই কৈছে।
মই এক পলক তভক মাৰি ৰৈ গ’লোঁ। তুলসীজী কেনেকুৱা মানুহ, কোন মানুহ? – যাক তাই লৈ গৈ বেলকণিত ৰাখিছে?
বেলকনিলৈ গ’লোঁ। তাতো কোনো নাই।
‘কেনে দেখিছ?’- তাই পিছফালৰপৰা আহি বিৰাট স্ফুৰ্ত্তিত সুধিছে।
অৱশেষত বহুত বিচাৰ খোচাৰৰ পিছত তুলসীজীক দেখিলোঁ। এটা টাবত হালি জালি তুলসীজী ৰৈ আছে। সেউজীয়া কণমানি শীৰ্ণ শৰীৰ। দহ ইঞ্চিমান ওখ হ’ব। গাটোত সৰ্বমুঠ বিছখিলা পাত আছে।
মোৰ হাঁহি উঠিল যদিও মই একো নক’লোঁ।
এমাহমান পিছত-
সুপী ঘৰলৈ যাব। যোৱাৰ আগতে তাই তাইৰ কোঠাৰ চাবিটো মোৰ হাতত দিলে।‘ তুলসীজীক সদায় পানী খুৱাবি দেই’- তাই ক’লে। মই ধুনীয়াকৈ মূৰ দুপিয়ালোঁ।
মোৰ নিজৰে পানী খোৱাৰ ঠিক নাথাকে। তুলসীজীক পানী খুওৱাৰ প্ৰশ্নই নুঠে। স্বাভাৱিকভাবে পাহৰি থাকিলোঁ।
পোন্ধৰ দিনৰ মূৰত সুপী ঘূৰি আহিল।
দুৱাৰ খুলিয়েই তাই মোক চমন জাৰী কৰিলে। মই গ’লোঁ।
‘তুলসীজীক পানী খুৱাইছিলি?’-বিচনাৰ ওপৰত ভৰি তুলি বহি লৈ তাই মোক সুধিছে।
মই তুলসীজীলৈ চালোঁ। তুলসীজী মালনিউট্ৰিচনত ভুগিছে। শুকাই খীণাই যোৱা অৱস্থাতো মই তন্ন তন্নকৈ চালোঁ। কিন্তু কোন ধৰণৰ মালনিউট্ৰিচন ‘মৰাচমাচ নে কোৱাচিৱৰ্কৰ’ ধৰিব নোৱাৰিলোঁ। টাবৰ মাটি ইতিমধ্যে শুকাই কৰকৰীয়া মাৰিছে। গাত এখিলাও পাত নাই-
‘দুদিনমান দিছিলোঁ। পিছত পাহৰিলোঁ’- খুব ভালকৈ পৰীক্ষা কৰাৰ অন্তত মই খুব দুখ মনেৰে ক’লোঁ।
‘মিছা কথা। পানী দিয়াতো দূৰৰেই কথা, তই দুৱাৰেই খোলা নাই’- ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰ এজনে ‘মাৰ্ডাৰাৰ’ এজনৰ লগত যি সুৰত কথা পাতে, সেই সুৰত তাই মোক কৈছে।
‘মই দুৱাৰেই খোলা নাই’- স্বীকাৰ কৰিলোঁ।
তাইৰ তুলসীজী নাবাচিল। কাৰণ- তাই নাথাকোতে মই পানী দিবলৈ পাহৰিলোঁ। তাই অহাৰ পিছত, তাই নিজেও পাহৰিলে। হ’লেও নিয়মমতে তুলসীজীৰ মহা প্ৰয়াণৰ বাবে ময়ে গালি শুনি থাকিব লাগিছিল। কিন্তু কথাটো তেনেকুৱা নহ’ল। কাৰণ- তাইৰ ভাষাত , মই দীপাৰ দৰে। দীপাও একে। চব কথা পাহৰে। গালি পাৰি লাভ নাই।
দীপা কোন?
