গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূতঃ এখন মনোগ্ৰাহী কিতাপ
লেখক- কৰবী দত্ত
ডঃ প্ৰণৱজ্যোতি ডেকাৰ সাধুকথাৰ কিতাপ “গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত” কিতাপখন বহু পলমকৈ পঢ়িবলৈ পাইছিলোঁ। ২০০৮ চনত লেখকে আমাৰ ল’ৰাটোক এই কিতাপখন উপহাৰ দিছিল। কিতাপৰ ক্ষেত্ৰত সৰ্বগ্ৰাসী হোৱাৰ বাবেই সাধুকথাৰ কিতাপখন ল’ৰাৰ হাতত দিয়াৰ আগতে নিজেই মেলি লৈছিলোঁ। কিতাপখন ইমানেই আকৰ্ষণীয় আছিল যে এবাৰতে গোটেই কেইটা সাধু পঢ়ি শেষ কৰিছিলোঁ, তাৰ পিছৰ পৰা কেইবাবাৰো সেই সাধুকেইটা ল’ৰাটোকো শুনাইছিলোঁ।
“পঢ়িলে মজা পোৱা সাধুকথাৰ কিতাপ” বুলি উল্লেখ থকা কিতাপখনত বিশ্ব লোক সাহিত্যৰ পাঁচটা বিখ্যাত সাধুৰ অসমীয়া ৰূপান্তৰ সন্নিৱিষ্ট হৈছে। আমাৰ হাতত থকা ১৯৮৬ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণৰ প্ৰকাশক বৰুৱা এজেন্সীৰ বদন চন্দ্ৰ বৰুৱা। মূল্য পাঁচ টকা। বেটুপাতৰ শিল্পী প্ৰদ্যুত কুমাৰ চক্ৰৱৰ্তী।
কিতাপখনত সন্নিৱিষ্ট “সাধুকথাৰ আকৌ সাধুকথা” শীৰ্ষক অতি গুৰুত্বপূৰ্ণ আৰু অগতানুগতিক পাতনিত ১.১১.৭৮ তাৰিখৰ উল্লেখ থকাৰ পৰা ইয়াৰ প্ৰথম প্ৰকাশ ১৯৭৮ চনত হোৱা বুলি ক’ব পাৰি। জানিব পৰা মতে, ‘বান্ধৱে’ এই কিতাপখন নতুনকৈ প্ৰকাশ কৰিছে।
বিশ্ব লোক-সাহিত্যৰ মুঠ পাঁচটা বিখ্যাত সাধু সন্নিবিষ্ট হোৱা কিতাপখনৰ আটাইকেইটা সাধুৱেই চিত্তাকৰ্ষক। “পঢ়িলে মজা পোৱা সাধুকথাৰ কিতাপ” বুলি উল্লেখ থকা কিতাপখনৰ আটাইকেইটা সাধুৱেই পাঠকৰ বাবে ‘মজেদাৰ’। মকৰাৰ সাধু (পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ সাধু), চোৰ সৰৱজান (ব্ৰহ্মদেশৰ সাধু), ৰজাৰ কটোৱালৰ সাধু, (কোৰিয়া দেশৰ সাধু), দুজন চোৰৰ সাধু (মিচৰীয় সাধু) গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত -(চীনদেশীয় সাধু) – আটাইকেইটা সাধুকেই লিখকে ইমান মনোগ্ৰাহীকৈ বৰ্ণনা কৰিছে যে সাধুকেইটা পঢ়ি যোৱাৰ লগে লগে মনৰ মাজেৰে কথাছবিৰ ৰীল একোটাহে চলি যোৱা যেন লাগে।
