২১ ডিচেম্বৰৰ চিন্তা

(২১ ডিচেম্বৰ। বিগত বৰ্ষত সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰা এটা দিন। সেই দিনটোৰ পৰা মায়া কেলেণ্ডাৰত উল্লেখ নাছিল কোনো ঘটনা-পৰিঘটনাৰ। বহুতে ধৰি লৈছিল ২১ ডিচেম্বৰৰ পৰা পৃথিৱীত ঘটিবলৈ একো নাথাকিব। ধ্বংস হৈ যায় সুন্দৰ পৃথিৱীখন। বিজ্ঞানী, সুধী সমাজৰ আহ্বান নওচি বিশ্বৰ কোটি কোটি মানুহে ২১ ডিচেম্বৰৰ অথন্তৰৰ পৰা মুক্তি পাবলৈ কি কৰা নাছিল! বৈদ্যুতিন মাধ্যমতো দিনটোৰ বিষয়ে বিভিন্ন চৰ্চা হৈছিল। ‘অসমীয়াত কথা-বতৰা’ও তাৰ পৰা মুক্ত নাছিল। তাৰে কিছু নিৰ্বাচিত লিখা আগবঢ়োৱা হ’ল। –  সম্পাদক)

‘খুটুং খুটুং! খুটুং খুটুং! খুটুং! – উদ্দীপ তালুকদাৰ

‘খুটুং খুটুং! খুটুং খুটুং! খুটুং!’ বাপ্‌ৰে! দিনটো খুটুং খুটুং শুনি থাকিব পাৰিনে! নোৱাৰি। টুটুল হিউৱে নিজেই নিজকে ক’লে। কিন্তু কয়াক-স্কাইৰ পৰা উপায় নাই। কিবাকিবিবোৰ ভাবি থাকিব, মাটিৰ ফলিখনত আঁক-বাক কৰি লিখিব আৰু টুটুল হিউক তাকে শিলত কাটিবলৈ ক’ব। এই অৰ্থহীন বাং-বিংবোৰ কিয় যে এনেকৈ শিলত কাটি কাটি লিখিব লাগে, সেইটো টুটুল হিউৰ মগজুত নোসোমায়। কিন্তু উপায় নাই। কয়াক স্কাইক সকলোৱে মানে। আনকি ৰজা চান-মুৱানেও কয়াক স্কাইক সমীহ কৰে। কেইবাদিনো ৰজা নিজেই আহি কয়াক-স্কাইৰ পৰা বিভিন্ন বিষয়ত দিহা-পৰামৰ্শ লৈ যোৱা টুটুল হিউৱে নিজেই দেখিছে।

ইমানদিনে খুটুং খুটুং কৰিও টুটুল হিউ ভাগৰি পৰা নাছিল। আজি পিছে হিউৰ মন বৰ ভাল নহয়। আচলতে মন নহয়, পেটটোহে বেয়া। দক্ষিণ আমেৰিকাৰ খ্ৰীষ্টপূৰ্ব এশ শতিকাৰে মানুহ বাবেহে টুটুল হিউৱে মন আৰু পেট একাকাৰ কৰি পেলাইছিল। অৱশ্যে তাৰ গাতো দোষ নাই। তাৰ ঘৈণীয়েক জাক-কুকে আৰ্মডিল্লোৰ লগত মাকৈ গুড়ি মিহলাই যিখনহে আঞ্জা ৰান্ধিছিল, সেইখিনিৰ বাবেই পেটটো গেঠেলা মাৰি আছে। নহ’লহেঁতেন। লগত কেইঘটিমান এট’ল পি খাব পাৰিলে একো নহ’লহেঁতেন। কিন্তু এমাহ আগতে এট’লৰ কোবত ঘৰলৈ আহি গণ্ডগোল কৰাৰ বাবে শ্ৰীমতী জাক-কুক অগ্নিশৰ্মা হৈ আছিল। অৰু এটোপোল পেটত পৰিলেই হেনো চৈধ্য ভুৱন দেখুৱাই দিব। তেতিয়াৰপৰাই টুটুল হিউৰ অৱস্থা কাহিল। ভয়তে বেচেৰাৰ পেট বেয়া!

তেনেতে আহক ইয়াক্স-কুক-ম’! টুটুল হিউৰ বান্ধৈ। বান্ধৈক দেখিয়েই টুটুল হিউয়ে মুখখন বিকটাই দি নিজৰ পেটৰ দুৰৱস্থাৰ কথা ক’লে। ইয়াক্স-কুক-ম’ লায়েকৰ মানুহ। বান্ধৈৰ কথা শুনিয়েই উপায় দিলে। কেইঘটিমান এট’ল পিলেই হেনো পেট একদম খালাচ হৈ যাব। এট’লৰ কথা শুনি টুটুল হিউয়ে অলপ কেঁৰো-ঘেঁহো কৰিলে। জাক-কুক যে কি সাংঘাটিক বস্তু সি বাৰুকৈয়ে জানে। কেনেবাকৈ গম পালেই কাক-জুকে তাৰ অৱস্থা কাহিল কৰি দিব।

