আমাৰ মাহঁতৰ দিনত ফেচবুক থকা হ’লে

লেখক- লক্ষ্য় জ্য়োতি নাথ

আজিকালি ডিজিটেল ইণ্ডিয়াৰ যুগত ফেচবুকত বহুতো মাকে নিজৰ সন্তানে কি কৰে অধ্যায় অধ্যায় লিখে। কি কৰি আছে ফটো তুলি ফেচবুকত দিয়ে। মাকৰ খাতিৰত সন্তানকো ফেচবুকীয়া ৰাইজে চিনি পোৱা হয়। ফেচবুকত এতিয়াৰ মাক-সন্তানৰ সম্পৰ্ক দেখি আমাৰ মাহঁতৰ দিনত ফেচবুক থকা হ’লে কি হ’লহেঁতেন মনলৈ আহে।
আবেলি স্কুলৰ পৰা আহি ভাতকাঁহী খাই পথাৰত ক্ৰিকেট খেলি আছোঁ তেনেতে বাউণ্ডেৰীৰ বাহিৰত বহি থকা এটায়ে চিঞৰি চিঞৰি দৌৰি আহিছে “ঐ তোৰ মাৰে ফেচবুকত পোষ্ট দিছে তোক বোলে ভাত খাই শুবলৈ দিছিল এতিয়া বিছনাত নাই ক’ত আছ বিচাৰি ফুৰিছে। মোক আৰু চাৰিটা মানক মেনচন কৰিছে কমেণ্ট বক্সত। কি কৰোঁ?”
“কমেণ্ট নিদিবি। মোবাইলটো অফলাইন কৰি থ।”

তেনেতে নটিফিকেচন এটা আহিল। খুলি চাই দেখিছে ৰাজুৱে মাৰ পোষ্টত ফটো কমেণ্ট এটা দিছে “আপোনালোকৰ বাবু ইয়াত খেলি আছে বৰমা।”
তাৰ পিছত আৰু কি! ক্ৰিকেট খেলা এৰি ৰাজুক পথাৰত দৌৰাই দৌৰাই পিতন!

আকৌ গাৱঁৰ ১৫জনী মান খুড়ী, বৰমাক টেগ কৰি মায়ে পোষ্ট দিব “আমাৰ ল’ৰাটোক দেখিছে নে কোনোবাই?”
৫ মিনিট পাছত ওচৰৰ ৰীমা খুড়ীয়ে কমেণ্ট দিব “আমাৰ ঘৰত কেৰেম খেলি আছে বৌ।”
সিফালে আকৌ মাৰ ৰিপ্লাই “পঠাই দিয়াছোন ৰীমা। দোকানৰ পৰা চেনি আৰু চয়াবিন আনিব পঠাব লাগে তাক।”

কোনোবা দিনা সন্ধিয়া এনেকুৱা পোষ্টও আহিব “ঐ অলকা, পুতেৰৰ নখবোৰ কাটিব কবি। তোৰ পুতেৰে আজি মোৰ ল’ৰাটোৰ গালখন কি কৰিলে চাই যাবিহি! সেইটো ল’ৰা তুলিছ নে অসুৰ!”

আমাৰ মাহঁতে আমাক লৈ কেতিয়াও সন্মুখত গৰ্ব কৰা নাছিল। আমি থাকিলে সদায় মানুহৰ আগত আমি বেয়া, আমি নপঢ়ো, পৰীক্ষাত কম নম্বৰ পাওঁ, দিনে-ৰাতিয়ে খেলি থাকোঁ বুলিয়েই কৈছিল। বহুতৰ মাকে সন্তানক আগত লৈ তেওঁলোকক প্ৰশংসা কৰি তত নাপায়! আমাৰ ই অমুক স্কুলতহে পঢ়ে, আমাৰ এই পৰীক্ষাত এইবাৰ ইমান নম্বৰ পালে নহয়, আমাৰ ই ইমান ধুনীয়া গান গায়; বাবা গান এটা শুনাই দিয়া আংকলক, পৰীক্ষাৰ বহী কেইখন আনি দেখুৱাই দিয়া আণ্টিক ইত্যাদি ইত্যাদি।
আমাৰ দিনত আমাৰ মাহঁত এনেকুৱা হোৱাহেঁতেন আৰু ফেচবুক থকাহেঁতেন এনেকুৱা পোষ্ট দিলেহেঁতেন-
“আমাৰ বাবায়ে আজি স্কুলত ঘৰৰ শিলিখা আৰু আমলখি দি ইমানখিনি পেঞ্চিল আৰু ৰবৰ আনিছে” (লগত জ্যামিতি এটা এক জ্যামিতি মাটি পেঞ্চিল আৰু ৰবৰৰ ফটো এখন, বাবায়ে তৃতীয় শ্ৰেণীত পঢ়ি আছে। )

এতিয়াৰ মাকসকলে ঘৰত বা ৰেষ্টুৰেণ্টত বাৰ্থডে পাতে আৰু বাবাৰ লগৰ ফ্ৰেণ্ডছবোৰক মাতে। কেক কাটিঙৰ আৰু বাৰ্থডে চেলেব্ৰেচনৰ ফটো ফেচবুকত দিয়ে।
আমাৰ দিনত হোৱাহেঁতেন মায়ে আমাৰ জন্মদিনত ফটো দিলে হয় “বাবাৰ আজি জন্মদিন সেইবাবে স্কুলত ল’ছালিবোৰক বুট-নাৰিকল আৰু কল খুৱালোঁ। আশীৰ্বাদ কৰিব। (লগত ঠেলা এখনত এক গামলা বুট-নাৰিকল আৰু এথোক কল। )

সকলোতকৈ ডাঙৰ কথা আমাৰ মাহঁতৰ দিনত ফেচবুক থকা হ’লে আমাক ঘৰত আঁঠু কঢ়াই থোৱা ফটো তুলি ফেচবুকত দিলে হয়। কিমান যে আঁঠু কাঢ়িলোঁ স্কুলত আৰু ঘৰত ঠিক নাই!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!