কিতাপখনৰ প্ৰথমটো সাধু হৈছে ‘মকৰাৰ সাধু’। বনৰজা বাঘ আৰু আনানচি নামৰ মকৰাৰ কথোপকথন, বাঘৰ চৰ্ত দুটা পুৰণ কৰি বাজীত জিকিবৰ বাবে মকৰাই কৰা অহোপুৰুষাৰ্থ, হাবিৰ জীৱ-জন্তুবোৰৰ মন্তব্য তথা মকৰাৰ কাৰ্য্যকলাপ দেখি সিহঁতৰ মাজত হোৱা প্ৰতিক্ৰিয়াৰ কথা এই সাধুটোত ইমান জীৱন্তভাৱে বৰ্ণনা কৰা হৈছে যে সেইটো থলুৱা সাধু নহয় বুলি অনুমানেই কৰিব নোৱাৰি। পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ এই সাধুটোনো কিদৰে সেই অঞ্চলৰ সাধু হ’লগৈ সেই বিষয়েও লেখকে কিতাপখনৰ “সাধুকথাৰ আকৌ সাধুকথা” শীৰ্ষক অগতানুগতিক পাতনিত উল্লেখ কৰিছে। লেখকে কৈছে, “মকৰাৰ সাধু” গল্পটোকে চোৱা যাওক। গল্পটো পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, মানে জামাইকা, বাহামা আদি দ্বীপবোৰত বাস কৰা মানুহবোৰৰ।
মজাৰ কথা হ’ল, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত বাঘ নাই। তেনেহলে মকৰাৰ সাধুৰ বাঘ ক’ৰ পৰা আহি ওলাল? “
লেখকে ইয়াৰ উত্তৰ দিছে এনেদৰে– “পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ আদিম মানুহ, ৰেড ইণ্ডিয়ানবোৰ মৰি-হজি শেষ হৈ গৈছে। এতিয়া তাৰ অধিবাসী হৈছে আফ্ৰিকাৰ পৰা দাস হিচাপে ধৰি অনা নিগ্ৰ’সকলৰ বংশধৰ; চেনিৰ খেতিত কাম কৰিব যোৱা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ভাৰতীয় লোকৰ বংশধৰ আৰু ইংৰাজসকল। ‘মকৰাৰ সাধু’,বলেৰে ধৰি নিয়া নিগ্ৰ’সকলে ডাহোমি, ঘানা, গিয়েনা আদি পশ্চিম আফ্ৰিকাৰ দেশৰ পৰা লগত লৈ গৈছে। বুঢ়া কোনোবা দাস ককায়ে নাতিয়েকক, সৰুতে নিজে শুনা আনানচি মকৰা আৰু নাহৰফুটুকী বাঘৰ (কাৰণ আফ্ৰিকাতো বাঘ নাই) গল্প কৈছিল। তেনেকৈ গল্পটো পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ হ’লগৈ।” সাধাৰণতে লেখকে এনেদৰে সাধু এটাৰ আঁতিগুৰি বৰ্ণনা কৰাটো এক বিৰল ঘটনা বুলি ক’লেও বঢ়াই কোৱা নহয়।
কিতাপখনৰ দ্বিতীয়টো সাধু হৈছে “চোৰ সৰবজান।” সৰস বৰ্ণনা, সুন্দৰ শব্দচয়নে সাধুটো অতি আকৰ্ষণীয় কৰি তুলিছে। সৰবজানৰ সাধুটো লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”তো অন্তৰ্ভুক্ত হৈ আছে। তথাপিও দুয়োগৰাকী লেখকৰ প্ৰকাশভংগী সুকীয়া, সাধুটোৰ আমেজো সেইবাবেই সুকীয়া। এই সাধুটোৰ বিষয়ে লেখকে কৈছে- “চোৰ সৰবজানৰ সাধুটো বৰ চিনাকি যেন লাগিব। কাৰণ এইটো ব্ৰহ্মদেশৰ সাধু। ব্ৰহ্মদেশ আৰু অসমৰ মাজত আহযাহ, বিয়া-বাৰু চলিছিল, সেয়েহে এই সাধুটোও কেতিয়াবাই অসমলৈ আহি অসমীয়া হৈ গৈছে আৰু “সৰবজানৰ সাধু” নাম লৈছে।