দীপা তাইৰ সহোদৰা ভগ্নী ।
সুপীৰ ভগ্নীপ্ৰেম অদ্ভুত। প্ৰয়োজন সাপেক্ষে ভগ্নীৰ নামত তাই জান- প্ৰাণ দি দিব পাৰে। দীপাৰ লগতে খুৰাকৰ দুজনী ছোৱালী- ৰ’লি আৰু ৰুহী। এই তিনিজনীৰ বাবে সুপীয়ে কৰিব নোৱাৰা কাম একো নাই। বিশেষকৈ দীপা! সুপীৰ সকলো অধিকাৰতে দীপাৰ অনাধিকাৰ অনুপ্ৰবেশ। সৰুৰে পৰাই দীপাৰ পঢ়া-শুনা, পিন্ধা উৰা, খোৱা- লোৱা সকলোবোৰ সুপীৰ নিৰীক্ষণত সম্পন্ন হৈ আহিছে। দীপাই যদি মেডিকেল এণ্ট্ৰেন্সৰ বাবে ৰাতি দুই বজালৈ পঢ়িছে, সুপীয়ে কাষত হামিয়াই হিকটিয়াই হ’লেও বহি আছে। নহ’লে দীপাই নপঢ়ে। সুপীয়ে শাৰী পিন্ধাই নিদিলে, দীপাই ফ্ৰেচাৰ্চলৈ নাযায়। দৰকাৰ হ’লে ফেচাৰ্চ শেষ হৈ যাওক।
ৰ’লি আৰু ৰুহীৰ ক্ষেত্ৰতো কথাটো প্ৰায় একেই। ৰ’লি আৰু ৰুহীৰ ক্ষেত্ৰত এটা প্ৰধান অন্তৰায় আছিল- খুৰীয়েক। এটা বিশেষ মানসিক ৰোগত ভোগী থকা খুৰীয়েকে সুপী আৰু দীপাক কোনোপধ্যেই সহ্য নকৰে। খুৰীয়েকে গম পোৱাকৈ চাৰিওজনী লগ হোৱাটো সম্ভৱ নহয়। সমস্যাৰ সমাধান?-
‘খুৰাই খুৰীক সপ্তাহ-দহদিনত এবাৰকৈ ফুৰাবলৈ লৈ যায়। আমি দেৱাল বগাই খুৰাৰ ঘৰত সোমাওঁ। তাৰপিছত গোটেই দিন আমাৰ মস্তি। লুডু খেলোঁ, চিনেমা চাওঁ, খানা বনাওঁ। আহি পোৱাৰ আধা ঘণ্টাৰ আগত খুৰাই আমাক মনে মনে ফোন কৰি দিয়ে। আকৌ দেৱাল বগাই আমি উভতি আহোঁ’- সুপীয়ে কৈ থাকে। মই চিনেমাৰ কাহিনী শুনাৰ দৰে শুনি থাকোঁ।
‘সিহঁত তিনিজনী এতিয়া ক’ত?’ ভগ্নীসকলৰ সুপীবিহীন জীৱন এতিয়া কেনে চলিছে, তাকে জানিবলৈ মই সোধোঁ।
‘ ৰ’লি, ৰুহী- ঘৰত। খুড়ীয়ে গম নোপোৱাকৈ সদায় মনে মনে এবাৰকৈ মোক ফোন কৰে। দীপা হোষ্টেলত- এম বি বি এচ ফাইনেল ইয়েৰৰ পৰীক্ষা দি আছে’
মই নামভৰ্ত্তি কৰাৰ এমাহমানৰ ভিতৰতে সুপীৰ লগত মোৰ সম্পৰ্ক গাঢ় হৈ উঠিছিল। নিজৰ বাবে অকণো চিন্তা নকৰা, পৰোপকাৰী ছোৱালীজনীক ভাল পাবলৈ মোৰ হাজাৰটা কাৰণ আছিল। কিন্তু মোক ভাল পাবলৈ তাইৰ এটা কাৰণেই যথেষ্ট আছিল- ‘মই দীপাৰ দৰে’।
আমি নামভৰ্ত্তি কৰাৰ দুমাহৰ পিছতে ডাঃ অনুৰাগ (আমি ভিনিক জিজু বুলি মাতিছিলোঁ)ৰ লগত তাইৰ বিয়া হৈ গ’ল। সেই সময়তো দেখিছিলোঁ- তাই নিজৰ কথা বাদ দি অকল ভনীসকলৰ বাবেই বজাৰ কৰাত ব্যস্ত আছিল। নিজৰ বাবে কিনা বস্তুখিনিৰো যাৰেই যি ভাল লাগিছিল- তাই দি থৈ আহিছিল।