কিন্তু ইয়াক্স-কুক-ম’ জানো কম? সি বন্ধুক বাৰুকৈয়ে ফুচুলালে। অৱশেষত কয়াক-স্কায়ে মাটিৰ ফলিত আঁকি দিয়া দীঘল তালিকাখনৰ আধালৈকে লিখি বাকীখিনি আহি লিখিম বুলি টুটুল হিউৱে চিধাই শূড়ীখানাৰ ফালে পোনাই দিলে। কিন্তু বিধি বাম। দ্বিতীয় ঘটি ধৰোঁতেই হঠাৎ ৰণচণ্ডী মূৰ্তি ধৰি সন্মুখত হাজিৰ হ’ল জাক-কুক। হাতত এটা মেক’ৱাহুইট্‌ল! দেখিয়েই টুটুল হিউৰ জীৱ উৰি গ’ল। ইয়াক্স-কুক-ম’ লগে লগে পলাই পত্ৰং! টুটুল হিউৱেও একো উপায় নাপাই চিধাই হাবিৰ মাজলৈ পোনাই দিলে।  পিচে পিচে জাক-কুকৰ শিশুপাল খেদা।

টুটুল হিউ গ’ল যে গ’লেই! ভয়তে জাক-কুকক মুখখন দেখুৱাবলৈও ঘূৰি নাহিল। আনফালে কয়াক স্কাইয়ে মাটিৰ ফলি লিখা কাম পূৰা-পূৰি বাদ দি কিপু পকোৱাত ব্যস্ত হ’ল। টুটুল হিউৱে যে কাম আধাতে এৰি পলাল তেওঁ গমেই নাপালে। চমুকৈ কাহিনী এয়েই! আপোনালোকে হয়তো ভাবিছে? এয়া কিবা কাহিনী হ’ল নেকি?

কিন্তু ১৩০০ বছৰ আগুৱাই আহকচোন। দক্ষিণ আমেৰিকালৈ যাওক। অলপ ফুৰিলেই আপুনি টুটুল হিউৱে আধা লিখি পলাই যোৱা শিলকেইটা দেখিবলৈ পাব। সেই শিলকেইটাত গাত কটা ছবিবিলাক চাওকচোন ভালকৈ। আপুনি যদি মায়া আখৰ পঢ়িব পাৰে, তেন্তে নিশ্চয় দেখিব, টুটুল হিউৱে কটা শেষ ছবিখন—২১ ডিচেম্বৰ ২০১২! দিলোঁ নে আচল কাহিনী কৈ?

–**–

২১ ডিচেম্বৰ – আশিস মজুমদাৰ

সম্প্রতি সৰ্বত্র চৰ্চিত বিষয়টো হৈছে “২১ ডিচেম্বৰ”। সৃষ্টি থাকিলে বিনাশো থাকিব। ইছলাম ধৰ্মত ‘কয়ামত’ৰ কথা আছে। অৰ্থাৎ ইছলামধৰ্মীসকলে বিশ্বাস কৰে এদিন কয়ামত আহিব আৰু সকলো শেষ হ’ব। খৃষ্টধৰ্ম অনুসৰি ‘ডুমছ্ ডে’ৰ দিনা পৃথিৱী ধ্বংস হ’ব। হিন্দুধৰ্মতো মহাপ্রলয়ৰ কথা আছে। তেনেহ’লে শেষৰ সেই দিন সমাগত নেকি? বাস্তৱ কল্পনাতকৈ সদায় ভয়ঙ্কৰ! আজিৰ আমাৰ অসমত প্রকাশিত পৃথিৱী ধ্বংস হোৱা দাবীৰ সমৰ্থনত আগবঢ়োৱা যুক্তি একেবাৰে নস্যাৎ কৰিব পৰাও নহয়! তেনেহ’লে কি!

–**–

২১ডিচেম্বৰৰ জৰুৰী বিজ্ঞাপন – ডাঃ ভূপেন শইকীয়া
মাত্ৰ এশ টকা বৰঙণিৰে নাম ৰেজিষ্টাৰ কৰক আজি নিশা ১২বজাৰ আগতে৷
ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ ক্ষেত্ৰত ২৫% ৰেহাই৷
সময়ৰ নাটনিৰ বাবে চেক গ্ৰহণ কৰা নহ’ব৷
ৱেবচাইট: wesurvive.com Email = goldenchance@rulingparty

প্ৰথম এশজনক আকস্মিক বঁটা আৰু শেষৰ এশজনক নিচুকনি বঁটা দিয়া হ’ব৷
নতুন বছৰৰ প্ৰথম দিনত পুৰস্কাৰ বিজেতাসকলৰ নাম ঘোষণা কৰা হ’ব
আৰু বঁটা প্ৰদান কৰা হ’ব এক এপ্ৰিলত। সৰুসজাইত দেশৰ ভাবী প্ৰধানমন্ত্ৰীৰ দ্বাৰা৷