কিতাপখনৰ “ৰজাৰ কটোৱালৰ সাধু”টোও এটা আমোদজনক সাধু। এই সাধুটো সম্পৰ্কে লেখকে উল্লেখ কৰিছে – “সাধুকথাৰ পিছত কিছুমান সঁচা কথাও থাকে। অলপ মন দি পঢ়িলেই বুজি পায় যে কোৰিয়া দেশত কোনোবা ৰজাৰ দিনত, ৰজাৰ কটোৱালে, মন্ত্ৰীৰ বিশ্বাসঘাতকতাৰ পৰা ৰজাক ৰক্ষা কৰিছিল। কিন্তু কটোৱালে এই বিশ্বাসঘাতকতাৰ কথা কোন মানুহৰ পৰা গম পালে নজনোৱাৰ বাবেই সাধুকথাত ভূত আনিব লগা হ’ল।
“দুজন চোৰৰ সাধু”টো মিচৰীয় সাধু। আন সকলোকেইটা সাধুৰ দৰে এইটোও এটা আকৰ্ষণীয় সাধু। লেখকৰ মতে; এইটো এটা অতি প্ৰাচীন সাধু। লেখকে এই সাধুটোৰ বিষয়ে কৈছে– “ঠিক এনে এটা গল্প “বাৰাণসীৰ দুজন চোৰ” নাম দি সংস্কৃত ভাষাত “কথা-সৰিত সাগৰ” নামৰ গল্প সংকলনত ঠাই দিয়া আছে। এয়া লিখা হৈছিল আজি প্ৰায় সোতৰ শ বছৰ আগতে। তাৰো প্ৰায় ছয় শ বছৰ আগতে গ্ৰীক ভাষাত হেৰ’ডটাছে গল্পটো লিখিছে। তাৰো প্ৰায় তিনিশ বছৰ আগতে সেই একেটা গল্প ক্ৰীট দেশৰ মানুহে জানিছিল। তাৰো প্ৰায় এহেজাৰ বছৰ আগতে মিচৰ দেশৰ লিখনিত এইটো গল্পৰ কথা উল্লেখ আছে। তাৰ মানে গল্পটোৰ বয়স দেখ দেখকৈ চাৰে তিনি হাজাৰ বছৰ। তাৰোবা কিমান আগতে গল্পটো কোৱা হৈছিল কোনে জানে?”
পঞ্চম তথা শেষৰটো সাধু হৈছে “গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত” শীৰ্ষক সাধুটো এটা ভুতৰ সাধু। সুন্দৰ, সৰস বৰ্ণনাৰে প্ৰথমৰ পৰা শেষলৈকে সকলো পাঠকক ধৰি ৰাখিব পৰা এই সাধুটো মূলতঃ চীনদেশীয় সাধু। চীনা পালোৱানজনে অসমৰ লেখকৰ হাতত পৰি সম্পূৰ্ণ অসমীয়া ‘গংগাৰাম’ নাম পোৱাটোও এটা তাৎপৰ্যপূৰ্ণ দিশ। অৱশ্যে কিতাপখনৰ সূচীত লেখকে “বিশ্ব লোক-সাহিত্যৰ মুঠ পাঁচটা বিখ্যাত সাধুৰ অসমীয়া ৰূপান্তৰ” বুলি উল্লেখ কৰিছে। এই “অসমীয়া ৰূপান্তৰ”ত লেখক সম্পূৰ্ণ সফল হোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়। কিতাপখনৰ প্ৰতিটো সাধুতেই নিভাঁজ অসমীয়া গোন্ধ এটা থকাৰ কথাটো প্ৰতিজন সচেতন পঢ়ুৱৈয়ে অনুভৱ কৰিব। সৰু উদাহৰণ এটা দিলে কথাটো স্পষ্ট হ’ব। “গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভুত” সাধুটোত ভুত দেখি ভয় খোৱা চাহাবে যীশুখৃষ্টক নামাতে, “হে ভগৱান! হে ভগৱান” বুলিহে কয়।