বিয়াৰ মাত্ৰ তিনিদিনাৰ দিনাই এক অদ্ভুত দুখজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে- অনুৰাগ জিজুৰ পৰিয়ালটো। অনুৰাগ জিজুৰ নিজৰ দাদা ( দিল্লীৰ বাসিন্দা) পৰিয়ালসহ বিয়াত ঘৰলৈ আহি দিল্লীলৈ ওভতাৰ পথত তেওঁলোকৰ কণমানি দুমহীয়া সন্তানটোৱে গাড়ীৰ ভিতৰতে ৰাস্তাত প্ৰাণ হেৰুৱায়। সেয়া কিহৰ কাৰণে হ’ল – গম পোৱা নগ’ল। ডিচেম্বৰ মাহৰ তীব্ৰ শীত, দীৰ্ঘ দূৰত্ব, নিম্যুনিয়া –আদি ইয়াৰ কাৰণ হ’ব পাৰে বুলি অনুমানহে কৰা হৈছিল।
স্বাভাৱিকভাবে বৌজনী পাগল হৈ উঠিল। তিনিদিনীয়া নতুন বোৱাৰী সুপীয়ে সকলো এৰি দিল্লীলৈ ঢাপলি মেলিলে। বিয়াৰ বাবে তাই যিকেইদিন ছুটি পাইছিল- তাই অকল বৌৰ শুশ্ৰূষাত ব্যস্ত থাকিল। ছুটি শেষ হোৱাত তাই উভতি আহিল।
‘অনুৰাগ জিজু কেনেকুৱা?- বুলি সোধাত তাই ক’লে-‘ মই ভালকৈ দেখাই নাপালোঁ।‘
জিজুক তাই ভালকৈ দেখা পালে- বিয়াৰ প্ৰায় ডেড়মাহ পিছত। জিজুৱে এসপ্তাহৰ ছুটি লৈ সুপীক লগ কৰিবলৈ আহিল। জিজু , সুপীৰ একেবাৰে বিপৰীত। সুপী যদি বাতজ, জিজু কফজ। ধীৰ, স্থিৰ, স্নিগ্ধ, খোজ কাটল গম্ভীৰ, নিম্নস্বৰত লাহে লাহে কথা কয়।
সুপীয়ে সেই মহাৰ্ঘ এসপ্তাহৰ মাজৰপৰাও এটা দিন চান কাঢ়ি সম্পূৰ্ণৰূপে আমাৰ লেডী ব্ৰিগেড (ফায়াৰ ব্ৰিগেড বুলিও ক’ব পাৰি অৱেশ্যে)সকলৰ বাবে খৰচ কৰিলে। সেইদিনা জিজুয়ে গোটেইবোৰ খুলখালীক লৈ গৈ ৰাজ মন্দিৰত চিনেমা দেখুৱালে, দুপৰীয়া হেভি লাঞ্চ কৰালে, গধূলি জলমহলৰ আইচক্ৰীম, বজাৰ- শেষত কফি। ৰাতি প্ৰায় দহবজাত আমাক হোষ্টেলত থৈ তেওঁলোক হোটেললৈ উভতি গ’ল।
বাকী পাঁচদিনৰ বাবে তেওঁলোক গ’ল- মধুচন্দ্ৰিকাৰ বাবে। মাউণ্ট আবুলৈ। স্বল্পভাষী, নম্ৰ অনুৰাগ জিজুৱে সেই পাঁচদিন অকল সুপীৰ কথাকেই শুনি থাকিল। মাজত তেখেতে এষাৰ কথা ক’বলৈকো সুবিধা নাপালে। স্বাভাৱিকতে বাতিক প্ৰকৃতিৰ সুপীৰ প্ৰিয় খাদ্য ভাত বা ৰুটি নহয়। তাই দুনীয়াৰ অলাগতিয়াল অপদাৰ্থ খাদ্য খাই খাই জীৱন চলাই নিব পাৰে।