বিঃদ্ৰুঃ -নাম ৰেজিষ্টাৰ কৰা সকলোৱে শাসক দলৰ
“মাননীয় স্বীকৃতিপ্ৰাপ্ত দালাল”ৰ প্ৰমাণপত্ৰ পাব৷
গতিকে খৰখেদা কৰক৷ এনে সোণালী সুযোগ দুনাই নাহে৷

(জনসংযোগৰ দ্বাৰা জনকল্যাণাৰ্থে প্ৰচাৰিত)

–**–

মধ্যৰাতিৰ আপদীয়া নিউজ – পাৰ্শ্ব নেওগ

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ২১ ডিচেম্বৰত পৃথিৱী ধ্বংস নোহোৱাৰ প্ৰতিবাদত অহা ২৪ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে কেইটামান সংগঠনে অসম বন্ধ ঘোষণা কৰিছে ৷ লগতে জানিব পৰা গৈছে যে সংগঠনকেইটাই দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্মঘট কাৰ্যসূচীও পালন কৰিব ৷

–**–

২১-১২-২০১২ – ললিত বৰা

আজি ইংৰাজী ২১-১২-২০১২ | মহান মহান গাণনিকৰ মতে আজি দিনটো বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ বাবে শেষ দিন | ৰাইজৰ এই বিশেষ দিনটোৰ বাবে আয়োজন কি? কিবা শেষ ইচ্ছা আছে নেকি ?

মই মোৰ বন্ধু এজনৰ সৈতে হোৱা কথোপকথনৰ এশাৰী ইয়াতে দিলোঁ
– মোৰ শেষ ইচ্ছা বহুত আছিল | তাৰে এটা-মৰাৰ আগতে বিয়াখন পাতি যাব পৰা হ’লে ভাল লাগিলহেঁতেন |
: মোৰো সেইটো আছিল অ’ | পিছে যদি ২১ তাৰিখে নমৰোঁ তেন্তে ২২ তাৰিখৰ পৰা আজীৱন জীয়াই জীয়াই কিমান মৰিব লাগিব ঠিকনা নাই | সেয়ে সেইটো তালিকাৰ পৰা আঁতৰাই দিলোঁ।

–**–

আইতাৰ পৃথিৱী যাত্ৰা – দিগন্ত বৰা

যোৱাৰাতি দেৰিকৈ ঘৰ সোমাওঁতে পদূলিতে এটা ছায়ামূর্তি দেখি খেদি যাওতে কৰদৈৰ তলত মূর্তিটো ৰৈ গল। হঠাৎ মূর্তিটোৱে ঘূৰি চোৱাত মোৰ গাটো জিকাৰ খাই উঠিল।
:আৰে আইতা দেখোন! মৰাৰ পাচতো সম্পতিৰ মোহ এৰিব পৰা নাই?
মোৰ প্ৰশ্নশুনি আইতাই হুক্‌হুকাই কান্দি দিলে। কান্দিয়েই আইতাই ক’লে—‘নহয় অ’ সোণ, তেনেকৈ নক’বি। আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।
:কিয় ? কি হৈছেনো আইতা? ককাৰ লগত ডিভোৰ্ছ হ’ল নেকি?
মোৰ কথাত আইতাই সেই স্বভাৱজাত খঙেৰে মোক ক’লে—
ঐ খটাসুৰ। তোৰ স্বভাৱটো এতিয়াও যোৱা নাই ? কালিলৈ কি হ’ব জাননে?
: কি… কি… কি?
মোৰ উপৰ্যুপৰি প্ৰশ্নত আইতাই দুখেৰে ক’লে—
কালিলৈ পৃথিৱী ধ্বংস হ’ব। ঘৰ-দুৱাৰ, পাহাৰ-পর্বত, নগৰ-মহানগৰ একোৰে চিন নাথাকিব। পানীময় হ’ব গোটেইখন। পৰহিৰে পৰা নতুন পৃথিৱী নির্মাণৰ কাম আৰম্ভ হ’ব। সেয়েহে স্বর্গ আৰু নৰকত যিমান জীৱ আছিল সকলোকে পৃথিৱীলৈ পুনৰ পঠিয়াই দুয়ো জেগা এভাকুৱেট কৰা হৈছে।
আচৰিত হৈ সুধিলো— ‘সঁচা নে আইতা?’
:সঁচা। সেই দুই জেগাত এতিয়া পিপৰা এটাও নাই। চব তহঁতৰ বাবে খালী কৰি ৰখা হৈছে। স্বর্গ আৰু নৰকৰ মানুহেৰে পৃথিৱী আজি ভৰি পৰিছে। গছৰ ঠাল এডালো খালী নাই বহিবৰ বাবে। তই যা। তোৰ অপকাৰ হয় বুলিহে মই পায়চাৰি কৰি ফুৰিছো।
কথাষাৰ কৈ আইতা নাইকিয়া হ’ল।

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!