কিতাপখনৰ বেটুপাত আৰু প্ৰতিটো সাধুৰ আৰম্ভণিতে সন্নিৱিষ্ট চিত্ৰকেইখন অতি সুন্দৰ। চাৰিৰঙী বেটুপাতটোত ৰাতি আন্ধাৰে আবৰি থকা বঙলাৰ সমুখত গংগাৰাম পালোৱান আৰু ভুতৰ দবৰাদবৰিৰ ছবিখন সঁচাকৈয়ে আকৰ্ষণীয়। “মকৰাৰ সাধু”টোৰ আৰম্ভণিতে হাবিৰ মাজত বাঘ, মকৰা আৰু বাঁহত বান্ধ খাই থকা অজগৰডালৰ চিত্ৰ আৰু “চোৰ সৰবজান”ৰ ৰাজসভাৰ চিত্ৰ দুখনে সাধু দুটাৰ সজীৱ ছবি একোখন পাঠকৰ সমুখত দাঙি ধৰে। “ৰজাৰ কটোৱালৰ সাধু”টো মূলতঃ চীনদেশীয় সাধু হোৱা বাবে সাধুটোৰ আৰম্ভণিতে সন্নিৱিষ্ট নায়ক মোনাৰ সাজ-পোচাক চীনা মানুহৰ দৰে। আনহাতে, “দুজন চোৰৰ সাধু” শীৰ্ষক মিচৰীয় সাধুটোত সন্নিৱিষ্ট চিত্ৰত সৈনিক সকলৰ পোচাকত মিচৰীয় ৰূপ এটা দিবলৈ চেষ্টা কৰা হৈছে। “গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত” সাধুটোত সন্নিৱিষ্ট চিত্ৰত গায়ে-মূৰে কাপোৰ লৈ শুই থকা গংগাৰামক ভূতটোৱে আক্ৰমণ কৰিবলৈ সাজু হৈছে। এনেদৰে প্ৰতিটো সাধুৰ সৈতে সংলগ্ন চিত্ৰই পাঠকৰ মনোযোগ আকৰ্ষণ কৰে, ছবিখন চালেই সাধুটো সম্পৰ্কে পাঠকে এক ধাৰণা কৰিব পাৰে। ১৯৭৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কিতাপখনৰ এই চিত্ৰবোৰে নিশ্চয় টেলিভিছনবিহীন সেই দিনবোৰত পাঠকসকলৰ মনত আলোড়ণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
কিতাপখনত সামান্য দুই এটা ভুল নথকা নহয়। উদাহৰণস্বৰূপে; সূচীপত্ৰ সন্নিবিষ্ট পৃষ্ঠাটোত ‘সূচী’ শব্দটোত দীৰ্ঘ উ কাৰডাল নাই, ১৩ পৃষ্ঠাৰ পঞ্চম দফাত গৰু-ছাগলীৰ পিছত বেপাৰী শব্দটো ৰৈ গৈছে। পিছে কম্পিউটাৰৰ আৱিৰ্ভাৱৰ আগতে, হাতেৰে এটা এটাকৈ আখৰ বাচি বাচি ছপাশালৰ বাবে ফৰ্মা সাজু কৰিব লগা দিনত (hand compose) এনে ভুল অস্বাভাৱিক বুলি ক’ব নোৱাৰি।
সৰ্বশেষত এটা কথা ক’বলৈ বিচাৰিছোঁ। ডঃ প্ৰণৱজ্যোতি ডেকাৰ দৰে বিভিন্ন ক্ষেত্ৰৰ অপ্ৰতিদ্বন্দ্বী লোকজনৰ কিতাপৰ সমালোচনা লিখাৰ ধৃষ্টতা আমাৰ দৰে সামান্য পাঠকৰ নাই। এই লেখাটোও “গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত” কিতাপখনৰ পৰিচয়মূলক টোকা হিচাপেই পঢ়িবলৈ পাঠকসকলক অনুৰোধ জনালোঁ। একেজন প্ৰণৱজ্যোতি ডেকাই অভিধান লিখিব পাৰে, শব্দকোষ লিখিব পাৰে, অভিধান লিখাৰ ৰোমাঞ্চকৰ অভিযানৰ বৰ্ণনা কৰি তথা ধৰ্ম, জ্যোতিষ, ৰত্ন আদিৰ বিষয়ে কিতাপ লিখিব পাৰে, কাকো পৰোৱা নকৰি একেবাৰে মুকলিকৈ আত্মজীৱনী লিখিব পাৰে আৰু আনকি সাধুকথাও লিখিব পাৰে – এই কথা উপলব্ধি কৰাৰ পাছত মনত সৃষ্টি হোৱা পাৰাপাৰহীন বিস্ময়েই এই পৰিচয়মূলক টোকা প্ৰস্তুত কৰিবলৈ আগবঢ়াৰ কাৰণ।