ৰবিবাৰে সন্ধিয়া আমাৰ হোষ্টেলৰ মেচ বন্ধ থাকে। মই প্ৰায়েই সুপীৰ সৈতে খাওঁ। তাই সদায় মেগী ৰান্ধে। ৰান্ধে আৰু কি- দুইমিনিটত ৰেডি। এদিন মই ক’লোঁ- ‘মেগী নাখাওঁ দেই। আজি ভাত খাম ।সদায় সদায় আনহেল্ডি বস্তুসোপা খাই থাকিব নোৱাৰোঁ।‘
তাই ক’লে- ‘ঠিক আছে। আজি হেল্ডি খাম।‘
সেইদিনা তাই মেগীত এটা গাজৰ মিহলাই দিলে।
‘মেগীসোপা ইমান স্পাইচী। মই নাখাওঁ দেই। সিজোৱা ভাত খাম’- পিছৰ সপ্তাহত মই ক’লোঁ।
সেইদিনা তাই মেগী মচলাৰ আধা পেকেট মোৰ তাত ঢালি দি, বাকীখিনি তাইৰ তাত মিহলাই ল’লে।
‘এইবোৰ কোনোবাই খাই নেকি? ইমান ৰুক্ষ খাদ্য এইবোৰ। এইবোৰ খাই থকা ভাল কথা নেকি ক’চোন? তাতকৈ আমি পনীয়াকৈ খিচিৰি ৰান্ধি খাওঁ’- পিছৰটো ৰবিবাৰত মই ক’লোঁ।
সেইদিনা তাই এগিলাচ পানী বেছিকৈ মোৰ মেগীত ঢালি দিলে। মুঠতে সুপীয়ে মেগীয়েই খাব। দৰকাৰ হ’লে তাইৰ পেট ঢোল হৈ ফাটি যাওক, সুপীয়ে কেৰেপ নকৰে।
গতিকে মাউণ্ট আবুত ঘূৰি ঘূৰি সুপীয়ে ভিনিক প্ৰস্তাৱ দিলে- ‘আজি আমি দোচা খাম।‘
ভিনিয়ে মূৰ দুপিয়ালে।
পিছৰ দিনা পিজ্জা, তাৰ পিছৰ দিনা ছোলে-ভতুৰে, তাৰ পিছত চাউমিন, তাৰ পিছত বড়া পাউ, তাৰপিছত ইডলি-সম্বাৰ শেষৰ দিনা ভিনিয়ে মুখ খুলিলে-‘মই আজি ভাত খাম।‘
সুপীয়ে বোলে বেচেৰা মানুহজনৰ মুখলৈ চাই থাকিল। সেইদিনাহে তাই কথা পাতি গম পালে- মানুহজনে আচলতে ভাত বা ৰুটিৰ বাহিৰে আন একো খাদ্যই মুখত নিদিয়ে।
‘তেওঁ মোক কথাটো আগতে ক’ব নোৱাৰেনে?’- ভিনি যোৱাৰ পিছত তাই মোৰ আগত দুখ কৰিছিল।
‘তই ৰাজধানী এক্সপ্ৰেচে আন কাৰোবাক কথা কোৱাৰ সুবিধা দিলেহে’- মই ক’লোঁ।

ইয়াৰ কিছুদিন পিছৰ কথা-
দীপাৰ ইণ্টাৰ্ণশ্চিপ শেষ হৈছিল। এতিয়া স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰাৰ মন। তাৰ বাবে লাগে- প্ৰয়োজনীয় প্ৰস্তুতি। প্ৰস্তুতি বেলেগত কৰাৰ কথাই নাই। দীপা চিধাই দৌৰি আহিল- গুলপীয়া চহৰলৈ। সুপীয়ে কোচ্চিঙত নামভৰ্ত্তি কৰাই দিলে। দীপাক দেখাৰ লগে লগে মোৰ মনলৈ অহা কথাটো হ’ল- তাই কোনফালৰপৰা মোৰ দৰে। অকণমানি, খীণ, খুদ জলকীয়াৰ দৰে চেহেৰা। দেখিবলৈ ক্লাছ চেভেন-এইটত পঢ়া ছোৱালী এজনীৰ দৰে লাগে। মই হতাশ হ’লোঁ। মোৰ দৰে বুলি ভাবি থকা মানুহ এগৰাকীৰ যদি চুলি এডালো মোৰ লগত নিমিলে, মই হতাশ নহৈ সুখী হ’মনে?
