জুই জ্বলোৱাজনী
লেখক- যোগানন্দ মহন্ত
“হেৰি …! …শুনিছেনে! … হেৰি..! ..মই মানুহজনীয়ে যে অথনিৰ পৰা চিঞৰি আছোঁ শুনিছেনে নাই…?”
“শুনিছোঁ, শুনিছোঁ, ….এতিয়ালৈকৈ শুনি আছোঁ বাৰু তেৰাৰ কৃপাত…! কিন্ত্ত আৰু বেছি দিনলৈ যে শুনিম তাৰহে আশা দেখা নাই!”
“কি ক’লে আপুনি?”
“নাই, মানে…বেছি দিনলৈ যে শুনি থাকিম….তাৰ আশা মই বৰকৈ দেখা নাই…!”
“আশা দেখা নাই…মানে?”
“নাই, মানে… তাহানি আমাৰ পিতায়ে হেনো কিবা এনেকৈ বেছি বেছি শুনি শুনিয়েই এদিন নুশুনা হৈ গৈছিল! নুশুনে বুলি ভাবিয়েই মাই বৰকৈ কথা ক’বলৈ, চিঞৰিবলৈ বাদ দি দিছিল….আৰু পিতায়ে মোক শিকোৱা মতে দৰৱে ভাল কাম দিছিল। মাও তেনেকৈয়ে এদিন লাইনত আহি গৈছিল আৰু পিতায়েও শুনা হৈ গৈছিল! বুজিলা! কায়দা! গতিকে সেইটো কায়দাই মই কৰিম বুলি ভাবি ভাবি পাইছোঁ আৰু! “
“হ’ব, হ’ব, এতিয়া শুনকচোন। আপোনাৰ লগত মানে… কথা এটা আছিল!”
“আকৌ কথা এটা কথা আছিল হ’ল নে!”
“আকৌ মানে?”
“নহয় মানে, তাহানি সেই বিয়াৰ আগতে ‘আপোনাৰ লগত মোৰ কথা এটা আছিল…আপোনাৰ লগত মোৰ কথা এটা আছিল’ …কৰি কৰি এবাৰ জুই জ্বলাই থৈছা যে..!”
“জুই জ্বলাই…! ..কিহৰ জুই জ্বলাই থৈছোঁ..কিহৰ জুই জ্বলালোঁ মই?”
“নহয় হে…কিয়নো ইমান খং কৰিছা?”
“কিয় খং নকৰিম…! কিহৰ জুই জ্বলালোঁ মই …আপুনি মোক ক’ব লাগিব!”
“কেলে, তুমি মোক জানো তাহানি গাভৰুজনী হৈ থাকোঁতে চকুৰে পিৰিক্ পাৰাককৈ চাই থাকি থাকি মাজে মাজে বহুদিনলৈকে শুনাই থকা নাছিলা…. ‘আপোনাক মোৰ কথা এটা ক’বলৈ আছে…আছে’ বুলি?”
“কৈছিলোঁ…আৰু মই কেইবাদিনো চোপ লৈ এদিন আপোনাক ক’লোও! আপুনিতো বৰ মতাটো হৈও ক’বলৈ সাহ নকৰিলে। আমাৰ ঘৰলৈ তাঁত বাটি কৰিবহে জানিলে! মাকোত মহুৰা ভৰোৱাদি কলিজাত সাহ ভৰাই মা-পিতাই দুইটাৰে মনৰ টোলোঠা পকাই তাঁতজুঁটি বৈ আপোনাৰ সংসাৰ ফুলাম কৰি পাতিলোঁ মই…! ….আৰু এতিয়া আপুনি কি কৈছে..মই জুই জ্বলালোঁ…! … কেতিয়া কি জুই জ্বলালোঁ…আজি আপুনি মোক ক’বই লাগিব। কিহৰ কাৰণে আপুনি মোক মিছামিছি বদনাম দিব কওক!”
“মিছামিছি নহয় হে!”
“তেন্তে কওক এতিয়াই …কিহৰ জুই জ্বলালোঁ মই…?”
“নহয় হে…তুমি তাহানি যে কৈ আছিলা ‘কথা এটা ক’বলৈ আছে…আছে’ বুলি …!”
“কৈছিলোঁ…আৰু তাৰ পাচত মই নিজেই আগবাঢ়ি সেইদিনা সন্ধিয়া আমাৰ ঘৰৰ চোতালৰ মূৰত পদূলিৰ বকুল জোপাৰ ওচৰত জোনাকৰ ছাঁৰ আঁৰতে সুবিধাটো পাই আপোনাক ক’ম বুলি ভবা কথাটো কৈও দিছিলোঁ ..!”
“সেই …তাৰ পাচতেই….!”
“কি তাৰ পাচতেই..?”
“তোমাৰ..মানে.. জুইকুৰা জ্বলিছিল!”
“জুই জ্বলিছিল?”
“অঁ…জুই জ্বলিছিল..!”
“কি জুই জ্বলিছিল…?”
“হেৰা..! হোমৰ জুই জ্বলিছিল হে….! হাঃ..হাঃ..!”