সুপীৰ এতিয়াও একেই কথা- ‘দীপা মোৰ দৰে।‘ দেখাত একে নহ’ব পাৰে, কিন্তু কাৰবাৰবোৰত একেই। মানে মোক দেখিলে তাইৰ দীপালৈ মনত পৰে। মই বুজিলোঁ- ভাৱনাত্মক মিল। সেই বাবেই হয়তো মই তাইৰ মাজত মোৰ প্ৰতি বন্ধু প্ৰেমতকৈ ভগ্নী প্ৰেম বেছি লক্ষ্য কৰিছিলোঁ।
যিয়েই নহওক, দীপাৰ লগত মোৰ সোনকালেই বন্ধুত্ব গঢ়ি উঠিল। জয়পুৰত তেতিয়া গৰম পৰিবলৈ আৰম্ভ কৰিছে। এপ্ৰিল মাহৰ গৰমে জুন-জুলাই-আগষ্ট মাহৰ ট্ৰেইলৰ দেখুওৱা আৰম্ভ কৰিছে। দীপা অহাৰ দুদিনৰ পিছতে সুপীয়ে গৈ এটা এয়াৰ কুলাৰ লৈ আহিল। দীপাৰ বাবে।
‘দিদি, আপকা লাভ মেৰেজ হ্যে য়া এৰেঞ্জড মেৰেজ’- মোৰ বিয়া হৈ থকা বুলি গম পোৱাৰ পিছত দীপাই এদিন সুধিছে।
‘মোৰ কথা বাদ দে। তই কিবা ঠিক কৰি থৈছ নেকি?’-মই সুধিলোঁ।
‘নেহী দি’- তাই হাঁহিলে। ‘পৰ হমে তো লাভ মেৰেজ পচন্দ হ্যে’
দীপা- সুপী কোনেও ‘মই’ শব্দটোক ‘মই’ বুলি নকয়। এয়া লক্ষ্ণৌ চহৰৰ পৰম্পৰা। ‘মই’ শব্দৰ সলনি ‘আমি’ শব্দটো ব্যৱহাৰ কৰে। ‘মই’ শব্দ হেনো অহংকাৰৰ প্ৰতীক। ঘৰত সৰুৰেপৰাই ‘আমি’ বুলি ক’বলৈ শিকোৱা হৈছে। প্ৰথম প্ৰথম মই ‘আমি যাওঁ, আমি খাওঁ, আমি বহোঁ, আমি বাথৰূমত যাওঁ’- এইবোৰৰ অৰ্থ বুজি পোৱা নাছিলোঁ। পিছলৈ বুজি পালোঁ, ক’বলৈকো ল’লোঁ। আমি বুলি ক’লে যদি অহংকাৰ শেষ হৈ যায়, সেয়া নকৰিম নে?
‘হ’ব দে। তোৰ কাৰণে ল’ৰা ‘আমি’ চাম’- মই দীপাক ক’লোঁ।
‘ডাক্তৰেই চাব দে। ‘আমাৰ’ পচন্দ, ডাক্তৰ’- দীপাই কৈ কৈ হাঁহিলে।
সময় গৈ থাকিল। দীপা অহা দুমাহ হৈ গ’ল। তাইৰ পঢ়া- শুনা, খোৱা- লোৱাক লৈ সুপী ভীষণ ব্যস্ত। তাইৰ নিজৰ কামসোপাতো আছেয়েই। সুপীৰ দৌৰ বাঢ়ি গৈছে। তাইক এতিয়া দূৰৰপৰা দেখাহে পোৱা যায়। ওচৰলৈ অহালৈকে তাই দূৰত নোহোৱা হৈ যায়। সকলো চলি আছে। কাহিনীত টুইষ্ট আহিল তেতিয়া- যেতিয়া অনুৰাগ জিজুৱে বহুত চেষ্টাৰ মূৰত সুপীৰ ওচৰলৈ অহাৰ ৰাস্তা এটা বিচাৰি উলিয়ালে। চিনিয়’ৰ ৰিচাৰ্চ ফেল’ হিচাপে জিজুৱে এন.আই.এ-ত জইন কৰিলে।
সুপীয়ে হোষ্টেল এৰি ভাড়াঘৰ ল’লে। কেম্পাচৰ কাষতেই। এটা শোৱনি কোঠা, সৰু এটা পাকঘৰ, এটা স্নানাগাৰ।
‘ঘৰটো সৰু দেখোন, দীপা নহ’লে মোৰ লগতেই থাকক’- ভাড়াঘৰটো চাবলৈ গৈ মই ক’লোঁ।
‘পাগল হৈছ নেকি?’- তাই ক’লে-‘ দীপাক তাতে থৈ মই ইয়াতে থাকিম নেকি?’
‘তেনেহ’লে অন্ততঃ দুটা ৰূম থকা ঘৰ এটা ল’- মই ক’লোঁ।
‘দুটা ৰূম লৈ কি কৰিম? তাইক এৰি মই এওঁৰ লগত থাকিলে তাই মোক খাই পেলাব।‘
দীপাই কেনেদৰে মানুহ খাব পাৰে, মই নাজানিছিলোঁ। পিছত দেখিলোঁ। বায়েকৰ বাবে ভনীয়েকৰ পজেচিভ্নেচ কিমান হ’ব পাৰে, সেয়াও দেখিলোঁ।
কোঠাটোত এখন বিচনা। বিচনাখনত দীপা আৰু সুপী থাকে। তলত এখন তুলি পাৰি তাতে অনুৰাগ জিজু শোৱে। যিফালে জিজু শোৱে, সেইফালটোত সুপীৰ প্ৰৱেশ নিষিদ্ধ। পুৱাৰপৰা ৰাতিলৈকে দীপাই মৰমৰ বায়েকক তীক্ষ্ণ নজৰত ৰাখে- বায়েকে কেনেবাকৈ তাইতকৈ ভিনিয়েকক বেছি গুৰুত্ব দিছে নেকি? নাইবা ভিনীয়েকৰ লগত বেছিকৈ কথা পাতিছে নেকি? (আন্তৰিক হোৱাৰতো কথাই নাহে)
এদিনৰ কথা-
কিবা কাৰণত দীপা হোষ্টেললৈ আহিছে। দুপৰীয়াৰ সময়। মই দীপাৰ বাবেও ডাইনিং হলৰপৰা দুপৰীয়াৰ আহাৰ লৈ আহিছোঁ।
‘বা ক’ত?’- তাই সুধিছে।
‘তাই ৰূমলৈ গ’ল’- মই কৈছোঁ।
‘জিজুও গৈছে নেকি?’
‘নাজানোতো- কিয়?’ – মই সুধিলোঁ।
দীপা ধহ্মহ্কৈ উঠি বহিল। কাম–কাজ তাতেই পেলাই থৈ তাই ৰূমলৈ দৌৰ মাৰিলে।
কি হ’ল বুজিব নোৱাৰি মই তাতেই থিয় দি ৰ’লোঁ- বহু সময়।
একে কেম্পাচ হ’লেও সুপী- জিজু দুয়োজনে দিনত লগ কৰাৰ সময় উলিয়াব নোৱাৰে। আহাৰ বিৰতিৰ এক ঘণ্টা সময় দীপাই বোন্দা মেকুৰীয়ে পৰ দি ৰৈ থকাৰ দৰে তেওঁলোক দুয়োজনলৈ ৰৈ থাকে। সন্ধিয়া বা ৰাতি ৰূম এৰি দুয়োজনে একেলগে ক’তো যাব নোৱাৰে। দীপা ৰবি বাৰে যেতিয়া কোচ্চিঙৰ বাবে ওলাই যায়, লগত জিজুক লৈ যায়। জিজুৱে তাতে ক্লাছ শেষ হোৱালৈ ৰৈ থাকিব লাগে। পিছলৈ এনেকুৱা হ’ল- ভালকৈ কথা এষাৰ পাতিবলৈকো সুপী আৰু জিজুৱে কেজুৱেল লিভ লৈ ৰেষ্টুৰাত গৈ বহিবলগীয়াত পৰিছিল। সঁচা কথা ক’বলৈ গ’লে, বহুসময়তে দীপাৰ এনে আচৰণ মোৰ ইচ্ছাকৃত যেন লাগিছিল। অধিকাৰবোধৰ বাবে মানুহে কিয়েই যে নকৰে!
নিজৰ কাম–কাজ এৰি অকল সুপীৰ বাবেই কানপুৰৰপৰা জয়পুৰলৈ দৌৰি অহা জিজুৰ অৱস্থাটো মই তেতিয়া অনুমান কৰিব পৰা নাছিলোঁ যদিও এতিয়া মনত পৰিলে ভাব হয়- মানুহ কিদৰে ইমান সহনশীল হ’ব পাৰে?
যিয়েই নহওঁক, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে এণ্ট্ৰেন্স হৈ গ’ল। আশা কৰা ধৰণে মেধাৱী ছাত্ৰী দীপাই ভাল নম্বৰ লাভ কৰিলে। এনাস্থেচিয়া (সংজ্ঞাহৰণ) বিভাগত দীপাই আসন লাভ কৰিলে। দীপাৰ খুব স্ফুৰ্তি। নোহোৱাৰো কাৰণ নাই। সেইটো বিভাগত স্থান লাভ কৰা ডাঙৰ কথা।
‘এতিয়া আমি আপোনাৰ লগত এদিন ফুৰিবলৈ যাম’- দীপাই এদিন আহি মোক কৈছে।
‘যাম দে’- মই কৈছোঁ,-‘ অহা শনিবাৰে?’
‘অ’ শনিবাৰে’- তাই কৈছে।
শনিবাৰ অহাৰ আগতেই সুপীয়ে আহি কৈছে- তাই ঘৰলৈ যাব। দীপাকো লগত লৈ যাব। দীপাৰ মন নাই। জয়পুৰলৈ অহাৰ পিছত কিতাপত মূৰ গুজি থাকোঁতেই গৈছে। এতিয়া অলপ মূৰ তুলি চাব, ফুৰিব, বজাৰ কৰিব-তাৰ পিছত ডাইৰেক্ট হোষ্টেল। ঘৰ নাযায়।
‘দুদিনৰ কথাহে। ঘৰৰপৰা আহি ল। তাৰ পিছত ভালকৈ ফুৰিম যা’-মই দীপাক কৈছোঁ।
সেইটোৱে হ’ল। দুদিনৰ বাবে ঘৰলৈ যোৱা সুপী চাৰিদিনৰ মূৰত ঘূৰি আহিল।
‘দীপা ক’ত?’ – ক্লাছৰপৰা আহিয়েই সুপীক অকলে দেখি সুধিছোঁ।
সুপীয়ে তলমূৰ কৰিলে।
‘তাই নাহে। তাইৰ এংগেজমেণ্ট হৈ গ’ল’- সুপীয়ে লাহেকৈ ক’লে।
‘মানে?’
মানে- সকলো ঠিক হৈ আছিল। দৰা ঘৰ-কইনা ঘৰ সকলো সাজু। পণ্ডিত, ঘটক, ফুলৱালা, মিঠাইৱালা, টেণ্ট হাউচ, পাৰ্লাৰ, দূৰত থকা মাহী-পেহী-মামা সকলোবোৰ ৰৈ আছিল। ইঞ্জিনিয়াৰ ল’ৰা। দীপা গৈ ঘৰ পোৱাৰ লগে লগে সকলোখিনি হৈ গ’ল। এতিয়া দীপা ইঞ্জিনিয়াৰৰ বাগদত্তা।
‘দীপাই এইবোৰ জানিছিল নে?’ – সুপীৰ চকুলৈ চাই মই সুধিছোঁ।
সুপীয়ে মূৰ জোকাৰিছে।
‘আৰু তই?’
তাই একো নামাতিলে।
‘মানে, একো নোকোৱাকৈ, নজনাকৈ তহঁতে তাইক লৈ গৈ অচিনাকি ল’ৰা এজনৰ লগত বিয়া ঠিক কৰি দিলি? এনাস্থেচিয়াত পি.জি. পোৱা ছোৱালীজনীৰ এইখিনি স্বাধীনতাও নাছিল নে? -আৰু তই জাননে, তাইৰ পচন্দ ডাক্তৰেই আছিল, ইঞ্জিনিয়াৰ নাছিল। তহঁতে চাগে’ তাইক সেইখিনি সোধাৰো প্ৰয়োজনবোধ নকৰিলি?’
মোৰ সঁচাকৈয়ে প্ৰচণ্ড খং উঠিছিল। মই সুপীক নামাতিলোঁ। এদিন দুদিন তিনিদিন। মই তাইক দেখিলেই মুখ ঘূৰাই দিয়া হ’লোঁ। চতুৰ্থ দিনা তাই দৌৰি আহি মোক সাবটি ধৰিলে।
‘মোক বেয়া পাই আছ?’- তাই সুধিছে।
‘নাই পোৱা’- মই ক’লোঁ।
‘নহয়, তোক দেখিলেই গম পায়, দীপাৰ কথাক লৈ তই মোক বেয়া পাই আছ।’
‘তোৰ ভনী, তোৰ কথা। মোৰ বেয়া পাবলৈ কি গৰজ পৰিছে’- মই কৈছোঁ।
সুপীয়ে অলপ সময় মোৰ ফালে চাই থাকিল। মই আনফালে মুখ ঘূৰালোঁ।
‘তই কি ভাবিছ, দুখ অকলে তোৰেই লাগিছে। মোৰ লগা নাই? তাইৰ প্ৰত্যেকটো পচন্দৰ খবৰ ৰখা বায়েকে যে তাইৰ জীৱনৰ পচন্দৰ খবৰ ৰখা নাই, এই কথাই কি মোক কষ্ট দি থকা নাই? তই জানই তাই মোৰ বাবে কি? তাৰ পিছতো—’ সুপী ৰৈ দিলে।
‘দেউতাই ভলেণ্টেৰী ৰেটায়েৰ্মেণ্ট লৈছে। সৰু-সুৰা দুই এটা বিজনেজ- কিবাকৈ ঘৰখন চলি আছে। দীপাই MBBS কৰি উঠি এনেস্থেচিয়াত পি.জি. পোৱাটো আমাৰ বাবে যিমান আনন্দৰ কথা, সিমানেই টেনশ্যনৰো কথা। তাইৰ বাবে তাইৰ লায়েকৰ ল’ৰা এজন পোৱা যায় ক’ত? আমাৰ ভাগ্য ভাল যে পুৰণি চিনাকি সূত্ৰে এই ল’ৰাজন চল্লিছ লাখ টকাতে মান্তি হৈছে। এতিয়া যদি আমি এনেস্থেচিয়াত পি.জি. কৰি থকা ল’ৰা এজন বিচাৰিবলৈ যাওঁ, কোটিৰ হিচাপত যৌতুক দিব লাগিব। দেউতাৰ হাতত ইমান টকা ক’ত? তই জাননে ডাক্তৰ ল’ৰা এজনৰ দাম কিমান?’- সুপীয়ে কৈ থাকিল। নতুন কাহিনী এটা শুনাৰ দৰে মই তাইৰ মুখলৈ চাই থাকিলোঁ- একেথৰে।
‘দীপাক আগতে নজনালোঁ। তেতিয়া হয়তো তাই অমান্তি হ’লহেঁতেন। কিন্তু দেউতাৰ পৰিস্থিতি আমি বুজি নাপালে কোনে বুজিব? দীপাই বহু কথাই নুবুজে। বিয়াৰ কথা তাই শুনিবও নোখোজে। ৰুহী আৰু ৰুলীৰপৰা কিবা গ’ম পাই তাই আনকি ঘৰত কথা পতাও বাদ দিছিল। কিন্তু মইতো মেনেজ কৰিবই লাগিব ন? দীপাক লৈ যোৱাৰ দায়িত্ব মোৰ আছিল। মোৰ বিশ্বাসতে তাই ঘৰলৈ গ’ল। মোৰ সমান তাই কাকো বিশ্বাস নকৰে।‘- সুপীয়ে কৈ থাকিল, লাহে লাহে। ইমান লাহে লাহে যে মুহূৰ্তৰ বাবে লাগি গ’ল- এয়া সুপীয়েই হয় নে? বাতজ প্ৰকৃতিৰ সুপী? এনেকৈ কফজ মানুহৰ দৰে তাই কিয় কথা কৈছে? প্ৰকৃতিৰ পৰিৱৰ্তন কি সম্ভৱ? শেষৰ ফালে সুপীয়ে কান্দি উঠিল।
‘দীপাই হয়তো আকৌ কেতিয়াও মোক নামাতিব। কেতিয়াও বিশ্বাস নকৰিব‘ – শেষৰ কথাখিনি কৈ সুপী গুছি গৈছিল। তাই যোৱাৰ পিছতো মই একেঠাইতে ৰৈ থাকিলোঁ- বহুসময়। মোৰ খং–অভিমানবোৰ এতিয়া নাই। ক’ৰবাত বৰষুণ সৰিছে। ক’ত- বুকুত, নে চকুত? চকুযুৰি চুই চালোঁ। সেমেকি আছে। থাকক! মই মচি নিদিলোঁ।
তাৰপৰা উভতি অহাৰ ছমাহ পিছতে এটা হোৱাটচ এপ গ্ৰূপত পাইছিলোঁ খবৰটো- মায়’ মেডিকেল চেণ্টাৰৰ এনাস্থেচিয়’ল’জিষ্ট ডাঃ দীপাঞ্জলি শুক্লা (MBBS, MS)ই আত্মহত্যা কৰিছিল। বাকী বিশেষ আৰু একো গম নাপালোঁ। ইয়াৰ পিছত কেতিয়াও সুপীৰ লগতো কোনো যোগাযোগ নহ’ল। হোৱাটচ এপ গ্ৰূপ, ফেচবুক, ইনষ্টাগ্ৰাম- তাই ক’তো নাছিল। মাজে মাজে মই অকল তাইক সপোনত দেখিছিলোঁ। যেতিয়াই দেখিছিলোঁ, সপোনত- তাই লাহে লাহে তলমূৰকৈ খোজ কাঢ়িছিল। নাইবা একেথৰে কোনোবাফালে চাই থাকিছিল। তায়ো মোক একো নকৈছিল, ময়ো তাইক একো নুসুধিছিলোঁ। কিন্তু তাইৰ দৃষ্টি আৰু শৰীৰ ভংগীমাৰপৰা অনুমান হৈছিল, তাইৰ হয়তো সঁচাকৈয়ে প্ৰকৃতিৰ পৰিৱৰ্ত্তন হৈছিল।

(লেখিকা চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ শল্য বিভাগৰ সহকাৰী অধ্যাপিকা)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!